সমললৈ যাওক

নাগমতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাগমতী
মেৱাৰৰ মহাৰাণী

An 18th-century painting of Padmini.
ৰাণী নাগমতী আৰু তেওঁৰ ভাটৌৰ কথোপকথন৷
দাম্পত্য সঙ্গী ৰতন সেন
ধৰ্ম হিন্দুধৰ্ম

কিংবদন্তি অনুসৰি নাগমতী আছিল মেদাপাটাৰ (বৰ্তমানৰ মেৱাৰ) ৰাজপুত শাসক ৰজা ৰতন সেনৰ (ৰত্নসিংহৰ সৈতে চিনাক্ত) প্ৰথম পত্নী আৰু মুখ্য ৰাণী৷[1][2] মালিক মহম্মদ জায়চীৰ মহাকাব্য পদ্মাৱতত নাগমতীৰ চৰিত্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

পদ্মাৱত

[সম্পাদনা কৰক]

১৫৪০ চনত মালিক মহম্মদ জয়চিয়ে লিখা মহাকাব্য পদ্মাৱতত[3] নাগমতী ৰজা ৰতন সেনৰ প্ৰথম পত্নী আৰু মুখ্য ৰাণী, হাৰেমৰ মুৰব্বী আছিল।[4] স্বামী চিত্তোৰৰ ঘৰলৈ উভতি অহালৈ তেওঁ আনন্দৰে অপেক্ষা কৰে, কিন্তু ৰজাই সিংহল ৰাজ্যৰ সুন্দৰী ৰাজকুমাৰী পদ্মাৱতীক দ্বিতীয় পত্নী হিচাপে লৈ অহাৰ কথা শুনি এই সুখ ঈৰ্ষা আৰু অৱজ্ঞালৈ পৰিণত হয়। ৰতন সেনে নাগমতীক আশ্বাস দিয়ে যে তেওঁৰ প্ৰথম পত্নী হিচাপে নাগমতী এতিয়াও তেওঁৰ বাবে আটাইতকৈ প্ৰিয়।[5]

নাগমতী আৰু পদ্মাৱতীৰ মাজত এক প্ৰকাৰৰ প্ৰতিদ্বন্দ্বিতা গঢ়ি উঠে, প্ৰত্যেকেই স্বামীৰ মনোযোগ আৰু মৰমৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে। প্ৰথম অৱস্থাত ৰতন সেনে তেওঁলোকৰ সৈতে পাল পাতি ৰাতি কটায় তেওঁলোকক শান্ত কৰে, কিন্তু তাৰ পিছত তেওঁলোকক ধমক দি শান্তি স্থাপন কৰে।[6] চিত্তোৰত উপস্থিত হোৱাৰ পিছত পদ্মাৱতীৰ সৌন্দৰ্য্যৰ খ্যাতি দিল্লীৰ চুলতান আলাউদ্দিন খিলজীৰ ওচৰ পায়গৈ। পদ্মাৱতীক তেওঁৰ হাতত গতাই দিয়াৰ দাবী নাকচ কৰা হয়, তাৰ পিছত তেওঁ চিত্তোৰ ঘেৰাও কৰে। আলাউদ্দিনে প্ৰতাৰণামূলক ভাবে ৰতন সেনক বন্দী কৰি পুনৰ দিল্লীলৈ লৈ যায়। পিছত ৰতন সেন তেওঁৰ দুই বিশ্বাসী যোদ্ধা - গোৰা আৰু বাদলৰ সৈতে পলাবলৈ সক্ষম হয়। অলপ পিছতে কুম্ভলগড়ৰ ৰজা দেওপালৰ বিৰুদ্ধে যুদ্ধত প্ৰতাৰণামূলকভাবে পৰাস্ত হৈ ৰতন সেন নিহত হয়। নাগমতী আৰু পদ্মাৱতী দুয়ো ৰতন সেনৰ মৃত্যুৰ পিছত দুৰ্গৰ আন মহিলাসকলৰ সৈতে জৌহাৰ (হিন্দুসকলৰ গণ আত্মদহনৰ প্ৰথা) কৰে, যাতে চিত্তোৰ দুৰ্গ সফলতাৰে জয় কৰা আলাউদ্দিন খিলজীৰ পৰা নিজৰ সন্মান ৰক্ষা কৰিব পাৰে।[7]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

জয়চিয়ে তেওঁৰ পদ্মাৱত কাব্যত "নাগমতী বিয়োগ খণ্ড"ত ৰাণী নাগমতীৰ বিচ্ছেদৰ যন্ত্ৰণাক আকৰ্ষণীয়ভাৱে চিত্ৰিত কৰিছে৷ এয়া হিন্দী সাহিত্যৰ উল্লেখযোগ্য সমল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Shobha, Savitri Chandra (1996) (en ভাষাত). Medieval India and Hindi bhakti poetry: a socio-cultural study. Har-Anand Publications. পৃষ্ঠা. 77. ISBN 9788124103678. https://books.google.com/books?id=ZN9zAAAAIAAJ&q=nagmati+chief+queen. 
  2. Sen, Sailendra Nath (1999). Ancient Indian history and civilization (Second সম্পাদনা). প্ৰকাশক New Delhi: New Age International. পৃষ্ঠা. 338. ISBN 9788122411980. 
  3. Metcalf, Barbara D. (2009). Islam in South Asia in Practice. প্ৰকাশক Princeton: Princeton University Press. পৃষ্ঠা. 63. ISBN 9781400831388. 
  4. Jackson 1996, পৃষ্ঠা. 428.
  5. Jackson 1996, পৃষ্ঠা. 430.
  6. Ramya Sreenivasan 2007, পৃষ্ঠা. 208.
  7. Jafri, compiled by Saiyid Zaheer Husain Jafri, Syed Hasan Muzzamil (2010). Essays on literature, history & society : selected works of Professor Syed Naqi Husain Jafri. প্ৰকাশক Delhi: Primus Books. পৃষ্ঠা. 49. ISBN 978-8190891851. 
  8. "Padmavati: The mystery of Ghoomar's unknown woman solved. This is who she is" (en ভাষাত). The Hindustan Times. 28 October 2017. http://www.hindustantimes.com/bollywood/padmavati-the-mystery-of-ghoomar-s-unknown-woman-solved-this-is-who-she-is/story-vUPjhb3fnUwuOPUaN7nKJP.html.