নাটালিয়া পন্সে ডি লিঅ'ন

নাটালিয়া পন্সে ডি লিঅ'ন (ইংৰাজী: : Natalia Ponce de León ; জন্ম: ৮ আগষ্ট, ১৯৮০) বগোটাত জন্মগ্ৰহণ কৰা এগৰাকী কলম্বিয়ান মহিলা। তেওঁ এচিড আক্ৰমনৰ বলি হোৱা এগৰাকী জীৱিত মহিলা। যিয়ে নিজৰ দেশত এচিড আক্ৰমণ কৰা অপৰাধীক লক্ষ্য কৰি আইন প্ৰণয়নৰ বাবে প্ৰচাৰ চলাই সফল হৈছিল। ২০১৬ চনত তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হৈছিল।[1] নাটালিয়া কলম্বিয়াৰ বগোটাৰ পলিটেকনিকো গ্ৰেনকলম্বিয়ানো বিশ্ববিদ্যালয়ৰ পৰা চলচ্চিত্ৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে।
এচিড আক্ৰমণ
[সম্পাদনা কৰক]নাটালিয়া পন্সে ডি লিঅ’নে শেহতীয়াকৈ লণ্ডনত কিছুদিন থকাৰ পিছত বগোটালৈ উভতি গৈছিল য’ত তেওঁ ইংৰাজী শিক্ষা গ্ৰহণ কৰিছিল আৰু ৰেষ্টুৰেণ্টৰ ওৱেট্ৰেছ হিচাপে কাম কৰিছিল। কলম্বিয়ালৈ উভতি আহি তেওঁ মাকৰ সৈতে স্কুলৰ ইউনিফৰ্ম চিলোৱা কাম আৰম্ভ কৰিছিল। ২০১৪ চনৰ ২৭ মাৰ্চত[2] ছান্টা বাৰ্বাৰাত মাতৃক লগ কৰিবলৈ যোৱাৰ সময়ত জনাথন ভেগা নামৰ এজন যুৱকে নাটালিয়াৰ মুখ আৰু শৰীৰত অভাৱনীয়ভাৱে এক লিটাৰ ছালফিউৰিক এচিড নিক্ষেপ কৰি আক্ৰমণ কৰে,[3] যুৱক জন তেওঁলোকৰ ওচৰ চুবুৰীয়া আছিল। [3] সংবাদ অনুসৰি চুবুৰীয়া জনাথন ভেগা নাটালিয়াৰ প্ৰতি "আকৃষ্ট" হৈছিল আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰস্তাৱ দিছিল। নাটালিয়াই প্ৰেম প্ৰস্তাৱ নাকচ কৰাৰ পিছত যুৱক জনে তেওঁৰ বিৰুদ্ধে মৃত্যুৰ ভাবুকি দিছিল, যাৰ শেষ পৰিনতি হৈছিল এচিড আক্ৰমন ।[4] এই আক্ৰমণৰ ফলত নাটালিয়াৰ শৰীৰৰ ২৪% অংশ গুৰুতৰভাৱে জ্বলি যায়।[5] যাৰ ফলত নাটালিয়াৰ মুখ আৰু শৰীৰৰত ৩৭টা পুনৰ্গঠন অস্ত্ৰোপচাৰ কৰিব লগা হয়।[6]
জনতাৰ আন্দোলন আৰু নতুন আইন
[সম্পাদনা কৰক]বগোটাৰ এই গোচৰটোৱেই মাত্ৰ একক ঘটনা নাছিল। আক্ৰমণ সংঘটিত হোৱাৰ তিনি বছৰৰ আগতে কলম্বিয়াত বিশ্বৰ ভিতৰতে জনসংখ্যাৰ তুলনাত এচিডৰ আক্ৰমণৰ হাৰ সৰ্বাধিক হোৱা বুলি জনা গৈছিল।[7] কিন্তু তেতিয়ালৈকে এই ধৰণৰ অপৰাধৰ বিৰুদ্ধে কোনো কার্যকৰী আৰু নিৰ্দিষ্ট আইন নাছিল। নাটালিয়াৰ আক্ৰমণৰ পিছত তেওঁ চলোৱা অভিযানৰ ফলতেই এই বিষয়টো জাতীয় স্তৰত গুৰুত্ব লাভ কৰে।
তেওঁৰ নামেৰে নামাকৰণ কৰা এই নতুন আইনখনে এচিড আক্ৰমণক এক নিৰ্দিষ্ট অপৰাধ হিচাপে সংজ্ঞায়িত কৰিছে আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সৰ্বোচ্চ শাস্তি ৫০ বছৰৰ কাৰাদণ্ডলৈ বৃদ্ধি কৰিছে।[6] এই আইনখনৰ লক্ষ্য হৈছে ভুক্তভোগীসকলক পুনৰ্গঠনমূলক অস্ত্ৰোপচাৰ আৰু মানসিক চিকিৎসাকে ধৰি উন্নত ৰাজ্যিক চিকিৎসা সেৱা প্ৰদান কৰা। নাটালিয়া পন্সে ডি লিঅ'নে আশা প্ৰকাশ কৰে যে এই নতুন আইনখনে ভৱিষ্যতৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰোধক হিচাপে কাম কৰিব।[6]
সংবাদ মাধ্যমৰ প্ৰভাব
[সম্পাদনা কৰক]প্ৰথম অৱস্থাত নাটালিয়া পন্সে ডি লিঅ’নে নিজৰ প্ৰচাৰৰ সময়ত সুৰক্ষামূলক মুখা পিন্ধি ৰাজহুৱাভাৱে কথা কৈছিল। কিন্তু ২০১৫ চনৰ এপ্ৰিল মাহত তেওঁৰ কাহিনী কোৱা এল ৰেনেচিমিঅ' দে নাটালিয়া পন্সে ডি লিঅ'ন (নাটালিয়া পন্সে ডি লিঅ'নৰ পুনৰ্জন্ম) নামৰ কিতাপখন প্ৰকাশ পোৱাৰ লগে লগে তেওঁ নিজৰ মুখখন দেখুৱাবলৈ সিদ্ধান্ত লয়।[8]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "BBC 100 Women 2016: Who is on the list?" (en-GB ভাষাত). BBC News. 21 November 2016. https://www.bbc.com/news/world-38012048.
- ↑ Tiempo, Casa Editorial El. "Avanza el juicio contra Jonathan Vega, el agresor de Natalia Ponce - Bogotá - El Tiempo" (es-CO ভাষাত). El Tiempo. http://www.eltiempo.com/bogota/sigue-el-juicio-contra-jonthan-vega-el-agresor-de-natalia-ponce-/16643615.
- ↑ 3.0 3.1 aljazeera.com retrieved 8th Dec 2016
- ↑ Charner, Flora. (2015). Survivors of acid attacks in Colombia fight for justice. america.aljazeera.com. Retrieved from: http://america.aljazeera.com/articles/2015/4/11/survivors-of-acid-attacks-in-Colombia-fight-for-justice.html
- ↑ "Colombia: Man accused of high profile Bogota acid attack arrested" (en-GB ভাষাত). BBC News. 2014-04-05. https://www.bbc.com/news/world-latin-america-26906638.
- ↑ 6.0 6.1 6.2 Daily Record retrieved 8th Dec 2016
- ↑ "Colombia, líder vergonzoso en ataques con ácido". www.fucsia.co. http://www.fucsia.co/personajes/nacionales/article/colombia-lider-vergonzoso-en-ataques-con-acido/49533। আহৰণ কৰা হৈছে: 2016-12-08.[সংযোগবিহীন উৎস]
- ↑ Tiempo, Casa Editorial El. "El renacimiento de Natalia Ponce de León - Justicia - El Tiempo" (es-CO ভাষাত). El Tiempo. http://www.eltiempo.com/politica/justicia/caso-natalia-ponce-de-leon-libro-escrito-por-la-periodista-martha-soto/15555377.