সমললৈ যাওক

নম্ৰতা যোশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নম্ৰতা যোশী ইংৰাজী: Namrata Joshi নতুন দিল্লীত অৱস্থিত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। মূলতঃ আউটলুকৰ বাবে কাম কৰি তেওঁ ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈ তাত আছিল। পাছত তেওঁ 'দ্য হিন্দু'ত যোগদান কৰিছিল। তেওঁ ২০০৪ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

যোশী দিল্লী বিশ্ববিদ্যালয়, ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু টাইমছ চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ প্ৰাক্তন ছাত্ৰী। [1]১৯৯৯ চনত তেওঁ আউটলুকত এগৰাকী বিশেষ সংবাদদাতা হিচাপে যোগদান কৰে আৰু তেওঁৰ চাকৰিত চলচ্চিত্ৰৰ বিষয়ে বিশেষত্ব লিখা জড়িত আছিল। তেওঁৰ আউটলুক কাৰ্যকালত, তেওঁ শ্বটাইম আলোচনীখনৰ বাবে সাপ্তাহিক সমীক্ষাও লিখিছিল। যোশীয়ে ২০০৪ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[2] ষোল্ল বছৰ 'আউটলুক'ত থকাৰ পিছত তেওঁ 'দ্য হিন্দু'ৰ মুম্বাই সংস্কৰণত যোগদান কৰিবলৈ 'আউটলুক'ৰ চাকৰি এৰি দিয়ে। [1][3] Joshi also serves as a member of the Indian branch of the International Federation of Film Critics.[2][4]নম্ৰতা যোশীয়ে আন্তৰ্জাতিক চলচ্চিত্ৰ সমালোচক ফেডাৰেচনৰ ভাৰতীয় শাখাৰ সদস্য হিচাপেও কাম কৰে। ২০১৯ চনত তেওঁ 'ৰিল ইণ্ডিয়া' শীৰ্ষক তেওঁৰ প্ৰথম খন উপন্যাস লিখিছিল । উপন্যাসখনৰ জৰিয়তে তেওঁ দেশৰ ভ্ৰমণৰ ওপৰত আধাৰিত কৰি সাধাৰণ মানুহৰ ওপৰত চিনেমাৰ প্ৰভাৱ ফুটাই তুলিছিল।[5]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 "After 16 years in Outlook, Namrata Joshi joins The Hindu". Exchange4media. https://www.exchange4media.com/media-print-news/after-16-years-in-outlooknamrata-joshi-joins-the-hindu-62196.html। আহৰণ কৰা হৈছে: 12 January 2019. 
  2. 2.0 2.1 "52nd National Film Awards". Directorate of Film Festivals. 2005. http://dff.nic.in/2011/52nd_nff_2005.pdf। আহৰণ কৰা হৈছে: 12 January 2019. 
  3. "Namrata Joshi". The Hindu. https://www.thehindu.com/profile/author/Namrata-Joshi-435/। আহৰণ কৰা হৈছে: 12 January 2019. 
  4. "FIPRESCI – Namrata Joshi". fipresci.org. http://www.fipresci.org/people/namrata-joshi। আহৰণ কৰা হৈছে: 12 January 2019. 
  5. Singh, Jai Arjun (30 August 2019). "The many fantasies of 'Reel India'". Mint. https://www.livemint.com/mint-lounge/features/the-many-fantasies-of-reel-india-1567170188409.html.