সমললৈ যাওক

নম্ৰতা সুন্দৰেসন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নম্ৰতা সুন্দৰেসন
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ৰান্ধনী আৰু উদ্যোগী
জনা যায় নাৰী শক্তি পুৰস্কাৰ বিজেতা


নম্ৰতা সুন্দৰেসন এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী, চেফ আৰু চীজমেকাৰ ৷ তেওঁ অনুৰাধা কৃষ্ণমূৰ্তিৰ সৈতে ২০১৭ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে ৷

কেৰিয়াৰ

[সম্পাদনা কৰক]

উৰিষ্যাত জন্মগ্ৰহণ কৰা নম্ৰতা সুন্দৰেসনে বিবাহপাশত আবদ্ধ হৈ তামিলনাডুৰ চেন্নাইলৈ গুচি যায়। [1] আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা সংস্থা প্ৰতিষ্ঠা কৰি তেওঁ নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। [1] সুন্দৰেসনে কুনুৰত চীজ বনাবলৈ শিকিছিল আৰু তাৰ পিছত বান্ধৱীনঅনুৰাধা কৃষ্ণমূৰীৰ সৈতে চীজ নিৰ্মাতা হিচাপে বিশেষভাৱে সক্ষম মহিলাক নিয়োগ কৰাৰ বিষয়ে আলোচনা কৰিছিল। [2] তেওঁলোকে চীজ উৎপাদক প্ৰতিস্থান Käse স্থাপন কৰে আৰু তেওঁলোকৰ সামাজিক উদ্যোগীকৰণৰ বাবে ২০১৭ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।[1] ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ হৈ [3] ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। এই বঁটা ভাৰতৰ ভিতৰতে মহিলাক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। [4]

সুন্দৰেসন এগৰাকী স্ব-শিক্ষিত চেফ। [5] অৰুন্ধতী বালাচন্দ্ৰন আৰু লোকেলএক্সঅ’ৰ সুনীতি ৰাজে আয়োজন কৰা এটা ছাপাৰ ক্লাবৰ বাবে ২০১৭ চনত পেৰুৰ খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিছিল। [6] ২০১৯ চনত তেওঁ তেওঁলোকৰ উৎপাদিত চীজৰ সৈতে কয়ম্বাটুৰৰ গ'ৰমেট বজাৰলৈ গৈছিল [7] ২০২০ চনলৈকে তেওঁ ২৫বাৰ নৈশ আহাৰ ৰান্ধিছিল আৰু গোটটোৱে সুন্দৰেসনে তেওঁৰ প্ৰিয় ৰন্ধন গ্ৰন্থৰ পৰা ব্যঞ্জন তৈয়াৰ কৰা নতুন ধাৰাবাহিকৰ পৰিকল্পনা কৰিছিল। [5]

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 (en ভাষাত). 10 April 2018. Archived from the original on 10 February 2021. https://web.archive.org/web/20210210181358/https://thelogicalindian.com/exclusive/meet-the-nari-shakti-puruskar-receipents-who-are-empowering-disabled-women/. 
  2. . 19 March 2018. Archived from the original on 10 February 2021. https://web.archive.org/web/20210210181101/https://www.newindianexpress.com/lifestyle/food/2018/mar/19/a-cheesy-effort-to-give-women-wings-1789111.html. 
  3. "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. Archived from the original on 2021-01-14. https://web.archive.org/web/20210114170431/http://narishaktipuraskar.wcd.gov.in/gallery। আহৰণ কৰা হৈছে: 2021-01-16. 
  4. (en-IN ভাষাত). 2018-03-07. https://www.thehindu.com/news/national/kerala/charity-home-maker-gets-her-due-on-womens-day/article22971013.ece. 
  5. 5.0 5.1 (en ভাষাত). 25 February 2020. Archived from the original on 10 February 2021. https://web.archive.org/web/20210210182450/https://www.dtnext.in/News/City/2020/02/25002259/1216860/Citys-supper-club-takes-inspiration-from-cookbooks.vpf. 
  6. . 31 August 2017. Archived from the original on 10 February 2021. https://web.archive.org/web/20210210182435/https://www.newindianexpress.com/cities/chennai/2017/aug/31/do-you-want-to-join-them-for-a-casual-supper-1650306.html. 
  7. (en-IN ভাষাত). 5 September 2019. Archived from the original on 10 February 2021. https://web.archive.org/web/20210210182425/https://www.thehindu.com/life-and-style/food/cheese-maker-namrata-sundaresan-brings-her-artisanal-brand-kase-to-coimbatore/article29340657.ece.