সমললৈ যাওক

নাইয়াৰা নূৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নায়েৰা নুৰৰ পৰা পুনঃনিৰ্দেশিত)
নায়েৰা নূৰ
স্থানীয় নাম نیرہ نور}
পদবী বুলবুল ই পাকিস্তান

নায়েৰা নূৰ ইংৰাজী: Nayyara Noor ( উৰ্দু : نیرہ نور,জন্ম:- ৩ নৱেম্বৰ ১৯৫০ –মৃত্যু:- ২০ আগষ্ট, ২০২২) আছিল এগৰাকী পাকিস্তানী নেপথ্য গায়িকা। তেওঁ পাকিস্তানৰ অন্যতম জনপ্ৰিয় গায়িকা বুলি গণ্য কৰা হয়। পাকিস্তানী টিভি শ্ব’ আৰু দেশৰ বিভিন্ন ঠাইৰ কনচাৰ্ট হলত লাইভ গজলৰ কনচাৰ্টত গীত পৰিৱেশন কৰাৰ বাবে তেওঁ পৰিচিত আছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

নায়ৰা নূৰৰ জন্ম হৈছিল ১৯৫০ চনৰ ৩ নৱেম্বৰত অসমগুৱাহাটীত। তেওঁৰ পৰিয়াল আৰু পূৰ্বপুৰুষসকল বণিক শ্ৰেণীৰ আছিল আৰু তেওঁলোকৰ পিতৃভূমি পঞ্জাবঅমৃতসৰত আছিল। [2][1] তেওঁৰ পিতৃ সৰ্বভাৰতীয় মুছলিম লীগৰ সক্ৰিয় সদস্য আছিল আৰু ১৯৪৭ চনত বিভাজনৰ পূৰ্বে অসম ভ্ৰমণৰ সময়ত পাকিস্তানৰ প্ৰতিষ্ঠাপক পিতৃ মহম্মদ আলী জিন্নাক আতিথ্য প্ৰদান কৰিছিল। আনুমানিক ১৯৫৭ বা ১৯৫৮ চনত নূৰে মাক আৰু ভাই-ভনীৰ সৈতে ভাৰতৰ পৰা পাকিস্তানলৈ প্ৰব্ৰজন কৰি কৰাচীত থাকিবলৈ লৈছিল। অৱশ্যে ১৯৯৩ চনলৈকে তেওঁৰ পিতৃয়ে পৰিয়ালটোৰ স্থাৱৰ সম্পত্তিসমূহ চোৱাচিতা কৰিবলৈ অসমত থাকি গল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

লৰালি অৱস্থাত নায়েৰাই কানন দেৱী আৰু কমলাৰ ভজনৰ লগতে বেগম আখটাৰৰ গজল আৰু থুমৰিৰ পৰা অনুপ্ৰানিত হৈছিল।[3][4] নায়েৰাই কোনো আনুষ্ঠানিক সংগীতৰ পটভূমিৰ পৰা বা আনুষ্ঠানিক প্ৰশিক্ষণ লাভ কৰা নাছিল। অৱশ্যে সৌভাগ্যক্ৰমে ১৯৬৮ চনত লাহোৰৰ নেচনেল কলেজ অৱ আৰ্টছৰ বাৰ্ষিক নৈশ আহাৰৰ বাবে আয়োজিত অনুষ্ঠানত নায়েৰাই বন্ধু-বান্ধৱী আৰু শিক্ষকসকলৰ উপস্থিতিত লতা মংগেশকাৰৰ ভজন “জো তুম টোডো পিয়া” ভজনটো গোৱা শুনি লাহোৰৰ ইছলামিয়া কলেজৰ অধ্যাপক আছৰাৰ আহমেদে তেওঁক ভুয়সী প্ৰশংসা কৰে আৰু এইদৰে তেওঁৰ সংগীত শিল্পী জীৱনৰ আৰম্ভণি হয়। লগতে বিশ্ববিদ্যালয়খনৰ ৰেডিঅ’ পাকিস্তানৰ অনুষ্ঠানৰ বাবে গান গাবলৈ তেওঁ আমন্ত্ৰণ লাভ কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নায়েৰা পাকিস্থানৰ অভিনেতা শ্বেহৰিয়াৰ জাইদিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ সৰু পুত্ৰ জাফাৰ জাইদি কাভিছ সংগীত বেণ্ডৰ মুখ্য কণ্ঠশিল্পী, আনহাতে ডাঙৰ পুত্ৰ নাদ-ই-আলিয়ে একক গায়ক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে।

২০২২ চনৰ ২০ আগষ্টত কৰাচীত ৭১ বছৰ বয়সত নায়েৰাৰ মৃত্যু হয়।[5]

তথ্যৰ উৎস

  1. 1.0 1.1 Noorani, Asif (30 November 2012). "Nayyara Noor: muted melodies". Dawn (newspaper). http://www.dawn.com/news/767855/nayyara-noor-muted-melodies. 
  2. Amjad Parvez (9 November 2018), "Nayyara Noor — a haunting, tuneful and sweet voice" Daily Times (newspaper), Retrieved 3 January 2021
  3. https://www.dawn.com/news/767855/nayyara-noor-muted-melodies
  4. https://dailytimes.com.pk/319822/nayyara-noor-a-haunting-tuneful-and-sweet-voice/
  5. "Renowned singer Nayyara Noor passes away aged 71". Daily News. 21 August 2022. Archived from the original on 21 August 2022. https://web.archive.org/web/20220821042840/https://dailynews.com.pk/renowned-singer-nayyara-noor-passes-away-aged-71/.