নম্ৰতা শিৰোদকৰ
| নম্ৰতা শিৰোদকৰ | |
|---|---|
শিৰোদকৰ, ২০২৪ চনত | |
| জন্ম | ২২ জানুৱাৰী, ১৯৭২ (৫৪ বছৰ) বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত[1] |
| পেচা |
|
| দাম্পত্যসঙ্গী | মহেশ বাবু (বি. ২০০৫) |
| সন্তান | 2 |
| আত্মীয়-স্বজন | শিলপা শিৰোদকৰ (ভগ্নী) |
| 'Beauty pageant titleholder' | |
| Title | ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ১৯৯৩ ফেমিনা মিছ ইণ্ডিয়া এছিয়া পেছিফিক ১৯৯৩ |
| Years active | ১৯৯৩–২০০৪; ২০২২ |
| Major competition(s) |
ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ১৯৯৩ (বিজয়ী) মিছ ইউনিভাৰ্ছ ১৯৯৩ (শীৰ্ষ ৬) মিছ এছিয়া পেছিফিক ১৯৯৩ (প্ৰথম ৰানাৰ-আপ) (বেষ্ট ইন ইভিনিং গাউন) |
নম্ৰতা শিৰোদকৰ (জন্ম: ২২ জানুৱাৰী ১৯৭২) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ শিৰোপাধাৰী, যিয়ে ১৯৯৩ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল।[2] তেওঁ মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। তেওঁ বিশেষভাৱে কচ্চে ধাগে (১৯৯৯), এঝুপুন্না থাৰাকান (১৯৯৯), বাস্তৱ: দ্য ৰিয়েলিটি (১৯৯৯) আৰু পুকাৰ (২০০০) আদি ছবিৰ বাবে জনাজাত।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নম্ৰতা শিৰোদকাৰৰ জন্ম ২২ জানুৱাৰী ১৯৭২ চনত বম্বে (বৰ্তমানৰ মুম্বাই)ত এটা মৰাঠী পৰিয়ালত হৈছিল, যাৰ মূল উৎস গোৱা।[3][4] তেওঁ অভিনেত্ৰী শিলপা শিৰোদকাৰৰ ডাঙৰ ভগ্নী।[5] তেওঁ প্ৰখ্যাত মৰাঠী অভিনেত্ৰী মীনাক্ষী শিৰোদকাৰৰ নাতিনী, যিয়ে ১৯৩৮ চনৰ চলচ্চিত্ৰ ‘ব্ৰহ্মচাৰী’ত অভিনয় কৰিছিল।[6][7]
কৰ্মজীৱন
[সম্পাদনা কৰক]মডেলিং কৰ্মজীৱন
[সম্পাদনা কৰক]শিৰোদকাৰে মডেল হিচাপে কাম আৰম্ভ কৰি ১৯৯৩ চনত মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰে।[8] তেওঁ ১৯৯৩ চনত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি ষষ্ঠ স্থান লাভ কৰে।
অভিনয় কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৭৭ চনৰ চলচ্চিত্ৰ ‘শিৰ্ডি কে সাই বাবা’ত শত্ৰুঘ্ন সিন্থাৰ সৈতে শিশুশিল্পী হিচাপে তেওঁ সংক্ষিপ্ত ভূমিকাত অভিনয় কৰিছিল।[9]
তেওঁৰ প্ৰথম মুক্তি পোৱা ছবি আছিল ‘মেৰে দো আনমোল ৰতন’।[10] ইয়াৰ পূৰ্বে ‘পূৰব কি লাইলা পচ্ছিম কি ছৈলা’ নামে এখন ছবি অক্ষয় কুমাৰ আৰু সুনীল শেট্টীৰ সৈতে নিৰ্মাণ কৰা হৈছিল যদিও ছবিখন মুক্তি নাপালে। পিছলৈ তেওঁ ১৯৯৯ চনৰ ‘বাস্তৱ’ আৰু ‘কচ্চে ধাগে’ ছবিত অভিনয় কৰে। ‘বাস্তৱ’ ছবিত তেওঁৰ অভিনয় বিশেষভাৱে প্ৰশংসিত হৈছিল।[11]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০০ চনত শিৰোদকাৰে তেলুগু অভিনেতা মহেশ বাবুৰ সৈতে ‘ভামসি’ ছবিৰ ছেটত সাক্ষাৎ কৰে। ছবিৰ শ্বুটিং শেষ হোৱাৰ কিছুদিন পাছতে তেওঁলোকৰ মাজত প্ৰেম সম্পৰ্ক আৰম্ভ হয়।[12] তেওঁলোকে ১০ ফেব্ৰুৱাৰী ২০০৫ চনত মুম্বাইত বিবাহ সম্পন্ন কৰে।[13] বৰ্তমান শিৰোদকাৰ স্বামীৰ সৈতে হায়দৰাবাদত বাস কৰে।[14] এই দম্পতীৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।[15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Happy Birthday Namrata Shirodkar: 5 lesser-known facts about the evergreen actress that you need to know". The Times of India. 22 January 2021. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-namrata-shirodkar-5-lesser-known-facts-about-the-evergreen-actress-that-you-need-to-know/photostory/80398543.cms.
- ↑ "Namrata Shirodkar birthday: Looking back at her journey from Miss India to films". Hindustan Times. 22 January 2024. https://www.hindustantimes.com/entertainment/bollywood/namrata-shirodkar-birthday-looking-back-at-her-journey-from-miss-india-miss-universe-to-films-101705842316544.html.
- ↑ "Namrata Shirodkar and Mahesh Babu: Love story in pics" (en ভাষাত). India Today. 22 January 2020. https://www.indiatoday.in/movies/photo/namrata-shirodkar-and-mahesh-babu-love-story-in-pics-1639074-2020-01-22.
- ↑ "Happy Birthday Namrata Shirodkar: Her journey from Miss India Universe 1993 to becoming the wife of southern superstar Mahesh Babu". News18. 1 March 2015. http://www.news18.com/photogallery/movies/happy-birthday-namrata-shirodkar-her-journey-from-miss-india-universe-1993-to-becoming-the-wife-of-southern-superstar-mahesh-babu-960998.html। আহৰণ কৰা হৈছে: 23 July 2016.
- ↑ "Namrata Shirodkar - Jeena Isi Ka Naam Hai Indian Award Winning Talk Show - Zee Tv Hindi Serial" (hi ভাষাত). Zee Tv. 28 August 2012. https://www.youtube.com/watch?v=Bbk2DwSjM7o। আহৰণ কৰা হৈছে: 15 February 2020. "Time 9:22 - 10:14"
- ↑ "Veteran Marathi actress dead". Express India. 4 June 1997. Archived from the original on 30 December 2012. https://web.archive.org/web/20121230015903/http://www.expressindia.com/ie/daily/19970604/15550853.html। আহৰণ কৰা হৈছে: 20 May 2011.
- ↑ Sumit, Rajguru (22 April 2018). "Bollywood's Forgotten Stars: 10 Unknown facts about Mahesh Babu's wife and actress – Namrata Shirodkar" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/cmcm/bollywoods-forgotten-stars-10-unknown-facts-about-mahesh-babus-wife-and-actress-namrata-shirodkar.
- ↑ "Miss India Winners 2010-1964". The Times of India. Archived from the original on 5 August 2012. https://web.archive.org/web/20120805162146/http://feminamissindia.indiatimes.com/archives/miss-india-winners-2010-1964/2000-1991/Namrata-Shirodkar/articleshow/7883181.cms.
- ↑ "Happy Birthday Namrata Shirodkar: 5 adorable pictures with her hubby Mahesh Babu" (en ভাষাত). The Times of India. 22 January 2019. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-namrata-shirodkar-5-adorable-pictures-with-her-hubby-mahesh-babu/photostory/67638653.cms.
- ↑ Rajyadhyakasha, Mrudula (25 September 1998). "New belle in Bollywood". Rediff.com. https://rediff.com/movies/1998/sep/25nam.htm#25nam4। আহৰণ কৰা হৈছে: 31 May 2024.
- ↑ "Vaastav is a hit!". Box Office India. http://www.boxofficeindia.com/1999.htm। আহৰণ কৰা হৈছে: 8 August 2007.
- ↑ "How did Mahesh Babu fall in love with Namrata Shirodkar?". India Today. 25 October 2018. https://www.indiatoday.in/movies/regional-cinema/story/mahesh-babu-and-namrata-shirodkar-love-story-1375172-2018-10-25। আহৰণ কৰা হৈছে: 25 August 2024.
- ↑ "Weddingversary: Mahesh Babu, Namrata Shirodkar's love story turns 15-year-old". The Statesman. 10 February 2020. https://www.thestatesman.com/entertainment/southern_cinema/weddingversary-mahesh-babu-namrata-shirodkars-love-story-turns-15-year-old-1502854692.html.
- ↑ "Namrata Shirodkar opens up about choosing living in apartment over a bungalow after marriage with Mahesh Babu". The Times of India. 12 February 2024. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/namrata-shirodkar-choosing-apartment-over-bungalow-after-marriage-with-mahesh-babu/articleshow/107632394.cms.
- ↑ "Mahesh Babu becomes daddy!". sify.com. http://sify.com/movies/telugu/fullstory.php?id=14282615। আহৰণ কৰা হৈছে: 29 October 2006.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত নম্ৰতা শিৰোদকৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- নম্ৰতা শিৰোদকৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- নম্ৰতা শিৰোদকৰ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- ইনষ্টাগ্ৰামত নম্ৰতা শিৰোদকৰ
| Awards and achievements | ||
|---|---|---|
| পূৰ্বৱৰ্তী Madhu Sapre |
Femina Miss India 1993 |
পৰৱৰ্তী Sushmita Sen |