নাদেৰ ইব্ৰাহিমী
| নাদেৰ ইব্ৰাহিমী | |
|---|---|
| জন্ম | ৩ এপ্ৰিল, ১৯৩৬ তেহৰান, ইৰান |
| মৃত্যু | ৫ জুন, ২০০৮ (৭২ বছৰ) তেহৰান, ইৰান |
| সমাধিস্থল | বেহেস্ত জহৰা |
| পেচা |
|
| দাম্পত্যসংগী | ফাৰজানেহ মানচুৰী |
| সন্তান | ৩ |
| আত্মীয়-স্বজন | মৰিয়ম ঝান্দী (সতীয়া ভগ্নী) |
| স্বাক্ষৰ | |
| ৱেবছাইট | naderebrahimi |
নাদেৰ ইব্ৰাহিমী (জন্ম ৩ এপ্ৰিল, ১৯৩৬ মৃত্যু ৫ জুন, ২০০৮) এজন ইৰানী লেখক, চিত্ৰনাট্যকাৰ, ফটোগ্ৰাফাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ আৰু ঔপন্যাসিক আছিল।[1]
কেৰমানৰ এক প্ৰখ্যাত পৰিয়ালৰ বংশধৰ আতা-অল-মোল্ক ইব্ৰাহিমীৰ পুত্ৰ নাদেৰে ফাৰ্চী সাহিত্যত ডিপ্লমা অৰ্জন কৰিছিল আৰু তাৰ পিছত ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ৰাজনৈতিক কাৰ্যকলাপৰ সৈতেও জড়িত আছিল, যাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। তেওঁ শিক্ষকতা আৰু বেংকিঙকে ধৰি বিভিন্ন ধৰণৰ কাম কৰিছিল। তেওঁ কেইবাখনো টিভি ধাৰাবাহিক আৰু তথ্যচিত্ৰ যেনে: দ্য চাউণ্ড অৱ দ্য ডেজাৰ্ট পৰিচালনা কৰিছিল। কিন্তু তেওঁ এজন ঔপন্যাসিক হিচাপেহে আটাইতকৈ বেছি পৰিচিত আছিল। তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত থ্ৰী লুক্স এট দ্য মেন কামিং ফ্ৰম, ফৰ্টি লেটাৰ্ছ টু মাই ৱাইফ, এ মেন ইন এভাৰলাষ্টিং বেনিশ্বমেণ্ট আৰু ফায়াৰ উইদাউট স্মোক অন্যতম। তেওঁ ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পূৰ্বে ইৰানৰ ৰাষ্ট্ৰীয় দূৰদৰ্শনত সম্প্ৰচাৰিত হোৱা হামি এণ্ড কামি অন লং জাৰ্নিছ টু দেয়াৰ হোমলেণ্ড নামৰ এখন টেলিভিছন ধাৰাবাহিকো পৰিচালনা কৰিছিল।[2]
জীৱনী
[সম্পাদনা কৰক]নাদেৰ ইব্ৰাহিমীৰ জন্ম ১৯३৬ চনত তেহৰাণত হৈছিল। তেহৰাণত হাইস্কুলৰ শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ আইনৰ স্কুলত নামভৰ্তি কৰে, কিন্তু দুবছৰৰ পিছত পঢ়া এৰি ইংৰাজী ভাষা আৰু সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে।[3]
ইব্ৰাহিমীয়ে ফাৰজানেহ মানচুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। আত্মীয়ৰ জৰিয়তে তেওঁলোকৰ চিনাকি হৈছিল আৰু চুটি দেখাসাক্ষতৰ পিছতে দুয়ো বিবাহৰ বাবে সন্মত হৈছিল। নিজৰ এক সাক্ষাৎকাৰত ফাৰজানেহ মানচুৰীয়ে তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰৰ বিষয়ে উল্লেখ কৰি কৈছিল, "এটা পাৰিবাৰিক অনুষ্ঠানত নাদেৰৰ সৈতে মোৰ চিনাকি হৈছিল।"[4]
তেৰ বছৰ বয়সতে তেওঁ এটা ৰাজনৈতিক সংগঠনৰ সদস্য হয় আৰু কাৰাবাস খাটিবলগীয়া হয়। ইবন মাশঘালা আৰু আবু আল-টু মাশঘালা নামৰ কিতাপ দুখনত তেওঁৰ নিজৰ ভাষাত জীৱন আৰু কৰ্মৰাজিৰ এক বিশদ বিৱৰণ পোৱা যায়। এই দুয়োখন কিতাপত তেওঁ নিজৰ কাৰ্যকলাপৰ বিষয়ে অধিক বিশদভাৱে বৰ্ণনা কৰিছে। ইব্ৰাহিমীয়ে বিভিন্ন ধৰণৰ কামৰ চেষ্টা কৰিছিল। জীৱনকালত তেওঁ মৰুভূমিত মেৰামতি কৰা মেকানিক, ছপাশালৰ কৰ্মী, বেংকৰ একাউণ্টেণ্ট, আলোচনীৰ লেআউট ডিজাইনাৰ, অনুবাদক আৰু সম্পাদক, তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা, কিতাপ বিক্ৰেতা, লিপিকাৰ (কেলিপ্ৰাফাৰ), চিত্ৰশিল্পী, বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আৰু এজন লেখক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ৰাজনীতিৰ উপৰিও নাদেৰ ইব্ৰাহিমী এজন ক্ৰীড়া ব্যক্তিত্বও আছিল। তেওঁ আটাইতকেই প্ৰাৰম্ভিক পৰ্বতাৰোহণকাৰী দলসমূহৰ ভিতৰত অন্যতম আবৰমৰ্দ গঠন কৰিছিল। ই পৰ্বতাৰোহণৰ বিকাশ আৰু ইয়াৰ নৈতিকতাৰ ওপৰতো প্ৰভাৱ পেলাইছিল।[5]
১৯৮৪ চনত তেওঁ বলোনিয়া চহৰৰ "উগো বাছি" লজ নম্বৰ ১১৪৩-ত পুৰুষ আৰু মহিলাৰ বাবে থকা আন্তঃৰাষ্ট্ৰীয় মেচনিক অৰ্ডাৰ ‘লে ড্ৰইট হুমেইন’ৰ ইটালিয়ান ফেডাৰেচনত ফ্ৰিমেচন হিচাপে দীক্ষিত হয়।[6]
সাহিত্যিক জীৱন
[সম্পাদনা কৰক]তেওঁ ১৬ বছৰ বয়সৰ পৰাই লিখা-মেলা আৰম্ভ কৰিছিল আৰু ইয়াক কেতিয়াও এৰি দিয়া নাছিল। তেওঁৰ প্ৰথমখন কিতাপ এ হাউচ ফৰ নাইট অতি সফল হৈছিল। শ শ পাণ্ডিত্যপূৰ্ণ প্ৰবন্ধৰ উপৰিও তেওঁ ১০০ তকৈও অধিক কিতাপ প্ৰকাশ কৰিছিল। ইয়াৰ লগতে তেওঁ কেইবাখনো চলচ্চিত্ৰ, তথ্যচিত্ৰ আৰু দুখন অতি জনপ্ৰিয় দূৰদৰ্শন ধাৰাবাহিকৰ ৰচনা তথা পৰিচালনা কৰিছিল।
২০০১ চনৰ ভিতৰত তেওঁ এশৰো অধিক ৰচনা প্ৰকাশ কৰিছিল, যিবোৰৰ ভিতৰত দীঘল আৰু চুটি গল্প, শিশু সাহিত্য, নাটক, চিত্ৰনাট্য আৰু বিভিন্ন বিষয়ৰ ওপৰত কৰা গৱেষণাৰ লগতে শ শ অধ্যয়ন আৰু সমালোচনাৰ প্ৰবন্ধ অন্তৰ্ভুক্ত আছিল। তেওঁৰ কেইবাখনো গ্ৰন্থ বিশ্বৰ বিভিন্ন ভাষালৈকো অনূদিত হৈছে।[7]
নাদেৰ ইব্ৰাহিমী আৰু তেওঁৰ পত্নীয়ে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে এটা প্ৰতিষ্ঠান গঠন কৰাৰ সমসাময়িকভাৱেকৈ শিশু সাহিত্যৰ ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এছিয়ান আৰু ৱৰ্ল্ড চিলড্ৰেনছ বুক ইলাষ্ট্ৰেচন ফেষ্টিভেলে তেওঁলোকক ‘এছিয়া পাব্লিছাৰ অৱ চয়েচ’ আৰু ‘ৱৰ্ল্ড পাব্লিছাৰ অৱ চয়েচ’ হিচাপে সন্মানিত কৰিছিল। ইব্ৰাহিমীয়ে বহুতো বঁটা লাভ কৰিছিল, যাৰ মধ্যে শিশু সাহিত্যৰ বাবে প্ৰথম ব্ৰাটিছলাভা বঁটা, প্ৰথম ইউনেস্কো শিক্ষা বঁটা আৰু ইৰানিয়ান বুক অৱ দ্য ইয়েৰ কাৰ্যসূচী অন্যতম আছিল।
নাদেৰ ইব্ৰাহিমীয়ে নিজৰ শ্ৰেণীত চিত্ৰনাট্য আৰু নাটক লিখাৰ শিক্ষা প্ৰদান কৰিছিল। তেওঁৰ শিক্ষাৰ্থীসকলৰ ভিতৰত ইব্ৰাহিম হাতামী কিয়া, কামাল তাব্ৰিজী আৰু হুজ্জত বাকায়ীৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
স্বীকৃতি আৰু বঁটা
[সম্পাদনা কৰক]২০২০ চনত তেহৰাণৰ হাউচ অৱ পয়েট্ৰী এণ্ড লিটাৰেচাৰত লেখকগৰাকীক উৎসৰ্গিত এক পুথিভঁৰাল আৰু সংগ্ৰহালয় স্থাপন কৰা হয়। এই পুথিভঁৰালটোত ৫,০০০ কিতাপ আছে, যিবোৰ ইব্ৰাহিমীৰ পৰিয়ালে তেওঁৰ ব্যক্তিগত সংগ্ৰহৰ পৰা দান কৰিছিল। সংগ্ৰহালয়টোত তেওঁৰ বঁটা, নোটবুক আৰু পৰ্বতাৰোহণৰ সঁজুলিকে ধৰি তেওঁৰ অনন্য সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হৈছে।[8]
তেওঁ লাভ কৰা অন্যান্য স্বীকৃতি আৰু বঁটাসমূহ হ’ল:
- তেওঁ ব্ৰাটিছলাভাৰ প্ৰথম বঁটা (১৯৭০), শিক্ষাৰ বাবে ইউনেস্কো বঁটা, ইৰানৰ বুক অৱ দ্য ইয়েৰ বঁটা (১৯৭০) আৰু অন্যান্য কেইবাটাও বঁটা লাভ কৰিছিল।
- ইউনেস্কো শিক্ষা বঁটা।[9]
- ‘বিপ্লৱৰ বিশ বছৰৰ পাছত’ কাৰ্যসূচীত তেওঁ ‘শ্ৰেষ্ঠ কল্প-লেখক’ৰ খিতাপো অৰ্জন কৰিছিল।
- ফায়াৰ উইদাউট স্মোক উপন্যাসৰ বাবে তেওঁক ‘বিপ্লৱৰ ২০ বছৰৰ ভিতৰত শ্ৰেষ্ঠ কল্প-লেখক’ উপাধি প্ৰদান কৰা হৈছিল। তেওঁৰ কৰ্মৰাজি কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে।[10]
- শিশু সাহিত্যৰ বাবে কাম কৰা ‘হামগাম’ প্ৰতিষ্ঠানে শিশু-গ্ৰন্থৰ অলংকৰণৰ এছিয়ান আৰু বিশ্বজোৰা মহোৎসৱসমূহৰ পৰা ‘এছিয়াৰ শ্ৰেষ্ঠ প্ৰকাশক’ আৰু ‘বিশ্বৰ শ্ৰেষ্ঠ প্ৰকাশক’ বঁটা লাভ কৰিছিল।
- শিশু সাহিত্যৰ বাবে ব্ৰাটিছলাভা বঁটা।
- নাদেৰ ইব্ৰাহিমীক ২০০৯ চনত তেওঁৰ মৰণোত্তৰভাৱে ‘ইমাম মেহৰবানী’ বঁটাৰ বাবেও বাছনি কৰা হৈছিল।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ طاهری, فاطمه سادات; عسگری, زهرا (2017). ""Nader Ebrahimi's Poetic Language in Atash- e Bedoon- e Dood (Fire without Smoke)"". علوم ادبی (University of Qom) খণ্ড 7 (11). doi:10.22091/jls.2018.1257.1049. http://jls.qom.ac.ir/article_1016.html?lang=en.
- ↑ "Nader Ebrahimi's works published in 1,000,000 copies". ibna. August 10, 2009. Archived from the original on December 3, 2022. https://web.archive.org/web/20221203200927/https://www.ibna.ir/en/naghli/47128/nader-ebrahimi-s-works-published-in-1-000-copies। আহৰণ কৰা হৈছে: April 22, 2022.
- ↑ "Fiction: A Man in an Eternal Exile by Nader Ebrahimi". Frankfurt Rights. https://frankfurtrights.com/Books/Details/a-man-in-an-eternal-exile-19004223.
- ↑ "A man in eternal exile by Nader Ebrahimi". Yare Mehraban. Archived from the original on 2025-04-29. https://web.archive.org/web/20250429005519/https://yaremehraban.eu/en/product/a-man-in-eternal-exile। আহৰণ কৰা হৈছে: 2026-05-30.
- ↑ "A man in eternal exile by Nader Ebrahimi". Yare Mehraban. Archived from the original on 2025-04-29. https://web.archive.org/web/20250429005519/https://yaremehraban.eu/en/product/a-man-in-eternal-exile। আহৰণ কৰা হৈছে: 2026-05-30.
- ↑ Central Archive of the Italian Federation of Le Droit Humain. National headquarters, Milan, 2025.
- ↑ "Nader Ebrahimi's book "Forty Letters to My Wife" translated into German". Tehran Times. July 14, 2020. https://www.tehrantimes.com/news/450029/Nader-Ebrahimi-s-book-Forty-Letters-to-My-Wife-translated-into.
- ↑ "Cultural center sets up library and museum for writer Nader Ebrahimi". Tehran Times. January 15, 2020. https://www.tehrantimes.com/news/444211/Cultural-center-sets-up-library-and-museum-for-writer-Nader-Ebrahimi.
- ↑ "Iran's doctored schoolbooks and the disappearing girls". Qantara.de. https://en.qantara.de/content/control-and-censorship-in-the-islamic-republic-irans-doctored-schoolbooks-and-the.
- ↑ Nader Ebrahimi to be laid to rest
- ↑ ""Imam Mehrbani" award goes to Nader Ebrahimi and 2 poets and authors". ibna. March 7, 2009. Archived from the original on December 3, 2022. https://web.archive.org/web/20221203200929/https://www.ibna.ir/en/report/35204/imam-mehrbani-award-goes-to-nader-ebrahimi-and-2-poets-authors। আহৰণ কৰা হৈছে: April 22, 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Nader Ebrahim's List of Publications
- Nader Ebrahimi, IMDb
- Archives tag: Nader Ebrahimi, Tehran Times
- Nader Ebrahimi. British Film Institute