সমললৈ যাওক

নাইনী দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাইনী, নাগনী বা নাগিনা দেৱী (ইংৰাজী: Naiṇī, Nāgnī বা Nāginā Devī) ভাৰতৰ উত্তৰাখণ্ডৰ গড়ৱাল হিমালয় অঞ্চলৰ পিণ্ডাৰ নদী উপত্যকাৰ নগৰাকী দেৱী অথবা মাতৃৰ নাম৷ এই দেৱী সকলক ৰূপ সলনি কৰিব পৰা নাগ বুসি গণ্য কৰা হয়। এই দেৱীসকলৰ ভিতৰত সাতগৰাকীয়ে ছমাহৰ যাত্ৰাৰ জৰিয়তে নিজৰ ভূখণ্ডৰ ওপৰত শাসন স্থাপন কৰে৷ এই সময়ত তেওঁলোকক শাৰী পিন্ধোৱা বাঁহৰ খুঁটাৰ আকৃতিত মূৰ্ত কৰি লৈ যোৱা হয়।

এই যাত্ৰাৰ জৰিয়তে নাইনীসকলে আন গাঁৱলৈ বিবাহপাশত আবদ্ধ হৈ যোৱা নিজৰ নিজৰ গাঁৱৰ মহিলাসকলৰ সৈতে নিজৰ পাৰিবাৰিক সম্পৰ্ক পুনৰ প্ৰতিষ্ঠা কৰে। ভাৰতীয় পশ্চিম হিমালয়ত ঐশ্বৰিক ৰাজত্ব আৰু ভূখণ্ড প্ৰতিষ্ঠাৰ এইটো এটা সাধাৰণ পদ্ধতি।[1] এই যাত্ৰাবোৰ শতিকাত মাত্ৰ দুবাৰহে হয়: ৰাতুৰা গাঁৱৰ নাইনী ৫৪ বছৰৰ পিছত ২০১০ চনৰ ছেপ্টেম্বৰৰ পৰা ২০১১ চনৰ মাৰ্চ মাহলৈকে যাত্ৰা কৰিছিল, ৰাইনছ গাঁৱৰ নাইনী ৪২ বছৰৰ পিছত ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত "বাহিৰলৈ ওলাই আহিছিল"[2] আৰু ভট্টিয়ানা গাঁৱৰ নাইনীয়ে শেষ যাত্ৰাৰ ৩৮ বছৰৰ পিছত ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত যাত্ৰা আৰম্ভ কৰিছিল।[3]

নাইনীসকলৰ বাবে নিবেদিত অনুষ্ঠান, উৎসৱ আৰু শোভাযাত্ৰাৰ মূল লক্ষ্য হ'ল তেওঁলোকক মনোৰঞ্জন দিয়া, তেওঁলোকৰ বাঁহৰ মূৰ্তি "নাচোৱা আৰু খেলা" কৰা, পুৰুষ নৃত্যশিল্পীসকলক সন্ধিয়াৰ সাপৰ দৰে পোছাক পিন্ধি প্ৰদৰ্শন কৰা, আদি। নাইনীৰ যাত্ৰাৰ ছমাহৰ আৰম্ভণিতে তেওঁলোকক পাতাললোক বা নাগলোক বুলি কোৱা "সৰ্পৰ জগত" পাতালৰ পৰা আৱাহন অনা হয়। এই জগতখনক টুনা গছৰ তলত পুতি থোৱা মাটিৰ পাত্ৰ এটাৰ সৈতে চিনাক্ত কৰা হয় বা প্ৰতিনিধিত্ব কৰা হয়। যাত্ৰাৰ অন্তত কেইবা কিলোমিটাৰ দীঘল আৰু বাবুলু ঘাঁহেৰে (babulū) গঠিত ৰছী (শিৰা) তৈয়াৰ কৰা হয়। এই ৰছীডাল স্পষ্টভাৱে সাপৰ দৰে হ'ব লাগে, যাৰ মূৰটো যাত্ৰাৰ শেষ দিনটোত ওপৰলৈ কঢ়িয়াই নিয়া হয় আৰু পিছৰ অংশটো তলত থাকে।[4] সেই চূড়ান্ত পৰিঘটনাৰ আগদিনা প্ৰাকৃতিক সৰ্পৰ পুতলা নিৰ্মাণ কৰি কৃষ্ণই নাগলোকৰ পৰা আটাইতকৈ দীঘল সাপটো এই জগতলৈ অনাৰ স্থানীয় কাহিনী এটা প্ৰদৰ্শন কৰা হয়৷ এই অনুষ্ঠানটোক কাম ফাটনা (kaṃṣ phaṭnā) বোলা হয়।

পৌৰাণিক কাহিনীসমূহত বিভিন্ন নাগ ৰজা যেনে বাসুকী, কালিয়া আদিক নাইনীসকলৰ পিতৃ হিচাপে নামকৰণ কৰা হৈছে৷ এই নাগৰজা সকল ধ্ৰুপদী সংস্কৃত মহাকাব্য বিশেষকৈ মহাভাৰত আৰু হৰিবংশৰ মূল চৰিত্ৰ। নাই নীসকলৰ বিষয়ে তেওঁলোকৰ গাঁৱবোৰত বিপুল বৈচিত্ৰ্যপূৰ্ণ কাহিনী আছে যদিও বেছিভাগেই এই কথাত একমত যে তেওঁলোকক সাতজন আদিম ঋষিয়ে (মহৰ্ষী) কোনো বলিদান অনুষ্ঠান (যজ্ঞ)ত অংশগ্ৰহণ কৰিবলৈ "মৃত্যুলোকৰ জগত"ৰ (মৰ্ত্যলোক) পৰা আনিছিল। এই অনুষ্ঠানত নৱৰাত্ৰী উৎসৱৰ সময়ত কৰাৰ দৰে দেৱী দুৰ্গাৰ নটা দিশক মূৰ্ত কৰি তুলিবলৈ নজনী কুমাৰী ছোৱালীৰ প্ৰয়োজন হৈছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Sax, William (2003). "Divine Kingdoms in the Central Himalayas". In Michaels, Axel. Sacred Landscape of the Himalaya. Proceedings of an International Conference at Heidelberg 25-27 May 1998. প্ৰকাশক Vienna: Verlag der Österreichischen Akademie der Wissenschaften. পৃষ্ঠা. 177–194. ISBN 978-3-7001-3109-0. 
  2. Lange, Gerrit (ethnographic film). "A Goddess as Guest". https://youtube.com/playlist?list=PLojnLIMl5imPhu_XN5B_pN-0wO0J2J3qs&si=srIS3hon3hHOSP2V। আহৰণ কৰা হৈছে: 1 July 2024. 
  3. Bhandari, Sukhdev (youtube video). "The beginning of the 177 days long dyorā yātrā of Nāgnī mātā (177 दिवसीय नागनी माता द्योरा यात्रा शुरू)". Uttarakhand Se (Youtube user). https://www.youtube.com/watch?v=YclQPbQgkjM&ab_channel=UttarakhandSe। আহৰণ কৰা হৈছে: 1 December 2023. 
  4. Lange, Gerrit (2019). "Cobra Deities and Divine Cobras: The Ambiguous Animality of Nāgas". Religions খণ্ড 10 (8): 4–6. doi:10.3390/rel10080454.