সমললৈ যাওক

নাটালি ডি লুচিঅ’

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাটালি ডি লুচিঅ’ (ইংৰাজী: Natalie Di Luccio; জন্ম: ২৯ জুন ১৯৮৯) অন্টাৰিঅ'ৰ টৰন্টোৰ এগৰাকী ইটালীয়-কানাডিয়ান শাস্ত্ৰীয়-ক্ৰছঅভাৰ গায়িকা। [1] ভাৰতীয় শাস্ত্ৰীয় গীতৰ অনন্য পৰিবেশনৰ বাবে তেওঁক প্ৰায়ে "বলিউডৰ ছ'প্ৰানো" বুলি কোৱা হয়।

২০১০ চনত তেওঁৰ কেৰিয়াৰ আৰম্ভ হয় যেতিয়া তেওঁ ইউটিউবত বলীউড চলচ্চিত্ৰৰ গীতৰ মিউজিক ভিডিঅ' মুকলি কৰে আৰু ভাইৰেল হৈ গ্ৰেমী আৰু অস্কাৰ বঁটা বিজয়ী সংগীত পৰিচালক এ আৰ ৰহমানৰ দৃষ্টি আকৰ্ষণ কৰে। [2] পিছলৈ ডি লুচিঅ'ক সংগীত পৰিচালক অমিত ত্ৰিবেদীৰ লগতে এমটিভি ইণ্ডিয়াৰ ক'ক ষ্টুডিঅ'ত কণ্ঠদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। [3] প্ৰসিদ্ধ নেপথ্য কণ্ঠশিল্পী ছনু নিগমৰ সৈতে তেওঁ বলীউডত পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰে আৰু বহুতো পূৰ্ণদৈৰ্ঘ্য ছবিৰ, যেনে ইংৰাজী ভিংলিছ, লেডিজ বনাম ৰিকি বহাল, আৰু চেন্নাই এক্সপ্ৰেছৰ গীত গায়। [4] ডি লুচিঅ'ই ইটালীৰ ব'ল'গ্নাত ইটালীৰ কিংবদন্তি সংগীত প্ৰযোজক মাউৰো মালাভাছিৰ সৈতেও কাম কৰিছে। [5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]