সমললৈ যাওক

নাদিয়া আলেকজেণ্ডাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাদিয়া আলেকজেণ্ডাৰ

২০১৭ চনত আলেকজেণ্ডাৰ
জন্ম ৫ এপ্ৰিল, ১৯৯৪ (৩২ বছৰ)
কলম্বিয়া, দক্ষিণ কেৰোলিনা, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান
অংশীদাৰ কুইন শ্বেফাৰ্ড (২০১৫–২০২৩)

নাদিয়া আলেকজেণ্ডাৰ (ইংৰাজী: Nadia Alexander; জন্ম ৫ এপ্ৰিল, ১৯৯৪) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ দা ছিনাৰ (২০১৭) আৰু চেভেন ছেকেণ্ডছ (২০১৮) আদিকে ধৰি কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে।[1] ২০১৭ চনৰ ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত ব্লেম (২০১৭) ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ আমেৰিকাৰ শ্ৰেষ্ঠ বিৱৰণাত্মক চলচ্চিত্ৰৰ অভিনেত্ৰীৰ বঁটা লাভ কৰে।[2] লগতে দা ডাৰ্ক (২০১৯) ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফেনগ’ৰিয়া চেইনশ্ব’ বঁটাৰ বাবে মনোনীত হৈছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

আলেকজেণ্ডাৰে ছয় বছৰ বয়সৰ পৰাই অভিনয় আৰম্ভ কৰিছিল, যেতিয়া তেওঁক পিটচবাৰ্গ অঞ্চলৰ এখন মঞ্চত দা চাউণ্ড অফ মিউজিক নাটকত গ্ৰেটলৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তেওঁ সমগ্ৰ শৈশৱকালত দক্ষিণ-পশ্চিম পেঞ্চিলভেনিয়াৰ বেছিভাগ ইকুইটি থিয়েটাৰত পেছাদাৰীভাৱে কাম কৰিছিল। ইয়াৰ ভিতৰত পিটচবাৰ্গ পাব্লিক থিয়েটাৰ অন্যতম য’ত তেওঁ একেৰাহে তিনি বছৰ ধৰি বাৰ্ষিক শ্বেইক্সপীয়েৰ মনোলগ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।[3]

২০০৭ চনত আলেকজেণ্ডাৰ নিউয়ৰ্ক চহৰলৈ স্থানান্তৰিত হয় আৰু বিজ্ঞাপন তথা ধাৰাবাহিকৰ কাম আৰম্ভ কৰে। হাইস্কুলত পঢ়ি থকা অৱস্থাতে আলেকজেণ্ডাৰে ৰেটলষ্টিক প্লে ৰাইটছ থিয়েটাৰত দেয়াৰ আৰ নো ম’ৰ বিগ ছিক্ৰেটছ নামৰ নাটকৰ জৰিয়তে অফ-ব্ৰডৱেত অভিনয় কৰিছিল।[4] তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছিল স্বতন্ত্ৰ ছবি পোষ্টেলছ। ইয়াৰ পিছত তেওঁ টেন থাউজেন্ড চেইণ্টছ আৰু ফেন গাৰ্লত অভিনয় কৰে।

২০১০ চনত তেওঁ ল’ এণ্ড অৰ্ডাৰৰ এটা খণ্ডত অতিথি শিল্পী হিচাপে ভূমুকি মাৰে। তেতিয়াৰ পৰা তেওঁ বোৰ্ডৱাক এম্পায়াৰ (২০১১), দা ফলোয়িং (২০১৫), দা ছিনাৰ (২০১৭) আৰু চেভেন ছেকেণ্ডছ (২০১৮) আদিকে ধৰি কেইবাখনো টেলিভিছন ধাৰাবাহিকত কাম কৰিছে।[1]

২০১৭ চনত তেওঁ ব্লেম (২০১৭) ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে। এই ছবিখন কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু তেওঁৰ কামৰ বাবে আলেকজেণ্ডাৰে ২০১৭ চনৰ ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত আমেৰিকাৰ শ্ৰেষ্ঠ বিৱৰণাত্মক চলচ্চিত্ৰৰ অভিনেত্ৰীৰ বঁটা লাভ কৰে।[2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আলেকজেণ্ডাৰে নিজকে পেনচেক্সুৱেল বুলি চিনাক্ত কৰে।[5] তেওঁ পূৰ্বে ব্লেমৰ সহ-অভিনেত্ৰী তথা পৰিচালক কুইন শ্বেফাৰ্ডৰ সৈতে সম্পৰ্কত আছিল।[6][7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 ‘Seven Seconds’ Trailer: Regina King Seeks Justice In Netflix Crime Anthology Series
  2. 1 2 "The Tribeca Film Festival.". Archived from the original on 2017-04-28. https://web.archive.org/web/20170428080617/https://tribecafilm.com/stories/tribeca-2017-jury-awards আহৰণ কৰা হৈছে: 28 April 2017.
  3. Pace, Laura (March 23, 2005). "Bethel Park actress, 10, wins contest as Juliet". Pittsburgh Post-Gazette. http://www.post-gazette.com/local/south/2005/03/23/Bethel-Park-actress-10-wins-contest-as-Juliet/stories/200503230325 আহৰণ কৰা হৈছে: 8 February 2014.
  4. Haagensen, Erik (November 12, 2010). "Off-Broadway Review, There Are No More Big Secrets". Backstage Magazine. http://www.backstage.com/review/ny-theater/off-broadway/there-are-no-more-big-secrets/ আহৰণ কৰা হৈছে: 8 February 2014.
  5. (en ভাষাত) Nadia Alexander's Instagram, https://www.instagram.com/p/BzWqguIpzRU/, আহৰণ কৰা হৈছে: 12 September 2020
  6. (en ভাষাত) Nadia Alexander's Instagram, https://www.instagram.com/p/CEhmAALjtGv/, আহৰণ কৰা হৈছে: 12 September 2020
  7. "Instagram". www.instagram.com. https://www.instagram.com/nadia_alexander/p/C51YIkMP_kC/?img_index=1 আহৰণ কৰা হৈছে: 2024-10-17.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]