সমললৈ যাওক

নাগাৰকইলৰ মন্দিৰৰ গহনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাগাৰকইলৰ মন্দিৰৰ গহনা
ভৌগোলিক স্বীকৃতি
বৰ্ণনা নাগাৰকইল অঞ্চলৰ অলংকাৰ
প্ৰকাৰ হস্তশিল্প
অঞ্চল নাগাৰকইল, কন্যাকুমাৰী জিলা, তামিলনাডু
দেশ ভাৰত
পঞ্জীয়ন ২০০৭-০৮
উপাদান সোণ, মূল্যবান পাথৰ

টেম্পল গহনা বা নাগাৰকইলৰ মন্দিৰৰ গহনা (ইংৰাজী: Temple Jewellery of Nagercoil) হৈছে ভাৰতৰ তামিলনাডু ৰাজ্যৰ নাগাৰকইল অঞ্চলৰ একপ্ৰকাৰৰ সোণৰ গহনা।[1] ২০০৭–০৮ চনত ইয়াক ভৌগোলিক ইংগিত হিচাপে ঘোষণা কৰা হয়।[2]

বহুমূলীয়া পাথৰৰ মাজত সোণ খটুৱাই গহনা তৈয়াৰ কৰা হয়। গহনা তৈয়াৰ কৰিবলৈ "কুচু কাল" নামৰ এবিধ বিশেষ ধৰণৰ ৰঙা আৰু সেউজীয়া ৰঙৰ শিল ব্যৱহাৰ কৰা হয়। এই ইতিহাস খ্ৰীষ্টীয় নৱম শতিকাৰ চোলা বংশৰ ৰাজত্বকালৰপৰাই আৰম্ভ হয়। প্ৰথমতে এই গহনাসমূহ বিশেষভাৱে হিন্দু দেৱ-দেৱীৰ মূৰ্তি সজোৱাৰ বাবে নিৰ্মাণ কৰা হৈছিল।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Application details". Government of India. https://search.ipindia.gov.in/GIRPublic/Application/Details/515। আহৰণ কৰা হৈছে: 1 December 2023. 
  2. Geographical indications in India (Report). Government of India. https://ipindia.gov.in/registered-gls.htm। আহৰণ কৰা হৈছে: 1 December 2023. 
  3. "Nagercoil temple jewellery made with peculiar stones gets GI tag". The Times of India. 23 July 2018. https://timesofindia.indiatimes.com/city/trichy/nagercoil-temple-jewellery-made-with-peculiar-stones-gets-gi-tag-geographical-indications-tag/articleshow/65095824.cms.