সমললৈ যাওক

নাগমা মালিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাগমা মালিক

মালিকৰ প্ৰতিকৃতি
পোলেণ্ডত ভাৰতৰ ৰাষ্ট্ৰদূত
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০২১
ব্যক্তিগত তথ্য
শিক্ষানুষ্ঠান চেণ্ট. ষ্টিফেন কলেজ
দিল্লী স্কুল অৱ ইকনমিক্স

নাগমা মালিক (ইংৰাজী: : Nagma Mallick ; জন্ম: ২২ এপ্ৰিল ১৯৬৭ [1])) ভাৰতীয় বিদেশ সেৱাৰ এগৰাকী ভাৰতীয় চৰকাৰী কৰ্মচাৰী। বৰ্তমান ভাৰত চৰকাৰৰ সম্পাদিকা/প্ৰথম শ্ৰেণীৰ পদবীত কাৰ্য্য নিৰ্বাহ কৰি আছে। বৰ্তমান ২০২১ চনৰ পৰা তেওঁ পোলেণ্ড ৰিপাব্লিক আৰু লিথুৱেনিয়া ৰিপাব্লিকত ভাৰতৰ ৰাষ্ট্ৰদূত হৈ আছে। [2] ২০১৫ চনৰ ২৯ জুনত তেওঁক ব্ৰুনাই দাৰুছালামৰ ভাৰতৰ উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল। [3][4] এই পোষ্টিঙৰ পূৰ্বে তেওঁ ২০১২ চনৰ অক্টোবৰৰ পৰা ২০১৫ চনৰ নৱেম্বৰলৈকে টিউনিছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নাগমা নতুন দিল্লীত কাছাৰাগোডৰ কেৰালীত পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰে। তেখেতে ছেইণ্ট ষ্টিফেনছ কলেজ আৰু দিল্লী স্কুল অৱ ইকনমিক্সত শিক্ষা গ্ৰহণ কৰিছিল। ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী আৰু সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

১৯৯১ চনত কেৰিয়াৰ কূটনীতিবিদ হিচাপে ভাৰতীয় বিদেশ সেৱাত যোগদান কৰে। নাগমা ভাৰতীয় বিদেশ সেৱাৰ প্ৰথমগৰাকী মুছলমান মহিলা। তেওঁৰ প্ৰথম পোষ্টিং আছিল পেৰিছত য’ত তেওঁ ইউনেস্ক’ৰ ভাৰতীয় মিছনত সেৱা আগবঢ়াইছিল। ইয়াৰ পিছত নতুন দিল্লীত পশ্চিম ইউৰোপৰ ডেস্ককে ধৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আই.কে. গুজৰাল আছিল। ইয়াৰ পিছত তেওঁ প্ৰথম মহিলা উপ-মুখ্য প্ৰট’কল (আনুষ্ঠান) হিচাপে কাৰ্যনিৰ্বাহ কৰে।

ইয়াৰ পিছত কাঠমাণ্ডুত থকা ভাৰতৰ দূতাবাসত বাণিজ্যিক শাখাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল য’ত তেওঁ ভাৰত-নেপাল বাণিজ্য চুক্তিৰ পুনৰীক্ষণৰ নেতৃত্ব দিয়া আলোচনাৰ সৈতে জড়িত আছিল। ইয়াৰ পিছত তেওঁ কলম্বোত ভাৰতীয় উচ্চায়ুক্তৰ প্ৰেছ এণ্ড কালচাৰ উইঙৰ মুৰব্বী নিযুক্তি পায়, কলম্বোত তেওঁ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালিকাও হিচাপেও আছিল। দিল্লীলৈ উভতি অহাৰ পাছত তেওঁ বহিঃৰাজ্য মন্ত্ৰালয়ৰ উপ-মুখপাত্ৰ আছিল। তেতিয়া তেওঁ ইউৰেছিয়া বিভাগৰ সঞ্চালিকা আৰু পিছলৈ যুটীয়া সম্পাদিকা আছিল আৰু তাৰ পিছত তেওঁ বেংককলৈ মিছনৰ উপ-মুখ্য হিচাপে গুচি যায়। [5]

২০১২ চনত টিউনিছিয়াত ৰাষ্ট্ৰদূত নিযুক্তি লাভ কৰে। [6][7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নাগমা নতুন দিল্লীৰ নিবাসী অধিবক্তা ফৰিদ ইনাম মালিকৰ সৈতে বিবাহ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ আছে। নাগমা ইংৰাজী, হিন্দী, মালয়ালম আৰু ফৰাচী ভাষাত নিপুণ । তেওঁৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্য, ইংৰাজী সাহিত্য, ফিটনেছ আৰু পুষ্টিৰ প্ৰতি তেওঁৰ যথেষ্ট আগ্ৰহ থকা বুলি জনা যায়।

লগতে চাওক

[সম্পাদনা কৰক]
  • চৈয়দ আকবৰুদ্দিন

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. GOVERNMENT OF INDIA Ministry of External Affairs Offi ce of the Joint Secretary [Administration] (2013) (pdf). CIVIL LIST of the Indian Foreign Service (As on April 01, 2013). পৃষ্ঠা. 17. Archived from the original on 2018-04-22. https://web.archive.org/web/20180422070724/https://mea.gov.in/writereaddata/images/Civi_List_27-7-12.pdf.
  2. "Embassy Of India, Warsaw, Poland and Lithuania : The Ambassador". www.indianembassywarsaw.gov.in. https://www.indianembassywarsaw.gov.in/eoi.php?id=Ambassador আহৰণ কৰা হৈছে: 2022-03-02.
  3. "Nagma Guillame Mallick appointed as the next High Commissioner of India to Brunei Darussalam". mea.gov.in. http://mea.gov.in/press-releases.htm?dtl/25417/Nagma+Mohamed+Mallick+appointed+as+the+next+High+Commissioner+of+India+to+Brunei+Darussalam আহৰণ কৰা হৈছে: 2015-07-01.
  4. "The High Commission of India - High Commissioner of India". www.hcindiabrunei.org.bn. Archived from the original on 2016-08-17. https://web.archive.org/web/20160817125950/http://www.hcindiabrunei.org.bn/about-the-high-commisison/ambassador-of-india আহৰণ কৰা হৈছে: 2016-06-22.
  5. "Smt. Nagma Mohamed Mallick, appointed as the next Ambassador of India to Tunisia". mea.gov.in. http://mea.gov.in/press-releases.htm?dtl/19730/Smt+Nagma+Mohamed+Mallick+appointed+as+the+next+Ambassador+of+India+to+Tunisia আহৰণ কৰা হৈছে: 2015-02-11.
  6. "Embassy of India, Tunis | Home". embassyofindiatunis.com. Archived from the original on 2015-02-08. https://web.archive.org/web/20150208222102/http://embassyofindiatunis.com/Ambassador.php?id=Abassador আহৰণ কৰা হৈছে: 2015-02-11.
  7. "India Names New Ambassador to Tunisia | Tunisialive". tunisia-live.net. Archived from the original on 2012-05-21. https://web.archive.org/web/20120521211202/http://www.tunisia-live.net/2012/05/20/india-names-new-ambassador-to-tunisia/ আহৰণ কৰা হৈছে: 2015-02-11.