সমললৈ যাওক

নাটালি পৰ্টমেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাটালি পৰ্টমেন

২০২৬ চনত পৰ্টমেন
স্থানীয় নাম נטלי פורטמן
জন্ম নাটালি হাৰ্ছলাগ
০৯ জুন, ১৯৮১ (৪৪ বছৰ)
জেৰুজালেম, মাউণ্ট স্কোপাচ, ইজৰাইল[1][2]
নাগৰিকত্ব ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (এবি)
পেচা অভিনেত্ৰী, পৰিচালক, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৯৩–বৰ্তমান
দাম্পত্যসঙ্গী বেঞ্জামিন মিলপাইড (বি. ২০১২; বিবি. ২০২৪)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি পূৰ্ণ তালিকা
স্বাক্ষৰ
চিঞাহীৰে কৰা হস্তাক্ষৰ

নাটালি হাৰ্ছলাগ[টোকা 1] (জন্ম ৯ জুন, ১৯৮১), পেছাদাৰীভাৱে নাটালি পৰ্টমেন নামেৰে পৰিচিত, এগৰাকী অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক যাৰ ইজৰাইলী আৰু আমেৰিকান উভয় নাগৰিকত্ব আছে। তেওঁ কিশোৰ অৱস্থাৰপৰাই এক বিশাল পৰিসৰৰ অভিনয় জীৱনৰ সূচনা কৰিছিল আৰু বিভিন্ন ব্লকবাষ্টাৰ তথা স্বতন্ত্ৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ এটা একাডেমী বঁটা, এটা বাফটা বঁটা আৰু দুটাকৈ গোল্ডেন গ্ল’ব বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে।

পৰ্টমেনৰ জন্ম জেৰুজালেমত হৈছিল আৰু নিউয়ৰ্কৰ লং আইলেণ্ডত ডাঙৰ-দীঘল হৈছিল। তাত তেওঁ বাৰ বছৰ বয়সতে লিঅ’ন: দ্য প্ৰফেচনেল (১৯৯৪) নামৰ চলচ্চিত্ৰখনত এগৰাকী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। হাইস্কুলত পঢ়ি থাকোঁতে তেওঁ দ্য ডায়েৰী অৱ এন ফ্ৰেংক (১৯৯৭) নামৰ নাটকখনৰ জৰিয়তে ব্ৰডৱেত আত্মপ্ৰকাশ কৰে আৰু ষ্টাৰ ৱাৰ্ছ: এপিচ’ড ১ – দ্য ফেণ্টম মিনেচ (১৯৯৯) বোলছবিখনত পাডমে এমিডালাৰ চৰিত্ৰত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। ১৯৯৯ চনৰপৰা ২০০৩ চনলৈকে পৰ্টমেনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। এই সময়ছোৱাত তেওঁ অভিনয়ৰ কাম কমকৈ কৰিছিল যদিও ষ্টাৰ ৱাৰ্ছ প্ৰিকুৱেল ত্ৰিলজী (২০০২ আৰু ২০০৫) ত কাম অব্যাহত ৰাখিছিল আৰু ২০০১ চনত দ্য পাব্লিক থিয়েটাৰত এণ্টন চেখভৰ দ্য ছিগিলৰ পুনৰুজ্জীৱিত সংস্কৰণত অভিনয় কৰিছিল।

২০০৪ চনত তেওঁৰ কেৰিয়াৰে অধিক গতি লাভ কৰে যেতিয়া তেওঁ ক্লজাৰ বোলছবিৰ বাবে গোল্ডেন গ্ল’ব বঁটা লাভ কৰে আৰু শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰে। ইয়াৰ পিছত তেওঁ ভি ফৰ ভেণ্ডাটা (২০০৫) ত ইভি হেমণ্ড, দ্য আদাৰ বোলেয়িন গাৰ্ল (২০০৮) ত এন বোলেয়িন আৰু ব্লেক স্বান (২০১০) ত এগৰাকী মানসিক সংঘাতত ভোগা বেলিৰিনাৰ চৰিত্ৰত অভিনয় কৰে। ব্লেক স্বানৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী বছৰবোৰত পৰ্টমেনে ৰোমাণ্টিক কমেডী নো ষ্ট্ৰিংছ এটাচড (২০১১) আৰু জেকি (২০১৬) ত জেকুলিন কেনেডীৰ চৰিত্ৰত অভিনয় কৰে, যিখনৰ বাবে তেওঁ তৃতীয়বাৰৰ বাবে একাডেমী বঁটাৰ মনোনয়ন লাভ কৰে। তেওঁ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰো এগৰাকী বিশিষ্ট মুখ হৈ পৰে আৰু থৰ (২০১১), থৰ: দ্য ডাৰ্ক ৱৰ্ল্ড (২০১৩) আৰু থৰ: লাভ এণ্ড থাণ্ডাৰ (২০২২) বোলছবিসমূহত জেন ফষ্টাৰৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিসমূহে তেওঁক বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ এগৰাকী হিচাপে প্ৰতিষ্ঠা কৰে।

পৰ্টমেনে চুটি ছবি ইভ (২০০৮) আৰু জীৱনীমূলক ড্ৰামা এ টেল অৱ লাভ এণ্ড ডাৰ্কনেচ (২০১৫) পৰিচালনা কৰিছে, য’ত তেওঁ নিজেও অভিনয় কৰিছিল। ২০২১ চনত তেওঁ মাউণ্টেন-এ নামৰ এটা প্ৰযোজনা সংস্থাৰ সহ-প্ৰতিষ্ঠা কৰে, যাৰ অধীনত তেওঁ মে ডিচেম্বৰ (২০২৩) বোলছবি আৰু লেডী ইন দ্য লেক (২০২৪) নামৰ ধাৰাবাহিকখন প্ৰযোজনা কৰিছিল। পৰ্টমেন মহিলাৰ অধিকাৰ, পৰিৱেশসংক্ৰান্তীয় সমস্যা আৰু পশু কল্যাণকে ধৰি বিভিন্ন সামাজিক কাৰ্যৰ এগৰাকী অধিবক্তা। তেওঁ হিউমেন ৰাইটচ ফাউণ্ডেশ্যন আৰু জেন গুডাল ইনষ্টিটিউটৰ দৰে সংস্থাসমূহক সমৰ্থন আগবঢ়াই আহিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নাটালি হাৰ্ছলাগ[8] ১৯৮১ চনৰ ৯ জুনত জেৰুজালেমৰ মাউণ্ট স্কোপাছৰ হাডাচা মেডিকেল চেণ্টাৰত[9] এক ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[10] তেওঁ ওহিঅ’ত জন্মগ্ৰহণ কৰা শিল্পী শ্বেলী ষ্টিভেন্স আৰু ইজৰাইলত জন্মগ্ৰহণ কৰা স্ত্ৰীৰোগ বিশেষজ্ঞ এভনাৰ হাৰ্ছলাগৰ একমাত্ৰ সন্তান।[11][12] পৰ্টমেনৰ মাতৃৰফালৰ ককাক-আইতাক আছিল ৰাছিয়া আৰু অষ্ট্ৰিয়াৰপৰা অহা ইহুদী অনুপ্ৰৱেশকাৰী যিসকলে আমেৰিকা যুক্তৰাষ্ট্ৰত বসতি স্থাপন কৰিছিল, আনহাতে তেওঁৰ পিতৃৰফালৰ ককাক-আইতাকে ১৯৩০ চনৰ শেষৰফালে পোলেণ্ডৰপৰা ইজৰাইললৈ প্ৰব্ৰজন কৰিছিল। তেওঁৰ ককাকে পোলেণ্ডত এক ইহুদী যুৱ আন্দোলনৰ নেতৃত্ব দিছিল আৰু পিছলৈ পৰিয়ালক লৈ যোৱাৰ আশাত ইজৰাইললৈ গৈছিল, কিন্তু তেওঁৰ পৰিয়ালক আউশ্বৱিটজ কনচেণ্ট্ৰেচন কেম্পৰ গেছ চেম্বাৰত হত্যা কৰা হৈছিল। তেওঁৰ দেউতাকৰফালৰ আইতাক মূলতঃ ৰোমানিয়াৰ আছিল আৰু তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছৰ হৈ চোৰাংচোৱা হিচাপে কাম কৰিছিল।[13] পৰ্টমেন ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বৈত নাগৰিক।[14][15][16]

পৰ্টমেনৰ ৩ বছৰ বয়সত তেওঁৰ পৰিয়াল আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে।[17] প্ৰথমে তেওঁলোকে ৱাশ্বিংটন ডি.চি.ত বাস কৰিছিল, কিন্তু ১৯৮৮ চনত কানেকটিকাটলৈ স্থানান্তৰিত হয় আৰু তাৰ পিছত লং আইলেণ্ডৰ চায়েচেটত থিতাপি লয়।[18][19] ৱাশ্বিংটনত থাকোঁতে পৰ্টমেনে মেৰিলেণ্ডৰ ৰকভিলত থকা চাৰ্লছ ই. স্মিথ জিউইছ ডে স্কুলত অধ্যয়ন কৰিছিল।[12] তেওঁৰ মাতৃভাষা হিব্ৰু।[20] লং আইলেণ্ডত থাকোঁতে তেওঁ ছলোমন শ্বেখটাৰ ডে স্কুল অৱ নাছাউ কাউণ্টি নামৰ এখন ইহুদী প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল।[18] তেওঁ আমেৰিকান থিয়েটাৰ ডান্স ৱৰ্কশ্বপত বেলে আৰু আধুনিক নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু নিয়মীয়াকৈ উছদান চেণ্টাৰ ফৰ ক্ৰিয়েটিভ এণ্ড পাৰফৰ্মিং আৰ্টছত যোগদান কৰিছিল।[18] নিজৰ প্ৰাৰম্ভিক জীৱনৰ বৰ্ণনা কৰি পৰ্টমেনে কৈছে যে তেওঁ "আন ল’ৰা-ছোৱালীবোৰতকৈ পৃথক আছিল। মই অধিক উচ্চাকাংক্ষী আছিলোঁ। মই কি ভাল পাওঁ আৰু মই কি বিচাৰো সেইটো জানিছিলোঁ, আৰু মই বহুত কষ্ট কৰিছিলোঁ। মই এজন বহুত গম্ভীৰ শিশু আছিলোঁ।" [21]

বিজ্ঞাপন আৰু সমৰ্থন

[সম্পাদনা কৰক]

অভিনয় জীৱনৰ উপৰি পৰ্টমেন দীৰ্ঘদিন ধৰি ডিঅ’ৰৰ এম্বেছাদৰ হৈ আছে। তেওঁ ২০১০ চনত ব্ৰেণ্ডটোৰ সৈতে চুক্তিবদ্ধ হৈছিল আৰু কেইবাটাও বিজ্ঞাপন অভিযানত অভিনয় কৰিছে।[22] ২০১১ চনৰ মাৰ্চ মাহত পৰ্টমেনে জেৰুজালেমৰ হাডাচা মেডিকেল চেণ্টাৰৰ বাবে এটা পুঁজি সংগ্ৰহ অভিযানৰ স্বেচ্ছামূলক প্ৰচাৰ আৰম্ভ কৰে। এই অভিযানৰ লক্ষ্য আছিল চিকিৎসালয়খনৰেইন কেৰেম চৌহদত নিৰ্মাণ কৰা এটা নতুন চিকিৎসালয় টাৱাৰ চাৰাহ ৱেটচমেন ডেভিদছন টাৱাৰৰ বাবে ধন সংগ্ৰহ কৰা, যিটো ২০১২ চনত মুকলি কৰা হৈছিল। এই অভিযান আছিল চিকিৎসালয়খনৰ স্বত্বাধিকাৰী হাডাচা উইমেনছ জাইনিষ্ট অৰ্গেনাইজেশ্যন অৱ আমেৰিকাৰ সৈতে এক যুটীয়া প্ৰচেষ্টা।[9] পৰৱৰ্তী সময়ত ২০১২ চনৰ অক্টোবৰ মাহত ব্ৰিটেইনৰ এডভাৰটাইজিং ষ্টেণ্ডাৰ্ড অথৰিটিয়ে ডিঅ’ৰৰ এটা বিজ্ঞাপন নিষিদ্ধ কৰে য’ত পৰ্টমেনে ডিঅ’ৰৰ মাছকাৰা পৰিধান কৰিছিল। ডিঅ’ৰৰ প্ৰতিযোগী কোম্পানী লৰিয়েলৰ এক অভিযোগৰ পিছত এই নিষেধাজ্ঞা জাৰি কৰা হয়, য’ত কোৱা হৈছিল যে বিজ্ঞাপনটোৱে "পণ্যটোৰ সম্ভাৱ্য প্ৰভাৱক বিভ্ৰান্তিকৰভাৱে বঢ়াই দেখুৱাইছে।" এএছএ-য়ে ৰায় দিছিল যে "বিজ্ঞাপনটোৱে বিভ্ৰান্ত কৰাৰ সম্ভাৱনা আছে।" [23] পৰ্টমেন কেথেৰিন ডিঅ’ৰৰদ্বাৰা অনুপ্ৰাণিত কোম্পানীটোৰ অন্যতম সুগন্ধি দ্ৰব্য 'মিছ ডিঅ’ৰ'ৰ মুখপাত্ৰ।[24] তেওঁ সুগন্ধিটোৰ বাবে প্ৰচাৰমূলক ভিডিঅ’ত অভিনয় কৰিছে আৰু ২০২১ চনত ইয়াৰ নতুন সংস্কৰণ 'ৰোজ এন ৰোজেছ'ৰ প্ৰচাৰ কৰিছিল।[25][26]

২০২০ চনৰ জুলাই মাহত তেওঁ এনডব্লিউএছএল ছকাৰ দল 'এঞ্জেল চিটি এফচি'ৰ সৃষ্টিৰ অন্যতম নেতৃস্থানীয় ব্যক্তি হৈ পৰে আৰু দলটোৰ অন্যতম স্বত্বাধিকাৰীও হয়।[27]

  1. কিছুমান হিব্ৰু উৎসই দাবী কৰে যে তেওঁৰ জন্মৰ নাম আছিল "নেটা-লী হাৰ্ছলেগ" (נטע-לי הרשלג) আৰু পৰৱৰ্তী সময়ত তেওঁৰ প্ৰথম নামটো আমেৰিকান শৈলীলৈ পৰিৱৰ্তন কৰি "নাটালি" কৰা হৈছিল।[3][4][5][6] অৱশ্যে পৰ্টমেনে নিজেই কৈছে যে তেওঁৰ নামটো "সদায় নাটালিয়েই আছিল" আৰু "নেটা-লী" নামটো ক'ৰপৰা আহিল তেওঁ নাজানে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Natalie Portman promotes Hadassah". Ynetnews. March 24, 2011. https://www.ynetnews.com/articles/0,7340,L-4044426,00.html.
  2. "Natalie Portman Visits Jerusalem Hospital". Getty Images. February 17, 2003. https://www.gettyimages.com/detail/news-photo/actress-natalie-portman-greets-a-young-patient-during-a-news-photo/1800544.[সংযোগবিহীন উৎস]
  3. "נטלי פורטמן חייבת לבזק" (he ভাষাত). June 9, 2006. https://www.ynet.co.il/articles/0,7340,L-3260477,00.html.
  4. Hayat, Inbal (September 21, 2017). "אחים שלנו: היהודים הכי לוהטים בהוליווד [Our Brothers: The Hottest Jews in Hollywood From Mila Kunis to Ivanka]". Haaretz. https://www.haaretz.co.il/2017-09-21/ty-article/0000017f-f862-ddde-abff-fc6746e80000 আহৰণ কৰা হৈছে: February 12, 2025.
  5. Shamir, Oron (August 31, 2015). "החלום הישראלי: מנטע-לי הרשלג לכוכבת". Haaretz. https://www.haaretz.co.il/gallery/cinema/2015-08-31/ty-article/0000017f-f86a-d460-afff-fb6ee2fa0000.
  6. "18 Things to Know About Jewish Actress Natalie Portman". Hey Alma. July 7, 2022. https://www.heyalma.com/18-things-you-didnt-know-about-natalie-portman/.
  7. Feinberg, Scott (December 1, 2016). "'Awards Chatter' Podcast — Natalie Portman ('Jackie')" (en-US ভাষাত). The Hollywood Reporter. https://www.hollywoodreporter.com/news/general-news/awards-chatter-podcast-natalie-portman-jackie-950574/ আহৰণ কৰা হৈছে: February 11, 2025.
  8. Baird, Abigail A.; Kagan, Jerome; Gaudette, Thomas; Walz, Kathryn A.; Hershlag, Natalie; Boas, David A. (August 2002). "Frontal Lobe Activation during Object Permanence: Data from Near-Infrared Spectroscopy". NeuroImage (Elsevier) খণ্ড 4 (16): 1120–1126. doi:10.1006/nimg.2002.1170. ISSN 1053-8119. PMID 12202098. https://www.nmr.mgh.harvard.edu আহৰণ কৰা হৈছে: May 12, 2021.
  9. 1 2 Rosenblum, Sarit (March 24, 2011). "Natalie Portman promotes Hadassah" (en ভাষাত). Ynetnews. https://www.ynetnews.com.
  10. Crean, Ellen (July 30, 2004). "A 'Garden State' Of Mind". CBS News. https://www.cbsnews.com.
  11. Pringle, Gill (February 29, 2008). "Natalie Portman – more than a woman". The Independent (UK). https://www.independent.co.uk.
  12. 1 2 Dr. Rafael Medoff (2011). "Natalie Portman". Great Lives from History: Jewish Americans. প্ৰকাশক Ipswich, Massachusetts: Salem Press. পৃষ্ঠা. 900. ISBN 978-1-58765-741-2. http://salempress.com আহৰণ কৰা হৈছে: July 4, 2015.
  13. Kern-Rugile, Jenna (November 8, 2013). "Natalie Portman: Hometown Heroine" (en-US ভাষাত). Long Island Press. https://www.longislandpress.com আহৰণ কৰা হৈছে: 2025-06-14.
  14. Kershner, Isabel; Specia, Megan (April 20, 2018). "Natalie Portman Backs Out of Israeli Award Ceremony". The New York Times. ISSN 0362-4331. https://www.nytimes.com.
  15. Deitch, Ian (April 20, 2018). "Natalie Portman addresses snub of 'Jewish Nobel,' backlash". Associated Press. https://apnews.com আহৰণ কৰা হৈছে: April 30, 2024.
  16. Sparks, Karen Jacob, ed (2012). Britannica Book of the Year 2012. Encyclopædia Britannica, Inc.. পৃষ্ঠা. 102. ISBN 9781615356188.
  17. Zeman, Ned (2013-10-15). "Natalie's Next Moves" (en ভাষাত). Marie Claire. https://www.marieclaire.com আহৰণ কৰা হৈছে: 2025-06-11.
  18. 1 2 3 Polsky, Carol; Lovece, Frank (February 26, 2011). "Portman was ever the swan growing up on LI". Newsday (New York/Long Island). http://www.newsday.com.
  19. Thernstrom, Melanie (2004-11-07). "The Enchanting Little Princess" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com.
  20. Collins, Andrew (January 1, 2011). "Natalie Portman: The prodigy comes of age". The Guardian. https://www.theguardian.com আহৰণ কৰা হৈছে: November 5, 2012.
  21. "Natalie Portman Will Change Your Life".
  22. Niven, Lisa (August 31, 2017). "Natalie Portman on Dior's Celebration of Women". Vogue. http://www.vogue.co.uk/article/natalie-portman-miss-dior-campaign-2017.
  23. Sweney, Mark (October 23, 2012). "Christian Dior mascara ad banned for airbrushing Natalie Portman eyelashes". The Guardian. https://www.theguardian.com/media/2012/oct/24/dior-mascara-natalie-portman-ad-ban আহৰণ কৰা হৈছে: November 14, 2024.
  24. March, Bridget (September 6, 2021). "Natalie Portman on Miss Dior, seeking joy and falling back in love with beauty". Harper's Bazaar. https://www.harpersbazaar.com/uk/beauty/fragrance/a37394963/natalie-portman-beauty-interview/ আহৰণ কৰা হৈছে: October 29, 2021.
  25. Kell, Laura (August 25, 2021). "Wake Up For Love: Natalie Portman Stars In The New Miss Dior Campaign". Harper's Bazaar. https://www.harpersbazaararabia.com/beauty/beauty-featured-news/wake-up-for-love-natalie-portman-stars-in-the-new-miss-dior-campaign আহৰণ কৰা হৈছে: October 29, 2021.
  26. "Christian Dior Miss Dior Rose N'Roses Fragrance Film Starring Natalie Portman". Les Façons. February 3, 2020. https://lesfacons.com/2020/02/03/christian-dior-miss-dior-rose-nroses-fragrance-film-starring-natalie-portman/ আহৰণ কৰা হৈছে: September 25, 2022.
  27. "Natalie Portman part of L.A. ownership group for NWSL expansion team in 2022". Los Angeles Times. July 21, 2020. https://www.latimes.com/sports/soccer/story/2020-07-21/natalie-portman-part-of-l-a-ownership-group-for-nwsl-expansion-team-in-2022.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]