সমললৈ যাওক

নাছিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাছিক
নাচিক
ওপৰৰ বাওঁফালৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত: নাচিক চহৰ আকাশৰ পৰা, গোদাবৰী ঘাট, পাণ্ডৱলেনি গুহা,কলাৰাম মন্দিৰ , নাছিক পৰ্বতৰ দৃশ্য
উপনাম: 
ভাৰতৰ ৱাইন কেপিটেল[1]
Map
মহাৰাষ্ট্ৰৰ নাচিকৰ স্থান
স্থানাংক: 19°59′51.0″N 73°47′23.3″E / 19.9975°N 73.789806°E / 19.9975; 73.789806স্থানাংক: 19°59′51.0″N 73°47′23.3″E / 19.9975°N 73.789806°E / 19.9975; 73.789806
Country  ভাৰত
State মহাৰাষ্ট্ৰ
District নাছিক
Division নাছিক
চৰকাৰ
  ধৰণ Municipal Corporation
  পৰিচালনা Nashik Municipal Corporation
  Mayor Vacant[2][3]
  Guardian Minister Vacant
  Municipal Commissioner and Administrator Ashok Karanjkar[4]
  District Magistrate and Collector Jalaj Sharma, IAS
  Member of Parliament Rajabhau Waje (Shiv Sena (UBT))
কালি
২৬৭ বৰ্গকিমি (১০৩ বৰ্গমাইল)
উচ্চতা
৬০২.৪৮ মিটাৰ (১,৯৭৬.৬৪ ফুট)
জনসংখ্যা
 (2011)[6]
১৪,৮৬,০৫৩
  ঘনত্ব ৫,৬০০/বৰ্গকিমি (১৪,০০০/বৰ্গমাইল)
  মেট্ৰ’ 15,62,769
  Metro rank
India: 29th

নাছিক( ইংৰাজী: Nashik) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ উত্তৰ অঞ্চলৰ এখন চহৰ।[8] গোদাবৰী নদীৰ পাৰত অৱস্থিত। নাছিক চহৰৰ জনসংখ্যা প্ৰায় ২২ লাখ আৰু ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰ হিচাপে মান্য়তা দিয়া হৈছে । ৰাজ্যৰ ৰাজধানী মুম্বাইৰ পৰা প্ৰায় ১৬৫ কিলোমিটাৰ (১০৩ মাইল) উত্তৰ-পূবে, আৰু পুনেৰ পৰা প্ৰায় ২১০ কিলোমিটাৰ (১৩০ মাইল) উত্তৰত নাছিক অৱস্থিত। মুম্বাই-পুনে-নাছিক অঞ্চলক "মহাৰাষ্ট্ৰৰ সোণালী ত্ৰিভুজ" বুলি কোৱা হয়। আঙুৰৰ উচ্চ উৎপাদনৰ বাবে নাছিকক ভাৰতৰ নাপা উপত্যকা আৰু "ভাৰতৰ ৱাইন কেপিটেল" বুলি অভিহিত কৰা হয় কাৰণ ভাৰতৰ আধাতকৈ অধিক আঙুৰৰ বাগিচা আৰু ৱাইন কাৰখানা ইয়াত অৱস্থিত।[9][10] প্ৰতি ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা কুম্ভ মেলাৰ হিন্দু তীৰ্থস্থানসমূহৰ ভিতৰত নাছিক অন্যতম।[11][12]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

নাছিক নামটো সংস্কৃত শব্দ ‘নাচিকা’ৰ পৰা উদ্ভৱ হৈছে যাৰ আক্ষৰিক অৰ্থ হৈছে ‘নাক’। স্থানীয় চৰকাৰৰ ৱেবছাইট অনুসৰি নখন পাহাৰ থকা বাবে চহৰখনৰ নাম নাছিক হোৱা বুলি বিশ্বাস।

ৰামায়ণৰ মতে নাছিক হৈছে গোদাবৰী নদীৰ পাৰৰ সেই স্থান য'ত লক্ষ্মণে আসুৰী শূৰ্পনাখৰ নাক কাটিছিল, সেয়েহে ইয়াক "নাশিক" বা "নাছিক" নামেৰে নামাকৰণ কৰা হৈছে।[13]নাছিক চহৰক পঞ্চৱতী নামেৰেও জনা যায়।[14]মোগলৰ ৰাজত্বকালত ইয়াক "গুলছানাবাদ" নামেৰে জনা গৈছিল।[15][16]

ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ উত্তৰ অংশৰ ঐতিহাসিক, পৌৰাণিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ পৰা এখন গুৰুত্বপূৰ্ণ চহৰ নাচিক। গোদাবৰী নদীৰ পাৰৰ মন্দিৰৰ বাবে জনাজাত আৰু ঐতিহাসিকভাৱে ই হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ স্থান। বাৰ বছৰৰ মূৰে মূৰে এবাৰ বৃহৎ সিংহস্থ কুম্ভ মেলাৰ আয়োজন কৰা চাৰিখন চহৰৰ ভিতৰত ই অন্যতম।[17]

নাছিকক বিভিন্ন যুগত বিভিন্ন নামেৰে জনা গৈছিল। হিন্দু কিংবদন্তি অনুসৰি সত্যযুগৰ সময়ত ইয়াক "পদ্মনগৰ", ত্ৰেতাযুগৰ সময়ত "ত্ৰিকান্তক", দ্বাপৰ যুগত "জনস্থান" আৰু শেষত কলিযুগত "নৱশিখ" বা "নাশিক" নামেৰে জনা গৈছিল। মোগল যুগত ইয়াক "গুলছানাবাদ" নামেৰে জনা গৈছিল, গোলাপৰ চহৰ। নাছিকৰ পৌৰাণিক, ঐতিহাসিক, সামাজিক আৰু সাংস্কৃতিক গুৰুত্ব আছে। গোদাবৰী নদীৰ পাৰত অৱস্থিত এই চহৰখন সমগ্ৰ বিশ্বৰ হিন্দুসকলৰ বাবে অন্যতম পবিত্ৰ স্থান। হিন্দু পৌৰাণিক কাহিনী অনুসৰি অযোধ্যাৰ ৰজা ভগৱান ৰামে ১৪ বছৰীয়া নিৰ্বাসনত নাশিকক নিজৰ বাসস্থান কৰি লৈছিল। একে ঠাইতে ভগৱান লক্ষ্মণে ভগৱান ৰামৰ ইচ্ছামতে "শূৰ্পনাখা"ৰ নাক কাটিছিল আৰু এইদৰে এই নগৰৰ নাম "নাচিক" বুলি ৰখা হৈছিল কাৰণ নাচিক শব্দৰ অৰ্থ সংস্কৃতত "নাক"।[18]

সতবাহন সাম্ৰাজ্যৰ পতনৰ পিছত উত্তৰ-পূবত অভিৰা বা অহিৰসকলে আৰু মহাৰাষ্ট্ৰ আৰু কুন্তলাত চুতুসকলে শাসন কৰিছিল। পুৰাণত উল্লেখ আছে যে ৬৭ বছৰ ধৰি দহটা অভিৰা জনগোষ্ঠীয়ে শাসন কৰিছিল। নাশিক শিলালিপিত ৰজা মাধুৰীপুত্ৰ ঈশ্বৰসেন, অভিৰ আৰু শিৱদতলাৰ এজন পুত্ৰৰ কথা কোৱা হৈছে। এই বংশৰ উৎপত্তি ২৪৯–২৫০ খ্ৰীষ্টাব্দত হৈছিল, যিটো যুগক পৰৱৰ্তী সময়ত কলাচুৰি বা চেদি বুলি কোৱা হৈছিল ।[19]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Why Nashik is the wine capital of India - Asia-Pacific - RFI". 25 September 2016. Archived from the original on 9 April 2018. Retrieved 9 April 2018.
  2. "Nashik civic body's term ends, NMC to get administrator from March 15". The Times of India. 4 March 2022. https://timesofindia.indiatimes.com/city/nashik/nashik-civic-bodys-term-ends-nmc-to-get-administrator-from-march-15/articleshow/89980059.cms.
  3. "Administrative rule over the Nashik Municipal Corporation". Lokmat Times. 4 March 2022. https://www.lokmattimes.com/nashik/administrative-rule-over-the-nashik-municipal-corporation-a498/amp/.
  4. "Dr. Ashok Karanjkar". Nashik District, Government of Maharashtra | India. https://nashik.gov.in/whoswho/dr-ashok-karanjkar/ আহৰণ কৰা হৈছে: 27 June 2024.
  5. "Nashik Municipal Corporation". nashikcorporation.in. Archived from the original on 10 January 2020. https://web.archive.org/web/20200110113426/http://nashikcorporation.in/upload/download/1927_DPReportU-S28.pdf আহৰণ কৰা হৈছে: 24 November 2020.
  6. "Cities having population 1 lakh and above". Census of India 2011. The Registrar General & Census Commissioner, India. http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf আহৰণ কৰা হৈছে: 29 December 2012.
  7. "Major Agglomerations". censusindia.gov.in. http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_3_PR_UA_Citiees_1Lakh_and_Above.pdf আহৰণ কৰা হৈছে: 25 January 2014.
  8. "jjkent.com". jjkent.com. Archived from the original on 27 January 2013. Retrieved 28 September 2013
  9. "Why Nashik is the wine capital of India - Asia-Pacific - RFI". 25 September 2016. Archived from the original on 9 April 2018. Retrieved 9 April 2018
  10. "Visit Nashik, Wine Capital of India". CNN. 14 November 2017. Archived from the original on 9 April 2018. Retrieved 9 April 2018
  11. "History of Kumbh Mela – Origin of Kumbh Mela". Kumbhamela.net. Archived from the original on 18 September 2018. Retrieved 2 July 2015.
  12. "Development and present Status of Nashik District" (PDF). Archived (PDF) from the original on 9 April 2018. Retrieved 9 April 2018.
  13. "Development and present Status of Nashik District" (PDF). Archived (PDF) from the original on 9 April 2018. Retrieved 9 April 2018.
  14. Dalal, Roshen (2010). The Religions of India: A Concise Guide to Nine Major Faiths. Penguin Books India. ISBN 978-0-14-341517-6.
  15. Irvine, William (1971). Later Mughal. Atlantic Publishers and Distributors. p. 43.
  16. Shah, Vaishali (11 July 2019). Hindu Culture and Lifestyle: Living Indian Traditions in the age of Artificial Intelligence. Notion Press. p. 106. ISBN 978-1-64587-608-3.
  17. https://en.wikipedia.org/wiki/History_of_Nashik
  18. https://en.wikipedia.org/wiki/History_of_Nashik
  19. "Archived copy" (PDF). Archived from the original (PDF) on 10 February 2012. Retrieved 17 May 2013.