সমললৈ যাওক

নলেশ্বৰ থান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নলেশ্বৰ থান
[[Image:
শ্ৰী শ্ৰী নলেশ্বৰ থান
|280px|alt=|]]
নাম
আনুস্থানিক নাম নলেশ্বৰ থান
স্থান
দেশ ভাৰত
ৰাজ্য অসম
জিলা শোণিতপুৰ জিলা
স্থান তেজপুৰ
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী বিষ্ণু
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৭৬০
প্ৰতিস্থাপক নমোৰাম গোস্বামী


নলেশ্বৰ থান তেজপুৰ চহৰৰ দ-বেছেৰীয়া গাঁৱত অৱস্থিত| তথ্য অনুসৰি[উদ্ধৃতিৰ প্ৰয়োজন], ১৭৬০ চনৰ ভাদ মাহত সেই গাঁৱৰে মূৰাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু নমোৰাম গোস্বামীদেৱে এই থান খন প্ৰতিষ্ঠা কৰিছিল । লোক বিশ্বাস অনুসৰি, এবাৰ কোনোবা এক শুভক্ষণত গাঁৱৰে তিনিজন বয়োজ্যেষ্ঠ লোকক আচৰিত ভাৱে একেটা নিশাতে মহাপ্ৰভুৱে তেখেত বলুকাৰ জাঁজিৰ মাজত অনাহূত অৱস্থাত থকাৰ কথা কৈ পাৰলৈ লৈ যাবলৈ সপোনত দেখুৱালে। সেই অনুসৰিয়েই গঞা ৰাইজ একত্ৰিত হৈ দেৱ বাদ্য বজাই সপোনত দেখুওৱা ঠাইলৈ গৈ ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই অনা নল-খাগৰিৰ ওচৰত সিঁচৰিত হৈ থকা সাঁচিপতীয়া দেৱনাগৰী লিপিত লিখা ভাগৱতৰ দশম স্কন্ধ উদ্ধাৰ কৰে, পিছত সেই পুথি উলুৱনিৰ টিকাত অস্থায়ীভাৱে খেৰ-বাঁহেৰে ঘৰ সাঁজি প্ৰতিষ্ঠা কৰে আৰু চাকি বন্তি জ্বলাই সেৱা আগবঢ়াব লয়। কালক্ৰমত এইয়াই আজিৰ নলেশ্বৰ থানলৈ ৰূপান্তৰিত হয় । প্ৰবাদ আছে নল খাগৰিৰ মাজত পোৱাৰ বাবে নলেশ্বৰ থান বুলি নামকৰণ কৰা হয়। থানত নিতৌ পুৱাৰ প্ৰসংগ আৰু দুপৰীয়া নামকীৰ্ত্তন হয়। প্ৰতি বৃহস্পতি বাৰে ভাগৱত পাঠ হয়। পৰম্পৰা অনুযায়ী এই থানত আজিও খোল আৰু নাগাৰা নবজাই।

উপাসনা পদ্ধতি আৰু আচাৰ নীতি

[সম্পাদনা কৰক]
নলেশ্বৰ থানত  দৈনিক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সৃষ্ট নাম-কীৰ্ত্তন কৰা হয়। দুপৰীয়া ভকত বৈষ্ণ্বে নামকীর্তন কৰা হয়। যদিও মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ সৃষ্ট নাম কীর্ত্তনৰ আর্হিৰে ৰাইজে সেৱা জনাই আহিছে তথাপি এই থানত পূৰ্বৰ পৰম্পৰা অনুযায়ী খোল আৰু নাগাৰা বজোৱাত বাধা নিষেধ আছে। থানত প্রতি বৃহস্পতি বাৰে ভাগবত পাঠ কৰা হয় আৰু প্রতি বছৰৰ ফাগুণ, চ'ত মাহাত চাৰিদিনকৈ অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি প্রতি বছৰে এক ব'হাগত ৰাজহুৱা পাল নাম অনুষ্ঠিত কৰা হয়। পৰম্পৰা অনুসৰি এই খানত পূজা পাতল, হোম যজ্ঞ কৰা নহয় আৰু আমিষ ভোজন নিষিদ্ধ।


লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]