সমললৈ যাওক

নাটালি ডৰমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাটালি ডৰমাৰ

২০১৮ চনত ডৰমাৰ
জন্ম ১১ ফেব্ৰুৱাৰী, ১৯৮২ (৪৪ বছৰ)
ৰিডিং, বাৰ্কশ্বায়াৰ, ইংলেণ্ড
শিক্ষানুষ্ঠান ৱেবৰ ডগলাছ একাডেমী অৱ ড্ৰামাটিক আৰ্ট
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
অংশীদাৰ
  • এন্থনী বাৰ্ন (২০০৭–২০১৮)
  • ডেনিড অ’কছ (২০১৮–বৰ্তমান)
সন্তান

নাটালি ডৰমাৰ (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। ঐতিহাসিক নাটক, ব্লকবাষ্টাৰ ছবি, স্বতন্ত্ৰ চলচ্চিত্ৰৰ লগতে কেইবাখনো উল্লেখনীয় টেলিভিছন ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত। তেওঁ এম্পায়াৰ বঁটা লাভ কৰাৰ লগতে ক্ৰিটিকছ চইচ বঁটা, দুটাকৈ জেমিনি বঁটা আৰু দুটাকৈ স্ক্ৰীন এক্টৰ্ছ গিল্ড বঁটাৰ মনোনয়ন লাভ কৰিছে।

শ্ব’টাইমৰ ধাৰাবাহিক দ্য টিউডৰছ (২০০৭–০৮)-ত এন বোলিনৰ চৰিত্ৰত অভিনয় কৰি ডৰমাৰে বিশেষ সফলতা লাভ কৰে আৰু ইয়াৰ বাবে তেওঁ ব্যাপক প্ৰশংসা বুটলে। তেওঁ চুইট নাথিংছ (২০১০) নাটকৰ জৰিয়তে মঞ্চত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ মেডোনাৰ ছবি ডব্লিউ.ই. (২০১১)-ত ডাচেছ অৱ ইয়ৰ্ক আৰু কেপ্টেইন আমেৰিকা: দ্য ফাৰ্ষ্ট এভেঞ্জাৰ (২০১১)-ত প্ৰাইভেট লৰেইনৰ চৰিত্ৰত অভিনয় কৰে। ডৰমাৰে এইচবিঅ’ৰ ধাৰাবাহিক গেম অৱ থ্ৰোনছ (২০১২–২০১৬)-ত মাৰ্গেৰী টাইৰেল আৰু দ্য হাংগাৰ গেমছ চলচ্চিত্ৰ শৃংখলাৰ (২০১৪–২০১৫) শেষৰ দুটা খণ্ডত ক্ৰেছিডাৰ চৰিত্ৰত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চালৈ আহে। তেওঁৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিসমূহৰ ভিতৰত এইকেইখনেই অন্যতম। তেওঁ চিবিএছৰ ধাৰাবাহিক এলিমেণ্টৰী (২০১৩–১৫)-ত আইৰিন এডলাৰ আৰু দ্য ফৰেষ্ট (২০১৬)-ত ছাৰা প্ৰাইচ/জেছ প্ৰাইচৰ চৰিত্ৰত অভিনয় কৰাৰ উপৰি দ্য ডাৰ্ক ক্ৰিষ্টাল: এজ অৱ ৰেজিষ্টেন্স (২০১৯) ধাৰাবাহিকত অনিকাৰ চৰিত্ৰত কণ্ঠদান কৰিছে। মিনি ধাৰাবাহিক পেনী ড্ৰেডফুল: চিটি অৱ এঞ্জেলছ (২০২০)-ত কৰা অভিনয়ৰ বাবেও তেওঁ প্ৰশংসা লাভ কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৮২ চনৰ ১১ ফেব্ৰুৱাৰীত বাৰ্কশ্বায়াৰৰ ৰিডিঙত নাটালি ডৰমাৰৰ জন্ম হৈছিল।[1] তেওঁ গেৰী ডৰমাৰ আৰু ক্লেয়াৰ ৰিচাৰ্ডছৰ কন্যা তথা মাৰ্ক আৰু ছামান্থাৰ ভগ্নী।[2][3][4] তেওঁ ইংৰাজ, নৰৱেজিয়ান[5] আৰু ৱেলছ মূলৰ।[6][7]

ৰিডিং ব্লু ক’ট স্কুলত 'চিক্সথ ফৰ্ম'ত ভৰ্তি হোৱাৰ আগতে তেওঁ চিল্টাৰ্ণ এজ ছেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰিছিল। তেওঁ উল্লেখ কৰা মতে বিদ্যালয়ত তেওঁক বহুত জোকোৱা (bully) হৈছিল, কিন্তু তেওঁ "আজিও তাৰ কাৰণ বিচাৰি নাপায়।" [8]

বিদ্যালয়ত পঢ়ি থকাৰ সময়তে ডৰমাৰে আলেনোভা স্কুল অৱ ডান্সিংত নৃত্যৰ প্ৰশিক্ষণ লৈছিল।[9] তেওঁ ষ্টাৰমেকাৰ থিয়েটাৰ কোম্পানীৰ সৈতে দুবছৰ কটাইছিল আৰু কেইবাখনো নাটকত অভিনয় কৰাৰ লগতে তেওঁলোকৰ এটা অনুষ্ঠানত কৰিঅ’গ্ৰাফাৰ হিচাপেও কাম কৰিছিল। তেওঁ পৰিয়ালৰ ভিতৰত "মেধাৱী শিক্ষাৰ্থী" আছিল আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ইতিহাস অধ্যয়নৰ বাবে সাময়িকভাৱে সুযোগ লাভ কৰিছিল। কিন্তু তেওঁৰ এ-লেভেল পৰীক্ষাত এটা প্ৰশ্ন ভুলকৈ বুজি পোৱাৰ বাবে প্ৰয়োজনীয় 'এ' গ্ৰেড লাভ কৰিবলৈ সক্ষম নহ’ল।[8] ইয়াৰ পিছত ডৰমাৰে ড্ৰামা স্কুলবোৰৰ বাবে অডিচন দিয়াৰ সিদ্ধান্ত লয় আৰু লণ্ডনৰ ৱেবৰ ডগলাছ একাডেমী অৱ ড্ৰামাটিক আৰ্টত প্ৰশিক্ষণ গ্ৰহণ কৰে।[10]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০০৭ চনত দ্য টিউডৰছ-ৰ ছেটত চিনাকি হোৱাৰ পিছত ডৰমাৰে পৰিচালক এন্থনী বাৰ্নৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে। ২০১১ চনত তেওঁলোকৰ বাগদান সম্পন্ন হয়।[11] এই দম্পতীহালে একেলগে ইন ডাৰ্কনেছ (২০১৮) ছবিত কাম কৰিছিল। ২০১৮ চনত তেওঁলোকৰ সম্পৰ্কৰ অন্ত পৰে।

২০১৮ চনৰপৰা ডৰমাৰ ইংৰাজ অভিনেতা ডেনিড অ’কছৰ সৈতে সম্পৰ্কত আছে, যাৰ সৈতে তেওঁৰ পৰিচয় ভিনাছ ইন ফাৰ নাটকত অভিনয় কৰি থকাৰ সময়ত হৈছিল।[12] ২০২১ চনৰ জানুৱাৰী মাহত তেওঁ তেওঁলোকৰ প্ৰথম কন্যা সন্তানক জন্ম দিয়ে।[13] ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত সমাৰচেটৰ বাথত এই দম্পতীহালে চিভিল পাৰ্টনাৰশ্বিপত আবদ্ধ হয়।[14] ডৰমাৰ আৰু অ’কছৰ দুগৰাকী কন্যা সন্তান আছে।[15]

সংবাদ মাধ্যমত

[সম্পাদনা কৰক]
২০১৬ চনত লণ্ডন মাৰাথনত দৌৰি থকা অৱস্থাত ডৰমাৰ

ডৰমাৰে ২০১৪ চনত 'বাৰ্নাৰ্ডোছ' (Barnardo's) নামৰ সংস্থাটোৰ সমৰ্থনত লণ্ডন মাৰাথনত দৌৰিছিল।[16] ২০১৬ চনত তেওঁ এন এছ পি চি চি (NSPCC) আৰু 'চাইল্ডলাইন'ৰ সমৰ্থনত আন ৯০০ গৰাকী দৌৰবিদৰ সৈতে পুনৰ এই মাৰাথনত অংশ লয়।[17] মাৰাথনত দৌৰাৰ পিছৰেপৰা তেওঁ এন এছ পি চি চি আৰু বিশেষকৈ চাইল্ডলাইনৰ কাম-কাজৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰিছে।[18]

২০১৬ চনৰ বিশ্ব মানৱীয় দিৱসত ডৰমাৰে ৰাষ্ট্ৰসংঘৰ সদৰত শৰণাৰ্থীসকলৰ দুৰ্দশাৰ বিষয়ে আলোকপাত কৰি ভাষণ দিছিল। তেওঁ মহিলা আৰু ছোৱালীসকলে সন্মুখীন হোৱা হিংসাৰ কথা উল্লেখ কৰাৰ লগতে এই আলোচনাত পুৰুষ আৰু ল’ৰাসকলকো সক্ৰিয়ভাৱে জড়িত কৰিবলৈ আহ্বান জনায়।[19] ২০১৭ চনত তেওঁ 'প্লেন ইণ্টাৰনেশ্যনেল' নামৰ মানৱীয় সংস্থাটোৰ সৈতে তানজানিয়ালৈ গৈ বাল্যবিবাহ ৰোধ কৰাৰ অভিযানত অংশ লৈছিল।[20]

২০১৮ চনৰ এটা সাক্ষাৎকাৰত ডৰমাৰে কৈছিল যে তেওঁৰ কথাৰ ভুল ব্যাখ্যা হোৱাৰ আশংকাত তেওঁ ছচিয়েল মিডিয়া ব্যৱহাৰ নকৰে। চলচ্চিত্ৰ আৰু টেলিভিছনত তেওঁ কৰা নগ্ন দৃশ্যৰ অভিনয় সম্পৰ্কে তেওঁ কয়, "মই স্পষ্ট কৰি ক’ব বিচাৰোঁ যে যৌন বা নগ্ন দৃশ্যত অভিনয় কৰিবলৈ মই কেতিয়াও সহজ অনুভৱ কৰা নাই। মোৰ কাম হ’ল চিত্ৰনাট্যৰ চৰিত্ৰটো বুজি অভিনয় কৰা। মই কেৱল ভুলকৈ উপস্থাপন হোৱাৰ ভয়তে বহুতো যৌন দৃশ্য থকা চৰিত্ৰ প্ৰত্যাখ্যান কৰিছোঁ।" [21]

২০১৯ চনত ডৰমাৰক চাইল্ডলাইনৰ বাবে এন এছ পি চি চি-ৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়।[22] তেওঁ এন এছ পি চি চি-ৰ কেৰল চাৰ্ভিচৰ লগতেও জড়িত হৈ আছিল আৰু ২০২১ চনত সংস্থাটোৰদ্বাৰা প্ৰকাশিত শিশু গ্ৰন্থ পাণ্ট’ছ’ৰাছ এণ্ড দ্য পাৱাৰ অৱ পাণ্টছ-ৰ অডিঅ’ বুক ৰেকৰ্ডিং কৰাৰ কথা ঘোষণা কৰা হৈছিল।[23]

২০২৪ চনত তেওঁক এন এছ পি চি চি কাউন্সিলৰ সন্মানীয় সদস্য হিচাপে নিযুক্তি দিয়া হয়।[24]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Chase's Calendar of Events 2015. McGraw Hill Professional. 17 October 2014. পৃষ্ঠা. 119. ISBN 978-0-07-183545-9. https://books.google.com/books?id=L8fkCQAAQBAJ&q=Natalie+Dormer+1982 আহৰণ কৰা হৈছে: 26 October 2025.
  2. "Natalie Dormer". Encyclopædia Britannica. https://www.britannica.com/facts/Natalie-Dormer আহৰণ কৰা হৈছে: 25 May 2020.
  3. Emily Cronin (20 August 2016). "Natalie Dormer on Game of Thrones, MaxMara and struggling for work: 'I was properly unemployed for 10 months. You're never home and dry'". The Daily Telegraph. https://www.telegraph.co.uk/fashion/people/natalie-dormer-on-game-of-thrones-maxmara-and-struggling-for-work/ আহৰণ কৰা হৈছে: 12 October 2016.
  4. "Famous Daughter of Bulmershe Alumni". Bulmershe Alumni Community. পৃষ্ঠা: 3. http://beechwoodprimaryschool.com/wp-content/uploads/2015/09/Bulmershe-Alumni-Issue-9.pdf আহৰণ কৰা হৈছে: 2 December 2017.
  5. "Want That 'Game of Thrones' Glow? Beauty Tips From Natalie Dormer". The New York Times. 9 April 2015. https://www.nytimes.com/2015/04/09/fashion/want-that-game-of-thrones-glow-beauty-tips-from-natalie-dormer.html আহৰণ কৰা হৈছে: 31 December 2015.
  6. "Wynne Evans is joined by Game of Thrones actor Natalie Dormer". 16 February 2015. https://www.bbc.co.uk/programmes/b070nmrm আহৰণ কৰা হৈছে: 24 December 2019.
  7. Clarke, Donald. "Natalie Dormer: "I'm the one carrying King's Crisps and Lyons leaving Dublin"". The Irish Times. https://www.irishtimes.com/culture/film/natalie-dormer-i-m-the-one-carrying-king-s-crisps-and-lyons-leaving-dublin-1.2546918.
  8. 1 2 Gilbert, Gerard. Golden girl: How Natalie Dormer became the new queen of the screen Archived 20 April 2019 at the Wayback Machine, The Independent, 17 September 2011. Retrieved 1 September 2013.
  9. "Past Pupils". Allenova School of Dance. Archived from the original on 18 July 2006. https://web.archive.org/web/20060718190839/http://www.allenova.co.uk/index.php?page=successes আহৰণ কৰা হৈছে: 4 April 2009.
  10. Mottram, James (4 July 2018). "Natalie Dormer on co-writing her new thriller In Darkness, and why she doesn't want to just play 'strong women'". The Independent. https://www.independent.co.uk/arts-entertainment/films/features/natalie-dormer-in-darkness-interview-picnic-at-hanging-rock-game-of-thrones-strong-women-a8430771.html.
  11. Guglielmi, Iodi (21 November 2018). "'Game of Thrones' Alum Natalie Dormer Splits from Fiancé Anthony Bryne". People. https://people.com/tv/natalie-dormer-fiance-anthony-bryne-split/ আহৰণ কৰা হৈছে: 17 February 2023.
  12. Leaper, Caroline (20 June 2020). "Game of Thrones' Natalie Dormer on life after lockdown and why Hollywood will never be home". The Telegraph. https://www.telegraph.co.uk/women/life/game-thrones-natalie-dormer-life-lockdown-hollywood-will-never আহৰণ কৰা হৈছে: 20 June 2020.
  13. Earp, Catherine (28 April 2021). "Game of Thrones' Natalie Dormer announces she's secretly welcomed a baby girl". Digital Spy. https://www.digitalspy.com/showbiz/a36274877/game-of-thrones-natalie-dormer-baby-girl/.
  14. "Natalie Dormer and David Oakes say 'I do' to civil partnership". Yahoo!. 6 March 2023. https://uk.style.yahoo.com/natalie-dormer-david-oakes-civil-200000579.html আহৰণ কৰা হৈছে: 7 March 2023.
  15. DeGrushe, Allison (2025-03-25). "Actress Natalie Dormer Keeps Her Relationship and Children Out of the Spotlight". Distractify. https://www.distractify.com/p/natalie-dormer-children আহৰণ কৰা হৈছে: 2025-08-01.
  16. Drewett, Meg (13 April 2014). "Game of Thrones star Natalie Dormer runs London Marathon – pictures". digitalspy.com. https://www.digitalspy.com/showbiz/a564322/game-of-thrones-star-natalie-dormer-runs-london-marathon-pictures/ আহৰণ কৰা হৈছে: 19 December 2018.
  17. "Game of Thrones actress Natalie Dormer: 'I don't give a f*** what my marathon time is'". telegraph.co.uk. 24 April 2016. https://www.telegraph.co.uk/news/2016/04/24/game-of-thrones-actress-natalie-dormer-i-dont-give-a-f-what-my-m/ আহৰণ কৰা হৈছে: 19 December 2018.
  18. "'Calls to Childline saved my life after sex abuse'". Daily Gazette. 9 June 2019. https://www.gazette-news.co.uk/news/17692140.calls-childline-saved-life-sex-abuse/.
  19. "'Game Of Thrones' Actress Natalie Dormer Joins Celebrity Call To Help Refugees". huffingtonpost.co.uk/. 20 August 2016. https://www.huffingtonpost.co.uk/entry/game-of-thrones-actress-natalie-dormer-joins-celebrity-voices-calling-for-refugee-aid_us_57b74d94e4b03d5136884de5 আহৰণ কৰা হৈছে: 19 December 2018.
  20. "Natalie Dormer: 'The British get very kinky under the collar'". theguardian.com. 1 October 2017. https://www.theguardian.com/stage/2017/oct/01/natalie-dormer-venus-in-fur-interview-game-of-thrones আহৰণ কৰা হৈছে: 19 December 2018.
  21. Suchandrika Chakrabarti (21 November 2018). ""I've been burnt so many times": actress Natalie Dormer on sex, lies and being misquoted". New Statesman. https://www.newstatesman.com/culture/film/2018/11/i-ve-been-burnt-so-many-times-actress-natalie-dormer-sex-lies-and-being আহৰণ কৰা হৈছে: 16 June 2019.
  22. "Natalie Dormer visits Childline NSPCC". YouTube. 13 November 2019. https://www.youtube.com/watch?v=6C8O3ZAKPIQ আহৰণ কৰা হৈছে: 27 August 2021.
  23. "NSPCC launches book to help protect children from sexual abuse". 26 August 2021. https://www.standard.co.uk/news/uk/nspcc-natalie-dormer-matalan-b952373.html আহৰণ কৰা হৈছে: 27 August 2021.
  24. "Podcast: Teaching sex and relationships education (SRE) with Talk Relationships". learning.nspcc.org.uk. 9 September 2024. https://learning.nspcc.org.uk/news/2024/september/podcast-teaching-sex-relationships-education-sre-talk-relationships.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]