সমললৈ যাওক

নাকৰ অলংকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোচে সংস্কৃতিৰ নীলমণি বা তুৰ্কীজ খচিত সোণৰ নাকৰ অলংকাৰ।

নাকৰ অলংকাৰ (ইংৰাজী: Nose-jewel) হ'ল নাৰীয়ে সৌন্দৰ্য বৃদ্ধিৰ বাবে নাকৰ ফুটা বা নাকৰ মধ্যচ্ছদাৰ ফুটাৰ মাজেৰে পিন্ধা অলংকাৰ।

মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা

[সম্পাদনা কৰক]

নাকৰ অলংকাৰৰ আটাইতকৈ পুৰণি উল্লেখ পোৱা যায় ৪,০০০ বছৰ আগৰ মধ্যপ্ৰাচ্যত।[1] আদিপুস্তকত উল্লেখ আছে যে, অব্ৰাহামৰ দাসে আইজাকৰ হৈ বিবাহৰ উপহাৰ হিচাপে যুৱতী ৰেবেকাক বিভিন্ন অলংকাৰ উপহাৰ দিছিল। সেই উপহাৰসমূহৰ ভিতৰত আছিল এটা সোণৰ আঙঠি যাক শানফ বুলি কোৱা হৈছিল, যিটো নাকৰ আঙঠি হিচাপেও জনাজাত। ইজিকিয়েল ১৬:১১-১৪-ত জেৰুজালেমক এগৰাকী নাৰী হিচাপে চিত্ৰিত কৰি কোৱা হৈছে যে ঈশ্বৰে তেওঁক সোণৰ মুকুট, কাণফুলি আৰু নাকৰ আঙঠি উপহাৰ দিছিল; "আৰু মই তোমাৰ নাকত এটা আঙঠি, তোমাৰ কাণত কাণফুলি আৰু তোমাৰ মূৰত এটা ধুনীয়া মুকুট পিন্ধালোঁ। এনেদৰে তুমি সোণ আৰু ৰূপৰ অলংকাৰেৰে বিভূষিত হ’লা, আৰু তোমাৰ পোছাক আছিল মিহি লিনেন আৰু এম্ব্ৰয়ডৰী কৰা কাপোৰৰ।"

প্ৰাচীন কাৰ্থেজত নাকৰ মধ্যচ্ছদা ফুটা কৰি পুৰুষ আৰু মহিলা উভয়ে অলংকাৰ পিন্ধিছিল। এইবোৰ সাধাৰণতে সোণৰ আছিল, অৱশ্যে ৰূপৰ কিছুমান নিদৰ্শনো পোৱা গৈছে।[2][3]

আমেৰিকা

[সম্পাদনা কৰক]

আমেৰিকাত নাক ফুটা কৰাৰ পৰম্পৰা কলম্বিয়ান পূৰ্ব আৰু ঔপনিৱেশিক কালৰপৰাই উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন ঠাইত পোৱা যায়। চিচেন ইৎজাৰ গ্ৰেট বলক’ৰ্টৰ উত্তৰ মন্দিৰত বিভিন্ন মৰ্যাদা প্ৰদানৰ অনুষ্ঠান খোদিত কৰা আছে।[4] উত্তৰ মন্দিৰৰ ভল্টত এক নাক ফুটা কৰাৰ অনুষ্ঠানৰ শোভাযাত্ৰা চিত্ৰিত কৰা হৈছে।[4] মন্দিৰৰ ভাস্কৰ্যসমূহত সাধাৰণতে বলিদানৰ দৃশ্য দেখুওৱা হয় যদিও, ইয়াত কেন্দ্ৰীয় চৰিত্ৰটোক এডাল হাড়ৰ সঁজুলিৰে আন এজনৰ নাক ফুটা কৰিবলৈ লোৱা দেখুওৱা হৈছে।[4] নাক ফুটা কৰাৰ এই ৰীতিয়ে সেই ব্যক্তিজনৰ উচ্চ মৰ্যাদা সূচাইছিল। সমাজত তেওঁৰ স্থান এই নাক ফুটাৰদ্বাৰাই প্ৰকাশ পাইছিল। একেদৰে, ঔপনিৱেশিক হাইলেণ্ড মায়া সভ্যতাটো নাক ফুটা কৰাটোৱে উচ্চ মৰ্যাদা সূচাইছিল। কিচে জনগোষ্ঠীৰ দুজন প্ৰখ্যাত প্ৰভু, অজপপ আৰু অজপপ কামাক এক বিস্তৰ অনুষ্ঠানৰ শিখৰত নাক ফুটা কৰা হৈছিল।[4] এজন ৰজাৰ ৰাজ্যাভিষেকৰ দৰেই নাক ফুটা কৰাৰ এই কাৰ্যই কিচে জনগোষ্ঠীৰ ওপৰত তেওঁলোকৰ নতুন নেতৃত্বৰ অধিকাৰ প্ৰদৰ্শন কৰিছিল।

য়ুকাটানত অভিযাত্ৰী ওভিয়েড’ ৱাই ভাল্ডেছ, হেৰেৰা ৱাই টৰ্ডেচিলেছ, ডিয়েগো ডি লেণ্ডা আৰু জেৰোনিমো ডি এগুইলাৰ— সকলোৱে মায়াসকলৰ লগতে য়ুকাটানৰ অন্যান্য সংস্কৃতিৰ মাজত বিভিন্ন ধৰণৰ নাক ফুটা কৰাৰ ৰীতি লক্ষ্য কৰিছিল।[4] তেওঁলোকৰ মতে, প্ৰতিটো সভ্যতাৰ ভিতৰত বেলেগ বেলেগ পাথৰৰ বেলেগ বেলেগ অৰ্থ থাকিব পাৰে। ইয়াৰ উপৰি তেওঁলোকে বিশ্বাস কৰিছিল যে মণিৰ স্থান, আকাৰ আৰু আকৃতিৰ পাৰ্থক্যই ব্যক্তিজন কোনটো নিৰ্দিষ্ট সমাজৰপৰা আহিছে সেয়া বুজাব পাৰে। টলটেকসকলে নাকৰ পাহিৰ মাজেৰে ফুটা কৰি তাত মণি পিন্ধিছিল বুলি ধৰা হয়। আনহাতে, মায়াসকলে নাকৰ মধ্যচ্ছদা ফুটা কৰিছিল আৰু তাত গোলাকাৰ মণিৰ পৰিৱৰ্তে ডিম্বাকৃতিৰ মণি ব্যৱহাৰ কৰিছিল।[4]

দক্ষিণ এছিয়া

[সম্পাদনা কৰক]
নথ পৰিহিত এগৰাকী হিন্দু কইনা।

নাকৰ আঙঠিটোক বিভিন্ন স্থানীয় ভাষাত নথ বুলি কোৱা হয় আৰু ই প্ৰায় ৯-১০ম শতিকাৰ আশে-পাশে প্ৰচলিত হৈছিল। ই এগৰাকী মহিলাৰ বৈবাহিক অৱস্থাৰ প্ৰতীক হৈ পৰিছিল। সম্পূৰ্ণ ৰূপত নথত এটা ৰত্নখচিত আঙঠি থাকে যাৰ সৈতে এডাল শিকলি চুলিৰ অলংকাৰৰ লগত সংযোগ কৰা হয়।

দক্ষিণ এছিয়াত ১০ম শতিকাৰপৰাই নাক ফুটা কৰাৰ প্ৰথা আৰম্ভ হৈছিল আৰু ১৫শ শতিকালৈকে সমগ্ৰ দক্ষিণ এছিয়াতে ই সুলভ হৈ পৰিছিল।[5] ইতিহাসবিদ এ. এছ. আলটেকাৰৰ মতে ৮ম শতিকাৰ পূৰ্বৰ ভাৰতীয় সাহিত্যত নাক ফুটা কৰাৰ কোনো উল্লেখ পোৱা নাযায় আৰু সম্ভৱতঃ এই কালছোৱাৰ পিছতহে ইয়াৰ প্ৰচলন হৈছিল।[6] ইতিহাসবিদ বিনয়তোষ ভট্টাচাৰ্যৰ মতে ১২শ শতিকাৰ গ্ৰন্থ মানসোল্লাসত মহিলাসকলে পিন্ধা বিভিন্ন অলংকাৰৰ উল্লেখ আছে যদিও নাকৰ আঙঠিৰ উল্লেখ নাই আৰু সম্ভৱতঃ ১২শ শতিকাৰ পিছতহে ইয়াৰ প্ৰচলন হৈছিল।[7] অলংকাৰ ইতিহাসবিদ অপ্পি উনট্ৰাখটে মত প্ৰকাশ কৰে যে ১৩শ শতিকাত মুছলমানসকলৰদ্বাৰা নাক ফুটা কৰা প্ৰথাটো আৰম্ভ হৈছিল আৰু বছৰ বছৰ ধৰি ই দ্ৰুতগতিত প্ৰতিষ্ঠিত হৈ পৰিছিল।[8]

নথ বা নাকৰ অলংকাৰে পৰিধানকাৰীৰ অৰ্থনৈতিক স্থিতিও প্ৰদৰ্শন কৰে; কিছুমানে সোণত খটোৱা মুকুতা, নীলমণি আৰু বিভিন্ন ৰত্নৰে নিৰ্মিত নথ পিন্ধিছিল আৰু আনহাতে ১৫শ শতিকাৰপৰা আন কিছুমানে ৰূপৰ নথ পিন্ধিবলৈ লৈছিল। ১৭শ আৰু ১৮শ শতিকাৰ ভিতৰত এই অলংকাৰবিধ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।[9] ব্ৰিটিছ মিউজিয়ামত গৱেষক ড° ৱালট্ৰুড গাংগুলীয়ে দান কৰা ভাৰত, নেপাল আৰু পাকিস্তানৰ বিভিন্ন প্ৰান্তৰ সোণৰ নাকৰ আঙঠিৰ এক বিশাল সংগ্ৰহ আছে।[10]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ladizinski, Barry; Nutan, F. N. U.; Lee, Kachiu C. (1 February 2013). "Nose Piercing: Historical Significance and Potential Consequences". JAMA Dermatology খণ্ড 149 (2): 142. doi:10.1001/jamadermatol.2013.1568. ISSN 2168-6068. https://jamanetwork.com.
  2. "Carthage". UNESCOunesdoc.unesco.org. https://unesdoc.unesco.org. pages 2-4
  3. Carthage of the Phoenicians in the Light of Modern Excavation By Mabel Moore (1905), page 142
  4. 1 2 3 4 5 6 Villela, Khristaan; Koontz, Rex (February 1993). "A Nose Piercing Ceremony in the North Temple of the Great Ballcourt at Chichén Itzá". Texas Notes on Precolumbian Art, Writing, and Culture (41). OCLC 1073558164.
  5. Ladizinski, Barry; Nutan, F. N. U.; Lee, Kachiu C. (February 2013). "Nose Piercing: Historical Significance and Potential Consequences". JAMA Dermatology খণ্ড 149 (2): 142. doi:10.1001/jamadermatol.2013.1568. PMID 23426468.
  6. Altekar, Anant Sadashiv (1999). The position of women in Hindu civilization: from prehistoric times to the present day (Reprint সম্পাদনা). প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 303. ISBN 9788120803251.
  7. Bhattacharya, Benoytosh (1939). Manasollasa By King Somesvara. প্ৰকাশক Baroda: Baroda Oriental Institute. page 12 - "It is, however, noteworthy that there is no mention of any ornament for the nose which very probably was introduced after the advent of the Mohammadans".
  8. Traditional jewelry of India. প্ৰকাশক New York: Abrams. 1997. পৃষ্ঠা. 188. ISBN 9780810938861.
  9. Shanti Kumar Syal (2005) (Hindi ভাষাত). Pragatiśīla nārī. প্ৰকাশক Delhi, India: Atmaram & Sons. পৃষ্ঠা. 171. ISBN 9788170436478. https://books.google.com/books?id=XAuNLS91JbEC&q=%E0%A4%A8%E0%A4%A5+%E0%A4%AE%E0%A5%8B%E0%A4%A4%E0%A5%80&pg=PA171.
  10. Ganguly, Waltraud (2015). Nose rings of India. প্ৰকাশক Delhi: B.R. Publishing Corporation. পৃষ্ঠা. 12. ISBN 9789350502198.