সমললৈ যাওক

নলিনী বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নলিনী বৰুৱা
জন্ম নলিনী বৰুৱা
২২ এপ্ৰিল, ১৯৩১
শোণিতপুৰ জিলা, অসম
মৃত্যু ৬ জানুৱাৰী, ২০২৬ (৯৪ বছৰ)
পেচা আলোকচিত্ৰ শিল্পী
বঁটা, সন্মান, পুৰস্কাৰ আদি বিষ্ণু ৰাভা বঁটা

নলিনী বৰুৱা (বা নলিনী কান্ত বৰুৱা) (২২ এপ্ৰিল ১৯৩১ – ৬ জানুৱাৰী ২০২৬) অসমৰ এগৰাকী আলোকচিত্ৰ শিল্পী। শৈশৱ কালৰে পৰা আলোকচিত্ৰ লোৱাৰ কাম আৰম্ভ কৰা[1] বৰুৱাই ১৯৬৮ চনৰপৰা ২০১৬ চনলৈকে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো বহুকেইখন আলোকচিত্ৰ প্ৰদৰ্শনীত ভাগ লয়। শিল্পীগৰাকীয়ে ৫০ৰ দশকতেই ন্যুড ফটোগ্ৰাফীৰে উত্তৰ-পূব ভাৰততে আলোকচিত্ৰ শিল্পৰ এক নতুন যুগৰ সূচনা কৰিছিল।[1] তেওঁক ক’লা-বগা আলোকচিত্ৰৰ ওজা হিচাপে গণ্য কৰা হয়। ২০১৬ চনলৈকে তেওঁ নিজাববীয়াকৈ ৪৯খন প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ২০১৪ চনত শিল্পীগৰাকীয়ে বিষ্ণু ৰাভা বঁটা লাভ কৰে।

জন্ম আৰু শৈশৱ

[সম্পাদনা কৰক]

নলিনী বৰুৱাৰ জন্ম হয় ১৯৩১ চনৰ ২২ এপ্ৰিলত শোণিতপুৰ জিলাৰ দুলুং চাহ বাগিচাত। তেওঁৰ পিতৃ আছিল চিকিৎসক কমলাকান্ত বৰুৱা আৰু মাতৃ ঘৃতমালা বৰুৱা। ৯ বছৰ মান বয়সত কুপন সংগ্ৰহ কৰি লণ্ডনৰ প’লচন বাটাৰ কোম্পানীৰ পৰা বৰুৱাই এটা ক’ডাক কেমেৰা উপহাৰ স্বৰূপে পাইছিল।[2][1] সেই কেমেৰাৰে তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ ফটো তোলাৰ কাম আৰম্ভ কৰে। দশম শ্ৰেণীত পঢ়ি থাকোঁতেই পিতৃৰ বিয়োগ ঘটাত আনুষ্ঠানিক শিক্ষা সিমানতে সামৰি নলিনী বৰুৱাই পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল’ব লগা হয়।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৫০ চনত জখলাবন্ধাত এটা ফটো ষ্টুডিঅ’ খুলি শিল্পীগৰাকীয়ে ব্যৱসায়ভিত্তিক ফটোগ্ৰাফাৰৰ জীৱন আৰম্ভ কৰে। ১৯৫৭ চনত বৰুৱাই তেজপুৰত এটা আধুনিক ষ্টুডিঅ’ৰ শুভাৰম্ভ কৰে।[3]

১৯৬৮ চনত তেজপুৰৰ হেম বৰুৱা ভৱনত নলিনী বৰুৱাৰ প্ৰথমখন আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। ইয়াৰ পিছত তেজপুৰ, লখিমপুৰ, বৰপেটা, টিহু, গুৱাহাটী আদিকে ধৰি অসমৰ বিভিন্ন ঠাইত তেওঁৰ আলোকচিত্ৰ এককভাৱে প্ৰদৰ্শিত হয়। ১৯৭৬ চনত দিল্লীত আৰু ইয়াৰ পৰৱৰ্তী সময়ত কলকাতা আৰু মুম্বাইতো শিল্পিগৰাকীয়ে প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ১৯৭৭ চনত তেওঁ আমেৰিকাৰ ফটোগ্ৰাফী ছ’চাইটীৰ পৰা জাৰ্নেল এৱাৰ্ড লাভ কৰে। ১৯৮৩ চনত ইটালীত আৰু ১৯৯৩ চনত আমেৰিকাৰ তিনিখন ঠাইত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰদৰ্শনীত নলিনী বৰুৱাই অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। ২০০১ চনত লণ্ডনত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰদৰ্শনীত অংশ লৈ ‘আনৱাণ্টেড বেবী’ (অবাঞ্চিত কেঁচুৱা) নামৰ এখন ফটোৰ বাবে তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইটালীত অনুষ্ঠিত ইণ্টাৰনেচনেল কালাৰ শ্লাইড প্ৰদৰ্শনীতো তেওঁ ক্লাব পুৰস্কাৰ লাভ কৰিছিল। ‘পেং অফ বাৰ্থ’ (জন্ম যন্ত্ৰণা) শীৰ্ষক আলোকচিত্ৰৰ বাবে তেওঁ ইটালীৰ এচোচিয়েচন কালচাৰেল চাৰ্কোলৰ তৰফৰ পৰা স্বৰ্ণ পদক লাভ কৰিছিল।[1]

ইলাষ্ট্ৰেটেড ৱিকলী অফ ইণ্ডিয়া, লণ্ডনৰ ফটোগ্ৰাফী ইয়েৰ বুক, জাৰ্মানীৰ ফটোগ্ৰাফী অৱ মেগাজিন ছ’চাইটিৰ দ্বাৰা প্ৰকাশিত আলোচনীৰ বেটুপাততো বৰুৱাৰ আলোকচিত্ৰই স্থান পাইছে। শিল্পীগৰাকীৰ আলোকচিত্ৰসমূহ একত্ৰিত কৰি ‘ইমেজেছ’ শীৰ্ষক এখন গ্ৰন্থও প্ৰকাশ পাইছে। নলিনী বৰুৱাই ন্যুড ফটোগ্ৰাফী বা আলোকচিত্ৰত নগ্নতাৰ কলাত্মক উপস্থাপনেৰে অসমৰ আলোকচিত্ৰৰ জগতখনত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। হোমেন বৰগোহাঞিয়ে এইক্ষেত্ৰত তেওঁক যথেষ্ট সমৰ্থন আগবঢ়াইছিল।[3] ক’লা-বগা আলোকচিত্ৰত নলিনী বৰুৱাৰ দক্ষতা অতুলনীয় বুলি কোৱা হয়। কেট ট্ৰায়’ (তিনিটা মেকুৰী), মিচিং বিহু ডাঞ্চ, পেং অফ বাৰ্থ (জন্ম যন্ত্ৰণা), আনৱাণ্টেড বেবী (অবাঞ্চিত কেঁচুৱা), আচামিজ গাৰ্ল, দ্য চিম্বল, ফেয়াৰৱেল আদি তেওঁৰ প্ৰখ্যাত আলোকচিত্ৰ।

২০২৬ চনৰ ৬ জানুৱাৰী তাৰিখে নিশা প্ৰায় ৮.২৬ বজাত তেজপুৰৰ বাৰহলিয়াস্থিত নিজ বাসভৱনত বৰুৱাৰ পৰলোকপ্ৰাপ্তি ঘটে।[4][5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 দিব্যজ্যোতি নাথ (June 2015). "থমকি ৰোৱা নাই নলিনী বৰুৱা". সাদিন বিশেষ (পোহৰ আৰু ছাঁৰ জগত): 4. 
  2. "Nalini Kanta Baruah a man of golden click". nalinikantabaruah.com/. http://www.nalinikantabaruah.com/। আহৰণ কৰা হৈছে: 24 april 2016. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 3.2 "Early life and Career". nalinikantabaruah.com. http://www.nalinikantabaruah.com/Pages/AutoBiography.htm। আহৰণ কৰা হৈছে: 24 april 2016. [সংযোগবিহীন উৎস]
  4. "প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ মহাপ্ৰয়াণ". ETV BharatETV Bharat. 06 Jan 2026. https://www.etvbharat.com/as/state/renowned-photographer-of-assam-nalini-baruah-passes-away-assam-news-ass26010607058। আহৰণ কৰা হৈছে: 07 Jan 2026. 
  5. "১৯৫০তেই ফটোগ্ৰাফীৰে আলোড়ন সৃষ্টি কৰা মানুহজন গ'লগৈ...". Asomiya PratidinAsomiya Pratidin. 06 Jan 2026. https://www.asomiyapratidin.in/homepage/spcl-reporting-nalini-boruah-news-desk-10977098। আহৰণ কৰা হৈছে: 07 Jan 2026.