নামঘৰীয়া (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

নামঘৰীয়া হৈছে অতুলানন্দ গোস্বামীয়ে ৰচনা কৰা এখন অসমীয়া ভাষাৰ উপন্যাস। এজন অবিবাহিত, সমাজপ্ৰিয় নামঘৰীয়াৰ জীৱনৰ আধাৰত উপন্যাসখনি ৰচিত। উপন্যাসখনি যোগেশ দাস সম্পাদিত 'অধিনায়ক' নামৰ অলোচনীখনত চোৱা-চোৱাকৈ প্ৰকাশ পায়।[1] ২০১০ চনত বনলতা প্ৰকাশনে গ্ৰন্থখন প্ৰকাশ কৰে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই উপন্যাসখনিক ধাৰাবাহিক ৰূপে সম্প্ৰচাৰ কৰে।

লেখকৰ পৰিচিতি[সম্পাদনা কৰক]

প্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক, অনুবাদক অতুলানন্দ গোস্বামীয়ে ১৯৩৫ চনত জন্ম গ্ৰহণ কৰে। হামদৈ পুলৰ জোন (১৯৬৬), গল্প (১৯৬৭), ৰাজপাট (১৯৭৬), পলাতক (১৯৮৩), আশ্ৰয় (১৯৯৩) আদি তেখেতৰ উল্লেখযোগ্য গল্প সংকলন। চেনেহ জৰীৰ গাঁথি (২০০৫) আৰু নামঘৰীয়া (১৯৮৯) তেখেতৰ বহুপঠিত উপন্যাস। চেনেহ জৰীৰ গাঁথি' ৰ বাবে তেখেতে ২০০৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতক ২০১৩ চনৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হয়।

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৈছে গাঁৱৰ নামঘৰৰ নামঘৰীয়া। অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ হৈছে- বাখৰ, মালতী বুঢ়ী ওৰফে মেছুৰ মাক, সৰুগোঁসাই, নৱ, ৰুদ্ৰ চোৰ ওৰফে ৰুদ্ৰকান্ত, বাখৰৰ মাক, জয়দ্ৰথ, ঠানু, হেমকান্ত, ডাক্তৰ, দৰোগা অচিন্ত্য ডেকা, সৰুগোঁসাইৰ জীয়েক মাজনী ইত্যাদি।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

নামঘৰীয়া উপন্যাসখন এখন গাঁৱৰ কেও-কিছু নোহোৱা, ঈশ্বৰৰ একান্ত ভকত এজন নামঘৰীয়াৰ জীৱন আৰু গাঁৱৰ লোকসকলৰ বাবে তেওঁ পালন কৰা দায়িত্ব, ত্যাগ আদিৰ কহিনীৰ আধৰত ৰচিত। নামঘৰীয়া অবিহনে গাঁওখনৰ বিয়া-সবাহ, বিহু-ভাওনা অনুষ্ঠিত নহয়, সকলোতে নামঘৰীয়াই দেহা ভাঙি কাম কৰে। নামঘৰীয়াৰ এশ এবুৰি কাম- নামঘৰ সৰা- মোচা কৰাৰ পৰা গাঁৱৰ মানুহৰ জা-জঞ্জাল গুচোৱালৈ, স্কুলৰ ল'ৰা- ছোৱালীৰ পেন্সিল বা নেওতা কিতাপ কিনি দিয়াৰ পৰা মালতী বুঢ়ীৰ হেদালিখন সাজি দিয়ালৈ নামঘৰীয়া ন'হলেই নহয়। নামঘৰীয়াই ৰুদ্ৰ চোৰৰ পুতেক বাখৰক বেপাৰ কৰি উপাৰ্জন কৰিবলৈ শিকায়, মালতী বুঢ়ীৰ মৰণৰ কালত পৰিচৰ্যা কৰে আৰু শেষ ইচ্ছা স্বাস্থ্যকেন্দ্ৰটোৰ স্থাপনত মুখ্য ভূমিকা লয়, হালৰ গৰু মৰি যোৱা জয়দ্ৰথৰ বাবে খেতিৰ যোগাৰ কৰে, ৰুদ্ৰ চোৰ, বুদুৰাম, গুণাইহঁতৰ বাবে কামৰ যোগাৰ কৰে। প্ৰতিদিনে গাঁৱৰ মানুহৰ কথা মনিকূটৰ বংশীগোপালক জনায়। অৱশেষত জগন্নাথ দৰ্শনাৰ্থে পুৰী অভিমুখে যাত্ৰা কৰে যদিও নামঘৰীয়াই আদবাটৰ পৰা উভতি আহি নামঘৰৰ সমুখতে ঈশ্বৰলৈ সেৱা জনাই ইহলীলা সম্বৰণ কৰে। ঈশ্বৰৰ এজন একান্ত ভকতৰ ছবি উপন্যাসখনত ফুটি উঠিছে।

বঁটা-সন্মান[সম্পাদনা কৰক]

উপন্যাসখনি অসম সাহিত্য সভাৰ ১৯৯১ চনৰ 'অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী সাহিত্য বঁটা'ৰে সন্মানিত।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 গোস্বামী,অতুলানন্দ, 'নামঘৰীয়া', বনলতা,দ্বিতীয় প্ৰকাশ,২০১৩ চন