নাগাৰ্জুন (বৈদ্যনাথ মিশ্ৰ)
| নগাৰ্জুন | |
|---|---|
ভাৰতৰ বিহাৰৰ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী পাৰ্কত নাগাৰ্জুনৰ ভাস্কৰ্য | |
| জন্ম | বৈদ্যনাথ মিশ্ৰ ১১ জুন, ১৯১১[1] সতলখা গাঁও, দৰভঙ্গা জিলা, বিহাৰ, ভাৰত |
| মৃত্যু | ৫ নৱেম্বৰ, ১৯৯৮ (৮৭ বছৰ) খোৱাজা চৰাই, দৰভঙ্গা জিলা, বিহাৰ,[2] ভাৰত |
| ছদ্মনাম | নগাৰ্জুন |
| পেচা | কবি, লেখক, প্ৰবন্ধকাৰ, উপন্যাসিক, বৌদ্ধ |
| ভাষা | হিন্দী, মৈথিলী |
| উল্লেখযোগ্য বঁটা |
|
| দাম্পত্যসংগী | অপৰাজিতা দেৱী |
বৈদ্যনাথ মিশ্ৰ (১১ জুন ১৯১১ – ৫ নৱেম্বৰ ১৯৯৮), যাক নগাৰ্জুন নামেৰে জনা যায়, এজন হিন্দী আৰু মৈথিলী কবি আছিল। তেওঁ উপন্যাস, চুটি গল্প, সাহিত্যিক জীৱনী আৰু ভ্ৰমণকাহিনীও লিখিছিল আৰু জনকবি – জনতাৰ কবি হিচাপে জনাজাত আছিল। তেওঁক মৈথিলীৰ আধুনিকতাৰ আটাইতকৈ প্ৰধান সমৰ্থক হিচাপে গণ্য কৰা হয়।[3][4]
ব্যক্তিগত জীৱন আৰু জীৱনী
[সম্পাদনা কৰক]প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]হিন্দী সাহিত্যৰ এগৰাকী বিখ্যাত কবি নাগাৰ্জুনৰ জন্ম হৈছিল ১৯১১ চনৰ ১১ জুনত। তেওঁৰ প্ৰকৃত নাম আছিল বৈদ্যনাথ মিশ্ৰ। তেওঁ বিহাৰৰ দৰভাংগা জিলাৰ তৰুনী নামৰ গাঁৱত এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল গকুল মিশ্ৰ আৰু মাতৃৰ নাম আছিল উমা দেৱী। তেওঁৰ প্ৰাথমিক শিক্ষাৰ বাবে গাঁৱৰে সংস্কৃত বিদ্যালয়ত নাম ভৰ্তি কৰিছিল। পিছলৈ তেওঁ কাশী আৰু কলিকতাত সংস্কৃত ভাষাৰ অধ্যয়ন কৰিছিল। কাশীত থকা সময়ছোৱাতে তেওঁ অৱধী, ব্ৰজ আদি ভাষাও অধ্যয়ন কৰিছিল। তেওঁৰ মাতৃভাষা আছিল তেওঁৰ মৈথিলী।
১৯৩২ চনত অপৰাজিতা নামেৰে এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আবদ্ধ হয়।
কেৰিয়াৰ
[সম্পাদনা কৰক]মাতৃভাষা মৈথিলীত তেওঁ 'বৈদেহ' নামেৰে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ সমানে তেওঁ বাংলা ভাষাতো সাহিত্য চৰ্চা কৰিছিল। নাগাৰ্জুনক 'জনকবি' বুলিও কোৱা হয়। কাৰণ তেওঁ জনতাৰ হকে মাত মাতিছিল আৰু ইয়াক সাহিত্যৰ ৰূপত প্ৰকাশ কৰিছিল। সমাজত হৈ থকা অন্যায় অবিচাৰ তথা শোষণৰ বিৰুদ্ধে মাত মাতিছিল। এজন প্ৰগতিশীল কবি হিচাপে তেওঁ সমাজত দেখা দিয়া নানা সমস্যাসমূহক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ৰাজনীতিক তেওঁ ব্যংগাত্মকভাৱে সাহিত্যৰ মাজেৰে কঠোৰ সমালোচনা কৰিছে। তেওঁ স্বামী সহজানন্দৰ লগত স্বাধীনতা আন্দোলন আৰু কৃষক বিদ্ৰোহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা নাগাৰ্জুনে জীৱনৰ অনেক সময় বৌদ্ধ মঠ আৰু অধ্যয়ন কেন্দ্ৰত অতিবাহিত কৰিছিল। সেই সময়ছোৱাতে তেওঁ তিব্বতী ভাষা অধ্যয়ন কৰাৰ অৱকাশ হোৱাৰ লগতে বৌদ্ধ গ্ৰন্থসমূহো অধ্যয়ন কৰিবলৈ লৈছিল।
মৈথিলী ভাষাত তেওঁ 'যাত্ৰী' নামেৰে লিখিছিল।
নাগাৰ্জুনে হিন্দী, সংস্কৃত আৰু মৈথিলী ভাষাত কাব্য ৰচনাৰে সাহিত্য সমৃদ্ধ কৰাৰ লগতে উপন্যাস, গল্প আৰু প্ৰবন্ধও লিখিছিল। অনুবাদৰ ক্ষেত্ৰৰ খনতো যোগদান কৰিছিল।
১৯৯৮ চনত কবি নাগাৰ্জুনৰ বিহাৰৰ দৰভাংগা জিলাত মৃত্যু হয়।
ৰচনা আৰু সাহিত্য
[সম্পাদনা কৰক]তেওঁৰ কবিতা সংগ্ৰহসমূহ হৈছে 'সতৰংগে পংখো ৱালী', 'পিয়াসী পথৰাই আংখে', 'তালাব কী মছলিয়া', 'চন্দনা', 'তুমনে কহা থা', 'খিচৰি বিপ্লৱ দেখা হমনে', 'হজাৰ হজাৰ বাহো ৱালী', 'ৰত্ন গৰ্ভ', 'আখিৰ এয়সা ক্যা কহ দিয়া মেয়নে', 'ভুল জাও' পুৰানে স্বপ্ন', 'অপনে খেত মে' আদি। তেওঁ 'ভস্মাংকুৰ' নামৰ এখন খণ্ড কাব্য লিখিছিল। মৈথিলী ভাষাত তেওঁ 'চিত্ৰা' আৰু 'পত্ৰহীন নগ্ন গছ' কবিতা সংকলন প্ৰকাশ কৰিছিল। তেওঁৰ গল্পসমূহ 'আসমান মে চন্দা তেৰে' শীৰ্ষক গ্ৰন্থখনত সংকলন কৰা হৈছে। নিবন্ধসমূহ 'অন্নহীনম' আৰু 'ক্ৰিয়াহীনম' নামেৰে সংকলন কৰা হৈছে। তেওঁৰ উপন্যাস সমূহ হৈছে - 'ৰতিনাথ কী চাচী', 'বলচনমা',' বৰুণ কে বেটে', 'বাবা বটেসৰ নাথ', 'দুখমোচন', 'ইমৰিতিয়া', 'উগ্ৰতাৰা', 'জমনিয়া কে বাবা', 'কুম্ভীপাক', 'অভিনন্দন', 'নই প'ধ' আৰু 'পাৰো'। তেওঁ 'মেঘদূত', 'গীত গোবিন্দ' আৰু বিদ্যাপতিৰ পদসমূহ হিন্দীলৈ অনুবাদ কৰিছে। ১৯৬৯ চনত তেওঁক 'পত্ৰহীন নগ্ন গছ'ৰ বাবে সাহিত্য অকাডেমি পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- নাগাৰ্জুনৰ গদ্য কোষ Archived 2023-04-05 at the Wayback Machine
- নাগাৰ্জুনৰ কবিতা কোষ Archived 2009-02-04 at the Wayback Machine
- নাগাৰ্জুনৰ অনুভূতি
- নাগাৰ্জুনৰ কবিতা অকাল ঔৰ উসকে বাদ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ জনতাৰ কবি – নগাৰ্জুন লাইব্ৰেৰী, ভাৰ্জিনিয়া বিশ্ববিদ্যালয়. Biblio, নৱেম্বৰ–ডিচেম্বৰ ১৯৯৮, পৃষ্ঠা ৮-৯।
- ↑ দক্ষিণ এছিয়া, হিন্দী কবি, নগাৰ্জুন, মৃত্যু বিবিচি নিউজ, ৫ নৱেম্বৰ ১৯৯৮।
- ↑ এটা বুদ্ধিৰ সাগৰ ইতিহাসলৈ গ'ল দ্য ট্ৰিবিউন, ২৯ নৱেম্বৰ ১৯৯৮।
- ↑ শোক সংবাদ www.revolutionarydemocracy.org।