নাগ্নজিতী
নাগ্নজিতী | |
---|---|
অষ্টভাৰ্যা-ৰ সদস্য | |
![]() মহীশূৰৰ চিত্ৰপটত কৃষ্ণৰ অষ্টভাৰ্যাৰ মাজত নাগ্নজিতী | |
অন্য নাম | সত্যা, নাপ্পিনাই |
সম্পৰ্ক | দেৱী, অৱতাৰ নীলাদেৱী, অষ্টভাৰ্যা, লক্ষ্মী |
নিবাস | দ্বাৰকা |
সন্তান | বীৰা, চন্দ্ৰ, অশ্বসেনা, চিত্ৰগু, ভেগাৱন, বৃষ, আমা, শংকু, বসু, আৰু কুন্তী |
হিন্দু পাঠ্য | বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ, হৰিবংশ, মহাভাৰত |
নাগ্নজিতী (সংস্কৃত: नाग्नजिती)ক সত্যা আৰু নপিন্নাই বুলিও কোৱা হয়৷[1]তেওঁ হিন্দু দেৱতা কৃষ্ণৰ আঠগৰাকী পত্নীৰ গোট অষ্টভাৰ্যাৰ পঞ্চম।[2]
বৈষ্ণৱ গ্ৰন্থত নাগ্নজিতীক লক্ষ্মীৰ তৃতীয় দিশ নীলাদেৱীৰ অৱতাৰ বুলি কোৱা হয়।[3] দ্বাপৰ যুগত নীলাদেৱীৰ কোশলৰ ৰজা নাগ্নজিতৰ কন্যা সত্য হিচাপে পৃথিৱীত জন্ম হৈছিল৷ কৃষ্ণই নাগ্নজিতে আয়োজন কৰা স্বয়ম্বৰত অংশগ্ৰহণ কৰিছিল আৰু নিৰ্ধাৰিত নিয়ম অনুসৰি তেওঁ সাতটা হিংস্ৰ ম'হক প্ৰতিটোৰে চাৰিওফালে ফান্দ বান্ধি নিয়ন্ত্ৰণলৈ আনিছিল৷ ইয়াৰ ফলত নাগ্নজিতীক তেওঁ পত্নী হিচাপে লাভ কৰিছিল।[4]
দক্ষিণ ভাৰতত কবি-সাধু অন্দলে যেতিয়া তিৰুপভাই আৰু নাচিয়াৰ তিৰুমোলি লিখিছিল, তেতিয়া তেওঁ ৰজা নাগ্নজিতৰ "সুন্দৰ চুলি পিন্ধা" কন্যা নপ্পিনাইৰ কথা উল্লেখ কৰিছে৷ যি হৈছে যশোদা (কৃষ্ণৰ পোষক মাতৃ)ৰ ভাতৃ। নাপিনাই নাগ্নজিতীৰ তামিল সমতুল্য বুলি বিশ্বাস কৰা হয়। ইয়াৰ প্ৰমাণ এইটোৱেই যে নপিনাইক বিষ্ণুৰ পত্নী নীলাদেৱীৰ এটা ৰূপ বুলিও কোৱা হৈছে।[5]
পৰিয়াল
[সম্পাদনা কৰক]বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু হৰিবংসত তেওঁক সত্যা নাগ্নজিতী বুলি কোৱা হয়। মন্তব্যকাৰীসকলে প্ৰায়ে সত্যাক তেওঁৰ জন্মৰ নাম আৰু নগ্নাজিতীক পিতৃনাম হিচাপে গণ্য কৰে৷ অৱশ্যে কেতিয়াবা নাগ্নজিতী, "গুণী" (সত্য শব্দৰ অৰ্থ) বুলি অনুবাদ কৰা হয়। তেওঁৰ পিতৃ নাগ্নজিত কোশলৰ ৰজা আছিল৷ কোশলৰ ৰাজধানী অযোধ্যা। নাগ্নজিতক কোশল-পতি ("কোশলৰ প্ৰভু") আৰু অযোধ্যা-পতি ("অযোধ্যাৰ প্ৰভু") বুলি বৰ্ণনা কৰা হৈছে। ভাগৱত পুৰাণত নাগ্নজিতীক উপনামেৰে কৌসল্য বুলিও কোৱা হৈছে৷ কোশলৰ ৰাজকুমাৰী হিচাপে তেওঁৰ ভূমিকা নিৰ্ণয় কৰি "কোশলৰ অন্তৰ্গত" বুলি বিবেচনা কৰা হয়।[6][7] মহাভাৰতত কৃষ্ণৰ সত্যা নামৰ এগৰাকী পত্নীৰ কথা উল্লেখ আছে।[8]
বিবাহ
[সম্পাদনা কৰক]ভাগৱত পুৰাণত নাগ্নজিতীৰ বিবাহৰ কাহিনী বৰ্ণনা কৰা হৈছে। কুম্বাগন নামেৰেও পৰিচিত নাগ্নজিত এজন ধৰ্মপৰায়ণ ৰজা আছিল যি বৈদিক শাস্ত্ৰক অতি শ্ৰদ্ধা কৰিছিল৷ তেওঁ সত্যাৰ বিবাহৰ বাবে চৰ্ত ৰাখিছিল যে তেওঁৰ স্বামীয়ে যুদ্ধত সাতটা হিংস্ৰ ম’হক পৰাস্ত কৰি তেওঁক জয় কৰিব লাগিব। কিন্তু কোনো ৰাজকুমাৰেই এই কামটো কৰিব নোৱাৰিলে। এই প্ৰত্যাহ্বানৰ কথা জানিব পাৰি কৃষ্ণই বৃহৎ দল লৈ কোশল ৰাজ্যলৈ ৰাওনা হ’ল। কৃষ্ণই নাগ্নজিতৰ দৰবাৰৰ কাষ চাপি অহাৰ লগে লগে ৰজাই সিংহাসনৰ পৰা উঠি কৃষ্ণক উপহাৰেৰে সন্মান জনাই কোশললৈ উষ্ম আদৰণি জনায়। নাগ্নজিতীয়েও কৃষ্ণক দেখি বৰ আনন্দত কৃষ্ণক স্বামী হ’বলৈ প্ৰাৰ্থনা কৰিলে। কৃষ্ণৰ দেৱত্বৰ বিষয়ে ৰজা আৰু তেওঁৰ কন্যা দুয়োজনেই সচেতন আছিল। নাগ্নজিতে কৃষ্ণক শ্ৰদ্ধা জনাই তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য সুধিলে। কৃষ্ণই যেতিয়া সত্যাক বিয়া কৰাব বিচাৰে বুলি ঘোষণা কৰিলে৷ তেতিয়া ৰজাই ক’লে যে তেওঁৰ কন্যাৰ বাবে ইয়াতকৈ ভাল স্বামী কোনো নহ'ব৷ কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ নিজৰ কন্যাক এজন সাহসী ৰাজকুমাৰৰ লগত বিয়া কৰাব, যিয়ে সাতটা ম’হক নিয়ন্ত্ৰণলৈ আনিব। ৰজাই কৃষ্ণৰ বীৰত্বৰ প্ৰশংসা কৰি ক'লে যে সাতটা ম'হক তেওঁ সহজেই বশ কৰিব পাৰিব।[9][10]
ৰজাৰ কথা শুনি কৃষ্ণই সাতটা ৰূপত নিজকে বিস্তাৰ কৰি ৰঙ্গমঞ্চত প্ৰৱেশ কৰি সহজেই সাতটা ম’হৰ চাৰিওফালে ফান্দ লগাই শান্ত কৰি দিলে। ৰজা নাগ্নজিত সন্তুষ্ট হয়, আৰু তেওঁৰ কন্যাই কৃষ্ণক স্বামী হিচাপে পোৱাত আনন্দিত হয়। এই বিবাহখন আড়ম্বৰৰে উদযাপন কৰা হৈছিল। ৰজাই কৃষ্ণক ১০,০০০ গৰু; ৯,০০০ হাতী; ৯ লাখ ৰথ; ৯০,০০০,০০০ মহিলা, ৯,০০০,০০০,০০০ পুৰুষ দাসক যৌতুক হিচাপে উপহাৰ দিলে৷ অৱশেষত কৃষ্ণ আৰু সত্যাই তেওঁলোকৰ সুৰক্ষাৰ বাবে সৈন্যৰ সৈতে দ্বাৰকা অভিমুখে ৰাওনা হ’ল। বাটত নাগ্নজিতৰ প্ৰত্যাহ্বানত পৰাস্ত হোৱা ৰাজকুমাৰসকলে তেওঁলোকক আক্ৰমণ কৰে। কৃষ্ণৰ যাদৱ বংশৰ যোদ্ধা আৰু বন্ধু অৰ্জুনে ৰাজকুমাৰসকলক পৰাস্ত কৰি খেদি পঠিয়ায়। তাৰ পিছত কৃষ্ণই পত্নী নাগ্নজিতীৰ সৈতে গৌৰৱৰে দ্বাৰকাত প্ৰৱেশ কৰে।[9][10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Dalal, Roshen (2010) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 282. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC&dq=nappinai+nagnajiti&pg=PA282.
- ↑ Mani, Vettam (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃষ্ঠা. 62. ISBN 978-0-8426-0822-0. https://archive.org/details/puranicencyclopa00maniuoft.
- ↑ Rajan, K. V. Soundara (1988) (en ভাষাত). Secularism in Indian Art. Abhinav Publications. পৃষ্ঠা. 17. ISBN 978-81-7017-245-1. https://books.google.com/books?id=mLAltYhW-JQC&dq=Radha+niladevi&pg=PA17.
- ↑ Varadpande, Manohar Laxman (2009) (en ভাষাত). Mythology of Vishnu and His Incarnations. Gyan Publishing House. পৃষ্ঠা. 144. ISBN 978-81-212-1016-4. https://books.google.com/books?id=_XrFh2S8nlEC&dq=Nagnajita+krishna&pg=PA144.
- ↑ (en ভাষাত) The Brahmavadin. K.S. Ramaswami. 1972. পৃষ্ঠা. 7. https://books.google.com/books?id=9TUnAQAAIAAJ&q=nagnajiti+nappinnai.
- ↑ Horace Hayman Wilson (1870). The Vishńu Puráńa: a system of Hindu mythology and tradition. Trübner. পৃষ্ঠা. 79–82, 107. https://books.google.com/books?id=RO8oAAAAYAAJ&pg=PA82। আহৰণ কৰা হৈছে: 22 February 2013.
- ↑ Prabhupada. "Bhagavata Purana 10.58". Bhaktivedanta Book Trust. Archived from the original on 26 August 2013. https://web.archive.org/web/20130826143938/http://vedabase.net/sb/10/58/en.
- ↑ Mani, Vettam (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃষ্ঠা. 704. ISBN 978-0-8426-0822-0. https://archive.org/details/puranicencyclopa00maniuoft.
- ↑ 9.0 9.1 "Five Ques married by Krishna". Krishnabook.com. http://krsnabook.com/ch58.html। আহৰণ কৰা হৈছে: 25 January 2013.
- ↑ 10.0 10.1 Prabhupada. "Bhagavata Purana 10.58.32". Bhaktivedanta Book Trust. Archived from the original on 14 June 2014. https://web.archive.org/web/20140614150105/http://vedabase.net/sb/10/58/32/en.