নালেও

নালেও (ইংৰাজী: Naleyo) বা নালেও নৃত্য হ’ল উত্তৰ-পূব উগাণ্ডাৰ কাৰিমোজং লোকসকলৰ দ্বাৰা পৰিৱেশন কৰা এক পৰম্পৰাগত নৃত্য।[1] ই এক প্ৰেম-নিৱেদনৰ নৃত্য য’ত এফালে মহিলা আৰু আনফালে পুৰুষসকলে দুটা শাৰীত থিয় হৈ নৃত্য পৰিৱেশন কৰে। এই নৃত্যৰ বৈশিষ্ট্য হ’ল পুৰুষ আৰু মহিলাসকলে মুখামুখিকৈ থিয় হৈ ওপৰলৈ জপিওৱা ভংগীমা, যিটো চাবলৈ অতি আকৰ্ষণীয়।[1][2][3][4]
ইতিহাস
[সম্পাদনা কৰক]কাৰিমোজং লোকসকল উগাণ্ডাৰ এটা জনগোষ্ঠী যি তেওঁলোকৰ কৃষি-পশুপালন জীৱনশৈলীৰ বাবে পৰিচিত। তেওঁলোকে নাগা-কাৰিমোজং ভাষা কয়, যিটো নীলটিক ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত। নালেও নৃত্য শস্য চপোৱাৰ পিছত পালন কৰা এক বাৰ্ষিক পৰম্পৰা।[5] কাৰামোজংসকল মূলতঃ উগাণ্ডাৰ উত্তৰ-পূব অঞ্চলত বাস কৰা কৃষি-পশুপালন পশুপালক। তেওঁলোকৰ জনসংখ্যা ৪ লাখ ৭৫ হাজাৰ লোক বুলি অনুমান কৰা হৈছে।[6][7]
প্ৰদৰ্শন
[সম্পাদনা কৰক]নালেও নৃত্য দুটা শাৰীত পৰিৱেশন কৰা হয়—এটা শাৰীত মহিলা আৰু আনটো শাৰীত পুৰুষ থাকে। নৃত্যশিল্পীসকলে মুখামুখিকৈ থাকি ওপৰলৈ জঁপিয়ায়।[1] পুৰুষসকলে জন্তুৰ ছালৰ টুপি, ছালৰ স্কাৰ্ট আৰু মণিৰে নিৰ্মিত বেল্ট পিন্ধি পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে। মহিলাসকলে জন্তুৰ ছালৰ স্কাৰ্ট আৰু মণিৰ নেকলেছ পিন্ধে। এই নৃত্যৰ সৈতে আদুংগু, এনগোমা আৰু একিটিৰিকিটিৰ দৰে বিভিন্ন বাদ্যযন্ত্ৰৰ দ্বাৰা পৰম্পৰাগত সংগীত পৰিৱেশন কৰা হয়।[2][3]
গুৰুত্ব
[সম্পাদনা কৰক]নালেও হ’ল এক প্ৰেম-নিৱেদনৰ নৃত্য য’ত মহিলাসকলে নিজৰ নৃত্যৰ সংগী বাছনি কৰে। শস্য চপোৱাৰ বতৰত এই নৃত্য পৰিৱেশন কৰা হয় আৰু ই ডেকা-গাভৰুসকলৰ বাবে প্ৰেম বিচাৰি উলিওৱাৰ এক মাধ্যম। ইয়াৰ উপৰি, এই নৃত্যৰ জৰিয়তে কাৰিমোজং লোকসকলে তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্য উদযাপন কৰে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 "Uganda: Naleyo dance where women choose their dancing partners – Comboni Missionaries" (en-GB ভাষাত). https://www.combonimissionaries.co.uk/index.php/2019/06/25/uganda-naleyo-dance-where-women-choose-their-dancing-partners/। আহৰণ কৰা হৈছে: 2024-01-11.
- 1 2 "Traditional Dances of Uganda - Popular Dances | Guide to Uganda" (en-US ভাষাত). 2017-08-26. https://www.guidetouganda.com/about-uganda/culture/traditional-dances/। আহৰণ কৰা হৈছে: 2024-01-11.
- 1 2 "World Cultural Diversity Day: The unique Karimojong culture" (en ভাষাত). New Vision. https://www.newvision.co.ug/articledetails/NV_134491। আহৰণ কৰা হৈছে: 2024-01-11.
- ↑ Makanga, Samuel (2018-01-26). "UGANDA`S TRADITIONAL DANCES." (en-US ভাষাত). Prime Uganda Safaris. https://www.primeugandasafaris.com/ugandas-traditional-dances/। আহৰণ কৰা হৈছে: 2024-01-11.
- ↑ "Uganda: Naleyo dance where women choose their dancing partners – Comboni Missionaries" (en-GB ভাষাত). https://www.combonimissionaries.co.uk/index.php/2019/06/25/uganda-naleyo-dance-where-women-choose-their-dancing-partners/। আহৰণ কৰা হৈছে: 2024-01-11.
- ↑ Williams, Victoria R. (2020-02-24) (en ভাষাত). Indigenous Peoples: An Encyclopedia of Culture, History, and Threats to Survival. ABC-CLIO. পৃষ্ঠা. 540–543. ISBN 978-1-4408-6118-5. https://books.google.com/books?id=3_zRDwAAQBAJ.
- ↑ polly (2019-11-05). "Karamojong People | Uganda Cultural Tourism | Safaris Uganda" (en-US ভাষাত). Uganda Safaris. https://www.safaris-uganda.com/karamojong-people-uganda/। আহৰণ কৰা হৈছে: 2024-02-13.