সমললৈ যাওক

নানা জাগনিজে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নানা জাগনিজে

জাগনিজে, 2013
দেশ জৰ্জিয়া
জন্ম ১ জানুৱাৰী, ১৯৮৭ (৩৮ বছৰ)
কুটাইচি,জৰ্জিয়ান এচ এচ আৰ, ছোভিয়েট ইউনিয়ন
খিতাপ গ্ৰেণ্ডমাষ্টাৰ (২০০৮)
ফিডে ৰেটিং 2518 (ফেব্ৰুৱাৰী 2025)
শীৰ্ষ ৰেটিং ২৫৭৩ ( জুন, ২০১৫)

নানা জাগনিজে (জৰ্জিয়ান: ნანა ძაგნიძე; জন্ম ১ জানুৱাৰী ১৯৮৭) এগৰাকী জৰ্জিয়ান দবা খেলুৱৈ। ২০০৮ চনত আন্তৰ্জাতিক দবা মহাসংঘই তেওঁক গ্ৰেণ্ডমাষ্টাৰ (GM) উপাধি প্ৰদান কৰে[1]। জাগনিজে ২০০৮ চনৰ মহিলা দবা অলিম্পিয়াডত সোণৰ পদক বিজয়ী জৰ্জিয়ান দলৰ সদস্য আছিল আৰু ২০১৭ চনৰ ইউৰোপীয় মহিলা ব্যক্তিগত চেম্পিয়নশ্বিপত বিজয়ী হৈছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

জাগনিজে ১৯৯৯ চনৰ বিশ্ব যুব দবা চেম্পিয়নশ্বিপত ছোৱালীৰ অনূৰ্ধ্ব ১২ শাখাত বিজয়ী হৈছিল। তেওঁ ২০০৩ চনৰ বিশ্ব ছোৱালীৰ অনূৰ্ধ্ব ২০ চেম্পিয়নশ্বিপতো সোণৰ পদক লাভ কৰিছিল, য'ত তেওঁ নিজৰ প্ৰতিদ্বন্দ্বীসকলৰ তুলনাত ২ পইণ্ট আগবাঢ়ি আছিল।

২০০৫ চনৰ ছেপ্টেম্বৰ মাহত, ষষ্ঠ ল'জান ইয়াং মাষ্টাৰ্ছ টুৰ্ণামেণ্টত অংশ লৈ তেওঁ সপ্তম স্থান লাভ কৰে। এই টুৰ্ণামেণ্টত আন্দ্ৰেই ভোলোকিটিনে চূড়ান্ত বিজয়ী হৈছিল। জিব্ৰাল্টৰ দবা উৎসৱত, জাগনিজে ২০০৯ আৰু ২০১১ চনত সৰ্বশ্ৰেষ্ঠ মহিলা খেলুৱৈৰ বঁটা লাভ কৰিছিল।

ড্ৰেছডেন অলিম্পিয়াডত

জুলাই ২০১০ চনত, তেওঁ জেৰ্মুকত অনুষ্ঠিত মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ ২০১১ ৰ চক্ৰৰ অংশ হিচাপে ফিদে মহিলা গ্ৰেণ্ড প্ৰি চিৰিজৰ চতুৰ্থ পৰ্যায়ৰ বিজয়ী হৈছিল।[2] তেওঁ ১১ ৰাউণ্ডৰ ৰাউণ্ড-ৰবিন টুৰ্ণামেণ্টত ৭খন খেলত বিজয়ী হয় আৰু ৪খন খেল ড্ৰ কৰে। তেওঁ দ্বিতীয় স্থানৰ বিজয়ী টাটিয়ানা কোসিনচেভাৰ তুলনাত ১.৫ পইণ্টৰ ব্যৱধানত বিজয়ী হৈছিল।

২০১৭ চনত, তেওঁ ৰিগাত অনুষ্ঠিত ইউৰোপীয় মহিলা ব্যক্তিগত চেম্পিয়নশ্বিপ আৰু ৰিয়াদত অনুষ্ঠিত মহিলা বিশ্ব ব্লিট্‌জ দবা চেম্পিয়নশ্বিপ জয় কৰে[3][4]

কাইছা মহিলা দবা বঁটা

[সম্পাদনা কৰক]

২০১৭ চনত, তেওঁ বছৰৰ সৰ্বশ্ৰেষ্ঠ মহিলা দবা খেলুৱৈ হিচাপে সন্মানীয় ফিদে কাইছা বঁটা লাভ কৰে। এই বঁটাটো লোবৰ্টাছ ক্লাছিক জুৱেলাৰী হাউছে ডিজাইন আৰু তৈয়াৰী কৰিছিল। ৩১ ডিচেম্বৰ ২০১৮ তাৰিখে ছেইণ্ট পিটাৰ্সবাৰ্গত অনুষ্ঠিত বিশ্ব ৰেপিড আৰু ব্লিট্‌জ দবা চেম্পিয়নশ্বিপ ২০১৮ ৰ সমাপ্তি অনুষ্ঠানত ইয়াক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হৈছিল।

Hand-over of the Women's Chess Award of Caissa to Nana Dzagnidze
কাইছা মহিলা দবা বঁটা গ্ৰহণৰ মুহূৰ্ত্তত নানা জাগনিজে

২০২০ চনৰ সাফল্য

[সম্পাদনা কৰক]

মাৰ্চ ২০২০ চনত, জাগনিজে ল'জানত অনুষ্ঠিত ফিদে মহিলা গ্ৰেণ্ড প্ৰি ২০১৯-২০ ৰ তৃতীয় পৰ্যায়ত প্ৰথম স্থান লাভ কৰে।

দলীয় প্ৰতিযোগিতা

[সম্পাদনা কৰক]

জাগনিজে জৰ্জিয়ান ৰাষ্ট্ৰীয় দলৰ হৈ মহিলা দবা অলিম্পিয়াড, মহিলা বিশ্ব দলীয় দবা চেম্পিয়নশ্বিপ আৰু মহিলা ইউৰোপীয় দলীয় দবা চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে। তেওঁৰ দলে ২০০৮ চনৰ ড্ৰেছডেন অলিম্পিয়াডত সোণৰ পদক জয় কৰিছিল; তেওঁ ৭/১০ পইণ্ট লাভ কৰিছিল।

২০১৪ চনত, নৰৱেৰ ট্ৰমচোত অনুষ্ঠিত মহিলা দবা অলিম্পিয়াডত, জাগনিজে ব'ৰ্ড-১ ত সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে ব্যক্তিগত সোণৰ পদক জয় কৰিছিল। তেওঁ ইয়াত হৌ ইফানকো পিছ পেলাই বিজয়ী হৈছিল।

মহিলা বিশ্ব দলীয় চেম্পিয়নশ্বিপত, তেওঁ ২০১১ আৰু ২০১৭ চনত দলীয় ব্ৰঞ্জৰ পদক লাভ কৰিছিল। মহিলা ইউৰোপীয় দলীয় চেম্পিয়নশ্বিপত, জৰ্জিয়াই ২০০৫, ২০০৯ আৰু ২০১৭ চনত ৰূপৰ পদক জয় কৰিছিল। জাগনিজে ২০০৭ চনত ব্যক্তিগত ব'ৰ্ড-৪ ৰ বাবে সোণৰ পদক লাভ কৰিছিল।

জাগনিজে ইউৰোপীয় ক্লাব কাপ (European Club Cup)ৰ মহিলা শাখাতো কেইবাটাও সোণৰ পদক জয় কৰিছে।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]