সমললৈ যাওক

নাটালিয়া মেটলিনেটছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাটালিয়া মেটলিনেটছ
জন্ম ২০ ডিচেম্বৰ, ১৯৯০ (৩৫ বছৰ)
লুভিভ, ইউক্ৰেইন
পেচা
  • ঔপন্যাসিক
  • গল্পকাৰ
ৰাষ্ট্ৰীয়তা ইউক্ৰেনিয়ান
মাতৃশিক্ষায়তন আইভান ফ্ৰেংক’ নেচনেল ইউনিভাৰচিটি, লুভিভ
ধৰণ কল্প কাহিনী

নাটালিয়া মেটলিনেটছ (ইউক্ৰেনিয়ান: Наталія Матолінець; জন্ম:২০ ডিচেম্বৰ, ১৯৯০) এগৰাকী ইউক্ৰেনিয়ান ঔপন্যাসিক আৰু গল্প লেখক। তেওঁ ২০২৩ চনত ইএছএফএছ ক্ৰিচেলাছ বঁটা লাভ কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯০ চনত ইউক্ৰেইনৰ লুভিভত নাটালিয়া মেটলিনেটছৰ জন্ম হৈছিল। তেওঁ আইভান ফ্ৰেংক’ নেচনেল ইউনিভাৰচিটিত সাংবাদিকতা বিষয়ত অধ্যয়ন কৰিছিল আৰু ২০১৩ চনত ইয়াৰপৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল।

নাটালিয়া বহু কেইখন উপন্যাসৰ লেখক, ইয়াৰ ভিতৰত তেওঁৰ আৰবান ফেণ্টাচিৰ ত্ৰিলজী ভাৰ্টা ইন দ্য গেম উল্লেখযোগ্য।কেইবাখনো ইউৰোপীয় নগৰক প্ৰেৰণা হিচাপে লৈ তেওঁ এই উপন্যাসখন ৰচনা কৰিছিল। পৌৰাণিক কল্পকাহিনীৰ ভেটিত তেওঁ Hessie, Amaterasu Academy, All My Keys and Gaia আদি কেইবাখনো উপন্যাস লেখিছে। চিৰামিক হাৰ্টচ্‌ উপন্যাসখন বুৰঞ্জীমূলক।

তেওঁ ইউৰ’কন ২০২৩, ইউৰোপিয়ান চাইঞ্চ ফিকচন চ’ছাইটি (ইএছএফএছ)ৰ ক্ৰিচেলাছ বঁটা আদি অনেক সন্মানেৰে সন্মানিত হৈছে।[1] বাৰাবুকা (ইউ কে)ৰ পৰা তেওঁ ‘শ্ৰেষ্ঠ আত্মপ্ৰকাশ’ আৰু ‘শ্ৰেষ্ঠ চিৰিজ’ শিতানত সন্মান[2] লভাৰ লগতে তেওঁৰ কিতাপ বিবিচি চিলড্ৰেন বুক অৱ দ্য ইয়েৰ সন্মানৰ বাবে তালিকাভুক্ত হৈছে।[3] ২০২২ চনত গ্ডানস্ক (Gdańsk) চিটি কালচাৰ ইনষ্টিটিউট আৰু গ্ডানস্ক চিটি অৱ লিটাৰেচাৰৰ আবাসী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,[4] আৰু ২০২৩ চনত প্ৰাগ ইউনেস্কো চিটি অৱ লিটাৰেচাৰত একে পদবীত অধিষ্ঠিত হৈছিল।[5][6]

তেওঁ পোলেণ্ড,[7] চেক গণৰাজ্য,[8] বুলগেৰিয়া,[9] ছুইডেন[10] আৰু যুক্তৰাজ্যৰ বিভিন্ন উৎসৱ আদিলৈ পেনেল আলোচনাৰ অতিথি বক্তা হিচাপে আমন্ত্ৰিত হৈছিল।[11] ২০২৪ চনৰ পৰা তেওঁ ছুইডিছ পেনৰ (Swedish PEN) সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[12]

তেওঁৰ কিতাপ আৰু চুটিগল্পসমূহ পোলিছ, চেক, বুলগেৰিয়ান আৰু ইংৰাজী ভাষালৈ অনুবাদ হৈছে।

প্ৰকাশিত গ্ৰন্থৰাজি

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  • Varta in the Game (২০১৮)
  • Hessie (২০১৮)
  • Varta in the Game. The Artifact of Prague (২০১৯)
  • Amaterasu Academy (২০১৯)
  • চিৰামিক হাৰ্টচ্‌ (২০২০)
  • Varta in the Game. The Blood of Budapest (২০২১)
  • All My Keys and Gaia (২০২২)
  • All My Keys and Gaia. Northern Fire (২০২৪)

উপন্যাসিকা

[সম্পাদনা কৰক]
  • দ্য এলায়েন্স ফ’ৰ দ্য ৰেচকিউ অৱ টাইলচ্‌ এণ্ড পিপল (২০২৩)

চুটি গল্প

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The 2023 ESFS Award Winners". ESFS. https://www.esfs.info/2020-2/. 
  2. "Barabooka Top: Winners 2018" (uk ভাষাত). BaraBooka. http://www.barabooka.com.ua/top-barabuki-peremozhci-2018-roku/. 
  3. "Ukrainian Literary Award -- Kniha Roku BBC. Shortlist". IU Libraries. https://guides.libraries.indiana.edu/c.php?g=1045781&p=7588371. 
  4. Marta Bańka (13 June 2023). "Inspiring Gdańsk air – another year of literary residencies in Gdańsk" (Polish ভাষাত). Gdańsk City Hall. https://media.gdansk.pl/komunikaty/788954/inspirujace-gdanskie-powietrze-kolejny-rok-rezydencji-literackich-w-gdansku. 
  5. "Beautiful Prague times in the work of Natalija Matolinec" (cs ভাষাত). Prague City of Literature. 14 September 2023. https://www.unescoprague.org/natalija-matolinec/. 
  6. David Vaughan (31 October 2023). "Lviv and Prague: a tale of two cities". Radio Prague. https://english.radio.cz/lviv-and-prague-a-tale-two-cities-8798633. 
  7. "Connecting fantasy and urban heritage". City Public Library in Gdynia. https://www.bibliotekagdynia.pl/pl/wydarzenia/connecting-fantasy-and-urban-heritage. 
  8. "Pražské dobrodružství Natalije Matolinec". Praha město literatury. 4 April 2024. https://www.unescoprague.org/prazske-dobrodruzstvi-natalije-matolinec/. 
  9. "SOZOPOL FICTION SEMINARS June 8-12, 2023". Elizabeth Kostova Fondation. 20 December 2022. Archived from the original on 5 November 2023. https://web.archive.org/web/20231105183057/https://ekf.bg/news/article/289. 
  10. "UkraineVision 2024. Literary Journey. Exploring Modern Ukrainian Literature". Ukraine Vision. https://ukrainevision.se/#Literary-Journey. 
  11. "NEW HORIZONS: UKRAINE". Camp YA. https://campya.org/new-horizons-ukraine/. 
  12. "Writer Natalia Matolinets becomes a member of Swedish PEN" (uk ভাষাত). suspilne.media. https://suspilne.media/culture/723328-pismennica-natalia-matolinec-stala-clenkineu-svedskogo-pen/.