সমললৈ যাওক

নাইনা বালচাভাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাইনা বালচাভাৰ
জন্ম ১৯৫৯ (বয়স ৬৬–৬৭)
উত্তৰ প্ৰদেশ, ভাৰত
পেচা মডেল, অভিনেত্ৰী, গহনা ডিজাইনাৰ
উচ্চতা ১.৬৬ মি.
'Beauty pageant titleholder'
Title ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ১৯৭৬
ফেমিনা মিছ ইণ্ডিয়া বিশ্ব ১৯৭৬
Hair color ক'লা
Eye color ক'লা
Major
competition(s)
ফেমিনা মিছ ইণ্ডিয়া ১৯৭৬
(বিজয়ী)
মিছ ইউনিভাৰ্ছ ১৯৭৬
(অনপ্লেচ)

নাইনা বালচাভাৰ আহমেদ (ইংৰাজী: Naina Balsaver; জন্ম ১৯৫৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ১৯৭৬ৰ বিজয়ী।[1][2]

প্ৰাৰম্ভিক জীৱন আৰু প্ৰদৰ্শনী

[সম্পাদনা কৰক]

নাইনা বালচাভাৰৰ জন্ম হৈছিল উত্তৰ প্ৰদেশত৷১৯৭৬ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু অৱশেষত লাভ কৰে বহুল আকাংক্ষিত মুকুট।১৯৭৬ চনৰ মিছ ইউনিভাৰ্ছ আৰু ১৯৭৬ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিযুক্তি লাভ কৰিছিল। কিন্তু বৰ্ণবৈষম্য নীতি অনুসৰি দক্ষিণ আফ্ৰিকাৰ দুই ধৰণৰ প্ৰৱেশকাৰী - এজন বগা আৰু এজন ক'লা - উপস্থিত থকাৰ প্ৰতিবাদৰ বাবে ১৯৭৬ চনৰ মিছ ৱৰ্ল্ডত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। সেই বছৰতে তেওঁ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও স্থান পোৱা নাছিল।

তেওঁ হ'ল ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ আৰু ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড দুয়োটা খিতাপ কঢ়িয়াই অনা একমাত্ৰ ফেমিনা মিছ ইণ্ডিয়া বিজয়ী।

কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ বলীউডৰ ছবিত অভিনয় কৰিছিল। টেলিভিছনৰ ছ’প অপেৰা মানজিলত অভিনয় কৰিছিল। এন ডি তিৱাৰীৰ বিৰুদ্ধে বি এছ পিৰ টিকটত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচনত পৰাস্ত হৈছিল।[3]

তেওঁ এগৰাকী গহনা ডিজাইনাৰ ।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ দুবাৰকৈ বিবাহত বহি‍ছিল, প্ৰথম ১৯ বছৰ বয়সত। পাছত ৰাজনীতিবিদ আৰু ৰিয়েল এষ্টেট ডেভেলপাৰ আকবৰ আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[5] তেওঁৰ প্ৰথম স্বামীৰ নাম আছিল ৰিয়াজ ইছমাইল। তেখেতৰ মাতৃ বেলা চাভেৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়িকা আছিল আৰু তেখেতৰ খুড়ী হৈছে ডিস্কো আৰু জেজ কণ্ঠশিল্পী আশা পুথলি৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "No longer taboo". http://indiatoday.intoday.in/story/No+longer+taboo/1/3367.html. 
  2. "'Politics is a way of life'". 9 August 2006. http://www.dnaindia.com/entertainment/report_politics-is-a-way-of-life_1046267. 
  3. "The lighter moments". www.expressindia.com. Archived from the original on 2000-01-18. https://web.archive.org/web/20000118014616/http://expressindia.com/ie/daily/19991006/ige06022.html. 
  4. "The Hindu : It's coronation time". www.hindu.com. Archived from the original on 24 October 2003. https://web.archive.org/web/20031024101220/http://www.hindu.com/thehindu/mp/2003/08/07/stories/2003080700240200.htm। আহৰণ কৰা হৈছে: 17 January 2022. 
  5. "Women power on the ramp - Times of India". The Times of India. Archived from the original on 26 January 2013. https://archive.today/20130126143704/http://articles.timesofindia.indiatimes.com/2009-03-25/shows/28058027_1_women-power-sanjana-ramp। আহৰণ কৰা হৈছে: 2 February 2022.