নাজিক আল আবিদ
নাজিক আল আবিদ (১৮৮৭–১৯৫৯) (ইংৰাজী: Nazik al-Abid) "আৰবৰ জোয়ান অৱ আৰ্ক"[1] নামেৰে পৰিচিত আছিল৷ তেওঁ এগৰাকী ছিৰিয়ান মহিলা অধিকাৰ কৰ্মী, জাতীয়তাবাদী আৰু ছিৰিয়াত অট্টোমান আৰু ফৰাচী ঔপনিৱেশিকতাবাদৰ সমালোচক।[2] মায়ালুন যুদ্ধৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ আৰু ৰেড ক্ৰীচেণ্ট আন্দোলনৰ পূৰ্বসূৰী ৰেড ষ্টাৰ ছ’চাইটি গঠনৰ ভূমিকাত ছিৰিয়াৰ সেনাবাহিনীত পদবী অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী মহিলা। ছিৰিয়াত জাতীয় স্বাধীনতা, মহিলাৰ কাম আৰু ভোটাধিকাৰৰ দিশত তেওঁ বিপ্লৱী আছিল।[3]:61
সক্ৰিয়তা
[সম্পাদনা কৰক]অট্টমান সাম্ৰাজ্যৰ বিপক্ষে
[সম্পাদনা কৰক]আবিদ মহিলাৰ ভোটাধিকাৰ আৰু ছিৰিয়াত অট্টোমান দখলৰ প্ৰতিৰোধৰ বাবে এগৰাকী কৰ্মী আছিল৷ ১৯১৯ চনৰ ছিৰিয়াৰ মহিলা আন্দোলনৰ সময়ত প্ৰায়ে ডামাস্কাছৰ বাতৰি কাকতত তেওঁ পুৰুষ ছদ্মনামেৰে লিখা-মেলা কৰিছিল। ১৯১৪ চনত তেওঁ মহিলাৰ অধিকাৰৰ পোষকতা কৰিবলৈ এটা গোট গঠন কৰে আৰু অট্টোমান নেতৃত্বই কায়ৰোলৈ তেওঁক নিৰ্বাসিত কৰে৷ ১৯১৮ চনত অট্টোমান সাম্ৰাজ্যৰ পতনলৈকে তেওঁ তাতেই থাকে।[4] [5]:120[6] ১৯১৯ চনত আবিদে নুৰ আল-ফাইহা' (দামাস্কাছৰ পোহৰ) সমাজ আৰু আলোচনী প্ৰতিষ্ঠা কৰে আৰু পিছলৈ ১৯২২ চনত একে নামৰ এখন বিদ্যালয় প্ৰতিষ্ঠা কৰে যি যুদ্ধত মৃত্যু হোৱা অনাথ কণমানি ছোৱালীৰ বাবে ইংৰাজী আৰু চিলাইৰ পাঠ্যক্ৰম আগবঢ়ায়।[5][3]:61
ছিৰিয়াত ফৰাচী দখলৰ বিৰুদ্ধে
[সম্পাদনা কৰক]কিং-ক্ৰেন কমিছনৰ মহিলা প্ৰতিনিধি দলৰ মুৰব্বী হিচাপে আবিদে ছিৰিয়াত ধৰ্মনিৰপেক্ষ শাসনৰ বাবে তেওঁৰ উদ্দেশ্যৰ সংকেত দিবলৈ আৰু দখলৰ বাবে ফ্ৰান্সৰ আদেশৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ হিজাব নোলোৱাকৈ আমেৰিকাৰ কূটনীতিবিদসকলৰ সৈতে কথা পাতিছিল।[6]
১৯২০ চনত আবিদে ৰেড ক্ৰেচেণ্ট ছ'চাইটিৰ প্ৰাৰম্ভিক ৰূপ ৰেড ষ্টাৰ এছ'চিয়েচন প্ৰতিষ্ঠা কৰে আৰু ৰাজকুমাৰ ফাইছালে ছিৰিয়াৰ সেনাৰ "সন্মানীয় সভাপতি" পদবী প্ৰদান কৰে।[7] ১৯২০ চনৰ জুলাই মাহত মায়ালুন যুদ্ধৰ সময়ত ছিৰিয়ান সেনাবাহিনীৰ ফৰাচী বাহিনীৰ বিৰুদ্ধে যুদ্ধত আবিদে ৰেড ষ্টাৰ নাৰ্ছসকলৰ নেতৃত্ব দিছিল। ছিৰিয়াৰ প্ৰথমগৰাকী মহিলা জেনেৰেল হিচাপে তেওঁক সামৰিক পোছাক পিন্ধি আৰু হিজাব নোহোৱাকৈ ফটো তোলা হৈছিল যদিও ৰক্ষণশীলসকলে প্ৰতিবাদ কৰাৰ পিছত তেওঁ হিজাব পিন্ধিবলৈ আৰম্ভ কৰে ।[7] [5]:128
১৯২১ চনত ফ্ৰান্স চৰকাৰে তেওঁক ক্ষমা প্ৰদান কৰে আৰু আবিদে ৰাজনীতি এৰাই চলাৰ চৰ্তত ছিৰিয়ালৈ উভতি যায়।[7] সেই বছৰতে লাইট অৱ ডামাস্কাছ স্কুল প্ৰতিষ্ঠা কৰাৰ পিছত - ফ্ৰান্সৰ মানৱীয় সংস্থা আৰু কাৰ্যসূচীৰ সৈতে সম্পদৰ প্ৰতিযোগিতা হিচাপে গণ্য কৰা হয়৷ ফৰাচী কৰ্তৃপক্ষই তেওঁক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে আৰু তেওঁ ছিৰিয়াৰ পৰা লেবাননলৈ পলায়ন কৰে।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Zachs, Fruma; Ben-Bassat, Yuval (2015). "Women's Visibility in Petitions from Greater Syria During the Late Ottoman Period". International Journal of Middle East Studies খণ্ড 47 (4): 765–781. doi:10.1017/S0020743815000975. ISSN 0020-7438. https://www.cambridge.org/core/journals/international-journal-of-middle-east-studies/article/womens-visibility-in-petitions-from-greater-syria-during-the-late-ottoman-period/ABED33CADE2BA7D14650DDF200A5952D.
- ↑ Al-Hassan Golley, Nawar; Homsi Vinson, Pauline (2012). "3". In Arenfeldt, Pernille; Al-Hassan Golley, Nawar. Mapping Arab Women's Movements : A Century of Transformations from Within. প্ৰকাশক Cairo, Egypt: The American University in Cairo Press. পৃষ্ঠা. 67. ISBN 9789774164989.
- ↑ 3.0 3.1 Zachs, Fruma (2013). "Muḥammad Jamīl Bayhum and the Woman Question". Die Welt des Islams খণ্ড 53 (1): 50–75. doi:10.1163/15700607-0003A0003.
- ↑ Talhami, Ghada (2013). Historical dictionary of women in the Middle East and North Africa. প্ৰকাশক Lanham, Md.: Scarecrow Press. পৃষ্ঠা. 11. ISBN 978-1885942401.
- ↑ 5.0 5.1 5.2 Thompson, Elizabeth (May 2011). "The woman's movement and its development. The colonial Welfare state in Syria (1920-1946)". Clio. Femmes, genre, histoire (33): 107–124. doi:10.4000/clio.10030. https://clio.revues.org/10030.
- ↑ 6.0 6.1 Moubayed, Sami (2006). Steel & Silk: Men and Women who Shaped Syria 1900-2000. Cune Press. পৃষ্ঠা. 360. ISBN 9781885942401.
- ↑ 7.0 7.1 7.2 Zachs, Fruma; Halevi, Sharon (2014). Gendering Culture in Greater Syria: Intellectuals and Ideology in the Late Ottoman Period. I.B.Tauris. পৃষ্ঠা. 124. ISBN 978-0857736727.
- ↑ Meininghaus, Esther (2016). Creating Consent in Ba'thist Syria: Women and Welfare in a Totalitarian State. I.B.Tauris. ISBN 9780857729774.