সমললৈ যাওক

নাগমণ্ডলম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাগমণ্ডলম
পৰিচালক টি এচ নাগভৰন
ৰচনা গিৰিশ কৰ্নাড
প্ৰযোজক শ্ৰীহৰি এল খোদায়
অভিনয়ত প্ৰকাশ ৰাজ
বিজয়লক্ষ্মী
মাণ্ডা ৰমেশ
বি জয়শ্ৰী
বনিতা বাসু
চিত্ৰগ্ৰহণকাৰী জি এচ ভাস্কৰ
সংগীত পৰিচালক চি অশ্বথ
মুক্তি
১৯৯৭ (1997)
দেশ ভাৰত
ভাষা কানাড়া

নাগমণ্ডল (ইংৰাজী: Nagamandala) ১৯৯৭ চনত নিৰ্মিত ভাৰতীয় কানাড়া ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ পৰিচালক টি. এচ নাগভৰণ। কাহিনী লিখিছে গিৰিশ কনাৰ্ডে। [1] শ্ৰীহৰি এল খোদেৰ দ্বাৰা প্ৰযোজিত আৰু চি অশ্বথৰ সংগীতেৰে নিৰ্মিত [2] এইখন ১৯৮৮ চনৰ কৰ্নাডৰ একে নামৰ নাটকৰ অভিযোজন, যিখন স্থানীয় লোককথা আৰু আচাৰ-অনুষ্ঠানৰ আধাৰত ৰচিত হৈছিল। [3] ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰকাশ ৰাজ আৰু বিজয়লক্ষ্মীয়ে। ছবিখনত এগৰাকী মহিলা আৰু বেপৰোৱা স্বামীৰ ৰূপত এটা সাপৰ মাজত সংঘটিত ৰোমান্টিকতাৰ কাহিনী চিত্ৰায়ণ কৰা হৈছে।

মুক্তিৰ পিছতে ছবিখনে ইয়াৰ বিষয়বস্তু আৰু চলচ্চিত্ৰীয় অভিযোজনৰ বাবে বহুতো সন্মানীয় বঁটা লাভ কৰে। চি অশ্বথে সুৰ দিয়া ১৫টা ট্ৰেকৰে গঠিত এই চাউণ্ডট্ৰেকটো লোকগীত আধাৰিত আছিল বাবে অতি জনপ্ৰিয় হৈ পৰে। ইয়াত কৰা অভিনয়ৰ বাবে বিজয়লক্ষ্মীয়ে কানাড়া ভাষা শিতানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰে। [4]

কৰ্নাডৰ নাটক “বিজয়দান দেথা”ক ১৯৭০ দশকৰ ৰাজস্থানী লোককথাৰ আধাৰত ৰচিত চুটিগল্প “দুৱিধা”ৰ সৈতে তুলনা কৰা হয়, যাৰ কাহিনীভাগ একেধৰণৰ আৰু এই ছবিখনৰ উৎস হিচাপেও উল্লেখ কৰা হৈছে। [5] দেথাৰ কাহিনীটোক ১৯৭৩ চনত একে নামৰ এখন ছবিলৈ অভিযোজিত কৰা হয় আৰু পিছলৈ ২০০৫ চনত “পহেলী” নামেৰে পুনৰ নিৰ্মাণ কৰা হয়। [6]

নাগমণ্ডলক ১৯৯৭ চনত ভাৰতৰ ২৮তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় পেনোৰামা শিতানৰ বাবে নিৰ্বাচিত কৰা হয়। [7]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]