সমললৈ যাওক

নাস্তিকৰ বাজি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাস্তিকৰ বাজি (ইংৰাজী: Atheist's wager) ধাৰণাটো দাৰ্শনিক মাইকেল মাৰ্টিনে জনপ্ৰিয় কৰি তুলিছিল। ১৯৯০ চনত প্ৰকাশিত তেওঁৰ নাস্তিকতা: এক দৰ্শনগত ন্যায্যতা (Atheism: A Philosophical Justification) নামৰ গ্ৰন্থখনত এই বিষয়ে‍ উল্লেখ কৰিছিল। এইটো হ'ল ঈশ্বৰৰ অস্তিত্বৰ সপক্ষে যুক্তি হিচাপে‍ পাস্কেলৰ বাজি‍ (Pascal's Wager)ৰ এক নাস্তিক্যবাদী প্ৰত্যুত্তৰ, যাৰ মাধ্যমেৰে পাস্কেলৰ বাজিৰ যুক্তিক খণ্ডন কৰা হৈছে।

নাস্তিকৰ বাজিৰ পৰা এটা ধাৰাভাষ্য উপলব্ধ; সেয়া হ'ল: যিহেতু ঈশ্বৰ সৰ্বশক্তিমান, মহান আৰু অতি দয়ালু, ইয়াৰ অৰ্থ হ’ল ভাল কামৰ বাবে তেওঁ ব্যক্তিক পুৰস্কাৰ নিশ্চয় দিব আৰু যদি ঈশ্বৰৰ অস্তিত্ব নাই, তাতনো কি? ভাল কাম কৰি শেষত কোনো ক্ষতি নহয়। মৃত্যুৰ পাছত সেই কামৰ পৃথিৱীত ইতিবাচক মূল্য দিয়া হ’ব। অৰ্থাৎ ইয়াৰ পৰা বুজা যায় যে, ধৰ্ম বিহনে এজন ব্যক্তিয়ে আৰামদায়ক, চিন্তামুক্ত জীৱন যাপন কৰিব পাৰে।[1][2] আন এটা ভাষ্যত কোৱা হৈছে, ঈশ্বৰে হয়তো সৎ অবিশ্বাসীক পুৰস্কৃত কৰিব পাৰে, আৰু অসৎ বিশ্বাসীক কঠোৰ শাস্তি দিব পাৰে।[3]

ব্যাখ্যা

[সম্পাদনা কৰক]

এই বাজিৰ পৰা অনুমান কৰিব পাৰি যে যদি কোনোবাই নিজৰ জীৱনটো কেনেকৈ কটাব সেই বিষয়ে চিন্তা কৰে তেন্তে তলত দিয়া সম্ভাৱনাবোৰৰ উন্মেষ ঘটিব।[1][4][5]

  • যদি আপুনি সততাৰে জীয়াই থাকে আৰু ঈশ্বৰত বিশ্বাস কৰে। আৰু সঁচা অৰ্থত যদি দয়ালু ঈশ্বৰ আছে, তেন্তে আপুনি নিশ্চয় স্বৰ্গলৈ যাব। এই ক্ষেত্ৰত আপোনাৰ অৰ্জন সীমাহীন (অসীম)।
  • যদি আপুনি সৎ জীৱন যাপন কৰে কিন্তু ভগৱানক বিশ্বাস নকৰে আৰু যদি সঁচাকৈয়ে দয়ালু ঈশ্বৰ বুলি কোনোবা আছে; আপোনাৰ কামৰ স্বীকৃতি স্বৰূপে তেতিয়া আপুনি স্বৰ্গলৈ গৈ আছে। এই ক্ষেত্ৰতো আপোনাৰ অৰ্জন অসীম।
  • যদি আপুনি সততাৰে জীয়াই থাকে আৰু ঈশ্বৰত বিশ্বাস কৰে, কিন্তু দয়ালু ঈশ্বৰ নাই, তেন্তে আপুনি স্বৰ্গলৈ নাযাব পাৰে, কিন্তু পৃথিৱীত আপোনাৰ কামৰ মূল্যায়ন ভালেই হ'ব। এই ক্ষেত্ৰত আপোনাৰ অৰ্জন সসীম বা সীমিত।
  • যদি আপুনি সততাৰে জীয়াই থাকে, কিন্তু ঈশ্বৰত বিশ্বাস নকৰে আৰু এজন উপকাৰী ঈশ্বৰৰ অস্তিত্ব নাথাকে, তেতিয়াও আপোনাৰ স্বৰ্গলৈ যোৱাৰ কোনো সম্ভাৱনা নাই। কিন্তু তথাপিও আপোনাৰ কামৰ প্ৰশংসা পৃথিৱীত ভাল হ’ব। এই ক্ষেত্ৰতো আপোনাৰ অৰ্জন সীমিত বা সসীম।
  • যদি আপুনি ঈশ্বৰত বিশ্বাস কৰে, কিন্তু অধাৰ্মিক মানুহৰ দৰে জীয়াই থাকে, আৰু যদি কোনো দয়ালু ঈশ্বৰ জীয়াইও থাকে, তেতিয়াও আপুনি আপোনাৰ কৰ্মৰ শাস্তি হিচাপে নৰকলৈ যাব। এই ক্ষেত্ৰত আপোনাৰ লোকচান অসীম।
  • যদি আপুনি এজন অধাৰ্মিক ব্যক্তিৰ দৰে জীয়াই থাকে আৰু ঈশ্বৰক অবিশ্বাস কৰে আৰু এজন দয়ালু ঈশ্বৰক পৰিহাৰ কৰে তেন্তে আপুনি নৰকত পৰিব। এই ক্ষেত্ৰত আপোনাৰ ক্ষতি অসীম।
  • যদি আপুনি বেয়া মানুহৰ দৰে জীৱন যাপন কৰে, কিন্তু ঈশ্বৰক বিশ্বাস কৰে আৰু এজন উপকাৰী ঈশ্বৰৰ অস্তিত্ব নাথাকে তেন্তে আপোনাৰ কামৰ পৃথিৱীত নেতিবাচক বিচাৰ হ'ব। কিন্তু এই ক্ষেত্ৰত আপোনাৰ লোকচান সীমিত।
  • যদি আপুনি বেয়া মানুহৰ দৰে জীয়াই থাকে, ভগৱানকো বিশ্বাস নকৰে, আৰু এজন উপকাৰী ঈশ্বৰৰ অস্তিত্ব নাথাকে, তেতিয়াও পৃথিৱীত আপোনাৰ কামৰ নেতিবাচক মূল্যায়ন হ'ব। আনকি এই ক্ষেত্ৰতো আপোনাৰ লোকচান সীমিত।

এই তালিকাখন এখন তালিকা হিচাপে‍ দিয়া হৈছে, য'ত চৰ্তযুক্ত জীৱন ব্যৱস্থাৰ ফলাফল কি সেয়া সহজে বুজিব পাৰি:

যদি দয়ালু ভগৱান থাকে
ঈশ্বৰক বিশ্বাস কৰিলে‍ (বি) ঈশ্বৰক অবিশ্বাস কৰিলে‍ (অবি)
সৎভাবে জীৱনযাপন কৰিলে (স) +∞ (স্বৰ্গ) +∞ (স্বৰ্গ)
অসৎভাবে জীৱনযাপন কৰিলে (অস) -∞ (নৰক) -∞ (নৰক)
যদি কোনো দয়ালু ঈশ্বৰৰ অস্তিত্ব নাথাকে
ঈশ্বৰক বিশ্বাস কৰিলে (বি) ঈশ্বৰক অবিশ্বাস কৰিলে (অবি)
সৎভাবে জীৱনযাপন কৰিলে (স) +X (ইতিবাচক মুল্যায়ন) +X (ইতিবাচক মুল্যায়ন)
অসৎভাবে জীৱনযাপন কৰিলে (অস) -X (নেতিবাচক মুল্যায়ন) -X (নেতিবাচক মুল্যায়ন)

মাৰ্টিনে গেম থিয়ৰী ব্যৱহাৰ কৰি (যিটোৱে কোনবোৰ কৌশল তুলনামূলকভাৱে অনুকূল সেই বিষয়ে ব্যাখ্যা কৰে) আৰু এই তালিকা আৰু তাৰ মূল্যসমূহৰ উল্লেখ কৰি কৈছে‍, ঈশ্বৰক বিশ্বাস নকৰিলেও আপুনি নিঃসংকোচে সৎ আৰু চমৎকাৰ জীৱন যাপন কৰিব পাৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Martin, Michael (1990). Atheism: A Philosophical Justification. Temple University Press. https://archive.org/details/atheismphilosoph00mart. 
  2. Alvin F Berry (26 January 2013). So What If...the God of the Bible Exists...Does It Really Matter at the End .... Dog Ear Publishing. ISBN 9781457500206. https://books.google.com/books?id=jqxSJcoZVKIC&pg=PA11. 
  3. Philip A Stahl (2007). Atheism: A Beginner's Handbook: All You Wanted to Know About Atheism and Why. ISBN 9780595427376. https://archive.org/details/atheismbeginners00phil. 
  4. "The Atheists Wager". 26 January 2013. http://www.philosophyfreligion.info/theistic-proofs/pascals-wager/the-atheists-wager/. [সংযোগবিহীন উৎস]সাঁচ:অকাৰ্যকৰ সংযোগ
  5. Pascal's Wager as an Argument for Not Believing in God. 26 January 2013. http://philpapers.org/rec/MARPWA-2.