নাদু-ভংগী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

নাদু-ভংগী হ'ল সত্ৰীয়া নৃত্যৰ এটা ভাগ। এই নাদু-ভংগী নাচত তিনিযোৰা নটুৱা(গোপ-গোপী)ই নাচে। সত্ৰৰ নতুন শিকাৰু সকলে এই নাচ শিকে।

প্ৰকাৰ[সম্পাদনা কৰক]

নাদু-ভংগী নাচ দুই প্ৰকাৰৰ:-- ৰামদানি আৰু গীতৰ নাচ।

সাজ-পাৰ[সম্পাদনা কৰক]

নাদু-ভংগী নাচত পূৰ্বতে উল্লেখ কৰি অহা তিনিযোৰ নটুৱাৰ ভিতৰত প্ৰথম যোৰাই কৃষ্ণৰ, দ্বিতীয় যোৰাই গোপীৰ আৰু তৃতীয় যোৰাই ঝুমুৰৰ সাজ পিন্ধি নাচিবলৈ লয়। নাদু-ভংগীৰ সাজ সম্পৰ্কে ড৹ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীয়ে এনেদৰে কৈছে---- "ককালত ৰঙা বা পাটৰ চুৰিয়া , ভৰিত নূপূৰ গাত চুটি হাতৰ বুকুফুলা ক'লা চোলা।মূৰত ৰঙা, হালধীয়া বা বগা কাপোৰ। তাৰ ওপৰত বনকৰা নটুৱা টুপী, হাতত বাজু।"

পৰিৱেশন শৈলী[সম্পাদনা কৰক]

নাদু-ভংগী নাচৰ ৰামদানি অংশত দুখনি তাল বজোৱা হয়।এই দুখনি তালেৰেই বাজনা শেষ কৰা হয়।এই নাচত ৰক্ত তাল বজোৱা হয়। শংকৰদেৱৰ কীৰ্ত্তন স্থাপনৰ দিনটোত নাদু-ভংগী নৃত্যৰ বাবে সাৰংগ ৰাগত "অ সখি পেখো মদন গোপাল...." বৰগীতটি গোৱাৰ নিয়ম প্ৰচলিত হৈ আছে।বৰগীতটি গাই শেষ হোৱাৰ লগে লগে নাদু-ভংগী নাচৰো সামৰণি পৰে।


প্ৰসংগ পুথি:-[সম্পাদনা কৰক]

  • গোস্বামী, নাৰায়ণ চন্দ্ৰ "সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা"
  • ৰাজবংশী, পৰমানন্দ; দাস, নাৰায়ণ(সম্পা.) "অসমীয়া সংস্কৃতিৰ কণিকা" ৩য় প্ৰকাশ(২০০৬), চন্দ্ৰ প্ৰকাশ পৃষ্ঠা:- ২০৩-০৪