সমললৈ যাওক

নাজমা ছাদিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাজমা ছাদিক
জন্ম ১৯৪৩
বংগ, বৃটিছ ভাৰত
মৃত্যু ৮ জানুৱাৰী ২০১৫
কৰাচী
ৰাষ্ট্ৰীয়তা পাকিস্তান
পেচা সাংবাদিক, লেখক, মানৱ অধিকাৰ কৰ্মী
জনা যায় শ্বিৰকত গহৰ প্ৰতিষ্ঠা। (১৯৭৫)
উইমেন একছন ফৰাম (WAF), পাকিস্তান (১৯৮৬)
উল্লেখযোগ্য কৰ্ম হাউ দে ৰান পাকিস্তান, হাউ দে ৰান দ্য ৱল্ড, আৰু অন্যান্য

নাজমা ছাদিক (ইংৰাজী: Najma Sadeque (জন্ম, ১৯৪৩ –মৃত্যু, ৮ জানুৱাৰী ২০১৫) আছিল এগৰাকী বিশিষ্ট পাকিস্তানৰ সাংবাদিক, লেখিকা, মানৱ অধিকাৰ কৰ্মী, শিল্পী, পৰিৱেশবিদ আৰু চিত্ৰশিল্পী। আৰ্থ-সামাজিক বিষয়ৰ ওপৰতো গৱেষণা কৰি অসংখ্য গ্ৰন্থ আৰু প্ৰবন্ধ লিখিছিল। ১৯৭৫ চনত মহিলাৰ বিৰুদ্ধে হোৱা মানৱ অধিকাৰ উলংঘাৰ ওপৰত আলোকপাতৰ বাবে মহিলা বেচৰকাৰী সংস্থা শ্বিৰকট গাহৰ সহ-প্ৰতিষ্ঠা কৰে। তেওঁ পাকিস্তানৰ মহিলা কাৰ্য্য মঞ্চ (WAF)ৰো সহ-প্ৰতিষ্থাপক আছিল।[1][2]

১৯৪৩ চনত বৃটিছ ভাৰতৰ বংগত জন্মগ্ৰহণ কৰা ছাদিকে পূব পাকিস্তানৰ তথা বৰ্তমান বাংলাদেশৰ কৃষকৰ গ্ৰাম্য পৰিৱেশত ডাঙৰ-দীঘল হোৱা ছাদিকক তেওঁৰ ভৱিষ্যতৰ চিন্তাধাৰাত প্ৰভাৱ পেলায়। ঢাকাৰ ভিকাৰুন্নিছা নন স্কুল এণ্ড কলেজত অধ্যয়ন কৰা ছানীয়ে ইংৰাজী ভাষাত লিখাৰ ব্যতিক্ৰমী দক্ষতাৰ বাবে পৰিচিত আছিল। বিয়াৰ পাছত তেওঁ কৰাচীলৈ গুচি যায়। কৰাচীত তেওঁ প্ৰথমে এটা বিজ্ঞাপন সংস্থাত কপিৰাইটাৰ হিচাপে কাম কৰে। ১৯ বছৰ বয়সত তেওঁ কৰাচীত প্ৰথম চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে।[2]

ছাদিকে কেইবাখনো কাকতৰ সাংবাদিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে, প্ৰথমে 'ডন' আৰু তাৰ পিছত 'দ্য নিউজ ' আৰু 'দ্য নিউজ ইণ্টাৰনেশ্যনেলৰ' সৈতে।

১৯৭৫ চনত নিজৰ দেশত মানৱ অধিকাৰ উলংঘাৰ প্ৰাদুৰ্ভাৱৰ বাবে দুখী হৈ ছাদিকে আন সাতজনৰ সৈতে শ্বিৰকত গাহ নামৰ এটা বেচৰকাৰী সংস্থা প্ৰতিষ্ঠা কৰে। ১৯৮১ চনত পাকিস্তানত মহিলা কৰ্ম মঞ্চ (WAF) প্ৰতিষ্ঠা কৰে; ইয়াৰ মূল কাৰণ আছিল পাকিস্তানৰ তেতিয়াৰ ৰাষ্ট্ৰপতি জেনেৰেল জিয়া-উল-হকে কাৰ্যকৰী কৰা আইনসমূহৰ অধীনত মহিলাৰ অধিকাৰ উলংঘা। তেখেতে দ্য নিউজৰ বাবে "উই- এ উইকলী মেগাজিন" প্ৰকাশ কৰিছিল, পিছলৈ "দ্য নিউজ অন ফ্ৰাইডে" আৰু তাৰ পিছত "দ্য নিউজ অন চানদে" নামেৰে নামকৰণ কৰিছিল, য'ত বহুতো বিষয়ৰ ওপৰত প্ৰবন্ধ প্ৰকাশ কৰা হৈছিল। দ্য নিউজ এৰি যোৱাৰ পাছত তেওঁ দ্য নিউজকে ধৰি কেইবাখনো বাতৰি কাকতৰ বাবে ফ্ৰীলান্স সাংবাদিক হিচাপে কাম কৰিছিল, মানৱ অধিকাৰ, লিংগ বিষয় আৰু পৰিৱেশৰ সৈতে জড়িত বিষয়সমূহ সামৰি লৈছিল। [3] বাতৰি কাকতৰ কাম-বন্ধ কৰাৰ পাছত শ্বিৰকট গাহ আৰু ডব্লিউ এ এফৰ কাম-কাজৰ প্ৰচাৰৰ বাবে বেছিভাগ সময় উছৰ্গা কৰিছিল।

২০১৫ চনৰ ৮ জানুৱাৰীত ৭২ বছৰ বয়সত কৰাচীত বৃক্ক বিকলতা আৰু বুকুৰ জমা হোৱাৰ বাবে ছাদিকৰ মৃত্যু হয়। [2][3] তেওঁৰ কন্যা ডেনেব সুম্বুল নামৰ এজন তথ্যচিত্ৰ নিৰ্মাতাই মাতৃক শ্ৰদ্ধাঞ্জলি জনাই লিখিছে-

মোৰ আচৰিত, অদম্য মাতৃক মই কিমান ধৰণে বৰ্ণনা কৰিব পাৰো – তেওঁ অগণন ভূমিকা পালন কৰিছিল – শেষলৈকে এগৰাকী কৰ্মী, ৩৫ বছৰতকৈও অধিক সময় ধৰি এগৰাকী সাংবাদিক, ডব্লিউ এ এফৰ অন্যতম প্ৰতিষ্থাপক সদস্য, আৰু এনে এগৰাকী যিয়ে বহু আগ্ৰহী আছিল আৰু আচৰিত ধাৰণা আৰু নতুন দৃষ্টিভংগীৰ বাবে কেতিয়াও অভাৱ নাছিল।" [2]

দ্য নিউজৰ "ইউ মেগাজিন"ত প্ৰকাশিত তেওঁৰ চূড়ান্ত প্ৰবন্ধত ছাদিকে লিখিছে: "কৰ্মীসকলে মহিলাসকলক নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব লাগিব। এইটো মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ সৈতে গভীৰভাৱে জড়িত। কথা-বতৰা আৰম্ভ কৰক।"

প্ৰকাশিত কৰ্মৰাজি

[সম্পাদনা কৰক]

ছাদিকে তেওঁৰ বিস্তৃত গৱেষণাৰ ভিত্তিত বহুতো কিতাপ আৰু প্ৰবন্ধ লিখিছিল, যেনে হাউ ডে ৰান পাকিস্তান, হাউ ডে ৰান দ্য ৱৰ্ল্ড, হাউ ডে কিল দ্য ৱৰ্ল্ড, ফাইনেন্সিয়েল টেৰৰিজম, গ্ৰাউণ্ড ৰিয়েলিটিজ। তেওঁৰ প্ৰবন্ধসমূহ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন আৰু কিতাপতো প্ৰকাশ পাইছিল। মৃত্যুৰ সময়ত তেওঁ মাতৃ ড° চৈয়দা ফাতিমা ছাদিকৰ কোৰআনৰ ওপৰত লিখা গ্ৰন্থৰ ইংৰাজী অনুবাদ সম্পাদনা কৰি আছিল।[2]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. Havel 2007, পৃষ্ঠা. 275.
  2. 2.0 2.1 2.2 2.3 2.4 Hasan, Shazia (9 January 2015). "Rights activist, journalist Najma Sadeque is dead". Dawn. http://www.dawn.com/news/1155846। আহৰণ কৰা হৈছে: 17 March 2016. 
  3. 3.0 3.1 "Veteran journalist Najma Sadeque passes away". The News. 9 January 2015. http://www.thenews.com.pk/print/17256-veteran-journalist-najma-sadeque-passes-away। আহৰণ কৰা হৈছে: 17 March 2016. 

গ্ৰন্থতালিকা

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]