সমললৈ যাওক

নাদিয়া জামিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাদিয়া জামিল
জন্ম নাদিয়া ফজল জামিল
১৩ অক্টোবৰ, ১৯৭২ (৫২ বছৰ)
লণ্ডন, ইংলেণ্ড
শিক্ষা কনভেণ্ট অৱ জেছাছ এণ্ড মেৰি, লাহোৰ
পেচা
  • অভিনয়-শিল্পী
  • পৰিৱেশক
  • লেখিকা
  • সমাজকৰ্মী
সক্ৰিয় হৈ থকা সময় ১৯৯৫ - বৰ্তমানলৈকে
দাম্পত্যসঙ্গী আলী পাৰভেইজ
সন্তান


নাদিয়া জামিল (জন্ম: ৩ অক্টোবৰ ১৯৮০), নাদিয়া ফজল জামিল নামেৰেও পৰিচিত) এগৰাকী পাকিস্তানী অভিনেত্ৰী আৰু অনুষ্ঠান-পৰিৱেশক৷ নবৈৰ দশকৰ শেষৰ ফালে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জামিলে পৰৱৰ্তী সময়ত কেইবাটাও টেলিভিছন প্ৰডাকচনত অভিনয় কৰিছে। টেলিভিছনৰ উপৰিও থিয়েটাৰতো তেওঁ কাম কৰিছে। তেওঁৰ টেলিভিছনত অভিনয়ৰ ভিতৰত ধূপ মেইন সাৱান (১৯৯৮), মেৰে পাছ পাছ (২০০৫), মেৰী জান (২০০৯), বেহাড (২০১৩)[1][2] আৰু দমছা (২০১৯) আদি।[3] তেওঁৰ লাভ কৰা বঁটা-স্বীকৃতিসমূহৰ ভিতৰত আছে লাক্স ষ্টাইল বঁটাৰ বাবে তিনিটা মনোনয়ন।[4][5][6][7]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৮০ চনৰ ১৩ অক্টোবৰত লণ্ডনত জন্মগ্ৰহণ কৰা জামিল ৯ বছৰ বয়সত লাহোৰলৈ আহে। তেওঁ লাহোৰৰ কনভেণ্ট অৱ জিছুছ এণ্ড মেৰী স্কুলত পঢ়িছিল।[8] তেওঁ সাহিত্যত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।[9]

জামিলে আমেৰিকাৰ হেম্পশ্বাৰ কলেজত নাটক আৰু সৃষ্টিশীল লেখাত স্নাতক ডিগ্ৰী লাভ কৰে।[10] এলেগেনী কলেজতো তেওঁ অধ্যয়ন কৰিছিল ৷ লণ্ডনৰ গ্ল’ব থিয়েটাৰত তেওঁ আন্তঃৰাষ্ট্ৰীয় ফেল’শ্বিপ সম্পূৰ্ণ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

জামিল যোৱা দুটা দশক ধৰি এগৰাকী পাকিস্তানী অভিনেত্ৰী[11][12] আৰু অনুষ্ঠান-পৰিৱেশক। নবৈৰ দশকত জামিলে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।[13]

জামিল সুঞ্জন নগৰৰ ট্ৰাষ্টী। এইখন ৰাজা কাজিমৰ আৰ্থিকভাৱে বঞ্চিত ছোৱালীৰ বিদ্যালয়। তেওঁলোকৰ সৈতে আল-হামৰাত এটা নাট্য প্ৰকল্প পৰিবেশন কৰিছিল। ছোৱালীৰ শিক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰা প্ৰকল্প গাৰ্ল ৰাইজিঙৰ এম্বেছাদৰ হিচাপেও তেওঁ কাম কৰে। নাট্য আৰু নাটকৰ অধ্যাপনা কৰা নাদিয়াই অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ আৰু আইচিছন, কিডছ কেম্পাছৰ দৰে প্ৰতিষ্ঠানৰ সৈতে কেইটামান প্ৰকল্পত কাম কৰি আছে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আলী পাৰভাইজৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁৰ দুজন পুত্ৰ ৰাকাই আৰু মিৰ ৱালি৷[14]

২০২০ চনৰ এপ্ৰিল মাহত জামিলৰ ষ্টেজ ১ স্তন কেন্সাৰ/গ্ৰেড ৩ টিউমাৰ ধৰা পৰে।[[15][16]পৰৱৰ্তী সময়ত তেওঁৰ সফল অস্ত্ৰোপচাৰ কৰা হয়[17] আৰু আগষ্ট মাহত তেওঁ সংকটৰ পৰা আঁতৰি যায়।[18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Nadia Jamil and Sania Saeed team up after 15 years - The Express Tribune". 25 May 2014. https://tribune.com.pk/story/712965/nadia-jamil-and-sania-saeed-team-up-after-15-years/. 
  2. "Nadia Jamil allegedly refused service at Italian restaurant in UK - The Express Tribune". 23 August 2017. https://tribune.com.pk/story/1488739/nadia-jamil-allegedly-refused-service-italian-restaurant-uk/. 
  3. "Nadia Jamil is coming back to silver screen in a major role" (en-US ভাষাত). Daily Pakistan Global. Archived from the original on 2018-11-30. https://web.archive.org/web/20181130203242/https://en.dailypakistan.com.pk/lifestyle/nadia-jamil-making-tv-comeback-with-demanding-role/. 
  4. "Nadia Jamil on teaching voice modulation to 'Balu Mahi' actors" (en ভাষাত). The Express Tribune. 10 February 2016. https://tribune.com.pk/story/1043966/nadia-jamil-on-teaching-voice-modulation-to-balu-mahi-actors. 
  5. "Nadia Jamil is training Balu Mahi’s cast" (en ভাষাত). www.thenews.com.pk. https://www.thenews.com.pk/magazine/instep-today/96434-Nadia-Jamil-is-training-Balu-Mahis-cast. 
  6. "Nadia Jamil: I love everything about Indian cinema - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/Nadia-Jamil-I-love-everything-about-Indian-cinema/articleshow/44512456.cms. 
  7. "Review: The promising 'Durre-Shehwar'" (en ভাষাত). DAWN.COM. 22 March 2012. https://www.dawn.com/news/704606/review-the-promising-durre-shehwar. 
  8. "Nadia Jamil Reveals How Maryam Nawaz Used to Bully Her [Video"]. Lens. 31 October 2019. https://propakistani.pk/lens/nadia-jamil-reveals-how-maryam-nawaz-used-to-bully-her-video/. 
  9. "Nadia Jamil". Pakistani.PK. https://pakistani.pk/nadia-jamil/. 
  10. "The Tribune, Chandigarh, India - Chandigarh Stories". www.tribuneindia.com. https://www.tribuneindia.com/2001/20010826/cth1.htm. 
  11. "Nadia Jamil speaks out about childhood abuse | SAMAA". Samaa TV. https://www.samaa.tv/culture/2018/01/nadia-jamil-speaks-childhood-abuse/. 
  12. "I was four the first time I was sexually abused: Nadia Jamil" (en ভাষাত). The Express Tribune. 14 January 2018. https://tribune.com.pk/story/1608426/4-four-first-time-sexually-abused-nadia-jamil. 
  13. "Bollywood Movie Actress Nadia Jamil Biography, News, Photos, Videos" (en ভাষাত). nettv4u. https://nettv4u.com/celebrity/hindi/movie-actress/nadia-jamil. 
  14. "Interview: Nadia Jamil" (en ভাষাত). Newsline. https://newslinemagazine.com/magazine/interview-nadia-jamil-2/. 
  15. "Nadia Jamil diagnosed with breast cancer". https://images.dawn.com/news/1184984. 
  16. "Nadia Jamil diagnosed with breast cancer, grade 3 tumour" (en ভাষাত). The Express Tribune. 3 April 2020. https://tribune.com.pk/story/2189977/4-nadia-jamil-diagnosed-breast-cancer-grade-3-tumour. 
  17. Images Staff (5 April 2020). "Nadia Jamil is recovering well post breast cancer surgery" (en ভাষাত). Images. https://images.dawn.com/news/1184995. 
  18. "Years behind bars worse than a minute ending with death: Nadia Jamil" (en ভাষাত). The Express Tribune. 13 September 2020. https://tribune.com.pk/story/2263796/years-behind-bars-worse-than-a-minute-ending-with-death-nadia-jamil.