নাজানিন আফছিন-জাম
| নাজানিন আফছিন-জাম | |
|---|---|
হেলিফেক্সত ৰাজকুমাৰ চাৰ্লছৰ আগমনৰ সময়ত আফছিন-জাম-মেককে | |
| স্থানীয় নাম | نازنین افشین جم |
| জন্ম | ১১ এপ্ৰিল ১৯৭৯ তেহৰান, ইৰান |
| শিক্ষানুষ্ঠান | ইউনিভাৰ্চিটি অব ব্ৰিটিছ কলম্বিয়া (কলা শাখাৰ স্নাতক) |
| পদবী | মিছ ৱৰ্ল্ড কানাডা ২০০৩ |
| দাম্পত্যসঙ্গী | পিটাৰ মেককে (বিবাহ: ৪ জানুৱাৰী ২০১২) |
| সন্তান | ৩ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | মিছ ৱৰ্ল্ড কানাডা ২০০৩ (বিজয়ী), মিছ ৱৰ্ল্ড ২০০৩ (প্ৰথম ৰানাৰ্ছ-আপ) |
নাজানিন আফছিন-জাম (ফাৰ্চী: نازنین افشین جم; জন্ম: ১১ এপ্ৰিল ১৯৭৯) হৈছে এগৰাকী ইৰানীয়-কানাডীয় মানৱ অধিকাৰ কৰ্মী, লেখিকা, ৰাজহুৱা বক্তা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে 'মিছ ৱৰ্ল্ড কানাডা ২০০৩'ৰ মুকুট লাভ কৰিছিল। তেওঁ 'ষ্টপ চাইল্ড এগ্জিকিউশ্বনছ'ৰ (শিশু মৃত্যুদণ্ড বন্ধ কৰা সংগঠন) সভানেত্ৰী আৰু সহ-প্ৰতিষ্ঠাপক হোৱাৰ লগতে 'দ্য নাজানিন ফাউণ্ডেচন'ৰো প্ৰতিষ্ঠাপক।[1] তেওঁ ১৯৮১ চনত নিজৰ পৰিয়ালৰ সৈতে কানাডালৈ প্ৰব্ৰজন কৰে আৰু কানাডাৰ প্ৰাক্তন ন্যায় আৰু এটৰ্নী জেনেৰেল মন্ত্ৰী পিটাৰ মেককেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নাজানিন আফছিন-জামৰ জন্ম ১৯৭৯ চনৰ ১১ এপ্ৰিলত ইৰানৰ তেহৰানত হৈছিল। তেওঁৰ পিতৃ তেহৰানৰ শ্বেৰাটন হোটেলৰ (বৰ্তমান তেহৰান হোমা হোটেল) মুৰব্বী আছিল, য’লৈ প্ৰায়েই পশ্চিমীয়া লোকসকল আহিছিল। ইৰান বিপ্লৱৰ পূৰ্বে তেওঁৰ মাতৃয়ে খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰিছিল আৰু আফছিন-জাম তথা তেওঁৰ বায়েকক মাতৃৰ ধৰ্মীয় বিশ্বাসৰ মাজেৰেই ডাঙৰ-দীঘল কৰা হৈছিল।[2] ইৰান বিপ্লৱৰ সময়ত তেওঁৰ পিতৃক ৰিপাব্লিকান গাৰ্ডে কাৰাগাৰত বন্দী কৰিছিল। কাৰাদণ্ডৰপৰা মুক্তি পোৱাৰ পিছত তেওঁ নিজ পৰিয়ালৰ সৈতে ইৰানৰপৰা স্পেইনলৈ পলাই যায় আৰু তাত এবছৰ থকাৰ পিছত তেওঁলোকে কানাডালৈ প্ৰব্ৰজন কৰি ভেংকুৱাৰত নিগাজিকৈ বসবাস কৰিবলৈ লয়।[3][4]
শিক্ষা আৰু ৰেড ক্ৰছৰ কাম
[সম্পাদনা কৰক]আফছিন-জামে ইউনিভাৰ্চিটি অৱ ব্ৰিটিছ কলম্বিয়াৰপৰা আন্তৰ্জাতিক সম্পৰ্ক আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১১ চনত তেওঁ নৰৱিচ ইউনিভাৰ্চিটিৰপৰা কূটনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু তেওঁক ইউনিভাৰ্চিটি অৱ ৱেষ্টাৰ্ণ অণ্টাৰিঅ’ৰপৰা আইন বিভাগৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।[5]
স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত, আফছিন-জামে ৰেড ক্ৰছৰ সৈতে এগৰাকী গোলকীয় যুৱ শিক্ষয়িত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।[5] ইয়াত তেওঁ ভূ-গৰ্ভস্থ মাইন, শিশু আৰু যুদ্ধ, দৰিদ্ৰতা-ৰোগৰ চক্ৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল।[6]
মিছ ৱৰ্ল্ড ২০০৩
[সম্পাদনা কৰক]আফছিন-জামে 'মিছ ৱৰ্ল্ড কানাডা ২০০৩'ৰ খিতাপ লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০০৩ চনৰ ৬ ডিচেম্বৰত চীনৰ সানিয়াত অনুষ্ঠিত হোৱা 'মিছ ৱৰ্ল্ড ২০০৩' প্ৰতিযোগিতাত কানাডাক প্ৰতিনিধিত্ব কৰে আৰু তাত প্ৰথম ৰানাৰ্ছ-আপৰ স্থান লাভ কৰে।[7]
সক্ৰিয়তা আৰু বঁটাসমূহ
[সম্পাদনা কৰক]২০০৫ চনৰ মাৰ্চ মাহত কাৰাজ চহৰত নাজানিন মাহাবাদ ফাতেহী নামৰ এগৰাকী ১৮বছৰীয়া ইৰানীয় যুৱতীক আৰু তেওঁৰ ভাগিনয়েকক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা তিনিজন পুৰুষৰ এজনক ছুৰীৰে আঘাত কৰাৰ অপৰাধত ফাঁচিৰ শাস্তি বিহা হৈছিল। আফছিন-জামে এই মৃত্যুদণ্ডৰ তীব্ৰ বিৰোধিতা কৰিছিল।[8] আফছিন-জামে ফাতেহীৰ মুক্তিৰ বাবে এক বিশ্বজোৰা গণ-স্বাক্ষৰ অভিযান আৰম্ভ কৰিছিল, যিয়ে সমগ্ৰ বিশ্বতে ৩,৫০,০০০ তকৈও অধিক স্বাক্ষৰ লাভ কৰিবলৈ সক্ষম হৈছিল।[9] তেওঁ নিজৰ বাৰটা গীত সম্বলিত একে নামৰ এলবামৰ চামডে’ নামৰ গীতটো নাজানিন ফাতেহীৰ বাবে উৎসৰ্গা কৰিছিল।[10] অৱশেষত, আন্তৰ্জাতিক সম্প্ৰদায়ৰ হেঁচাত ২০০৬ চনৰ জুন মাহত ন্যায়পালিকাৰ মুৰব্বীয়ে ফাতেহীক পুনৰ বিচাৰৰ সুযোগ প্ৰদান কৰে। পিছৰ বছৰৰ জানুৱাৰী মাহত ফাতেহীক হত্যাকাণ্ডৰ গোচৰৰপৰা দোষমুক্ত কৰা হয়। আফছিন-জামে অনলাইনযোগে জামিনৰ বাবে ৪৩,০০০ ডলাৰ সংগ্ৰহ কৰাৰ পাছত ফাতেহীক মুকলি কৰি দিয়া হয় আৰু উকীলে তেওঁৰ গোচৰটো চম্ভালে।[11] ফাতেহীক বচাবলৈ কৰা অহোপুৰুষাৰ্থৰ বাবে আফছিন-জামক 'ইউথ ফৰ হিউমেন ৰাইটছ ইণ্টাৰনেচনেল' আৰু 'আৰ্টিষ্ট ফৰ হিউমেন ৰাইটছ'ৰ তৰফৰপৰা 'হিৰো ফৰ হিউমেন ৰাইটছ বঁটা' প্ৰদান কৰা হয়।[12][13]
নাজানিন ফাতেহীৰ বিচাৰৰ সময়ত দুয়োগৰাকী ইৰানীয় নাজানিনৰ জীৱন কেনেকৈ এক হৈছিল, তাৰ কাহিনী বৰ্ণনা কৰি আফছিন-জাম আৰু চুজান মেকক্লেলেণ্ডৰ যুটীয়াভাৱে লিখিত কিতাপ দ্য টেইল অৱ টু নাজানিনচ ২০১২ চনত হাৰ্পাৰকলিন্সৰদ্বাৰা প্ৰকাশিত হৈছিল।[14]
আফছিন-জামে 'ষ্টপ চাইল্ড এগ্জিকিউশ্বনছ কেম্পেইন' (শিশু মৃত্যুদণ্ড বন্ধ কৰাৰ অভিযান) আৰম্ভ কৰিছিল আৰু মৃত্যুদণ্ডৰ সন্মুখীন হোৱা শিশুসকলক সহায় কৰিবলৈ আবেদন জনাইছিল। ২০০৮ চনত এই অভিযানক এটা অনা-লাভকাৰী সংগঠন হিচাপে পঞ্জীয়ন কৰা হয়। তেওঁ এই সংগঠনটোৰ সহ-প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী, যাৰ উদ্দেশ্য হৈছে ইৰান আৰু বিদেশত নাবালকৰ মৃত্যুদণ্ড স্থায়ীভাৱে বন্ধ কৰা।[15]
২০০৮ চনৰ ২৩ ছেপ্টেম্বৰত যেতিয়া মাহমুদ আহমাদিনেজাদে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক সম্বোধন কৰিছিল, তেতিয়া আফছিন-জামে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ বিপৰীতে থকা ডগ হামাৰস্কজোল্ড পাৰ্কত 'আহমাদিনেজাদছ ৱাল অৱ শ্বেম' নামৰ এক প্ৰতিবাদী সমদলৰ আয়োজন কৰিছিল।[16] আফছিন-জামে নৱেম্বৰ মাহত ইউনিভাৰ্চিটি অৱ ব্ৰিটিছ কলম্বিয়াৰ এলামনাই এছ’চিয়েশ্যনৰপৰা 'গ্ল’বেল চিটিজেনশ্বিপ বঁটা' লাভ কৰে।[17] ইয়াৰ পিছৰ বছৰৰ এপ্ৰিল মাহত চুইজাৰলেণ্ডৰ জেনেভাত থকা 'ইউএন ৱাটচ'ৰপৰা তেওঁ 'মানৱ অধিকাৰ হিৰো বঁটা' লাভ কৰে।[18] আফছিন-জামক ওৱাইএমচিএ-ৰ 'পাৱাৰ অৱ পিচ বঁটা'ৰদ্বাৰা 'ইমাৰ্জিং লিডাৰ পিচমেকাৰ বঁটা'ও প্ৰদান কৰা হৈছিল।[19]
একে বছৰতে আফছিন-জামে আন ২৬৬ গৰাকী ইৰানীয় শিক্ষাবিদ, লেখক, শিল্পী আৰু সাংবাদিকৰ সৈতে মিলি বাহাই ধৰ্মৰ লোকসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ সন্দৰ্ভত ইৰানিয়ান ডট কমত প্ৰকাশিত এখন মুকলি ক্ষমা পত্ৰত স্বাক্ষৰ কৰিছিল।[20] তেওঁ মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ বাবে প্ৰথম বাৰ্ষিক জেনেভা সন্মিলনৰ সভাপতিত্বও কৰিছিল।[21]
আফছিন-জামে ২০১২ চনত তেহৰানত থকা কানাডাৰ দূতাবাস বন্ধ কৰাৰ সপক্ষে ওকালতি কৰিছিল।[22] আফছিন-জামে 'কুুইন এলিজাবেথ দ্বিতীয় ডায়মণ্ড জুবিলী মেডেল' লাভ কৰিছিল।[23] ২০১৬ চনত তেওঁক ইউনিভাৰ্চিটি অৱ ৱেষ্টাৰ্ণ অণ্টাৰিঅ’ৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।[24]
চলচ্চিত্ৰৰ কাম
[সম্পাদনা কৰক]আফছিন-জামে আন আঠগৰাকী মহিলা অধিকাৰ কৰ্মীৰ সৈতে অনাৰ ডায়েৰীজ নামৰ তথ্যচিত্ৰখনত অংশগ্ৰহণ কৰিছিল, যিয়ে মুছলিম সংখ্যাগৰিষ্ঠ সমাজত লিংগভিত্তিক হিংসা আৰু বৈষম্যৰ বিষয়সমূহ অন্বেষণ কৰে। ইয়াত আন কৰ্মীসকলৰ লগতে তেওঁৰ ব্যক্তিগত কাহিনীও প্ৰদৰ্শন কৰা হৈছিল, যিসকল সকলোৱে সন্মান-ভিত্তিক সমাজত সোমাই থকা লিংগ কুসংস্কাৰৰ বিৰুদ্ধে যুঁজিবলৈ কাম কৰি আছে।[25]
তেওঁ স্কুবি-ডু ২: মনষ্টাৰ্ছ আনলিচড চলচ্চিত্ৰখনত 'শ্বেগী চিক'ৰ চৰিত্ৰতো অভিনয় কৰিছিল, য’ত যাদুকৰী ঔষধৰ এটা ধেমেলীয়া দৃশ্যৰ সময়ত কম্পিউটাৰ-জেেনৰেটেড ইমেজেৰী (চিজিআই) ব্যৱহাৰ কৰি মেথিউ লিলাৰ্ডৰ মুখখন তেওঁৰ শৰীৰৰ সৈতে সংযোগ কৰা হৈছিল।[26]
সংগীত
[সম্পাদনা কৰক]২০০৭ চনৰ এপ্ৰিল মাহত বোডোগ মিউজিকৰদ্বাৰা আফছিন-জামৰ প্ৰথমটো এলবাম চামডে’ মুক্তি লাভ কৰে। ইয়াত আলাবিনাৰদ্বাৰা প্ৰভাবিত বিশ্ব সংগীতকে ধৰি বিভিন্ন ধাৰাৰ সংগীত সন্নিৱিষ্ট হৈছে।[27]
আফছিন-জামৰ কেইবাটাও গীতে শীৰ্ষ ৩০ আৰু শীৰ্ষ ৪০ৰ চাৰ্টত স্থান লাভ কৰিছে। তেওঁৰ প্ৰথম একক গীত আই ডান্স ৪ ইউ মিউজিক উইক - কমাৰ্চিয়েল পপ টপ ৩০ ক্লাৱ চাৰ্টৰ ২০ নম্বৰ স্থানত আছিল (গীতটোৰ এটা মিউজিক ভিডিঅ’ও মুক্তি দিয়া হৈছে)। আফছিন-জামৰ একক গীত চামডে’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এফএমকিউবি টপ ৪০ চাৰ্টত ওপৰলৈ উঠি বৰ্তমান ৭ নম্বৰ স্থানত আছে।[28] তেওঁৰ নতুন একক গীত আই ডুই এডাল্ট কনটেম্পৰেৰী মিউজিকৰ বিলবোৰ্ড চাৰ্টত ৩৯ নম্বৰ স্থান লাভ কৰিছিল। বৰদিনৰ এটা একক গীত অন ক্ৰীষ্টমাছ ডে’য়ো চাৰ্টত স্থান লাভ কৰি এচিকিউবি চাৰ্টত ৫৯ নম্বৰ স্থান লাভ কৰিছিল। এই গীতটোৰপৰা পোৱা ধন 'ষ্টপ চাইল্ড এগ্জিকিউশ্বনছ কেম্পেইন'লৈ (শিশু মৃত্যুদণ্ড বন্ধ কৰাৰ অভিযান) আগবঢ়োৱা হয়।[29]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]এগৰাকী অনুজ্ঞাপত্ৰ প্ৰাপ্ত পাইলট হিচাপে, আফছিন-জামে ইঞ্জিন চালিত বিমান আৰু গ্লাইডাৰ দুয়োবিধেই উৰুৱাব পাৰে। তেওঁ ৰয়েল কানাডিয়ান এয়াৰ কেডেটছত সৰ্বোচ্চ পদবী— ৱাৰেণ্ট অফিচাৰ ফাৰ্ষ্ট ক্লাছ অৰ্জন কৰিছিল।[30] তেওঁ কেথলিক পৰিৱেশত ডাঙৰ-দীঘল হৈছিল আৰু বৰ্তমানো এগৰাকী সক্ৰিয় কেথলিক ধৰ্মাৱলম্বী।[31][32][33]
২০১১ চনত তেওঁ নৰৱিচ ইউনিভাৰ্চিটিৰপৰা কূটনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[34] ২০১২ চนৰ ৪ জানুৱাৰীত আফছিন-জামে মেক্সিকোত অনুষ্ঠিত এক ব্যক্তিগত অনুষ্ঠানত কানাডাৰ তদানীন্তন ন্যায় আৰু এটৰ্নী জেনেৰেল মন্ত্ৰী পিটাৰ মেককেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[35][36] এই দম্পতীহালৰ দুজন পুত্ৰ সন্তান আছে— এজনৰ নাম কিয়ান (জন্ম ২০১৩) আৰু আনজনৰ নাম কেলেডন (জন্ম ২০১৮)। ইয়াৰ উপৰি ভালেনটিয়া নামেৰে তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে, যাৰ জন্ম ২০১৫ চনত হৈছিল।[37][38][39]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Afshin Jam on The Nazanin Foundation, family and life" (ইংৰাজী ভাষাত). Kodoom.com. https://kodoom.com। আহৰণ কৰা হৈছে: ২০১৯-০৭-০৫.
- ↑ Gyapong, Deborah (২ মে’ ২০১২). "Beauty queen doubles as rights activist" (ইংৰাজী ভাষাত). www.catholicregister.org. https://catholicregister.org। আহৰণ কৰা হৈছে: ১৬ ছেপ্টেম্বৰ ২০২৪.
- ↑ Azizi, Arash (১২ জানুৱাৰী ২০১২). "Nazanin Afshin-Jam, from miss world to minister's wife (Persian)". shahrvand.com. Archived from the original on 2024-12-09. https://web.archive.org/web/20241209071625/https://shahrvand.com/। আহৰণ কৰা হৈছে: ১০ জুন ২০১৬.
- ↑ "Nazanin Afshin-Jam: A model of achievement". National Post. http://nationalpost.com.
- 1 2 "Peter Mackay marries Nazanin Afshin-Jam, former Miss World Canada". National Post. http://nationalpost.com। আহৰণ কৰা হৈছে: ৭ মে’ ২০১৪.
- ↑ "Nazanin Afshin-Jam: Peter MacKay's New Wife A Woman Of Many Talents". The Huffington Post Canada. ৫ জানুৱাৰী ২০১২. http://huffingtonpost.ca। আহৰণ কৰা হৈছে: ৫ মে’ ২০১৪.
- ↑ "Irish Miss World begins reign". ABC Online. Agence France-Presse. ৭ ডিচেম্বৰ ২০০৩. http://www.abc.net.au/news/2003-12-07/irish-miss-world-begins-reign/101852.
- ↑ Humphreys, Adrian (৬ জানুৱাৰী ২০১২). "Nazanin Afshin-Jam: A model of achievement". National Post. http://news.nationalpost.com/2012/01/06/nazanin-afshin-jam-a-model-of-achievement/.
- ↑ "Nazanin Afshin-Jam tells story of girl trapped by Iran's twisted culture". National Post. http://news.nationalpost.com/2012/05/19/nazanin-afshin-jam-tells-story-of-girl-trapped-by-irans-twisted-culture/। আহৰণ কৰা হৈছে: ৫ মে’ ২০১৪.
- ↑ "MacKay fuels questions on his future — and love life". Toronto Star. ১১ নৱেম্বৰ ২০১০. https://www.thestar.com/news/canada/2010/11/11/mackay_fuels_questions_on_his_future_and_love_life.html। আহৰণ কৰা হৈছে: ৬ মে’ ২০১৪.
- ↑ Smith, Charlie (২ ফেব্ৰুৱাৰী ২০০৭). "Pageant power redux: Nazanin Afshin-Jam scores a human-rights triumph". The Georgia Straight. Archived from the original on 2014-05-07. https://web.archive.org/web/20140507041835/http://www.straight.com/news/pageant-power-redux-nazanin-afshin-jam-scores-human-rights-triumph.
- ↑ Love, Emma (১১ আগষ্ট ২০০৭). "Rising star:Nazanin Afshin-Jam, campaigner". The Observer. https://www.theguardian.com/theobserver/2007/aug/12/features.magazine37.
- ↑ Lopez, Kathryn Jean (৭ ছেপ্টেম্বৰ ২০০৬). "United Behind Human Rights". The Cedartown Standard. Newspaper Enterprise Association: পৃষ্ঠা 4A. https://news.google.com/newspapers?nid=365&dat=20060907&id=OuAvAAAAIBAJ&sjid=qj4DAAAAIBAJ&pg=3475,208659.
- ↑ Smith, Charlie (৪ জুলাই ২০১২). "The Tale of Two Nazanins coauthor Nazanin Afshin-Jam reveals that the other Nazanin is alive". The Georgia Straight. https://www.straight.com/life/tale-two-nazanins-coauthor-nazanin-afshin-jam-reveals-other-nazanin-alive.
- ↑ "Peter MacKay Weds Former Beauty Queen". Huffington Post. http://www.huffingtonpost.ca/2012/01/04/peter-mackay-wedding-afshin-jam_n_1184844.html। আহৰণ কৰা হৈছে: ৫ মে’ ২০১৪.
- ↑ "Iranian groups to stage rally in N.Y. titled 'Ahmadinejad, why do you execute children?'". Haaretz. Archived from the original on 2014-05-06. https://web.archive.org/web/20140506012009/http://www.haaretz.com/news/iranian-groups-to-stage-rally-in-n-y-titled-ahmadinejad-why-do-you-execute-children-1.254279.
- ↑ "Alumni Achievement Awards « UBC Alumni Affairs". Alumni.ubc.ca. ২৯ নৱেম্বৰ ২০১১. http://www.alumni.ubc.ca/events/awards/index.php। আহৰণ কৰা হৈছে: ৫ জানুৱাৰী ২০১২.
- ↑ "UN Watch Congratulates Human Rights Activist Nazanin Afshin-Jam". UN Watch. ৬ জানুৱাৰী ২০১২. http://blog.unwatch.org/index.php/2012/01/06/un-watch-congratulates-human-rights-activist-nazanin-afshin-jam/। আহৰণ কৰা হৈছে: ৫ মে’ ২০১৪.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2016-08-08. https://web.archive.org/web/20160808174846/http://danceydesign.com/pdfs/powerofpeaceprogram2009.pdf। আহৰণ কৰা হৈছে: 2026-05-27.
- ↑ "We are ashamed!". Iranian.com. ৪ ফেব্ৰুৱাৰী ২০০৯. http://www.iranian.com/main/2009/feb/we-are-ashamed.
- ↑ "Program, Sunday, April 19, 2009". Geneva Summit for Human Rights and Democracy. Archived from the original on February 27, 2015. https://web.archive.org/web/20150227224531/http://www.genevasummit.org/program/1/2009। আহৰণ কৰা হৈছে: ২৮ ফেব্ৰুৱাৰী ২০১৫.
- ↑ "Iran embassy report suggests little threat months before closure". cbc.ca. ৩০ নৱেম্বৰ ২০১৪. http://www.cbc.ca/news/politics/iran-embassy-report-suggests-little-threat-months-before-closure-1.2852151.
- ↑ "Afshin-Jam dedicates Queen's Diamond Jubilee Medal to Nasrin Sotoudeh" (ইংৰাজী ভাষাত). Kodoom.com. https://features.kodoom.com/en/iranian-diaspora/afshin-jam-dedicates-queen-s-diamond-jubilee-medal-to-nasrin-sotoudeh/v/4805/। আহৰণ কৰা হৈছে: ২০১৯-০৭-০৫.
- ↑ ((Western University, Department of Communications and Public Affairs)) (২০ জুন ২০১৬). "Western News - Afshin-Jam MacKay: Use your talents, blessings" (ইংৰাজী ভাষাত). Western News. https://news.westernu.ca/2016/06/afshin-jam-mackay-use-talents-blessings/। আহৰণ কৰা হৈছে: ২০Testing১৯-০৭-০৫.
- ↑ "Chicago Film Festival". Archived from the original on 2014-03-03. https://web.archive.org/web/20140303024830/http://www.chicagofilmfestival.com/films_and_schedule/movie.php?show=honor_diaries। আহৰণ কৰা হৈছে: ২৬ ফেব্ৰুৱাৰী ২০১৪.
- ↑ "Nazanin Afshin-Jam". IMDb. https://www.imdb.com/name/nm1505251/। আহৰণ কৰা হৈছে: ৭ নৱেম্বৰ ২০১৮.
- ↑ Goodman, Dean (২৭ এপ্ৰিল ২০০৭). "Beauty queen gives "voice to voiceless"". Reuters. https://www.reuters.com/article/people-canada-dc-idUSN2546321920070429.
- ↑ "Radio Industry News, Music Industry Updates, Arbitron Ratings, Music News and more!". FMQB. http://www.fmqb.com/Article.asp?id=16693। আহৰণ কৰা হৈছে: ৫ জানুৱাৰী ২০১২.
- ↑ Smith, Julia Llewellyn (৪ নৱেম্বৰ ২০০৭). "Little miss perfect". The Daily Telegraph. http://fashion.telegraph.co.uk/article/TMG3361894/Little-miss-perfect.html.
- ↑ "Peter MacKay and Nazanin Afshin-Jam expecting a baby in new year". Toronto Sun (Canoe Sun Media). ৭ ছেপ্টেম্বৰ ২০১২. http://www.torontosun.com/2012/09/07/peter-mackay-and-nazanin-afshin-jam-expecting-baby-in-new-year.
- ↑ "There's more to Nazanin Afshin-Jam than her beauty queen past". The Globe and Mail. ১৯ মে’ ২০১২. https://www.theglobeandmail.com/news/politics/theres-more-to-nazanin-afshin-jam-than-her-beauty-queen-past/article4186774.
- ↑ "Little Miss Perfect". The Telegraph (The Daily Telegraph). ৯ জুন ২০১৫. http://fashion.telegraph.co.uk/news-features/TMG3361894/Little-miss-perfect.html.
- ↑ Afshin-Jam MacKay, Nazanin (২৭ ডিচেম্বৰ ২০২৩). "Faith is a private matter, but as a Christian myself, I am not surprised that Iran has the fastest-growing church in the world.". X. https://x.com/NazaninAJ/status/1740185294337421422। আহৰণ কৰা হৈছে: ১৬ ছেপ্টেম্বৰ ২০২৪.
- ↑ "Nazanin Afshin-Jam M'11 * A model global activist". Norwich Record. Norwich University. Archived from the original on 2017-03-07. https://web.archive.org/web/20170307173505/http://thenorwichrecord.com/nazanin-afshin-jam-m11-%e2%9c%af-a-model-global-activist/। আহৰণ কৰা হৈছে: ১৯ মে’ ২০১৭.
- ↑ "The Honourable Peter Gordon Mackay". www.pm.gc.ca. Archived from the original on 2014-05-05. https://web.archive.org/web/20140505193618/http://www.pm.gc.ca/eng/minister/honourable-peter-gordon-mackay। আহৰণ কৰা হৈছে: ৫ মে’ ২০১৪.
- ↑ "Peter MacKay weds former beauty queen". CBC News. ৪ জানুৱাৰী ২০১২. https://www.cbc.ca/news/politics/peter-mackay-weds-former-beauty-queen-1.1248618.
- ↑ "Peter MacKay and wife Nazanin welcome third child". The News. ৩০ জুলাই ২০১৮. https://www.ngnews.ca/news/local/peter-mackay-and-wife-nazanin-welcome-third-child-230006/.
- ↑ "Defence Minister Peter MacKay announces birth of son Kian Alexander". CTV News. ১ এপ্ৰিল ২০১৩. https://www.ctvnews.ca/canada/article/defence-minister-peter-mackay-announces-birth-of-son-kian-alexander/.
- ↑ "Peter MacKay and Nazanin Afshin-Jam announce birth of baby girl Valentia". The Chronicle Herald. ৩০ ছেপ্টেম্বৰ ২০১৫. http://thechronicleherald.ca/novascotia/1314102-peter-mackay-and-nazanin-afshin-jam-announce-birth-of-baby-girl-valentia.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত নাজানিন আফছিন-জাম সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- নাজানিন আফছিন-জাম সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Afshin-Jam's mini-doc from Honor Diaries film Archived 2018-03-29 at the Wayback Machine