নাগপুৰ
নাগপুৰ (ইংৰাজী: Nagpur, মাৰাঠী: नागपुर) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ দ্বিতীয় ৰাজধানী আৰু তৃতীয় বৃহত্তম চহৰ।[1] কেন্দ্ৰীয় ভৌগোলিক অৱস্থানৰ বাবে ইয়াক ভাৰতৰ হৃদপিণ্ড বুলি কোৱা হয়।[2] এইখন চহৰ মধ্য ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু জনবসতিপূৰ্ণ চহৰ। "কমলা চহৰ" নামেৰেও জনাজাত নাগপুৰ হ'ল জনসংখ্যাৰফালৰপৰা ভাৰতৰ ত্ৰয়োদশ বৃহত্তম চহৰ।[3] অক্সফৰ্ড ইকনমিক্সৰ এক প্ৰতিৱেদন অনুসৰি নাগপুৰ ২০১৯ চনৰপৰা ২০৩৫ চনলৈ গড় ৮.৪১% বৃদ্ধিৰে বিশ্বৰ পঞ্চম দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰ হিচাপে পৰিগণিত হৈছে।[4] নাগপুৰ চহৰখন মহাৰাষ্ট্ৰৰ অন্যতম স্মাৰ্ট চিটি হিচাপে প্ৰস্তাৱ কৰা হৈছে আৰু স্মাৰ্ট চিটি প্ৰজেক্ট নিষ্পাদনৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ দহখন চহৰৰ ভিতৰত অন্যতম।[5][6][7][8]
নাগপুৰত মহাৰাষ্ট্ৰৰ ৰাজ্যিক বিধানসভাৰ বাৰ্ষিক শীতকালীন অধিৱেশন বহে।[9] নাগপুৰ মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ এটা প্ৰধান বাণিজ্যিক আৰু ৰাজনৈতিক কেন্দ্ৰ। ইয়াৰ উপৰি দলিত বৌদ্ধ আন্দোলনৰ মূল স্থান আৰু সোঁপন্থী হিন্দু সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় হোৱাৰ বাবে চহৰখনে অনন্য গুৰুত্ব লাভ কৰিছে।
ব্যুৎপত্তি
[সম্পাদনা কৰক]নাগপুৰ নগৰখনৰ মাজেৰে বৈ যোৱা নাগ নদীৰ নামেৰে নাগপুৰৰ নামকৰণ কৰা হৈছে। পুৰণি নাগপুৰ চহৰখনক বৰ্তমান ‘মহল’ বুলি কোৱা হয়। এয়া নাগ নদীৰ উত্তৰ পাৰত অৱস্থিত। বহু ভাৰতীয় ভাষাত পুৰ মানে হ'ল "নগৰ।" [10]
ইতিহাস
[সম্পাদনা কৰক]নাগপুৰৰ পূৰ্বৰ নামসমূহৰ ভিতৰত এটা হ'ল "ফণীন্দ্ৰপুৰা।" [11] এই "ফণীন্দ্ৰপুৰা" মাৰাঠী শব্দ ফণা অৰ্থাৎ ফণাযুক্ত ফেঁটী সাপৰপৰাই উৎপত্তি হৈছে। নাগপুৰৰ প্ৰথম কাকতখনৰ নাম আছিল 'ফণীন্দ্ৰমণি', যাৰ অৰ্থ হৈছে ফেঁটী সাপৰ মূৰৰ ওপৰত ওলমি থকা মণি।[12] এই মণিটোৱেই আন্ধাৰ পোহৰাই তোলে। সেয়েহে কাকতখনৰ নাম 'ফণীন্দ্ৰমণি'। বি আৰ আম্বেদকাৰে দাবী কৰিছিল যে ভাৰতৰ আৰ্য্যসকলৰ বিৰোধী ‘নাগ’সকল আৰু এই চহৰৰ মাজেৰে বৈ যোৱা 'নাগ' নদী এই দুয়োটাৰপৰাই চহৰখনৰ নাম 'নাগপুৰ' নামেৰে নামকৰণ কৰা হৈছে।[13] ব্ৰিটিছ শাসনৰ সময়ত এই চহৰখনৰ নাম আৰু উচ্চাৰণ "নাগপুৰ" কৰা হৈছিল।
ধৰ্ম
[সম্পাদনা কৰক]নাগপুৰ চহৰত ৬৯.৪৬% অনুগামীৰ সৈতে হিন্দু ধৰ্ম সংখ্যাগৰিষ্ঠ ধৰ্ম। বৌদ্ধ ধৰ্ম নাগপুৰ চহৰৰ দ্বিতীয় জনপ্ৰিয় ধৰ্ম আৰু ১৫.৫৭% লোকে ইয়াক অনুসৰণ কৰে। নাগপুৰ বৌদ্ধ স্থল দীক্ষাভূমিৰ বাবে জনাজাত। নাগপুৰ চহৰত ইছলাম ধৰ্ম ১১.৯৫%, খ্ৰীষ্টান ধৰ্ম ১.১৫%, জৈন ধৰ্ম ০.৯০% আৰু শিখ ধৰ্ম ০.৬৮%। প্ৰায় ০.১০% লোকে ‘অন্য ধৰ্ম’ আৰু প্ৰায় ০.২০% লোকে ‘কোনো বিশেষ ধৰ্ম নাই’ বুলি কয়।[14]
ধৰ্মীয় ঠাইসমূহ আৰু উৎসৱ
[সম্পাদনা কৰক]
ভৌগোলিক পৰিৱেশ
[সম্পাদনা কৰক]জনসংখ্যা
[সম্পাদনা কৰক]২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি নাগপুৰৰ জনসংখ্যা আছিল ২,০৫১,৩২০ জন।[10] ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা।
সাক্ষৰতাৰ হাৰ ৭৯%। পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৩% আৰু মহিলাৰ ৭৫%। ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ ৫৯.৫%তকৈ নাগপুৰত সাক্ষৰতাৰ হাৰ বেছি।
মহানগৰীৰ ১২% জনসংখ্যাৰ বয়স ৬ বছৰ বা তাতকৈ কম।
অৰ্থনীতি
[সম্পাদনা কৰক]নাগপুৰ এখন উদীয়মান মহানগৰ। ২০২৩-২৪ চনত নাগপুৰৰ জিডিপি প্ৰায় ২০২,৪৩৮ কোটি (২৪ বিলিয়ন মাৰ্কিন ডলাৰ) বুলি অনুমান কৰা হৈছিল। যাৰ ফলত নাগপুৰ সমগ্ৰ মধ্য ভাৰতৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক কেন্দ্ৰ হৈ পৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত নাগপুৰ জিলাৰ জনমূৰি জিডিপি ৩২২,৯২৭ (৩,৮০০ মাৰ্কিন ডলাৰ)আৰু এয়া মধ্য ভাৰতৰ ভিতৰতে সৰ্বাধিক। [15] ২০০৪ চনত বাৰ্ষিক আয় ১০ মিলিয়ন বা তাতকৈ অধিক হোৱা পৰিয়ালৰ সংখ্যাৰ হিচাপত নাগপুৰ চহৰক ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰ হিচাপে স্থান দিয়া হৈছিল।[16] প্ৰথম অৱস্থাৰপৰাই বিদৰ্ভ অঞ্চলৰ বাণিজ্যৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা নাগপুৰ ই এক গুৰুত্বপূৰ্ণ ব্যাৱসায়িক স্থান। যদিও, ৰাজ্য চৰকাৰৰ অৱহেলাৰ কিছুসময়ৰ বাবে বিদৰ্ভ মহাৰাষ্ট্ৰত একত্ৰিত হোৱাৰ পিছত মুম্বাই আৰু পুনেৰ তুলনাত নাগপুৰৰ অৰ্থনৈতিক গুৰুত্ব ক্ৰমান্বয়ে হ্ৰাস পাইছিল, পিছলৈ চহৰখনৰ অৰ্থনীতি পুনৰ উত্থান ঘটিছিল।[17]
১৯৫৬ চনৰ ১০ ছেপ্টেম্বৰত মুকলি কৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঞ্চলিক কাৰ্যালয় থকাৰ বাবে এই চহৰখন বেংকিং খণ্ডৰ বাবে গুৰুত্বপূৰ্ণ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নাগপুৰত দুটা শাখা আছে। ইয়াৰে এটাত সমগ্ৰ ভাৰতৰ সোণৰ সম্পত্তি আছে। [18] নাগপুৰৰ হৃদপিণ্ড হিচাপে পৰিচিত মধ্য নাগপুৰৰ সীতাবুলদী বজাৰখনেই হৈছে ব্যাৱসায়িক বজাৰৰ প্ৰধান অঞ্চল।[19] যুগ যুগ ধৰি নাগপুৰ দেশৰ কমলা বাগিছাৰ বাবে বিখ্যাত, সেয়েহে ইয়াৰ নাম "কমলা চহৰ।" কমলাৰ খেতিৰ সম্প্ৰসাৰণ ঘটিছে আৰু ই দেশৰ ভিতৰতে কমলাৰ সৰ্ববৃহৎ বজাৰ। [20] কমলা দেশৰ বিভিন্ন অঞ্চলৰ লগতে অন্যান্য দেশলৈও ৰপ্তানি কৰা হয়। নাগপুৰ কপাহ আৰু ৰেচমৰ বাবেও বিখ্যাত।
প্ৰশাসন
[সম্পাদনা কৰক]সংস্কৃতি
[সম্পাদনা কৰক]সাংস্কৃতিক অনুষ্ঠান আৰু সাহিত্য
[সম্পাদনা কৰক]এই চহৰখনত ভাৰতৰ অন্যান্য ৰাজ্যৰ লোকৰ লগতে বিশ্বৰ প্ৰধান ধৰ্মৰ লোকো থাকে, আৰু তথাপি ভাৰতৰ সাম্প্ৰদায়িক সংঘাতৰ সময়ত শান্ত হৈ থকাৰ বাবে এই চহৰখন পৰিচিত। নাগপুৰত গোটেই বছৰটোতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। নাগপুৰৰ সাংস্কৃতিক আৰু সাহিত্য সন্মিলনসমূহৰ ভিতৰত বিদৰ্ভ সাহিত্য সংঘ (মাৰাঠীৰ বিকাশৰ বাবে), বিদৰ্ভা ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি (হিন্দী প্ৰচাৰ আৰু প্ৰসাৰ) আৰু বিদৰ্ভ হিন্দী সাহিত্য সন্মিলন (হিন্দী প্ৰচাৰৰ বাবে) আদি অন্তৰ্ভুক্ত। মাৰাঠী সাহিত্য সন্মিলন, মাৰাঠী সাহিত্য সন্মিলন দুবাৰকৈ নাগপুৰ চহৰত অনুষ্ঠিত হয়।
পৰ্য্যটন
[সম্পাদনা কৰক]আম্বাজাৰী হ্ৰদ
[সম্পাদনা কৰক]চহৰৰ পশ্চিম অংশত অৱস্থিত এই হ্ৰদৰ আয়তন ১৫.৪ বৰ্গ কিলোমিটাৰ। ধুনীয়া বাগিছাৰে আগুৰি থকা এই হ্ৰদটোত নাও চলোৱাৰ সুবিধা আছে। ফোয়াৰাবোৰে ইয়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। বিলখনৰ কাষতে নাগপুৰৰ অন্যতম ধুনীয়া দৰ্শনীয় স্থান বুলি গণ্য কৰা এখন ধুনীয়া বাগিছা।
বালাজী মন্দিৰ
[সম্পাদনা কৰক]চেমিনাৰী পাহাৰৰ মনোৰম পৰিৱেশত অৱস্থিত ভগৱান ভেংকটেশ বালাজীৰ এই মন্দিৰ। উত্তৰ আৰু দক্ষিণ ভাৰতৰ হাজাৰ হাজাৰ ভক্তই মন্দিৰটোলৈ গৈ ইয়াৰ মন্ত্ৰমুগ্ধ স্থাপত্যৰ সাক্ষী হৈ আধ্যাত্মিক পৰিৱেশ অনুভৱ কৰে। মন্দিৰ কমপ্লেক্সত দেৱতা সৈন্যৰ সেনাপতি হিচাপে পৰিচিত ভগৱান কাৰ্তিকৰ মূৰ্তিও আছে।
পোদ্দাৰেশ্বৰ ৰাম মন্দিৰ
[সম্পাদনা কৰক]এই মন্দিৰটো ১৯২৩ চনত ৰাজস্থানৰ পোদ্দাৰ পৰিয়ালৰ শ্ৰী যমুনাধৰ পোদ্দাৰে নিৰ্মাণ কৰিছিল। এই মন্দিৰত ভগৱান ৰাম আৰু ভগৱান শিৱৰ মূৰ্তি আছে। বগা মাৰ্বল আৰু ৰঙা বেলেগ বেলেগ শিলেৰে নিৰ্মিত এই মন্দিৰত সুন্দৰ খোদিত শিল্পকৰ্ম আছে। ৰাম নৱমীৰদিনা অনুষ্ঠিত হোৱা ৰাম জন্মোৎসৱৰ শোভাযাত্ৰাৰ সময়ত ইয়াত বৃহৎসংখ্যক ভক্তৰ সমাগম হয়।
গোৰেৱাড়া চিৰিয়াখানা আৰু জংঘল ছাফাৰী
[সম্পাদনা কৰক]এই জংঘল ছাফাৰী নাগপুৰৰ উত্তৰ দিশত অৱস্থিত।
বাঘৰ সংৰক্ষিত অঞ্চল
[সম্পাদনা কৰক]নাগপুৰক বহুতো বাঘৰ সংৰক্ষিত অঞ্চলেৰে আগুৰি আছে। ইয়াক ভাৰতৰ বাঘৰ ৰাজধানী বুলি কোৱা হয়। [21] নাগপুৰ চহৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ দৰে বাঘ সংৰক্ষিত বনাঞ্চল নাগপুৰ জবালপুৰ পথৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব পাৰি। চহৰৰ দক্ষিণে অৱস্থিত টাডোবা ৰাষ্ট্ৰীয় উদ্যান চহৰৰ পৰা প্ৰায় ১৪১ কিলোমিটাৰ দূৰত। উমৰেদ কাৰহাণ্ডলা বন্যপ্ৰাণী অভয়াৰণ্য, বৰ বন্যপ্ৰাণী অভয়াৰণ্য, নৱেগাঁও ৰাষ্ট্ৰীয় উদ্যান, মেলঘাট বাঘ সংৰক্ষিত বনাঞ্চল আৰু কানহা বাঘ সংৰক্ষিত অন্যান্য বাঘ সংৰক্ষিত বনাঞ্চল যিবোৰ মহানগৰীৰ পৰা ২০০ কিলোমিটাৰ ব্যাসাৰ্ধত অৱস্থিত। চেমিনাৰী হিলছ আৰু গোৰেৱাড়াত নিজাকৈ সংৰক্ষিত বনাঞ্চল আছে। [22][23][24]

স্বামী নাৰায়ণ মন্দিৰ
[সম্পাদনা কৰক]এই মন্দিৰ নাগপুৰ চহৰৰ পূব দিশত অৱস্থিত ভগৱান স্বামী নাৰায়ণৰ মন্দিৰ। এই মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে।
দীক্ষাভূমি
[সম্পাদনা কৰক]পশ্চিম নাগপুৰৰ ৰামদাস পীঠৰ সমীপত অৱস্থিত দীক্ষাভূমি। ভাৰত ৰত্ন ড° বাবাছাহেব আম্বেদকাৰে ১৯৫৬ চনত তেওঁৰ লাখ লাখ অনুগামীৰ সন্মুখত এই স্থানতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। প্ৰতি বছৰে লাখ লাখ বৌদ্ধ অনুগামী এই স্থানলৈ আহে, যাৰ ফলত ই এক তীৰ্থস্থান হিচাপে পৰিগণিত হয়। ইয়াত এটা স্মৃতিসৌধও নিৰ্মাণ কৰা হয়। ইয়াত সাঁচি স্তুপৰ দৰে এক বৃহৎ অট্টালিকা নিৰ্মাণ কৰা হৈছে, যাৰ ব্যয় হৈছে ৬ কোটি টকা। এই ভৱনৰ প্ৰতিটো অংশত এটা সময়ত ৫,০০০ সন্ন্যাসী থাকিব পাৰে।
আদাছা
[সম্পাদনা কৰক]অদাছা হৈছে নাগপুৰৰ এখন সৰু গাঁও। ইয়াত বহুতো প্ৰাচীন আৰু ঐতিহাসিক মন্দিৰ দেখা যায়। ইয়াৰ গণপতি মন্দিৰত এটা শিলৰ টুকুৰাৰপৰা খোদিত ভগৱান গণেশৰ প্ৰতিমূৰ্তি আছে। আদাসৰ সমীপতে ভগৱান শিৱক উৎসৰ্গিত পাহাৰৰ শিখৰত থকা এটা মন্দিৰত তিনিটা লিংগ আছে। এই মন্দিৰৰ লিংগবোৰ নিজে নিজে মাটিৰপৰা ওলাই আহিছিল বুলি বিশ্বাস কৰা হয়।
ৰামটেক
[সম্পাদনা কৰক]নাগপুৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰামটেকৰ তীৰ্থস্থান। এই ঠাইখনৰ নাম ৰামটেক কাৰণ ইয়াতেই ভগৱান ৰাম আৰু তেওঁৰ পত্নী সীতাৰ পবিত্ৰ চৰণে স্পৰ্শ কৰিছিল। প্ৰায় ৬০০ বছৰ পুৰণি বুলি বিশ্বাস কৰা ভগৱান ৰামক উৎসৰ্গিত এটা মন্দিৰ পাহাৰৰ শিখৰত থিয় হৈ আছে। ইয়াত ৰাম নৱমীৰ উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়। সংস্কৃত কবি কালিদাসৰ মেঘদূতমত এই স্থানক ৰামগিৰি বুলি উল্লেখ কৰা হৈছে। এই ঠাইতে তেওঁ মেঘদুতম ৰচনা কৰিছিল। কালিদাসৰ প্ৰতি উৎসৰ্গিত এটা স্মৃতিসৌধও পাহাৰৰ ওপৰত থিয় হৈ আছে। ৰামটেক পাহাৰৰ উত্তৰ দিশত অৱস্থিত লোয়াৰ কাৰ্পুৰ বাওলি প্ৰায় ১২০০ বছৰ পুৰণি এটা জৰাজীৰ্ণ মন্দিৰ। ৰামটেকৰ পূবে খিন্দছি নামৰ এটা বৃহৎ পুখুৰীও অৱস্থিত। ৰামটেকত অতি সুন্দৰ জৈন মন্দিৰ আছে।
মানছাৰ প্ৰত্নতাত্ত্বিক স্থান
[সম্পাদনা কৰক]ইয়াত প্ৰাচীন বাকটক সাম্ৰাজ্যৰ স্থান প্ৰৱৰাপুৰাৰ অৱশিষ্ট আছে। ইয়াতো এটা প্ৰাচীন শিৱলিংগ পোৱা যায়!
খেকৰানালা
[সম্পাদনা কৰক]নাগপুৰৰ পৰা ৫৫ কিলোমিটাৰ নিলগত খেকৰানালাত এটা সুন্দৰ মথাউৰি আছে। কিছুমান জিৰণি লোৱা মুহূৰ্ত কটাবলৈ মানুহে ভিৰ কৰে চিত্ৰময় আৰু নিশ্চিন্ত পৰিৱেশটোলৈ। খেকৰানালাৰ সুস্থ আৰু সেউজীয়া পৰিবেশকো পিকনিকৰ বাবে আদৰ্শ বুলি গণ্য কৰা হয়।
মাৰ্কদ
[সম্পাদনা কৰক]ৱাইংগাংগা নদীৰ বাওঁপাৰত অৱস্থিত মাৰ্কাড এখন জনপ্ৰিয় ধৰ্মীয় স্থান। সন্ত মাৰ্কাণ্ডেয়াৰ নামেৰে এই ঠাইখনৰ নামকৰণ কৰা হৈছে। ইয়াত প্ৰায় ২৪টা মন্দিৰ আছে। বিশ্বাস কৰা হয় যে মাৰ্কাণ্ডেয়ই ইয়াত শিৱলিংগক পূজা কৰিছিল। ইয়াৰ মন্দিৰসমূহৰ স্থাপত্য খাজুৰাহোৰ স্থাপত্যৰ সৈতে মিল আছে।
নগৰধন
[সম্পাদনা কৰক]নগৰধন এখন গুৰুত্বপূৰ্ণ প্ৰাগঐতিহাসিক চহৰ। ইয়াক প্ৰাচীন নন্দীবৰ্ধন বুলি কোৱা হয়! শৈল ৰাজ্যৰ ৰজা নন্দবৰ্ধনক এই নগৰৰ আদি প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়। নগৰধনত ভনছলেসকলে স্থাপন কৰা এটা দুৰ্গ আছে, ইয়াৰ দেৱাল ইটাৰ। ইয়াত বন্যপ্ৰাণী অভয়াৰণ্যও আছে, য’ত বন্যপ্ৰাণীক মুক্তভাৱে ঘূৰি ফুৰা দেখা যায়। সাম্বৰ, হৰিণ, আৰু বহুতো জীৱ-জন্তুৰ লগতে গৌৰ এক প্ৰধান আকৰ্ষণ।
নৱেগাঁও বান্ধ
[সম্পাদনা কৰক]নৱেগাঁও বান্ধক বিদৰ্ভৰ অন্যতম জনপ্ৰিয় বন ৰিজৰ্ট হিচাপে গণ্য কৰা হয়। ইয়াত অসংখ্য দুঃসাহসিক ক্ৰীড়াৰ সুযোগ আছে। ১৮ শতিকাৰ আৰম্ভণিতে কোলু পেটেল কোহলিয়ে এই বান্ধটো নিৰ্মাণ কৰিছিল। পাহাৰৰ মাজত বহি আছে এটা ধুনীয়া বিল। নৱেগাঁও মথাউৰিৰ প্ৰহৰী টাৱাৰৰ পৰা বন্যপ্ৰাণী পৰ্যবেক্ষণ কৰিব পাৰি। ইয়াত এখন হৰিণ উদ্যানো আছে।
সেৱাগ্ৰাম
[সম্পাদনা কৰক]মহাত্মা গান্ধীয়ে ১৯৩৩ চনত সেৱাগ্ৰাম আশ্ৰম প্ৰতিষ্ঠা কৰে।তেওঁ জীৱনৰ ১৫ বছৰ ইয়াতেই কটায়। কোৱা হয় যে এই স্থানত মহাত্মা গান্ধীয়ে বিভিন্ন সমাজ সেৱাৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। এই কাৰণেই ইয়াক সেৱাগ্ৰাম বুলি কোৱা হয়। ইয়াৰ পৰ্যটক লজখনে থকাৰ ব্যৱস্থা কৰে।
সীতাবুলদী দুৰ্গ
[সম্পাদনা কৰক]এই দুৰ্গ দুটা পাহাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ১৮৫৭ চনত এজন ব্ৰিটিছ বিষয়াই নিৰ্মাণ কৰা এইখন নাগপুৰলৈ অহা পৰ্যটকৰ বাবে তেতিয়াৰ পৰাই আকৰ্ষণ হৈ আহিছে।
শিক্ষা
[সম্পাদনা কৰক]নাগপুৰ মধ্য ভাৰতৰ এক প্ৰধান শিক্ষা কেন্দ্ৰ।[25]
দুইপ্ৰকাৰৰ বিদ্যালয়ৰ শিক্ষানুষ্ঠান নাগপুৰত দেখা যায়। এন এম চি (চৰকাৰ) পৰিচালনা বিদ্যালয় আৰু ট্ৰাষ্টৰদ্বাৰা পৰিচালিত ব্যক্তিগত বিদ্যালয়। এই বিদ্যালয়সমূহে ১০+২+৩/৪ পৰিকল্পনা অনুসৰণ কৰে। ১৫ বছৰ স্কুলীয়া শিক্ষাৰ পাছত প্ৰথম ডিগ্ৰী দিয়া হয়। প্ৰথম দহ বছৰ চাৰিবছৰীয়া প্ৰাথমিক পৰ্যায়, তিনি বছৰ উচ্চ প্ৰাথমিক পৰ্যায় আৰু তিনি বছৰ হাইস্কুল পৰ্যায়ৰ বিদ্যালয়ৰ শিক্ষা-ব্যৱস্থা আৰু দশম শ্ৰেণীৰ শেষত ৰাজহুৱা পৰীক্ষা আৰু দ্বাদশ শ্ৰেণী ক্ৰমে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ব’ৰ্ড পৰীক্ষা ব্যৱস্থা আছে।[26] ইয়াৰ পিছত হয় নিৰ্বাচিত অধ্যয়ন ক্ষেত্ৰৰ সাধাৰণ ডিগ্ৰী পাঠ্যক্ৰম নতুবা পেছাদাৰী ডিগ্ৰী পাঠ্যক্ৰম, যেনে আইন, অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞান। এই বিদ্যালয়সমূহ তলত উল্লেখ কৰা যিকোনো এটা ব’ৰ্ডৰদ্বাৰা পৰিচালিত হয়: মহাৰাষ্ট্ৰ ৰাজ্যিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা ব’ৰ্ড, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE), ভাৰতীয় মাধ্যমিক শিক্ষাৰ প্ৰমাণ-পত্ৰ (ICSE), আন্তঃৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষাৰ সাধাৰণ প্ৰমাণ-পত্ৰ (IGCSE) আৰু আন্তঃৰাষ্ট্ৰীয় স্নাতক (IB)। নাগপুৰৰ পেছাদাৰী স্নাতক মহাবিদ্যালয়ত MHT-CET, JEE (Main), CAT, CLAT, GATE, CMAT, GMAT, GPAT আৰু NEET ৰ জৰিয়তে নামভৰ্তি কৰা হয়।
নাগপুৰত পাঁচখন ৰাজ্যিক বিশ্ববিদ্যালয় আছে: ৰাষ্ট্ৰসন্ত টুকাডোজী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয় (১৯২৩ চনত নাগপুৰ বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা হোৱা, দেশৰ ভিতৰতে অন্যতম পুৰণি [27] ইয়াত ৪০০খনতকৈও অধিক সংযুক্ত মহাবিদ্যালয় আছে), মহাৰাষ্ট্ৰ পশু আৰু মীন বিজ্ঞান বিশ্ববিদ্যালয়, কবিকুলাগুৰু কালিদাস সংস্কৃত বিশ্ববিদ্যালয়, মহাৰাষ্ট্ৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় & লক্ষ্মীনাৰায়ণ ইনোভেচন টেকন'লজিকেল ইউনিভাৰ্চিটি আৰু এখন ব্যক্তিগত বিশ্ববিদ্যালয়, ৰামদেওবাবা ইউনিভাৰ্চিটি (আৰ বি ইউ)।[28]চিম্বায়’ছিছ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰো এই চহৰখনত ইয়াৰ কেম্পাছ আছে। [29][30][31]
খেল-ধেমালি
[সম্পাদনা কৰক]বিদৰ্ভ ক্ৰিকেট সন্থাৰ উপস্থিতিৰ বাবে নাগপুৰ বিদৰ্ভৰ ক্ৰিকেটৰ এক বৃহৎ কেন্দ্ৰ। মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ ক্ৰিকেট কাৰ্যকলাপৰ শাসকীয় সংস্থা হৈছে বিদৰ্ভ ক্ৰিকেট সন্থা। এই সন্থা ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সৈতে জড়িত। নাগপুৰ ভাৰতৰ কেইখনমান চহৰৰ ভিতৰত অন্যতম য'ত এটাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম আছে। পুৰণিখন চিভিল লাইনত অৱস্থিত বিদৰ্ভ ক্ৰিকেট এছ'চিয়েচন খেলপথাৰ আৰু নতুনখন ২০০৮ চনত উদ্বোধন হোৱা বিদৰ্ভ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম চহৰৰ বাহিৰৰ ৱৰ্ধা ৰোডৰ জামথাত অৱস্থিত। [32][33] ৱৰ্ধা পথত ৪৫ হাজাৰ লোক বহিব পৰাকৈ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামটো ৭৫ কোটি টকাৰে (৮.৯ মিলিয়ন মাৰ্কিন ডলাৰ) ব্যয় কৰি নিৰ্মাণ কৰা হৈছে। দেশৰ পোন্ধৰটা পৰীক্ষামূলক ক্ৰিকেট স্থানৰ ভিতৰত এই ষ্টেডিয়ামটোও অন্যতম। [34] বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যন খেলপথাৰত ১৯৮৭ চনৰ ৰিলায়েন্স বিশ্বকাপ আৰু ১৯৯৬ চনত উইলছ বিশ্বকাপ অনুষ্ঠিত হৈছিল। বিদৰ্ভ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেট আৰু ২০১৬ চনৰ আইচিচি বিশ্ব টি-২০ অনুষ্ঠিত হয়। [35]
উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]শিক্ষাৰ ক্ষেত্ৰত
[সম্পাদনা কৰক]- সুৰেন্দ্ৰ শ্বেওদাছ বাৰ্লিংগে(১৯১৯–১৯৯৭), যুক্তিবাদী আৰু মাৰাঠী লেখক * বিদ্যাধৰ জোহৰাপুৰকাৰ, সংস্কৃতবিদ, সামাজিক নৃতত্ত্ববিদ আৰু বুৰঞ্জীবিদ।
- ডি. ৰাঘৱৰাও (১৯৩৮–২০১৩), ভাৰতীয় পৰিসংখ্যাবিদ, পৰীক্ষাৰ ডিজাইনৰ অৱদানৰ বাবে পৰিচিত।
- শৰদচন্দ্ৰ শংকৰ শ্ৰীখণ্ডে (১৯১৭–২০২০), গণিতজ্ঞ
সমাজকৰ্মী, নাগৰিক অধিকাৰ, আৰু দানশীলতাৰ ক্ষেত্ৰত
[সম্পাদনা কৰক]- মৰেশ্বৰ বাসুদেও অভ্যংকৰ (১৮৮৬– ১৯৩৫), অধিবক্তা আৰু স্বাধীনতা সংগ্ৰামী।
- নিৰ্মালা দেশপাণ্ডে (১৯২৯–২০০৮), সমাজ কৰ্মী
- ৰাম ইংগোলে, সমাজ কৰ্মী শংকৰ মহালে (১৯২৫–১৯৪৩), যুৱ বিপ্লৱী
- আৰ. কে পাটিল (১৯০৭– ২০০৭), গান্ধীবাদী আৰু স্বাধীনতা সংগ্ৰামী
- ৰাম পুনিয়ানি,সাম্প্ৰদায়িক সমন্বয়বাদী।
- বৰুণ শ্ৰীবাস্তৱ, সমাজ কৰ্মী
ব্যৱসায়
[সম্পাদনা কৰক]- যমুনালাল বাজাজ (১৮৮৯–১৯৪২),বাজাজ গোটৰ প্ৰতিষ্থাপক।
- দীনেশ কেস্কৰ, বয়িং এছিয়াৰ সভাপতি আৰু বয়িং ইণ্টাৰনেশ্যনেলৰ উপ-সভাপতি।
- বিক্ৰম পণ্ডিত, চিটিগ্ৰুপৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া।
- সুব্ৰমণিয়াম ৰামাদৰাই,টাটা কনচালটেন্সি চাৰ্ভিচেছৰ ভাইচ-চেয়াৰমেন।
পৰিবহন
[সম্পাদনা কৰক]আকাশী পৰিবহন বা বিমান পৰিবহন
[সম্পাদনা কৰক]নাগপুৰৰ ডাঃ বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ভাৰতৰ আটাইতকৈ ব্যস্ত বিমান পৰিবহণ নিয়ন্ত্ৰণ কক্ষ।
ড° বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, যাক সোণেগাঁও বিমানবন্দৰ বুলিও কোৱা হয় আৰু এই বিমানবন্দৰ চহৰৰ মাজমজিয়াৰ পৰা ৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত নিকটতম বিমানবন্দৰ। এই ঘৰুৱা বিমানবন্দৰটোৱে দেশৰ বহু চহৰলৈ বিমান সেৱা চলায়।
ৰেল পথ
[সম্পাদনা কৰক]
নাগপুৰ জংচন ৰেলৱে ষ্টেচন ৰাজ্যৰ এটা প্ৰধান ৰেল জংচন। মুম্বাই, দিল্লী, কলকাতা, চেন্নাই, কলহাপুৰ, পুনে, আহমেদাবাদ, হায়দৰাবাদ, বাৰাণসী, গোৰখপুৰ, ভুৱনেশ্বৰ, ত্ৰিবেন্দ্ৰম, কোচিন, বেংগালুৰু, মাংগালোৰ, পাটনা, ইন্দোৰ, আৰু সীতামৰ্হি আদি চহৰৰ পৰা পোনপটীয়াকৈ ৰে’ল চলাচল কৰে। ই কেন্দ্ৰীয় ৰেলৱেৰ এটা বৃহৎ আৰু ব্যস্ত বিভাগ।
পথ পৰিবহন
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় ঘাইপথ ৪৪, ৰাষ্ট্ৰীয় ঘাইপথ ৪৭, আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৫৩ য়ে নাগপুৰক দেশৰ প্ৰধান চহৰৰ সৈতে সংযোগ কৰে। মুম্বাই, সম্বলপুৰ, কলকাতা, বাৰাণসী, কন্যাকুমাৰী আদি চহৰলৈ পথেৰে যাব পাৰি। নাগপুৰতো চহৰৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ মানুহ পৰিবহণ কৰা চিটি বাছ সেৱাও আছে।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Maharashtra Population Sex Ratio in Maharashtra Literacy rate data". Census2011.co.in. http://www.census2011.co.in/census/state/maharashtra.html। আহৰণ কৰা হৈছে: 25 November 2016.
- ↑ "Nagpur as the heart of India". The Times of India. 7 March 2013. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/nagpur/nagpur-as-the-heart-of-india/articleshow/18854653.cms.
- ↑ "Nagpur" (en ভাষাত). Maharashtra Bhraman. https://www.mtdc.co.in/nagpur/। আহৰণ কৰা হৈছে: 17 April 2024.
- ↑ Gupta, Surojit (6 December 2018). "17 of 20 fastest-growing cities in the world will be from India". The Times of India. https://timesofindia.indiatimes.com/india/17-of-20-fastest-growing-cities-in-the-world-will-be-from-india/articleshow/66978406.cms। আহৰণ কৰা হৈছে: 25 April 2019.
- ↑ Gupta, Surojit (6 December 2018). "17 of 20 fastest-growing cities in the world will be from India". The Times of India. https://timesofindia.indiatimes.com/india/17-of-20-fastest-growing-cities-in-the-world-will-be-from-india/articleshow/66978406.cms। আহৰণ কৰা হৈছে: 25 April 2019.
- ↑ Jeelani, Mehboob. "Centre unveils list of 98 smart cities; UP, TN strike it rich" (en ভাষাত). The Hindu. http://www.thehindu.com/news/national/centre-releases-list-of-98-cities-for-smart-city-project/article7586751.ece.
- ↑ Anparthi, Anjaya (9 February 2019). "City maintains first rank among 100 Smart Cities". The Times of India. https://timesofindia.indiatimes.com/city/nagpur/city-maintains-first-rank-among-100-smart-cities/articleshow/67916110.cms। আহৰণ কৰা হৈছে: 25 April 2019.
- ↑ Sharma, Nidhi (25 June 2019). "In 4th year, mission Smart Cities sees big gains". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/in-4th-year-mission-smart-cities-sees-big-gains/articleshow/69935983.cms.
- ↑ "District Nagpur, Government of Maharashtra | Nagpur has Zero mile stone of India | India" (en-US ভাষাত). https://nagpur.gov.in/। আহৰণ কৰা হৈছে: 1 March 2025.
- ↑ "Management of Social Transformations (MOST) Programme – United Nations Educational, Scientific and Cultural Organization". UNESCO. http://www.unesco.org/most/p2vidal.htm। আহৰণ কৰা হৈছে: 25 November 2016.
- ↑ "LIT | Nagpur". litu.edu.in. https://litu.edu.in/about-city। আহৰণ কৰা হৈছে: 1 March 2025.
- ↑ "Andhare shines a light on Nagpur's history". The Times of India. 28 February 2015. https://timesofindia.indiatimes.com/city/nagpur/Andhare-shines-a-light-on-Nagpurs-history/articleshow/46401555.cms.
- ↑ "Why Was Nagpur Chosen? by Dr. B. R. Ambedkar". Columbia.edu. http://www.columbia.edu/itc/mealac/pritchett/00ambedkar/txt_ambedkar_conversion.html। আহৰণ কৰা হৈছে: 27 July 2015.
- ↑ 14.0 14.1 "Table C-16 Population By Religion: Maharashtra". Registrar General and Census Commissioner of Indiacensus.gov.in. 2011. https://censusindia.gov.in/nada/index.php/catalog/11382/download/14495/DDW27C-01%20MDDS.XLS.
- ↑ "Economic Survey of Maharashtra 2024-24". cdnbbsr.s3waas.gov.in. 7 March 2025. https://cdnbbsr.s3waas.gov.in/s349d4b2faeb4b7b9e745775793141e2b2/uploads/2025/01/2025030788773769.pdf। আহৰণ কৰা হৈছে: 9 March 2025.
- ↑ "Economic Survey of Maharashtra 2024-24". cdnbbsr.s3waas.gov.in. 7 March 2025. https://cdnbbsr.s3waas.gov.in/s349d4b2faeb4b7b9e745775793141e2b2/uploads/2025/01/2025030788773769.pdf। আহৰণ কৰা হৈছে: 9 March 2025.
- ↑ "Economic Overview of Nagpur". travelspedia.com. 31 December 2007. Archived from the original on 19 October 2015. https://web.archive.org/web/20151019080849/http://travelspedia.com/news/South-Asia/India/Maharashtra/Nagpur/Economic-Overview-Of-Nagpur.html.
- ↑ "Reserve Bank of India". Rbi.org.in. http://www.rbi.org.in/regionalbranch/nagpur/profile.aspx। আহৰণ কৰা হৈছে: 4 April 2013.
- ↑ "Doing business in Nagpur – Major cities in India". http://www.amritt.com/india-business-guide/doing-business-in-nagpur/। আহৰণ কৰা হৈছে: 25 November 2016.
- ↑ "Nagpur – Orange City". Whitelight.in. Archived from the original on 11 May 2017. https://web.archive.org/web/20170511053719/http://whitelight.in/dci-india/nagpur.pdf। আহৰণ কৰা হৈছে: 25 February 2017.
- ↑ Mendulkar, Shruti (29 July 2017). "Here's Why We Call Nagpur- The Tiger Capital Of India!". Reacho. Archived from the original on 21 April 2019. https://web.archive.org/web/20190421154910/https://reacho.in/nagpur/local/nagpur-tiger-capital-of-india। আহৰণ কৰা হৈছে: 25 April 2019.
- ↑ June 2015, Times News Network (30 June 2015). "No boundary wall to protect Seminary Hills". https://timesofindia.indiatimes.com/city/nagpur/No-boundary-wall-to-protect-Seminary-Hills-reserve-forest-in-Nagpur/articleshow/47871779.cms.
- ↑ Pinjarkar, Vijay (31 December 2018). "Over 3,000-year-old dagger, bangles found in Gorewada". The Times of India. https://timesofindia.indiatimes.com/city/nagpur/over-3000-year-old-dagger-bangles-found-in-gorewada/articleshow/67315259.cms। আহৰণ কৰা হৈছে: 25 April 2019.
- ↑ Pinjarkar, Vijay (30 January 2019). "Archaeology theme park to come up in Gorewada". The Times of India. https://timesofindia.indiatimes.com/city/nagpur/archaeology-theme-park-to-come-up-in-gorewada/articleshow/67745591.cms। আহৰণ কৰা হৈছে: 25 April 2019.
- ↑ Lokmat News Network (3 April 2019). "नागपूर बनले उच्च आणि टेक्निकल शिक्षणाचे हब". Lokmat. http://www.lokmat.com/nagpur/nagpur-became-hub-high-and-technical-education/। আহৰণ কৰা হৈছে: 25 April 2019.
- ↑ "Welcome to MPSP". Mpsp.maharashtra.gov.in. Archived from the original on 14 October 2014. https://web.archive.org/web/20141014150338/https://mpsp.maharashtra.gov.in/SITE/Information/elementaryEducation.aspx?ID=1। আহৰণ কৰা হৈছে: 25 February 2017.
- ↑ "Nagpur University". Rajiv Gandhi College of Engineering, Research, and Technology website. Archived from the original on 7 September 2006. https://web.archive.org/web/20060907150954/http://www.rcert.ac.in/nag-uni.htm। আহৰণ কৰা হৈছে: 12 August 2006.
- ↑ "Ramdeobaba College of Engineering now becomes University". The Hitavada. 24 April 2024. https://www.thehitavada.com/Encyc/2024/4/24/Ramdeobaba-College-of-Engineering-now-becomes-University.html.
- ↑ Choudhari, Abhishek (29 July 2019). "Nagpur will be Cambridge of East: Symbiosys founder". The Times of India. https://timesofindia.indiatimes.com/city/nagpur/nagpur-will-be-cambridge-of-east-symbiosys-founder/articleshow/70424364.cms.
- ↑ Ganjapure, Vaibhav (22 April 2019). "Symbiosis opens its 2nd biggest campus in Ngp, to start classes from July". The Times of India. https://timesofindia.indiatimes.com/city/nagpur/symbiosis-opens-its-2nd-biggest-campus-in-ngp-to-start-classes-from-july/articleshow/68981839.cms.
- ↑ "Symbiosis International (Deemed University)". https://www.siu.edu.in/symbiosis-nagpur-campus.php.
- ↑ "Nagpur's new stadium ready to debut". Rediff. 4 November 2008. http://search.rediff.com/cricket/2008/nov/04nagpur.htm.
- ↑ "One day Internationals, Vidarbha Cricket Ground". National Rugby League of Australia. Archived from the original on 3 May 2006. https://web.archive.org/web/20060503155746/http://stats.rleague.com/odi/venues/66.html। আহৰণ কৰা হৈছে: 22 June 2006.
- ↑ "BCCI adds six additional Test venues". 9 November 2015. http://www.cricbuzz.com/cricket-news/75757/board-of-control-for-cricket-in-india-bcci-adds-six-new-test-venues। আহৰণ কৰা হৈছে: 25 November 2016.
- ↑ "ICC World T20 schedule announced (India, 2016)". 11 December 2015. http://www.icc-cricket.com/news/2015/media-releases/91068/icc-world-twenty20-india-2016-schedule-announced। আহৰণ কৰা হৈছে: 25 November 2016.