সমললৈ যাওক

নায়ক (১৯৬৬ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নায়ক

ছবিখনৰ পোষ্টাৰ
পৰিচালক সত্যজিৎ ৰায়
চিত্ৰনাট্য সত্যজিৎ ৰায়
প্ৰযোজক আৰ.ডি. বানচাল
শৰণকুমাৰী বানচাল
অভিনয়ত উত্তম কুমাৰ
শৰ্মিলা ঠাকুৰ
চিত্ৰগ্ৰহণকাৰী সুব্ৰত মিত্ৰ
সম্পাদনা দুলাল দত্ত
সংগীত পৰিচালক সত্যজিৎ ৰায়
প্ৰযোজনা
কোম্পানী
আৰ ডি বানচাল এণ্ড কোং
পৰিবেশক এডৱাৰ্ড হেৰিচন (US)
মুক্তি
৬ মে' ১৯৬৬ (1966-05-06) (India)
১৯ জুলাই ১৯৭৪ (1974-07-19) (US)
দৈৰ্ঘ্য
১১৭ মিনিট
দেশ ভাৰত
ভাষা বঙালী

নায়ক (ইংৰাজী: Nayak) ১৯৬৬ চনৰ এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ ৰচনা, পৰিচালনা আৰু সংগীত সত্যজিৎ ৰায়ৰ আছিল।[1] কাঞ্চনজংঘাৰ (১৯৬২)ৰ পিছত এইখন সত্যজিৎ ৰায়ৰ দ্বিতীয়খন সম্পূৰ্ণ মৌলিক চিত্ৰনাট্য আছিল।[2] ছবিখনৰ কাহিনী ৰাষ্ট্ৰীয় বঁটা লবলৈ কলকাতাৰ পৰা দিল্লীলৈ ৰেলেৰে যাত্ৰা কৰা মেটিনি আইড’ল এজনৰ জীৱনৰ ওপৰত কেন্দ্ৰীভূত। বাটত তেওঁ কেইটাও খণ্ডত এগৰাকী যুৱতী সাংবাদিকক দিয়া সাক্ষাৎকাৰত নিজৰ ভুল, নিৰাপত্তাহীনতা আৰু অনুশোচনা প্ৰকাশ কৰে। ছবিখনত অভিনেতাজনৰ জীৱন কাহিনী সাতটা ফ্লেছবেক আৰু দুটা সপোনৰ জৰিয়তে প্ৰকাশ পায়।[3][4] নায়কত উত্তম কুমাৰে নাম ভূমিকাত আৰু শৰ্মিলা ঠাকুৰে সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে।[5]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

এই ছবিখনৰ মূল চৰিত্ৰ হৈছে বাংলা চলচ্চিত্ৰৰ মেটিনি আইড’ল অৰিন্দম মুখাৰ্জী। ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰিবলৈ কলকাতাৰ পৰা ৰেলযোগে দিল্লীলৈ গৈ আছিল। সেই ২৪ ঘণ্টীয়া যাত্ৰাত অদিতি নামৰ এগৰাকী যুৱ সাংবাদিকৰ আগত নিজৰ ভুল, নিৰাপত্তাহীনতা আৰু অনুশোচনা প্ৰকাশ কৰি তেওঁ যি অভিজ্ঞতা লাভ কৰে, সেই অভিজ্ঞতাই এই ছবিখনৰ বিষয়বস্তু। অদিতিয়ে পূৰ্বতে মেটিনি আইড’ল জাতীয় খ্যাতনামা চেলিব্ৰিটিৰ প্ৰতি বিশেষ অপছন্দ আছিল। কিন্তু অৰিন্দমৰ কথা শুনি তাই বুজি পায় যে তেওঁৰ খ্যাতিৰ আঁৰত তেওঁৰ মনৰ ক’ৰবাত এক একাকীকত্বৰ ভাব আছে। অদিতিৰ অৰিন্দমৰ প্ৰতি সহানুভূতি জাগে। তাই সিদ্ধান্ত লয় যে তাই অৰিন্দমৰ কথা প্ৰকাশ নকৰে আৰু জনমানসত তেওঁৰ মেটিনি আইড’ল ভাবমূৰ্তি অক্ষত ৰখাত সহায় কৰিব। ছবিখনত সাতটা ফ্লেছবেক আৰু দুটা সপোনৰ জৰিয়তে অৰিন্দমৰ জীৱন আৰু মানসিক পৰিস্থিতি উন্মোচিত হৈছে।[6]


১৯৬৬
  • ১৬তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ:
    • বিশেষ জুৰী বঁটা
    • ক্ৰিটিকছ প্ৰাইজ
    • গোল্ডেন বিয়েৰ (মনোনীত)[7]
১৯৬৭

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Satyajit Ray’s ‘Nayak’ starring Uttam Kumar and Sharmila Tagore to re-release in theatres". The Telegraph. 1 February 2025. https://www.telegraphindia.com/entertainment/uttam-kumar-sharmila-tagore-starrer-nayak-set-to-re-release-in-theatres/cid/2080949. 
  2. Darius Cooper (13 January 2000). The Cinema of Satyajit Ray: Between Tradition and Modernity. Cambridge University Press. পৃষ্ঠা. 102–. ISBN 978-0-521-62980-5. https://books.google.com/books?id=zCgk3ld8EMkC&pg=PA102. 
  3. Dhar, Arshia (21 February 2025). "Satyajit Ray’s 'Nayak' and the Unbearable Weight of Being Seen". The Hollywood Reporter India. https://www.hollywoodreporterindia.com/features/insight/satyajit-rays-nayak-and-the-unbearable-weight-of-being-seen. 
  4. Andrew Robinson (1989). Satyajit Ray: The Inner Eye. University of California Press. পৃষ্ঠা. 177–. ISBN 978-0-520-06946-6. https://archive.org/details/satyajitrayinner00robi_0. 
  5. "Nayak: ইন্দিরা সিনেমায় সত্যজিতের ভাবনায় তৈরি করা হয় 'নায়ক' ছবির ব্যানার" (en-US ভাষাত). 2021-05-06. Archived from the original on 2023-03-01. https://web.archive.org/web/20230301162614/https://www.thewall.in/entertainment/nayak-banner-in-indira-by-satyajit-ray/। আহৰণ কৰা হৈছে: 2023-03-01. 
  6. "The Cinema of Satyajit Ray: Between Tradition and Modernity". https://books.google.co.in/books?id=zCgk3ld8EMkC&pg=PA102&redir_esc=y#v=onepage&q&f=false। আহৰণ কৰা হৈছে: 9 December 2025. 
  7. "Berlinale 1966: Prize Winners". berlinale.de. http://www.berlinale.de/en/archiv/jahresarchive/1966/03_preistr_ger_1966/03_Preistraeger_1966.html। আহৰণ কৰা হৈছে: 24 February 2010. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]