সমললৈ যাওক

নাজমা আখতাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাজমা আখতাৰ

২০২২ চনত আখতাৰ
জামিয়া মিলিয়া ইছলামিয়াৰ ১৫ সংখ্যক উপাচাৰ্য।
কাৰ্যকাল
১২ এপ্ৰিল ২০১৯  ১২ নৱেম্বৰ ২০২৩
চাঞ্চেলৰ নাজমা হেপটুল্লা
মুফাদ্দাল ছাইফুদ্দিন
পূৰ্বসূৰী অধ্যাপক তালাত আহমদ
উত্তৰসূৰী মাজহাৰ আছিফ
ব্যক্তিগত তথ্য
জন্ম ১৩ নৱেম্বৰ, ১৯৫৩ (৭২ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান আলিগড় মুছলিম বিশ্ববিদ্যালয়
কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়
পুৰস্কাৰ পদ্মশ্ৰী

নাজমা আখতাৰ (ইংৰাজী: Najma Akhtar; জন্মঃ ১৯৫৩) হ'ল এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু শৈক্ষিক প্ৰশাসক। তেওঁ ১২ এপ্ৰিল ২০১৯-ৰ পৰা ১২ নৱেম্বৰ ২০২৩-লৈকে জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] তেওঁ জেএমআইত এই পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা।[2] ২০২২ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল।[3]

আখতাৰৰ জন্ম হৈছিল ১৯৫৩ চনত।[4] তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয় অধ্যয়ন কৰিছিল আৰু তেওঁ স্বৰ্ণ পদক বিজয়ী হোৱাৰ লগতে ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিভা বৃত্তি লাভ কৰিছিল।[5] তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় পৰা শিক্ষাতত্ত্ব বিষয়ত পি.এইচডি. লাভ কৰিছে।[2][4][6] তেওঁ ইউকেৰ ৱাৰউইক বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় প্ৰশাসন অধ্যয়ন কৰিবলৈ কমনৱেলথ ফেল'শ্বিপ লাভ কৰিছিল আৰু লগতে পেৰিছৰ আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল।[6]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসন প্ৰতিষ্ঠানত পোন্ধৰ বছৰ ধৰি কাম কৰাৰ অভিজ্ঞতাৰে আখতাৰ পুষ্ট; আৰু ১৩০ খন দেশৰ জ্যেষ্ঠ বিষয়াসকলৰ বাবে তেওঁ অগ্ৰণী পাঠ্যক্ৰমসমূহৰ নেতৃত্ব দিছিল।[5] এলাহাবাদত তেওঁ প্ৰথম ৰাজ্যিক পৰ্যায়ৰ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপন কৰিছিল আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক আৰু শৈক্ষিক কাৰ্যসূচীৰ সঞ্চালক পদতো আছিল।[5] তেওঁ ইউনেস্কো, ইউনিচেফ আৰু ডানিডাৰ পৰামৰ্শদাতা হিচাপেও কাম কৰিছে।[5][7]

২০১৯ চনৰ এপ্ৰিলত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা আখতাৰক জামিয়া মিলিয়া ইছলামিয়াৰ উপাচাৰ্য হিচাপে পাঁচ বছৰৰ কাৰ্যকালৰ বাবে বা ৭০ বছৰ বয়স পৰ্যন্ত (যিটো আগতে হয়) আৰু ২০২৩ চনৰ ১২ নৱেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰাৰ অনুমোদন লাভ কৰিছিল।[2][7] আখতাৰ লিংগ সমতাৰ প্ৰবক্তা আৰু বিভিন্ন সাংস্কৃতিক পটভূমিৰ আগশাৰীৰ দলসমূহৰ বাবে জনাজাত।[4][8] তেওঁ কৈছিল যে, তেওঁৰ লক্ষ্য হৈছে তেওঁৰ কাৰ্যকালত জামিয়াত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা।[9] বিশ্ববিদ্যালয়খনৰ ৯৯ বছৰৰ ইতিহাসত প্ৰথমগৰাকী মহিলা উপাচাৰ্য হিচাপে তেওঁৰ নিযুক্তি সন্দৰ্ভত তেওঁ কয়, "মোৰ লক্ষ্য কাঁচৰ চিলিং ভাঙি পেলোৱা নহয় যদিও মই নিশ্চিতভাৱে কাঁচৰ চিলিঙৰ বিৰুদ্ধে আছিলোঁ। আনকি কিয় আছে, যদি আপুনি একে শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা লাভ কৰে?”[9] ২০২২ চনত আখতাৰক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল।[3] ২০২৩ চনৰ ১৯ জানুৱাৰীত তেওঁক কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হয় আৰু জামিয়া মিলিয়া ইছলামিয়াৰ "কৰ্ণেল্ কমাণ্ডেণ্ট" হিচাপে নিযুক্তি দিয়া হয়।[10]

অৱসৰৰ পিছৰ অনুভৱ

[সম্পাদনা কৰক]

নিজৰ কাৰ্যকালত নাজমাই তেওঁৰ কৃতিত্ব আৰু আৰম্ভ কৰা প্ৰকল্পসমূহৰ বিষয়ে অৱগত কৰি এনেদৰে‍ কয়,"মোৰ প্ৰথম কৃতিত্ব আছিল বিশ্ববিদ্যালয়খনে‍ প্ৰথমগৰাকী মহিলা ভি-চি হিচাপে গ্ৰহণ কৰা, যিটো ইমান আধুনিক নহয় বুলি গণ্য কৰা হয়। দ্বিতীয়তে, বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (এন আই আৰ এফ)ৰ ক’তো নাছিল যদিও মই যোগদান কৰাৰ প্ৰথম বছৰতে ই ১২ নং ৰেংক পাইছিল। দ্বিতীয় বছৰত দশম স্থান, তৃতীয় বছৰত ৬ষ্ঠ, চতুৰ্থ বছৰত তৃতীয় স্থান আৰু পঞ্চম বছৰত দেশৰ শীৰ্ষ তিনিটা প্ৰতিষ্ঠানৰ দৰেই একে ৰেংকিং বজাই ৰাখিছিল। মই কোনো কৰ্মচাৰী সলনি কৰি বা বিশ্ববিদ্যালয়ত অতিৰিক্ত পৰিৱৰ্তন কৰি এই কাম কৰা নাছিলো। কেৱল যে মই বিষয়াসকলৰ মাজত লুকাই থকা প্ৰতিভাক চিনাক্ত কৰিছিলোঁ।”[11]

তেওঁ লগতে উল্লেখ কৰে,"আমাৰ অভিযান্ত্ৰিক আৰু বিজ্ঞান বিভাগতো ছোৱালীৰ শতকৰা হাৰ বৃদ্ধি কৰিবলৈ সক্ষম হ’লোঁ। ছোৱালীৰ শতাংশৰ ক্ষেত্ৰত আমি আই আই টিতকৈ আগবাঢ়িছো। মই মোৰ কাৰ্যকালত পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, ডিজাইন আৰু উদ্ভাৱন বিভাগ, বিদেশী ভাষা বিভাগ, ভাইৰ’লজী বিভাগ আদিকে ধৰি বহু নতুন পাঠ্যক্ৰমো আৰম্ভ কৰিলোঁ।"[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Jamia Millia: Eqbal Hussain named Acting V-C as Najma Akhtar retires". www.punjabnewsexpress.com. https://www.punjabnewsexpress.com/news/news/jamia-millia-eqbal-hussain-named-acting-v-c-as-najma-akhtar-retires-227837 আহৰণ কৰা হৈছে: 2023-11-13.
  2. 1 2 3 Amandeep Shukla (12 April 2019). "Professor Najma Akhtar appointed Jamia Millia's first woman vice-chancellor". Hindustan Times. https://www.hindustantimes.com/delhi-news/professor-najma-akhtar-appointed-jamia-millia-s-first-woman-vice-chancellor/story-GbOEPKTxtSiDUTxuzj9vGJ.html আহৰণ কৰা হৈছে: 13 April 2019.
  3. 1 2 "Jamia's First Female VC Najma Akhtar Selected for Padma Shri" (en ভাষাত). News18. 2022-01-26. https://www.news18.com/news/education-career/jamias-first-female-vc-najma-akhtar-selected-for-padma-shri-4698719.html আহৰণ কৰা হৈছে: 2022-03-21.
  4. 1 2 3 "Who is Najma Akhtar, Jamia's first woman V-C?". Okhla Times. 11 April 2019. http://www.okhlatimes.com/jamia-first-woman-v-c/ আহৰণ কৰা হৈছে: 3 May 2019.
  5. 1 2 3 4 "Jamia gets its first woman vice-chancellor". The New Indian Express. 11 April 2019. https://www.newindianexpress.com/cities/delhi/2019/apr/11/jamia-gets-its-first-woman-vice-chancellor-1963139.html আহৰণ কৰা হৈছে: 3 May 2019.
  6. 1 2 "Academician Najma Akhtar Appointed First Woman Vice-Chancellor of Jamia Millia Islamia". News18.com. 11 April 2019. https://www.news18.com/news/india/academician-najma-akhtar-appointed-first-woman-vice-chancellor-of-jamia-millia-islamia-2099015.html আহৰণ কৰা হৈছে: 3 May 2019.
  7. 1 2 Kunju, Shihabudeen (11 April 2019). "Jamia Gets Its First Woman Vice-Chancellor". NDTV. https://www.ndtv.com/education/professor-najma-akhtar-jamia-millia-islamia-jmi-gets-its-first-woman-vice-chancellor-2021764 আহৰণ কৰা হৈছে: 3 May 2019.
  8. "Prof. Najma Akhtar appointed as first lady VC of Jamia Millia Islamia". The Indian Awaaz. 12 April 2019. https://theindianawaaz.com/prof-najma-akhtar-appointed-as-first-lady-vc-of-jamia-millia-islamia/ আহৰণ কৰা হৈছে: 3 May 2019.
  9. 1 2 "amia Millia's first woman VC Najma Akhtar didn't aim to break glass ceiling but was against its very existence". Hindustan Timesdate=13 April 2019. https://www.hindustantimes.com/education/jamia-millia-s-first-woman-vc-najma-akhtar-didn-t-aim-to-break-glass-ceiling-but-was-against-its-very-existence/story-AEWFp7xqbf7koQhfNrlQEJ.html আহৰণ কৰা হৈছে: 3 May 2019.
  10. "JMI Vice Chancellor Prof. Najma Akhtar conferred Honorary Colonel rank in NCC". jmi.ac.in. https://www.jmi.ac.in/upload/publication/pr1_English_2023January19.pdf আহৰণ কৰা হৈছে: 13 February 2023.
  11. 1 2 "Retiring but not tired: JMI V-C Najma Akhtar". https://www.newindianexpress.com/cities/delhi/2023/Nov/01/retiring-but-not-tired-jmi-v-c-najma-akhtar-2628976.html আহৰণ কৰা হৈছে: 5 February 2025.