নমিতা
| নমিতা | |
|---|---|
২০০৭ চনত নমিতা | |
| জন্ম | নমিতা মুকেশ ভাংকৱালা ১০ মে', ১৯৮১ (৪৫ বছৰ) চুৰাট, গুজৰাট, ভাৰত |
| পেচা | অভিনেত্ৰী, মডেল, ৰাজনীতিবিদ |
| সক্ৰিয় হৈ থকা সময় | ২০০১ – ২০২১ |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
| দাম্পত্যসঙ্গী | বীৰেন্দ্ৰ চৌধুৰী (বি. ২০১৭) |
| সন্তান | ২ |
নমিতা ভাংকৱালা (ইংৰাজী: Namitha Vankawala; জন্ম: ১০ মে’, ১৯৮১[1]) তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য।[2] তেওঁ প্ৰথমাৱস্থাত এগৰাকী অভিনেত্ৰী আৰু মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ মূলতঃ তামিল আৰু তেলুগু চিনেমাৰ লগতে কন্নড় আৰু মালয়ালম ভাষাৰ কেইখনমান চলচ্চিত্ৰত কাম কৰিছে।[3]
কেৰিয়াৰ
[সম্পাদনা কৰক]এগৰাকী সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিযোগী হিচাপে কেৰিয়াৰ আৰম্ভ কৰি নমিতাই ১৯৯৮ চনত ১৭ বছৰ বয়সত 'মিছ চুৰাট'ৰ খিতাপ দখল কৰিছিল। তেওঁ ২০০১ চনৰ 'মিছ ইণ্ডিয়া' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তৃতীয় ৰানাৰ্ছ-আপ হৈছিল, আনহাতে চেলিনা জেইটলীয়ে মিছ ইণ্ডিয়াৰ খিতাপ জিকিছিল।[4] এই প্ৰতিযোগিতাৰ জৰিয়তে লাভ কৰা জনপ্ৰিয়তাই তেওঁক মুম্বাইলৈ যাবলৈ উৎসাহিত কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে হিমানী ক্ৰীম আৰু হেণ্ড ছোপ, অৰুণ আইচক্ৰীম, মাণিকচান্দ গুটখা আৰু নীল হাৰ্বেল শ্বেম্পুৰ দৰে কেইবাটাও টিভি বিজ্ঞাপনত কাম কৰিছিল। হিন্দী চলচ্চিত্ৰ জগতত সফলতা লাভ কৰাত ব্যৰ্থ হৈ তেওঁ ইংৰাজী সাহিত্যৰ এটা পাঠ্যক্ৰমত ভৰ্তি হয় আৰু তাৰ পিছত চুৰাটলৈ ঘূৰি যোৱাৰ কথা চিন্তা কৰে, কিন্তু পিছলৈ এখন তেলুগু ছবিৰ বাবে অডিচনত অংশ ল’বলৈ নিমন্ত্ৰণ গ্ৰহণ কৰে। নিৰ্বাচিত হোৱাৰ পিছত তেওঁ শ্ৰীনু বৈতলাৰ ৰোমাণ্টিক ছবি সোন্তম (২০০২) যোগে অভিনয় জগতত আত্মপ্ৰকাশ কৰে। তেওঁৰ পৰৱৰ্তী ছবি চৰণৰ বৃহৎ বাজেটৰ একচন ছবি জেদিনিত (২০০২) ভেংকটেশৰ বিপৰীতে অভিনয় কৰি তেওঁ অধিক চৰ্চা লাভ কৰে আৰু এজনী মাৰৱাৰী ছোৱালীৰ চৰিত্ৰত তেওঁৰ অভিনয়ে সমালোচকৰ প্ৰশংসা বুটলে। এই ছবিখনৰ বাবে তেওঁ সাময়িকভাৱে নিজৰ ছদ্মনাম "ভৈৰৱী" ৰাখিছিল যদিও পিছলৈ পুনৰ নিজৰ আচল নামলৈ ঘূৰি আহে।[5][6]
২০০৪ চনৰ মাজভাগত তেওঁ তামিল ভাষাৰ ছবিত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰে। তেওঁৰ পৰিপক্ব ৰূপ আৰু ওখ দেহৰ বাবে চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁক বিজয়কান্ত, সত্যৰাজ, অৰ্জুন, পাৰ্থিবন, সুন্দৰ চি আৰু শৰৎকুমাৰৰ দৰে জ্যেষ্ঠ অভিনেতাৰ বিপৰীতে অভিনয়ৰ সুযোগ দিয়ে।[7] তেওঁ এনে অভিনেতাৰ বিপৰীতে ধাৰাবাহিকভাৱে কেইবাখনো একচন ছবিত অভিনয় কৰিছিল, যাৰ ভিতৰত আছিল আই (২০০৫), চাণক্য (২০০৫) আৰু আনাই (২০০৫)। একেদৰে জ্যেষ্ঠ অভিনেতাৰ সৈতে কমেডী ছবিতো তেওঁক নিয়মিতভাৱে দেখা গৈছিল, যেনে চিদ্দিকৰ এংগাল আন্না (২০০৪) আৰু শক্তি চিদাম্বৰমৰ ছখন কমেডী ড্ৰামা। এই সময়ছোৱাত তেওঁৰ প্ৰথম হিন্দী ছবি লাভ কে চক্কৰ মেত অভিনয় কৰাৰ লগতে নমিতা আই লাভ ইউ নামৰ কানাড়া ছবি এখনতো কাম কৰে। লগতে মায়া নামৰ এখন ইংৰাজী ছবিৰ শ্বুটিং কৰে যিখন পিছলৈ ২০০৮ চনত কামসূত্ৰ নাইটছ হিচাপে মুক্তি পাইছিল।[8] ২০০৭ চনত তেওঁ তামিল চিনেমাৰ দুজন আগশাৰীৰ অভিনেতাৰ সৈতে কাম কৰাৰ সুযোগ পায়— ক্ৰমে বিজয়ৰ সৈতে এ. আৰ. ৰহমানৰ সংগীত পৰিচালিত অজাগিয়া তামিল মগন (২০০৭) আৰু অজিত কুমাৰৰ সৈতে বিষ্ণুৱৰ্ধনৰ গেংষ্টাৰ ছবি বিল্লা (২০০৭)। এই সময়ছোৱাৰ শেষলৈ নমিতাই তামিলনাডুত এক বিশেষ অনুৰাগী গোষ্ঠী গঢ়ি তুলিছিল। তেওঁৰ গ্লেমাৰাছ ৰূপৰ বাবে সংবাদ মাধ্যমে তেওঁক নিয়মীয়াকৈ প্ৰদৰ্শন কৰিছিল আৰু Behindwoods.com-এ তেওঁক "সৰ্বশক্তিমান আৰু সৰ্বত্ৰ বিদ্যমান" বুলি অভিহিত কৰিছিল।[9][10][11]
অৱশ্যে দশকটোৰ শেষৰফালে নমিতাৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰে। তেওঁৰ কেইবাখনো ছবিয়ে ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত মহিলাৰ গ্লেমাৰাছ চৰিত্ৰৰ চাহিদা লাহে লাহে কমিবলৈ ধৰে। পুৰণি প্ৰজন্মৰ অভিনেতাসকলে আগশাৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ কমোৱাৰ লগে লগে পৰিচালকসকলে নমিতাক নৱপ্ৰজন্মৰ অভিনেতাৰ বিপৰীতে অভিনয় কৰোৱাবলৈ অনীহা প্ৰকাশ কৰে।[12] তেওঁৰ চৰিত্ৰসমূহ লাহে লাহে সৰু ভূমিকা আৰু অতিথি শিল্পীৰ চৰিত্ৰলৈ ৰূপান্তৰিত হয়। বৃহৎ বাজেটৰ হৰৰ ছবি জগানমোহিনী (২০০৯), য’ত তেওঁ নামভূমিকাত অভিনয় কৰিছিল, বক্স অফিচত ব্যৰ্থ হয়।[13] ২০১০ চনৰ আৰম্ভণিতে তেওঁ কন্নড় ছবিক অগ্ৰাধিকাৰ দিছিল, কিন্তু ইলামাই ওঞ্জাল (২০১৬) আদিকে ধৰি তেওঁৰ কেইবাখনো ছবিৰ নিৰ্মাণত বিলম্ব হয়। কেইবাবছৰ ধৰি কোনো ছবি মুক্তি নোপোৱাৰ পিছত তেওঁ ২০১৬ চনত পুনৰ অভিনয় জগতলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰে।[14]
২০১৭ চনত নমিতাক তামিল ৰিয়েলিটী শ্ব’ত দেখা গৈছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]নমিতাই ২০১৭ চনৰ নৱেম্বৰ মাহত তিৰুপতিত ব্যৱসায়ী বীৰেন্দ্ৰ চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[15] দম্পতীহালে নমিতাৰ ৪১সংখ্যক জন্মদিনত তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল।[16] ২০২২ চনৰ আগষ্ট মাহত তেওঁ যমজ পুত্ৰ সন্তান জন্ম দিয়ে।[17]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Happy Birthday Namitha: 10 Times South Actress Namitha Stole Our Hearts". https://www.news18.com/photogallery/south-cinema/happy-birthday-namitha-10-times-south-actress-namitha-stole-our-hearts-2135829.html। আহৰণ কৰা হৈছে: 14 August 2020.
- ↑ "Namita Vankawala: Movies, Photos, Videos, News, Biography & Birthday". The Times of India. https://timesofindia.indiatimes.com/topic/Namita-Vankawala। আহৰণ কৰা হৈছে: 2 August 2020.
- ↑ J, Shanmughasundaram (4 July 2020). "Tamil Nadu: Actor Namitha appointed as BJP state executive member" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/chennai/tamil-nadu-actor-namitha-appointed-as-bjp-state-executive-member/articleshow/76783157.cms। আহৰণ কৰা হৈছে: 1 August 2020.
- ↑ "Namitha was crowned Miss Surat in 1998". The Times of India. 29 August 2013. https://timesofindia.indiatimes.com/entertainment/telugu/movies/did-you-know/Namitha-was-crowned-Miss-Surat-in-1998/articleshow/22137575.cms। আহৰণ কৰা হৈছে: 24 May 2014.
- ↑ Telugu Cinema Etc Archived 24 October 2017 at the Wayback Machine. Idlebrain.com (16 September 2002). Retrieved 1 January 2019.
- ↑ "Telugu cinema article – Namita photo – stolen from Namitha's desktop". idlebrain.com. 20 March 2000. http://www.idlebrain.com/news/2000march20/namithasexypic.html। আহৰণ কৰা হৈছে: 13 September 2017.
- ↑ Namitha interview – Telugu Cinema interview – Telugu film and Tamil film actress Archived 1 October 2017 at the Wayback Machine. Idlebrain.com (30 July 2008). Retrieved 1 January 2019.
- ↑ "Namitha stars in English movie". The Hindu. 14 August 2006. https://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/namitha-stars-in-english-movie/article18460394.ece.
- ↑ "Tamil movies : Namitha the omnipotent and the omnipresent". behindwoods.com. http://www.behindwoods.com/tamil-movie-articles/movies-04/29-09-06-namitha.html। আহৰণ কৰা হৈছে: 13 September 2017.
- ↑ "Tamil Nadu / Chennai News : Namitha goes to 'Subway' for meal". The Hindu. 21 October 2005. http://www.thehindu.com/2005/10/21/stories/2005102116730200.htm.
- ↑ I Will Do It For A Lesser Payment, Says Namitha – Namitha – Dirty Picture – Tamil Movie News Archived 10 September 2017 at the Wayback Machine. Behindwoods.com (30 June 2012). Retrieved 1 January 2019.
- ↑ Why Namitha won't act in Tamil films? | Movie News Archived 13 November 2017 at the Wayback Machine. Times of India (20 May 2011). Retrieved 1 January 2019.
- ↑ Review: Jaganmohini is a half-baked remake Archived 13 September 2017 at the Wayback Machine. Rediff.com (19 October 2009). Retrieved 1 January 2019.
- ↑ "Actress Namitha To Make Her Comeback Soon". silverscreen.in. 3 September 2015. Archived from the original on 6 September 2015. https://web.archive.org/web/20150906005734/http://silverscreen.in/tamil/news/namitha-keen-about-her-comeback-and-entering-politics/। আহৰণ কৰা হৈছে: 2 December 2019.
- ↑ "Namitha gets married to her boyfriend Veerandra in Tirupati". The Times of India. 24 November 2017. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/namitha-gets-married-to-her-boyfriend-veerandra-in-tirupati/articleshow/61779275.cms। আহৰণ কৰা হৈছে: 24 November 2017.
- ↑ "Namitha is pregnant, feels elated - Telugu News". IndiaGlitz.com. 2022-05-10. https://www.indiaglitz.com/namitha-is-pregnant-feels-elated-telugu-news-314556। আহৰণ কৰা হৈছে: 2022-05-11.
- ↑ "Actress Namitha announces birth of twin boys, shares video". OnManorama. 2022-08-22. https://www.onmanorama.com/entertainment/entertainment-news/2022/08/20/actress-tamil-telugu-namitha-twin-boys-birth-announcement.html। আহৰণ কৰা হৈছে: 2022-11-16.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Namitha সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Namitha সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত Namitha
- ফেইচবুকত Namitha