সমললৈ যাওক

নামমালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নামমালিকা মাধৱদেৱ বিৰচিত এখন অমূল্য গ্ৰন্থ। এই গ্ৰন্থখনি কোচ ৰাজবিষয়া বীৰুকাৰ্য্যীৰ অনুৰোধত ৰচনা কৰা হৈছিল। মাধৱদেৱৰ শিষ্য পদ্ম আতাই উজনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে ঘোষা ৰত্নাৱলী কীৰ্তন দশম আৰু নামমালিকা গুৰুৰ আশীৰ্বাদৰূপে লৈ গৈছিল।

উত্তৰ কমলাবাৰীত সত্ৰত নামমালিকা পুথিখন বৰ্তমানো সেৱাৰ বস্তু হিচাপে সংৰক্ষিত হৈ আছে।[1]

নামমালিকা পুথিখন মাধবদেৱৰ শেষ বয়সৰ ৰচনা। এই পুথিখন তেওঁ কোচবেহাৰত থাকোঁতে ৰচনা কৰিছিল। ৰজা বীৰনাৰায়ণ আৰু ৰাজমাও আইধাইৰ পৃষ্ঠপোষকতাত তেওঁ শাস্ত্ৰ চৰ্চাৰ অনুকুল পৰিৱেশ পাইছিল।

ৰাজবিষয়া বীৰুকাৰ্য্যীৰ মাধবদেৱৰ প্ৰতি অগাধ ভক্তি আছিল। এদিন তেওঁ এজন ব্ৰাহ্মণ, এজন কায়স্থ আৰু মাধবদেৱক এখন পদপুথি ৰচনা কৰিবলৈ দিলে। ব্ৰাহ্মণে ছয় মাহত, কায়স্থজনে তিনি মাহত আৰু মাধবদেৱে এপক্ষৰ ভিতৰতে পদ লিখি শেষ কৰিলে। তিনিওখন নিৰীক্ষণ কৰি মাধবদেৱৰ পদসমূহকে শ্ৰেষ্ঠতৰ বুলি স্বীকৃতি দি নামমালিকা পুথি আকাৰে গ্ৰহণ কৰিলে।[2] নামমালিকাৰ মূল গ্ৰন্থ পুৰুষোত্তম গজপতি ৰচিত সংস্কৃত পুথি, যিখন বিষ্ণু শৰ্মা ভট্টাচাৰ্য্যই আনি বীৰু কাৰ্য্যীক দিছিল।[3]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "কেনেদৰে আছে শংকৰদেৱ গুৰুজনাই স্বহস্তে লেখা দশম পুথিখনি". https://www.asomiyapratidin.in/homepage/madhabdev-tithi-majuli। আহৰণ কৰা হৈছে: 20 June 2025. 
  2. ঠাকুৰ, দৈত্যাৰি (২০০৪ (তৃতীয় প্ৰকাশ)). মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ চৰিত্ৰ. দত্তবৰুৱা পাব্লিছিং কোম্পানী প্ৰা: লি:. পৃষ্ঠা. ৩০৪, ৩০৫. 
  3. নেওগ, মহেশ্বৰ (সম্পাদিত) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৩৯.