নাওমি স্কট
| নাওমি স্কট | |
|---|---|
২০২৪ চনত স্কট | |
| জন্ম | ৬ মে', ১৯৯৩ (৩৩ বছৰ) হাউন্সলো, লণ্ডন, ইংলেণ্ড |
| পেচা | অভিনেত্ৰী, গায়িকা |
| সক্ৰিয় হৈ থকা সময় | ২০০৮–বৰ্তমান |
| দাম্পত্যসঙ্গী | জৰ্ডান স্পেন্স (বি. ২০১৪) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | নাওমি স্কটে লাভ কৰা বঁটা আৰু মনোনয়নৰ তালিকা |
নাওমি গ্ৰেচ স্কট (ইংৰাজী: Naomi Grace Scott; জন্ম: ৬ মে' ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু গায়িকা। সংগীতভিত্তিক টেলিভিছন চলচ্চিত্ৰ ‘লেমনেড মাউথ’ (২০১১) আৰু ইয়াৰ একে নামৰ চাউণ্ডট্ৰেকত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ কল্পবিজ্ঞান ধাৰাবাহিক ‘টেৰা নোভা’ (২০১১) আৰু ছুপাৰহিৰো ছবি ‘পাৱাৰ ৰেঞ্জাৰ্ছ’ (২০১৭)-ত অভিনয় কৰিছিল।
২০১৯ চনৰ একচন কমেডী ছবি ‘চাৰ্লিছ এঞ্জেলছ’ত নেতৃত্ব দি আৰু ফেণ্টাচী ছবি ‘আলাদিন’ত জেছমিনৰ চৰিত্ৰত অভিনয় কৰি স্কটে ব্যাপক চৰ্চা লাভ কৰিছিল। অভিনয়ৰপৰা অলপ দিনৰ বিৰতিৰ পিছত তেওঁ নেটফ্লিক্সৰ মিনি ছিৰিজ ‘এনাটমী অৱ এ স্কেণ্ডেল’ (২০২২) আৰু ভৌতিক ছবি ‘স্মাইল ২’ (২০২৪)-ত অভিনয় কৰে। তেওঁৰ প্ৰথমটো ষ্টুডিঅ’ এলবাম ‘এফ.আই.জি.’ (F.I.G.) ২০২৬ চনত মুক্তি লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নাওমি স্কটৰ জন্ম ১৯৯৩ চনৰ ৬ মে'ত লণ্ডনৰ হাউন্সলোত হৈছিল।[1] তেওঁৰ পিতৃ এজন ব্ৰিটিছ নাগৰিক ক্ৰিষ্টোফাৰ স্কট আৰু মাতৃ এগাৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলা ঊষা (জন্মনাম যোশী); তেওঁলোকে ১৯৮৪ চনত বিবাহপাশত আবদ্ধ হৈছিল।[2] তেওঁৰ মাতৃ উগাণ্ডাত জন্মগ্ৰহণ কৰিছিল আৰু সৰু কালতে যুক্তৰাজ্যলৈ প্ৰব্ৰজন কৰিছিল; তেওঁ এগৰাকী গুজৰাটী মহিলা।[3][4][5] স্কটৰ যিহোচূৱা ডেভিড নামৰ এজন ককায়েক আছে, যাৰ জন্ম ১৯৯১ চনত হৈছিল।[6]
আঠ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে লণ্ডনৰ উডফৰ্ডলৈ গুচি যায়,[7] য’ত তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকী ‘ব্ৰীজ চাৰ্চ’ৰ পাদুৰী আছিল।[8] তেওঁ গস্পেল আৰু আৰ এণ্ড বি (R&B) সংগীত, বিশেষকৈ গায়ক কিম বাৰেল, মেৰী মেৰী আৰু কিৰ্ক ফ্ৰেংকলিনৰ গান শুনি আৰু গীৰ্জাত গান গাই ডাঙৰ-দীঘল হৈছিল।[9]
স্কটে এসেক্সৰ লফটনত অৱস্থিত ডেভেনাণ্ট ফাউণ্ডেশ্যন স্কুলত পঢ়া-শুনা কৰিছিল।[10] অভিনয় জগতত মনোনিৱেশ কৰিবলৈ তেওঁ নিজৰ ‘এ-লেভেল’ অধ্যয়নৰ মাজতে স্কুল এৰিছিল।[11]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]স্কট এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী ব্যক্তি।[12] তেওঁ খ্ৰীষ্টান দাতব্য সংস্থা ‘কম্পেছন ইণ্টাৰনেশ্যনেল’ৰ যুক্তৰাজ্যৰ এগৰাকী ৰাষ্ট্ৰদূত, যিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শিশু আৰু পৰিয়ালসমূহক সহায় কৰে।[13][4][14] তেওঁ ‘একজিমা’ নামৰ চৰ্মৰোগত আক্ৰান্ত।[15] সৰুৰেপৰা কাৰাটে চৰ্চা কৰা স্কট এগৰাকী ব্লেক বেল্টধাৰী। এই কাৰাটে প্ৰশিক্ষণে তেওঁক ‘পাৱাৰ ৰেঞ্জাৰ্ছ’ আৰু ‘চাৰ্লিছ এঞ্জেলছ’ৰ চৰিত্ৰত অভিনয় কৰাত সহায় কৰিছিল বুলি তেওঁ উল্লেখ কৰিছে।
চাৰিবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১৪ চনৰ জুন মাহত স্কটে ইংৰাজ ফুটবলাৰ জৰ্ডান স্পেন্সৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[16][17] তেওঁলোক দুয়োৰে প্ৰথম সাক্ষাৎ ১৬ বছৰ বয়সত গীৰ্জাত হৈছিল।[11][18]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Eksouzian-Cavadas, Ana (31 May 2019). "Everything You Need To Know About Naomi Scott". Elle Australia. https://www.elle.com.au/celebrity/who-is-naomi-scott-18130। আহৰণ কৰা হৈছে: 15 November 2019.
- ↑ Salam, Erum (24 May 2019). "The fairest of them all? Two cheers for Aladdin's browner Princess Jasmine". The Guardian. https://www.theguardian.com/film/2019/may/24/aladdin-princess-jasmine-brown-colorism-disney। আহৰণ কৰা হৈছে: 25 July 2020.
- ↑ Swertlow, Meg (16 July 2017). "5 Things You Need to Know About Aladdin's New Princess Jasmine, Naomi Scott". E! Online. https://www.eonline.com/uk/news/867173/5-things-you-need-to-know-about-aladdin-s-new-princess-jasmine-naomi-scott। আহৰণ কৰা হৈছে: 27 May 2021.
- 1 2 "Who Is Naomi Scott? 11 Things You Need To Know About The Actress Playing Jasmine In 'Aladdin'". Elle.com. 22 May 2019. https://www.elle.com/culture/celebrities/news/a46649/naomi-scott-facts-jasmine-aladdin/। আহৰণ কৰা হৈছে: 24 July 2020.
- ↑ "Naomi Scott". Empire Online. https://www.empireonline.com/people/naomi-scott/। আহৰণ কৰা হৈছে: 27 May 2021.
- ↑ "Leadership - The Bridge Church". Archived from the original on 29 March 2017. https://web.archive.org/web/20170329215841/http://thebridgechurch.org.uk/about-us/leadership/। আহৰণ কৰা হৈছে: 30 April 2017.
- ↑ Lack, Hannah (10 September 2019). "Cover Story: Naomi Scott, From Normal Girl to New Superhero". https://www.anothermag.com/fashion-beauty/11878/naomi-scott-interview-aladdin-power-rangers-charlies-angels-parents-religion। আহৰণ কৰা হৈছে: 24 July 2020.
- ↑ "The Bridge Church Woodford". Archived from the original on 7 September 2011. https://web.archive.org/web/20110907054651/http://www.thebridgechurch.org.uk/church-woodford/leaders.htm। আহৰণ কৰা হৈছে: 31 March 2026.
- ↑ Mahbub, Muhsin (28 March 2017). "Actress Naomi Scott Explains Her Deep Connection With Music". HuffPost. https://www.huffpost.com/entry/actress-naomi-scott-explains-her-deep-connection-with_b_58dabc64e4b07f61a2bb8935। আহৰণ কৰা হৈছে: 25 July 2020.
- ↑ "Alumni". Archived from the original on 20 August 2016. https://web.archive.org/web/20160820024421/http://davenantperformingarts.org.uk/SAP.aspx?pid=Alumni_en-GB। আহৰণ কৰা হৈছে: 23 June 2016.
- 1 2 Tsjeng, Zing (4 September 2019). "Naomi Scott on Charlie's Angels and Navigating Hollywood". https://www.teenvogue.com/story/naomi-scott-september-2019। আহৰণ কৰা হৈছে: 24 July 2020.
- ↑ Heawood, Sophie (23 May 2019). "Naomi Scott, Disney's New Princess Jasmine, Is Redefining The Fairy Tale For The Modern Age". British Vogue. https://www.vogue.co.uk/article/naomi-scott-aladdin-vogue-interview-2019। আহৰণ কৰা হৈছে: 25 July 2020. "It might be common in America, but being a committed Christian is unusual in a young British celebrity. Scott questions it all herself."
- ↑ "Naomi Scott: Meet the Woman Behind the Big Screen". Compassion International. 9 May 2019. https://www.compassionuk.org/blogs/naomi-scott/। আহৰণ কৰা হৈছে: 24 July 2020.
- ↑ Lewis, Casey (8 October 2015). "Meet the Lucky Girl Who Landed the Coveted Role of the New Pink Power Ranger". Teen Vogue. https://www.teenvogue.com/story/power-rangers-reboot-pink-ranger-naomi-scott। আহৰণ কৰা হৈছে: 22 March 2022.
- ↑ Dancer, Rebecca (4 September 2019). "Naomi Scott Opens Up About Having Eczema — Here's What to Do If You Have It Too". https://www.teenvogue.com/story/naomi-scott-eczema। আহৰণ কৰা হৈছে: 24 July 2020.
- ↑ Maitland, Hayley (15 October 2019). "Charlie's Angels Naomi Scott on Turning Director with Husband Jordan Spence". British Vogue. https://www.vogue.co.uk/arts-and-lifestyle/article/naomi-scott-jordan-spence-interview-2019। আহৰণ কৰা হৈছে: 15 November 2019.
- ↑ Eyre, Hermione (10 May 2019). "Aladdin star Naomi Scott: Hollywood's next big Brit girl, on faith, football and family". The Telegraph. https://www.telegraph.co.uk/films/0/aladdin-star-naomi-scott-hollywoods-next-big-brit-girl-faith/.
- ↑ "Kristen Stewart, Naomi Scott, and Ella Balinska Answer the Web's Most Searched Questions | WIRED". WIREDYouTube. 15 November 2019. https://www.youtube.com/watch?v=-aq1n8MSk8c। আহৰণ কৰা হৈছে: 26 October 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Naomi Scott সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- নাওমি স্কট সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।