নাটাচা আপানা
| নাটাচা আপানা | |
|---|---|
২০২৩ চনত নাটাচা আপানা | |
| জন্ম | নাটাচা দেৱী পাথৰেড্ডী আপানা ২৪ মে', ১৯৭৩ (৫৩ বছৰ) মৰিছাছ |
| পেচা | ঔপন্যাসিক |
| ভাষা | ফৰাচী |
| ধৰণ | শ্ৰমিক প্ৰব্ৰজন |
| উল্লেখযোগ্য বঁটা | প্ৰিক্স আৰ এফ অ’ দু লিভ্ৰে |
নাটাচা দেৱী পাথৰেড্ডী আপানা (ইংৰাজী: Nathacha Devi Pathareddy Appanah; জন্ম ২৪ মে' ১৯৭৩) এগৰাকী মৰিছাছীয়—ফৰাচী লেখিকা। তেওঁ মৰিছাছত নিজৰ কৈশোৰৰ বেছিভাগ সময় অতিবাহিত কৰিছিল আৰু ফ্ৰান্সলৈ প্ৰব্ৰজন কৰাৰ আগতে লি মৰিচিয়ান আৰু উইক-এণ্ড স্কোপত সাংবাদিক হিচাপে কাম কৰিছিল।
১৯৯৮ চনৰ পৰা নাটাচা আপানা এগৰাকী সক্ৰিয় লেখিকা হিচাপে পৰিচিত। তেওঁৰ প্ৰথমখন গ্ৰন্থ লে ৰচাৰ্ছ ডি পাউড্ৰে ডি অ'ৰৰ বাবে 'প্ৰিক্স আৰ এফ অ’ দু লিভ্ৰে' বঁটা লাভ কৰিছিল। এই গ্ৰন্থখন মৰিছাছলৈ ভাৰতীয় চুক্তিবদ্ধ শ্ৰমিকসকলৰ আগমনৰ ওপৰত আধাৰিত আছিল। তেওঁৰ অন্যান্য উল্লেখযোগ্য কৰ্মৰ ভিতৰত আছে দ্য লাষ্ট ব্ৰাদাৰ আৰু ট্ৰপিক অৱ ভায়োলেন্স।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৭৩ চনৰ ২৪ মে'ত মৰিছাছত আপানাৰ জন্ম হৈছিল। তেওঁ মৰিছাছলৈ প্ৰব্ৰজন কৰা তেলুগুভাষী ভাৰতীয় চুক্তিবদ্ধ শ্ৰমিকসকলৰ বংশধৰ। মৰিছাছৰ বেছিভাগ মানুহৰ দৰেই তেওঁৰ প্ৰথম ভাষা হ'ল 'মৰিচিয়ান ক্ৰিঅ'ল'।[1] তেওঁ মৰিছাছতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। ১৯৯৮ চনত তেওঁ ফ্ৰান্সলৈ প্ৰব্ৰজন কৰে আৰু তাৰ পিছৰ পৰাই তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ হয়।[2] সাংবাদিক হিচাপে কাম কৰাৰ সময়ত তেওঁ কবিতা আৰু মৰিছাছৰ বাতৰি প্ৰকাশ কৰিছিল।[3]
কৰ্মৰাজি
[সম্পাদনা কৰক]তেওঁৰ প্ৰথম উপন্যাস আছিল দ্য ৰকছ অৱ গ'ল্ড ডাস্ট। তেওঁৰ দ্বিতীয়খন উপন্যাস ব্লু বে পেলেচত এজন ভাৰতীয় যুৱকৰ আন এক জাতিৰ ব্যক্তিৰ প্ৰতি থকা প্ৰেমৰ বৰ্ণনা কৰা হৈছে।[3] তেওঁ লা নোচ ডি আন নামৰ গ্ৰন্থখনো লিখিছিল, যিয়ে ফ্ৰান্সৰ কিছুমান আঞ্চলিক বঁটা লাভ কৰিছিল। ২০০৭ চনত তেওঁৰ চতুৰ্থখন গ্ৰন্থ লে ডাৰ্নিয়াৰ ফ্ৰেৰে প্ৰকাশ পায় যিয়ে 'প্ৰিক্স এফ এন এ চি' বঁটা লাভ কৰে।[4]
তেওঁৰ গ্ৰন্থ ট্ৰপিক অৱ ভায়োলেন্স মায়োটৰ ৰাজপথৰ শিশুসকলৰ ওপৰত আধাৰিত। উপন্যাসখনত প্ৰব্ৰজনকাৰী কৰ্তৃপক্ষৰ সংগ্ৰাম আৰু যুৱ অপৰাধীৰ ছবি অংকন কৰা হৈছে। আপানাৰ ভাষাত, "মই ২০০৮ চনৰ পৰা ২০১০ চনলৈ মায়োটত বাস কৰিছিলোঁ আৰু ৰাজপথত শিশুৰ সংখ্যা দেখি আচৰিত হৈছিলোঁ।"[4]
তেওঁৰ উপন্যাস দ্য লাষ্ট ব্ৰাদাৰ চেকোস্লোভাকিয়াৰ নাজী আক্ৰমণৰ পৰা পলায়ন কৰা এজন অনাথ ইহুদীৰ ওপৰত আধাৰিত। দ্য গাৰ্ডিয়ান কাকতত এই উপন্যাসখনৰ এক পৰ্যালোচনাত ইয়াক "এজন শিশুৰ নিসংগতাৰ এক উজ্জ্বল বিৱৰণ" বুলি অভিহিত কৰা হৈছে।[5] দ্য নিউয়ৰ্ক টাইমছ-এ তেওঁৰ এই চতুৰ্থখন উপন্যাসক ২০০৮ চনৰ নোবেল বিজয়ী জে. এম. জি. লে ক্লেজিঅ’ৰ পিছতে স্থান দিছে। গ্ৰন্থখন জিওফ্ৰে ষ্ট্ৰাচানৰ দ্বাৰা ইংৰাজীলৈ অনুবাদ কৰা হৈছে।[6] ২০১৮ চনত তেওঁৰ গ্ৰন্থ ৱেটিং ফৰ টুমৰো প্ৰকাশ পায়।[7] এই গ্ৰন্থখনে ২০১৯ চনৰ এলবাৰ্টিন প্ৰাইজৰ বাবে চুটি তালিকাভুক্ত হৈছিল।[8]
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Martin, Patrice; Drevet, Christophe (27 October 2009). La langue française vue de l'Afrique ... – Google 도서. Zellige. ISBN 9782914773294. https://books.google.com.
- ↑ "Biography of Natacha Appanah". African Success. http://www.africansuccess.org। আহৰণ কৰা হৈছে: 5 November 2016.
- 1 2 "Nathacha appanah-Mouriquand". Crop Jamaica. Archived from the original on 4 November 2016. https://web.archive.org/web/20161104183914/http://jamaica.spla.pro/। আহৰণ কৰা হৈছে: 5 November 2016.
- 1 2 "Nathacha appanah and the situation of minors in Mayotte". LE Express. 5 September 2016. http://www.lexpress.fr। আহৰণ কৰা হৈছে: 5 November 2016.
- ↑ Smart, James (12 March 2012). "The Last Brother by Nathacha Appanah – review". The Guardian. https://www.theguardian.com। আহৰণ কৰা হৈছে: 5 November 2016.
- ↑ Sofer, Dalia (4 February 2011). "Castaways". Sunday Book Review. https://www.nytimes.com। আহৰণ কৰা হৈছে: 5 November 2016.
- ↑ Appanah-Mouriquand, Nathacha, 1973– (3 April 2018). Waiting for tomorrow : a novel. Strachan, Geoffrey. প্ৰকাশক Minneapolis, Minnesota. ISBN 9781555978037. OCLC 987708996.
- ↑ "Meet the Shortlisted Writers for the 2019 Albertine Prize" (en-US ভাষাত). Literary Hub. 3 April 2019. https://lithub.com। আহৰণ কৰা হৈছে: 3 April 2019.
- ↑ "critiquesLibres.com : critiques de livres". www.critiqueslibres.com. http://www.critiqueslibres.com। আহৰণ কৰা হৈছে: 21 October 2016.
- ↑ "Liste des prix sur prix-litteraires.net". Archived from the original on 15 October 2003. https://web.archive.org/web/20031015230656/http://www.prix-litteraires.net/। আহৰণ কৰা হৈছে: 30 October 2020.