নাছিম জেহৰা
| নাছিম জেহৰা | |
|---|---|
২০১০ চনত জেহৰা | |
| জন্ম | ০৮ জানুৱাৰী, ১৯৫৯ (৬৬ বছৰ) লাহোৰ, পঞ্জাব, পাকিস্তান |
| ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
| নাগৰিকত্ব | পাকিস্তান |
| শিক্ষানুষ্ঠান | ফ্লেটছাৰ স্কুল অৱ ল এণ্ড ডিপ্লোমেচি, কুৱেইড-ই-আজম বিশ্ববিদ্যালয় |
| পেচা | টেলিভিছন সাংবাদিক ৰাষ্ট্ৰীয় সুৰক্ষাৰ নিয়মীয়া ধাৰাভাষ্যকাৰ লেখিকা |
| সক্ৰিয় হৈ থকা সময় | ২০০০ - বৰ্তমানলৈকে |
| নিয়োগকৰ্তা | 24 Digital (২০১৫-বৰ্তমান) |
| উল্লেখযোগ্য কৰ্ম | কাৰ্গিল যুদ্ধ সম্পৰ্কীয় গ্ৰন্থ |
| আত্মীয়-স্বজন | জুগ্গান কাজিম (পিটিভি এংকৰপাৰচন) (ভতিজী) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ২০১৬ চনত সাংবাদিকতালৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগাহী বঁটা |
নাছিম জেহৰা (ইংৰাজী: Nasim Zehra) এগৰাকী পাকিস্তানী সাংবাদিক আৰু লেখক যিয়ে চেনেল ২৪ত প্ৰাইমটাইম কাৰেণ্ট এফেয়াৰ্ছ টকশ্ব' আয়োজন কৰে।[1][2][3]
শিক্ষা আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]জেহৰাই পাকিস্তানৰ কোৱাইড-ই-আজম বিশ্ববিদ্যালয়ত ব্যৱসায় বিষয়ত অধ্যয়ন কৰে আৰু পিছলৈ ১৯৮৯ চনত টাফ্টছ বিশ্ববিদ্যালয়ৰ ফ্লেচাৰ স্কুলত কূটনীতি বিষয়ত অধ্যয়ন কৰে। জেহৰাই ২০০৬ চনত জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ স্কুল অৱ এডভান্সড ইণ্টাৰনেশ্যনেল ষ্টাডিজত অতিথি প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,[4] আৰু পিছলৈ ২০১০ চনত কোৱাইড-ই-আজম বিশ্ববিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰে।.[2][5]
২০০৮ চনৰ নৱেম্বৰ মাহত তেওঁ দুনিয়া নিউজত এংকৰ হিচাপে যোগদান কৰে আৰু ২০১৩ চনৰ ফেব্ৰুৱাৰীলৈকে টিভি অনুষ্ঠান পলিচি মেটাৰ্ছৰ আয়োজক আছিল।[4][2] সেই সময়ছোৱাত মাইকেল মুলেনকে ধৰি কেইবাজনো ৰাষ্ট্ৰীয় আৰু বিশ্বৰ নেতাৰ তেওঁ সাক্ষাৎকাৰ লৈছিল। ২০১৩ চনৰ এপ্ৰিল মাহত কেপিটেল টিভিলৈ জেহৰা গুচি যায় আৰু চেনেলটোৰ কাৰেণ্ট এফেয়াৰ্ছ এডিটৰ হয়। ২০১৪ চনৰ অক্টোবৰ মাহত তেওঁ কেপিটেল টিভি এৰে। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ নেচনেল ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন'লজিত অতিথি অধ্যাপিকা হিচাপে যোগদান কৰে আৰু ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহলৈকে সেই পদত থাকে।২০১৪ চনৰ অক্টোবৰ মাহত তেওঁ চেনেল ২৪ত যোগদান কৰে।[5]
২০১৮ চনত তেওঁ ফ্ৰম কাৰ্গিল টু দ্য ক্যুপ: ইভেণ্টছ থুক পাকিস্তান নামৰ গ্ৰন্থখন মুকলি কৰে, য’ত কাৰ্গিল সংঘাতৰ প্ৰসংগ আৰু ভাৰত-পাকিস্তানৰ সম্পৰ্কত বুৰঞ্জী লিপিবদ্ধ হৈছে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সাংবাদিক আৰু পাকিস্তানৰ বৈদেশিক নীতি আৰু সামৰিক বিষয়ৰ সৈতে পৰিচিত লোকৰ এটা পেনেলে সাংবাদিক আৰিফ নিজামী, সোহেইল ৱাৰাইচ আৰু প্ৰাক্তন বৈদেশিক সচিব ছলমান বছিৰে গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰে।[1][2][6]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]সাংবাদিকতাত উৎকৃষ্টতাৰ বাবে আগাহী বঁটা - 'বছৰৰ সাংবাদিক' (বছৰৰ আটাইতকৈ বিশ্বাসযোগ্য এংকৰ) (২০১৬) পাকিস্তানৰ আগাহী ফাউণ্ডেচন নামৰ এটা অলাভজনক সংস্থাই প্ৰদান কৰে।[7]
গ্ৰন্থ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Abdullah Niazi (29 May 2018). "Book launch by Nasim Zehra: ‘From Kargil to the coup: Events that shook Pakistan'". Pakistan Today newspaper. https://www.pakistantoday.com.pk/2018/05/29/book-launch-by-nasim-zehra-from-kargil-to-the-coup-events-that-shook-pakistan/.
- ↑ 2.0 2.1 2.2 2.3 2.4 "Book Discussion: What Has Kargil Taught Us About Managing Foreign Affairs (includes profile of Nasim Zehra)". Lahore University of Management Sciences (LUMS) website. 11 February 2019. Archived from the original on 2 October 2020. https://web.archive.org/web/20201002022422/https://mgshss.lums.edu.pk/events/book-discussion-what-has-kargil-taught-us-about-managing-foreign-affairs। আহৰণ কৰা হৈছে: 23 September 2024.
- ↑ "Nasim Zehra's listed columns on Arab News newspaper". Arab News newspaper. https://www.arabnews.pk/authors/nasim-zehra.
- ↑ 4.0 4.1 4.2 "Profile of Nasim Zehra". PakistanHerald.com website. Archived from the original on 9 February 2020. https://web.archive.org/web/20200209031426/http://www.pakistanherald.com/profile/nasim-zehra-1046। আহৰণ কৰা হৈছে: 21 September 2024.
- ↑ 5.0 5.1 "Famous Pakistani Women - Naseem Zehra: TV Anchorperson and Journalist". woman.com.pk website. Archived from the original on 9 April 2022. https://web.archive.org/web/20220409235304/http://www.woman.com.pk/naseem-zehra.html। আহৰণ কৰা হৈছে: 23 September 2024.
- ↑ Ejaz Haider (28 August 2018). "The heights of folly: A critical look at the Kargil Operation". Dawn newspaper. https://herald.dawn.com/news/1398650.
- ↑ Adnan Aamir (11 December 2016). "Agahi Awards: Excellence in Journalism Awarded (Nasim Zehra won in 2016)". Balochistan Voices website. https://www.balochistanvoices.com/2016/12/agahi-awards-excellence-journalism-awarded/। আহৰণ কৰা হৈছে: 22 September 2024.