নাৰায়ণপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ পৰা পুনঃনিৰ্দেশিত)
নাৰায়ণপুৰ
—  উন্নয়ন খণ্ড  —
নাৰায়ণপুৰ
নাৰায়ণপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°59′47″N 93°53′49″E / 26.99639°N 93.89694°E / 26.99639; 93.89694
দেশ  ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ জিলা
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড
  • পিনক'ড • ৭৮৪১৬৪
    ফোন • +(৯১)৩৭৫২
    • যান-বাহনৰ নম্বৰ • এ এচ-০৭

নাৰায়ণপুৰ (ইংৰাজী: Narayanpur) ভাৰতৰ উত্তৰ পূৰ্বীয় ৰাজ্য অসমলখিমপুৰ জিলাৰ এটা ৰাজহ চক্ৰ। [1] এই ৰাজহ চক্ৰৰ কেন্দ্ৰস্থল নাৰায়ণপুৰ নগৰ। নাৰায়ণপুৰ অসমৰ বিহপু্ৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত।

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

নাৰায়ণপুৰৰ ভৌগোলিক স্থানাংক ২৬°৫৯'৪৭উ: আৰু ৯৩°৫৩'৪৯পূ:, ই জিলা সদৰ উত্তৰ লখিমপুৰ পৰা প্ৰায় ৫৪ কি: মি: পশ্চিমে অৱস্থিত। নাৰায়ণপুৰৰ পূবে বিহপুৰীয়া, উত্তৰে বান্দৰদেৱা আৰু পশ্চিমে গহপুৰ, দক্ষিণ দিশত মহাবাহু ব্ৰহ্মপুত্ৰ

যোগাযোগ[সম্পাদনা কৰক]

নাৰায়ণপুৰ ইয়াৰ মাজেৰে যোৱা ১৫ নং (পূৰ্ব্বৰ ৫২ নং) ৰাষ্ট্ৰীয় ঘাইপথেৰে জিলা সদৰ উত্তৰ লখিমপুৰ (৫৪ কি:মি:), ৰাজ্যিক সদৰ গুৱাহাটী(৩৩৭কি:মি:) আৰু কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ (প্ৰায় ৫০ কি:মি:) ৰ লগত সংযুক্ত। উত্তৰ লখিমপুৰ আৰু গুৱাহাটীৰ লগত ই উত্তৰ-পূব সীমান্ত ৰেলৱেৰেও সংযুক্ত। তাতিবাঁহাৰ ইয়াৰ নিকতৱৰ্তী ৰেল আস্থান। নিকতৱৰ্তী বিমানকোঠ হৈছে লীলাবাৰী (৫৮ কি:মি:)।

বুৰঞ্জী[সম্পাদনা কৰক]

নাৰায়ণপুৰক বৰ নাৰায়ণপুৰ হিচাপেও জনা যায়। নাৰায়ণপুৰ আহোমৰ ৰাজত্ব কালৰে পৰা অসমৰ এটুকুৰা বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। ই তেতিয়া শোণিতপুৰ জিলাৰ কলাবাৰী অঞ্চললৈকে বিস্তৃত আছিল। বিভিন্ন বুৰঞ্জীবিদে নাৰায়ণপুৰ নামৰ উৎপত্তি ভিন্ন ধৰণে ব্যাখ্যা কৰিছে। ৰাজা ৰাম মোহন ৰায়ে তেওঁৰ গ্ৰন্থ “The background of Assamese Culture” ত নাৰায়ণপুৰ চুতীয়া ৰজা সত্যনাৰায়ণৰ অস্থায়ী ৰাজধানী আছিল বুলি উল্লেখ কৰিছে।

আন কিছুমানৰ মতে নাৰায়ণপুৰত কোচ ৰজা নৰনাৰায়ণৰ সেনা চাউনি আছিল যাৰ বাবে ঠাইখনৰ নাম পাছত নাৰায়ণপুৰ হ’ল। ১৮শ শতিকাৰ মাজভাগত টাই খাম্তি সকল(বৃহত্তৰ টাই গোষ্ঠীৰ এটা ঠাল)ৰ নাৰায়ণপুৰলৈ প্ৰৱজন ঘতে।[2] নাৰায়ণপুৰ বৰ অসমৰ এক অবিচ্ছেদ্য অংগ আছিল। কিন্তু এই অঞ্চলত আৰ্য সংস্কৃতিৰো প্ৰভাৱ অতীজৰে পৰা দেখা পোৱা গৈছিল। প্ৰাগৈতিহাসিক কালত নাৰায়ণপুৰ বাণৰজাৰ ৰাজ্যৰ অন্তৰ্গত আছিল। নাৰায়ণপুৰৰ বিভিন্ন স্থানত পুৰণি হিন্দু দেৱ দেৱীৰ প্ৰতিমা, মন্দিৰ আৰু বিভিন্ন ধৰণৰ ভাস্কৰ্য বিভিন্ন সময়ত আৱিস্কৃত হৈছে, ই অতীজত এই স্থানত কোনো এক সভ্য সংস্কৃতিৰ অৱস্থিতিৰ প্ৰমাণ বহন কৰে।

ভাৰতীয় স্বাধীনতা আন্দোলনত ভূমিকা[সম্পাদনা কৰক]

ভাৰতৰ স্বাধীনতা সংগ্ৰামত নাৰায়ণপুৰৰ অৱদান লেখত ল’বলগীয়া। মহাত্মা গান্ধীৰ নেতৃত্বৰ ভাৰতীয় স্বাধীনতা আন্দোলনত নাৰায়ণপুৰৰ বহুকেইজন নেতাই উদগণি যোগাইছিল। লীলা ভূঞা(চৰাইদলনী),থানেশ্বৰ গগৈ(মেৰমুখ), ৰাজখোৱা (ৰাইদঙীয়া), মদন চন্দ্ৰ ভূঞা (চৰাইদলনী) আছিল এই সকলৰ অন্যতম।

উল্লেখযোগ্য স্থানসমূহ[সম্পাদনা কৰক]

নাৰায়ণপুৰ মাধৱদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ, বদলা পদ্ম আতাকে ধৰি বহুকেইজন বৈষ্ণৱ গুৰুৰ জন্মস্থান। নাৰায়ণপুৰৰ উল্লেখযোগ্য স্থান সমূহ হৈছে বেলগুৰি সত্ৰ, বদলা সত্ৰ, ফুলনি থান, বিষ্ণুবালিকুচি, দহঘৰীয়া সত্ৰ, বুদ্ধ বাপুচাঙ, মাঘনোৱা দ’ল, গোঁহাই কমল আলি, ৰাধাপুখুৰি, বুঢ়া বুঢ়ি পুখুৰি, ৰঙতি পুখুৰী, গোঁহাই পুখুৰী আদি।

মাধৱদেৱৰ জন্মস্থান

১৪৮৯ খ্ৰীষ্টাব্দত শংকৰদেৱৰ প্ৰিয় শিষ্য বৈষ্ণৱ গুৰু মাধৱদেৱৰ নাৰায়ণপুৰত জন্ম হৈছিল । নাৰায়ণপুৰ নগৰৰ কেন্দ্ৰস্থলৰ পৰা প্ৰায় ১৫ কি: মি: উত্তৰ পূবে বৰবালি নামৰ ঠাইৰ সমীপত মাধৱদেৱৰ জন্মস্থান অৱস্থিত। [3] উল্লেখ্য যে ৰঙাজান আৰু লেতেকুপুখুৰীত (প্ৰায় ১ কিল'মিটাৰ দূৰত্বত) দুখন থান অৱস্থিত আৰু দুয়োখন থানে নিজকে গুৰুজনাৰ জন্মস্থান বুলি দাবী কৰি আহিছে। দুয়োখন থানেই বিভিন্ন বৈষ্ণৱ গ্ৰন্থ আৰু পুৰণি হাতে লিখা সাহিত্য সম্ভাৰ আৰু অসমীয়া কলা কৃষ্টিৰ বিভিন্ন সামগ্ৰীৰে চহকী। শেহতীয়াকৈ, ৰঙাজান আৰু কাঁচিকটা নৈৰ মাজত অৱস্থিত লেতেকুপুখুৰীত উজীৰৰ হৰিশিঙা বৰাৰ টোলতেই মাধৱদেৱৰ জন্ম হোৱা বুলি বিশেষজ্ঞ সকলে মানি লৈছে।

মাঘনোৱা দ’ল

মাঘনোৱা দ’ল ফুলবাৰী গাঁৱত অৱস্থিত, ইয়াক ফুলবাৰী দ’ল নামেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত দ’লতি অৱস্থিত। এসময়ত ই শক্তিৰ অধিস্তাতি দেৱী কালিৰ এটুকুৰা মুখ্য পূজন স্থলী আছিল। আহোম ৰাজত্বত কেইবাজনো স্বৰ্গদেৱে এই ঠাই দৰ্শন কৰাৰ প্ৰমাণ পোৱা য়ায়। মানৰ আক্ৰমণৰ সময়ত দ’লৰ মুখ্য প্ৰতিমা ভাগ লুকুৱাই ৰখা হৈছিল কিন্তু ই দ’ললৈ পুনৰ ঘূৰি নাহিল। দ’লৰ চাৰিওফালে ৫ ফুট ওখ পুৰণি দেৱাল দেখা যায়। মূল দ’লটি প্ৰায় ৭৫ ফুট ওখ। মূল দ’লৰ ভিতৰত বুলনি ঘৰ দেখা পোৱা যায় য’ত এসময়ত মুখ্য প্ৰতিমা ভাগ ৰখা হৈছিল। দ’লৰ ভিতৰত বহুতো ভাষ্কৰ্য দেখিবলৈ পোৱা যায়। অৱশ্যে চৰকাৰ আৰু স্থানীয় মানুহৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবে ইয়াৰে সৰহভাগ প্ৰতিমা আৰু আন ভাষ্কৰ্যৰ চুৰি বা আন উপায়েৰে নষ্ট সাধন হৈছে।

বৰ-খামতি গাওঁ আৰু বাপুচাঙ
১৮৪৩ চনত ব্ৰিটিছে শদিয়াত খামতি আন্দোলন দমন কৰে, সেই সময়ত কিছুসংখ্যক খামতি মানুহ আহি নাৰায়ণপুৰত বসবাস কৰিবলৈ লয়। বৰখামতি গাঁৱত তেওঁলোকে এটি বুদ্ধ মন্দিৰ স্থাপন কৰে। মাত্ৰ কেইহাজাৰ মান মানুহ বাকী থকা খামতি জাতিৰ এটা অংশৰ বৰ্তমান বাসস্থান নাৰায়ণপুৰৰ এই অঞ্চল। তেওঁলোক বৌদ্ধ ধৰ্মালম্বী আৰু চহকী সংস্কৃতিৰ অধিকাৰী। খামতি সকলৰ ধৰ্মীয় উপাসনা গৃহ হৈছে বাপুচাঙ। ই আন বৌদ্ধ ধৰ্মালম্বী লোকৰ বৌদ্ধ মন্দিৰ বা বৌদ্ধ বিহাৰৰ সৈতে একে। সাধাৰণ খামতি ঘৰবোৰতকৈ ই কিছু পৃথক। বাপুচাঙৰ বাহিৰ ভাগ ম্যানমাৰৰ বৌদ্ধ মন্দিৰৰ সৈতে মিল থকা দেখা যায়। অন্তৰ ভাগত বুদ্ধৰ প্ৰতিমা ৰখা হয় আৰু ইয়াক বৰ পবিত্ৰ থাই হিচাপে গণ্য কৰা হয়।

দেওতোলা
মাঘনোৱা দ’লৰ মুখ্য প্ৰতিমা ভাগ মানৰ আক্ৰমণৰ সময়ত এটি পুখুৰীত লুকুৱাই ৰখা হৈছিল। পাছত সেই ভাগ খেৰাজখাত নামৰ ঠাইৰ গাভৰু বিলত উদ্ধাৰ কৰা হৈছিল, তেতিয়া মূৰ্তি ভাগ বৰকালিকা থানত স্থাপন কৰা হৈছিল আৰু ঠাই খিনিৰ নাম দেওতোলা হৈছিল (দেও-ভগৱান, তোলা- তোলোৱা)। দেওতোলা নাৰায়ণপুৰৰ পৰা ৮ কি:মি: দূৰত।

পেটুৱা গোসাঁনী থান
ব্ৰিটিছে অসম দখল কৰাৰ ভালেমান সময়লৈকে লখিমপুৰ অধিকাৰ কৰা নাছিল। এইখন থান কালী গোসানীৰ এখন পুৰণি পূজনস্থলী আছিল, ব্ৰিটিছ সকল লখিমপুৰলৈ অহাৰ পাছত প্ৰথমে এই থান আৱিষ্কাৰ কৰে। ই ধলপুৰৰ গনকদলনীৰ ওচৰত অৱস্থিত। থানৰ গোসাঁনীক কেঁচাইখাতি গোসাঁনীও বোল হয়। নাৰায়ণপুৰ ১৫২৪ লৈকে চুতীয়া ৰাইজৰ অধীনত আছিল আৰু এই সকল ৰজা শাক্ত ধৰ্মী কেঁচাইখাতিৰ ভক্ত আছিল। সেইবাবে এই থান চুতীয়া ৰজা সকলে নিৰ্মাণ কৰা বুলি জনা যায়। অতীজতে অৰুনাচলৰ দফলা মানুহ সকল ইয়াত পূজাৰ বাবে আহিছিল। এতিয়াও প্ৰতিবছৰে ইয়াত দুৰ্গা পূজা উতযাপন কৰা হয়।

বেলগুৰি সত্ৰ
এইখন সত্ৰ পোন প্ৰথমে ১৬১৭ চনত মাজুলীত স্থাপন কৰা হৈছিল - য’ত দুই গুৰু শংকৰ-মাধৱৰ মিলন হৈছিল। পাছত ইয়াক নাৰায়ণপুৰলৈ স্থানান্তৰিত কৰা হয় আৰু আৰু অসমৰ বৈষ্ণৱ সমাজৰ মাজত সৰ্বজনবিদিত এই সত্ৰখন ১৮৮৭ চনত জৰাবাৰী গাঁৱত প্ৰতিষ্ঠা কৰা হয়। অসমৰ সংস্কৃতিৰ এক ঊল্লেখ্যোগ্য অংগ চালি নৃত্যৰ চৰ্চা অতীজৰে পৰা সত্ৰখনত চলি আহিছে।

বদলা পদ্ম আতা সত্ৰ আৰু ফুলনি থান

মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত নাৰায়ণপুৰত বদলা পদ্ম আতা সত্ৰ স্থাপন কৰে। প্ৰবাদ আছে যে বদলা পদ্ম আতাই মাধৱদেৱৰ অধীনত উজনি অসমত বৈষ্ণৱ ধৰ্ম চোৱা চিতাৰ ভাৰ পাইছিল, তেখেতে জমদগ্নিৰ ভূমিত এই সত্ৰখন স্থাপন কৰিছিল। এসময়ত এই স্থান বৈষ্ণৱ ধৰ্ম চৰ্চাৰ মুখ্য কেন্দ্ৰ হৈ পৰিছিল। শংকৰ-মাধৱৰ মহাপ্ৰয়ানৰ পাছত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বদলা পদ্ম আতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সত্ৰখন অনেক পুৰণি গ্ৰন্থৰ সংগ্ৰহেৰে সমৃদ্ধ।

ফুলনি থানো বদলা পদ্ম আতা দেৱেই ১৫৫৫ শকত প্ৰতিষ্ঠা কৰিছিল। ই এক পুৰণি ধৰ্মীয় স্থান, এতিয়াও প্ৰতি বছৰে বহু সহস্ৰাধিক ভক্তৰ ইয়ালৈ আগমন ঘতে।

বিষ্ণু বালিকুচি সত্ৰ
নাৰায়ণপুৰৰ পৰা প্ৰায় ৮ কিমি নিলগৰ ধলপুৰৰ দকুৱা গাঁৱত এই সত্ৰখন অৱস্থিত। কাল-সংহতিৰ গুৰু ভৱানীপুৰীয়া গোপাল আতাৰ অনুগামী শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ ১৫৫৩ চনত দকুৱা গাঁৱত জন্ম হয়। ভৱানীপুৰীয়া আতাৰ সহযোগত ১৬০১ চনত তেখেতে এই সত্ৰখন স্থাপন কৰে। [4] তেখেতে বহুতো মৰাণ আৰু মটক লোকক বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰিছিল। অনিৰুদ্ধদেৱৰ মৃত্যু হৈছিল বিহপুৰীয়া নগৰৰ সমীপৰ বাঁহগড়া দেউৰী গাঁৱৰ পশ্চিমে মৰনৈৰ পাৰত অৱস্থিত নাহৰআটী থানত।

ৰাধা পুখুৰী
নাৰায়ণপুৰ নগৰৰ সমীপৰ সাউকুচি গাঁৱত ৰাধাপুখুৰী অৱস্থিত। চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে ১৪০০ৰ পৰা ১৫০০ চনৰ ভিতৰত তেওঁৰ পত্নী ৰাধাৰ নামত এই পুখুৰীটো খন্দোৱাইছিল। আন কিছুৰ মতে ৰাণী সৰ্বেশ্বৰীয়ে এই পুখুৰীতো খন্দুৱাইছিল। কিন্তু পুখুৰীৰ কাম আধাতে শেষ হৈছিল সেয়ে তাৰ নাম আধা পুখুৰী হৈছিল, পাছত ইয়েই ৰাধাপুখুৰীৰ নাম পায়। বৰ্তমান এই পুখুৰীতো অসম চৰকাৰৰ মীন পালন বিভাগৰ অধীনত মীন উৎপাদন আৰু প্ৰজননৰ কামত ব্যৱহৃত হয়।

ভাটৌকুচি থান
ভাটৌকুচি থান ঢলপুৰৰ সমীপৰ কাঠনি গাঁৱত অৱস্থিত। গুৰু কেশৱচৰণ আতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। কথাগুৰুচৰিতৰ মতে তেখেতৰ জন্ম ১৬০৫ চনত আৰু মৃত্যু ১৬৬৫ চনত হৈছিল। সত্ৰখন এতিয়াও বৈষ্ণৱ ধৰ্মৰ এখন সক্ৰিয় প্ৰচৰ থলী।

গোহাঁই-কমল আলি
১৬ শতিকাৰ আগভাগত অসমত কোচ ৰাজ্যৰ উত্থান ঘতিছিল। কৰতোৱা নদীৰ পৰা বৰনদীলৈকে এই ৰাজ্য বিস্তৃত আছিল। এই সময়চোৱাৰ ভিতৰতে আহোমৰ সৈতে হোৱা ৰণৰ সময়ত নাৰায়ণপুৰত এই আলিটো নিৰ্মাণ কৰা হয়।

আহঁতগুৰি সত্ৰ
বৰবালি চমুৱা গাঁৱত আহঁতগুৰি সত্ৰ অৱস্থিত। শ্ৰী ৰাম আতাই ১৬৮৩ চনত এইখন স্থাপন কৰিছিল। ইয়াৰ সৰহ সংখ্যক অনুগামী ব্ৰাহ্মণ। ১৯৮৭ চনৰ বানত ইয়াত সংৰক্ষিত বহুতো পুৰণি গ্ৰন্থ নোহোৱা হয়। বৰ্তামানে ইয়াত ঠাকুৰ আতা আৰু শ্ৰী ৰাম আতাৰ কিছু গ্ৰন্থ (হাতেলিখা) সংৰক্ষিত হৈ আছে।

অন্যান্য আকৰ্ষণ সমূহ
নাৰায়ণপুৰ সৰ্বমুঠ বাৰজন ধৰ্মীয় গুৰুৰ জন্মস্থান, সেয়েহে ইয়াক পবিত্ৰ ঠাই হিচাপে গণ্য কৰা হয়। মাধৱদেৱৰ সময়ত ই বৈষ্ণৱ ধৰ্মৰ প্ৰধান চৰ্চাৰ স্থলী আছিল। ধৰ্মীয় দিশৰ উপৰিও নাৰায়ণপুৰ আন আন বিভিন্ন সংস্কৃতিৰেও চহকী।

অৰ্থনীতি[সম্পাদনা কৰক]

নাৰায়ণপুৰৰ অৰ্থনীতি কৃষিভিত্তিক। গোটেই বছৰ ধৰি বিভিন্ন খেতি এই অঞ্চলত হোৱা দেখা যায়। বিভিন্ন ধৰণৰ উৎপাদিত শস্য সমূহ হৈছে- ধান, মাতিমাহ, আলু, পিয়াঁজ, আদা, নহৰু, বিলাহী, ফুলকবি, বন্ধাকবি, বেঙেনা আদি। বিভিন্ন ধৰণৰ ফল যেনে কল, আম, নাৰিকল, কঠাল আদিৰ উৎপাদন দেখা যায়। তামোল পান অসমৰ যিকোনো ঠাইৰ দৰে নাৰায়ণপুৰৰো অৰ্থনীতিৰ এটা অংশ। মীন পালনেও অঞ্চলটোৰ অৰ্থনীতিত বৃহৎ ভূমিকা পালন কৰে। অঞ্চলটোত বহুতো মীন পালন কৰা চৰকাৰী আৰু ব্যক্তিগত পুখুৰী (ফিচাৰি) দেখিবলৈ পোৱা যায়। দক্ষিণ দিশে বৈ যোৱা লুইত খনেও এই উদ্যোগত অৰিহণা যোগায়। [5] নাৰায়ণপুৰত অতীজৰে পৰা থলুৱা ভাবে মুগা, এৰী আৰু পাট সূতা ৰ উৎপাদন হৈ আহিছে। নাৰায়ণপুৰত অসম চৰকাৰৰ হস্ত তাত আৰু বস্ত্ৰ বিভাগৰ অধীনৰ এখন বৃহৎ মুগা পাম অৱস্থিত। [6] অৱশ্যে বিভাগীয় অমনোযোগিতাৰ বাবে পাম খনৰ অৱস্থা বৰ্তমানে সংকটজনক।

নতুনকৈ গঢ় লৈ উঠা নৰায়নপুৰ নগৰক ২০০৮ চনত আনুষ্ঠানিক ভাবে নগৰ হিচাপে স্বীকৃতি দিয়া হয়। বৰ্তমানে নাৰায়ণপুৰ নগৰত লাহে লাহে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠান বোৰেও নাৰায়ণপুৰৰ অৰ্থনীতিত প্ৰভাব বিস্তাৰ কৰিছে।

উল্লেখযোগ্য শিক্ষানুষ্ঠান[সম্পাদনা কৰক]

  • মাধৱদেৱ বিশ্ববিদ্যালয়
  • জৱাহৰ নৱোদয় বিদ্যালয়
  • ভিবিৰাম হাজৰিকা মহাবিদ্যালয়
  • খেৰাজখাত মহাবিদ্যালয়
  • নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ফুলনি খাট উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • তাতিবাহাৰ মজলীয়া বিদ্যালয়
  • দুলীয়া পথাৰ মজলীয়া বিদ্যালয়
  • নাৰয়ণপুৰ বালক মজলীয়া বিদ্যালয়
  • নামনি সোৱণশিৰি উচ্চ মাধ্যমিক বিদ্যালয়
  • হাৰমতী পিচলা উচ্চ মাধ্যমিক বিদ্যা লয়

(ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান )

  • শংকৰদেৱ শিশু নিকেতন, নাৰায়ণপুৰ
  • শংকৰদেৱ শিশু নিকেতন, ঢলপুৰ
  • এক্ৰিত আৰু এক্ৰিত একাডেমি
  • জিজ্ঞাসা জাতীয় বিদ্যালয়
  • অসম জাতীয় বিদ্যালয়, মেৰমুখ
  • জ্ঞানজ্যোতি একাডেমি
  • পিচলা নেশ্যনেল একাডেমি
  • চি. ই. চি. নাৰায়ণপুৰ

প্ৰধান সাংস্কৃতিক অনুষ্ঠান[সম্পাদনা কৰক]

নাৰায়ণপুৰৰ উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

চিত্ৰ-বীথিকা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "নাৰায়ণপুৰৰ ভৌগোলিক স্থানাংক". http://wikimapia.org/9180286/narayanpur. 
  2. "CIC নাৰায়ণপুৰ মুখ্য-পৃষ্টা". Archived from the original on 2012-02-13. https://web.archive.org/web/20120213163135/http://www.cic.nic.in/cicwebpages/Assam/narayanpur/myweb/index.htm। আহৰণ কৰা হৈছে: 2011-12-13. 
  3. "Historical overview of Narayanpur". Archived from the original on 2009-04-10. https://web.archive.org/web/20090410122032/http://www.cic.nic.in/cicwebpages/Assam/narayanpur/myweb/ancientmonu.htm। আহৰণ কৰা হৈছে: 2011-12-13. 
  4. পূৰ্ণানন্দ ভূঞা (২০১৬). ভৱানীপুৰীয়া গোপাল আতা. প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল. 
  5. "নাৰায়ণপুৰৰ ফিচাৰীসমূহ". Archived from the original on 2012-02-13. https://web.archive.org/web/20120213163634/http://www.cic.nic.in/cicwebpages/Assam/narayanpur/myweb/fisheries_at_narayanpur.htm। আহৰণ কৰা হৈছে: 2011-12-14. 
  6. "ৰেচম আয়োগ, ভাৰত". Archived from the original on 2009-04-10. http://webarchive.loc.gov/all/20090410010203/http://indiansilk.kar.nic.in/rti/MSSO_Guwahati/MSSO_Guwahati.pdf। আহৰণ কৰা হৈছে: 2011-12-14. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]