সমললৈ যাওক

নাগমা শ্ৰেষ্ঠ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাগমা শ্ৰেষ্ঠ
জন্ম ১০ নৱেম্বৰ, ১৯৯১ (৩৪ বছৰ)
কাঠমাণ্ডু, নেপাল
ৰাষ্ট্ৰীয়তা নেপালী
পেচা মডেল
টেলিভিছন উপস্থাপক
প্ৰযোজক
সৌন্দৰ্য্য প্ৰতিযোগিতা শিৰোনামধাৰী
জনা যায় মিছ ইউনিভাৰ্ছ ২০১৭
(প্ৰৱেশকাৰী)
মিছ আৰ্থ ২০১২
(শীৰ্ষ ৮)
ভিজে এ ইমেজ টিভি
আইএৱাইএছপিত ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি।[1]
উল্লেখযোগ্য কৰ্ম মিছ ইউনিভাৰ্ছ নেপাল
(পৰিচালক, ২০২০-২০২৩)
উচ্চতা ৫ফুট১১ইঞ্চি
পদবী মুখ্য শিৰোনাম:
মিছ ইউনিভাৰ্ছ নেপাল ২০১৭
মিছ নেপাল আৰ্থ ২০১২

নাগমা শ্ৰেষ্ঠ (ইংৰাজী: :Nagma Shrestha (नेपाली:नग्मा श्रेष्ठ) জন্ম ১০ নৱেম্বৰ ১৯৯১, কাঠমাণ্ডু, নেপাল) এগৰাকী নেপালী সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, টেলিভিছন উপস্থাপক আৰু প্ৰযোজক।তেওঁ ২০১২ চনত মিছ নেপাল অৰ্থ উপাধি লাভ কৰি খ্যাতি অৰ্জন কৰিছিল। ২০১৭ চনত প্ৰথম মিছ ইউনিভাৰ্ছ নেপাল হিচাপে মুকুট পিন্ধোৱাৰ পিছত তেওঁ ব্যাপকভাৱে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল।[2][2]

জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৯১ চনৰ ১০ নৱেম্বৰত শ্ৰেষ্ঠ জন্মগ্ৰহণ কৰে নেপালৰ কাঠমান্ডুত। তেওঁ ইউনাইটেড একাডেমী নেপালৰ পৰা মাধ্যমিক শিক্ষা সমাপ্ত কৰে আৰু তাৰ পিছত ২০১৪ চনত নেপালৰ টাইমছ বিজনেছ স্কুলৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰে।[3] তেওঁ কর্নেল বিশ্ববিদ্যালয়ৰ পৰা নেতৃত্ব (Leadership) বিষয়টো প্ৰধান বিষয় হিচাপে অধ্যয়ন সম্পন্ন কৰি মেজৰ লাভ কৰে।[4] ২০১২ চনৰ মিছ নেপালত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ মিছ আৰ্থ নেপাল ২০১২ খিতাপ লাভ কৰিছিল। ইয়াৰ পিছত ২০১৭ চনত মিছ নেপাল অৰ্গেনাইজেশ্যনে তেওঁক মিছ ইউনিভাৰ্ছ নেপাল ২০১৭ হিচাপে মুকুট পিন্ধাইছিল।[5][6] ২০২০ চনত তেওঁ মিছ ইউনিভাৰ্ছ নেপাল সংগঠনৰ সৈতে ৰাষ্ট্ৰীয় সঞ্চালক হিচাপে জড়িত হৈ পৰে আৰু ২০২৩ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে।[7]

তেওঁ নেপালৰ টেলিভিছন উদ্যোগৰ অন্যতম প্ৰধান ব্যক্তিত্ব। ২০১৫ চনত ইমেজ মেগা মডেল আৰু মিউজিক অৱ ইউৰ চয়েচ (MOYC) অনুষ্ঠান ইমেজ চেনেলত পৰিচালনা কৰিছিল।[8][9] ২০১৩ চনত তেওঁ ইমেজ চেনেলৰ উদ্বোধনী পৰিচয় ভিডিঅ’ত উপস্থিত থাকি চমুকৈ অভিনয় কৰিছিল। ২০২৪ চনৰ পৰা, তেওঁ ইন্টাৰনেচনেল এছ’চিয়েছন অৱ ইউথ এণ্ড ষ্টুডেন্টছ ফ’ৰ পিচ (IAYSP)-ৰ সৈতে কাম কৰি আহিছে[10] আৰু আই এ ৱাই এছ পিৰ (IAYSP) ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপে কাৰ্যনির্বাহ কৰিছে।[11] [12]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "আইএৱাইএছপিত ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি". https://yspusa.org/. 
  2. "Nagma Shrestha to represent Nepal at Miss Universe 2017" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/art-entertainment/2017/09/24/nagma-shrestha-to-represent-nepal-at-miss-universe-2017। আহৰণ কৰা হৈছে: 2024-05-27. 
  3. "Be yourself". thehimalayantimes.com. https://thehimalayantimes.com/education/be-yourself-nagma-shrestha। আহৰণ কৰা হৈছে: 2024-10-04. 
  4. "Instagram". www.instagram.com. https://www.instagram.com/nagsnagma/?igsh=NmJnYTY5cmVoOTJw। আহৰণ কৰা হৈছে: 2024-07-08. 
  5. Nabina (2016-01-28). "Nagma crowned 3rd runner-up at World Miss University 2016" (en ভাষাত). The Himalayan Times. https://thehimalayantimes.com/entertainment/nagma-crowned-3rd-runner-up-at-world-miss-university-2016। আহৰণ কৰা হৈছে: 2024-10-04. 
  6. "Nagma Shrestha to represent Nepal at Miss Universe 2017" (en ভাষাত). KHASOKHAS. 2017-09-24. https://www.khasokhas.com/21779#gsc.tab=0। আহৰণ কৰা হৈছে: 2024-10-04. 
  7. "Miss Universe Nepal 2020 attempts to change the notion of beauty" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/art-culture/2020/07/07/miss-universe-nepal-2020-attempts-to-change-the-notion-of-beauty। আহৰণ কৰা হৈছে: 2024-05-27. 
  8. AP1HD (2020-10-08). THE NAGMATIC SHOW | Miss Universe Nepal 2020 | Nagma Shrestha | AP1HD. Retrieved 2024-07-08 – via YouTube. 
  9. Sanjay Silwal Gupta (2022-06-28). Nagma Shares Her "Music Of Your Choice" Experience. Retrieved 2024-07-08 – via YouTube. 
  10. "IAYSP Nepal organized Character Education on April 13, 2021 – IAYSP" (ja ভাষাত). https://iaysp.org/iaysp-nepal-organized-character-education-on-april-13-2021/। আহৰণ কৰা হৈছে: 2024-09-13. 
  11. "Instagram". www.instagram.com. https://www.instagram.com/p/C-qVJLCvpfW/?igsh=MThvaTF5Zm0xaTd1OA==। আহৰণ কৰা হৈছে: 2024-09-13. 
  12. Image Channel HD (2016-02-17). Image Channel Television Station Id 2013. Retrieved 2024-07-08 – via YouTube.