নাৰায়ণ দত্তাত্ৰেয় আপ্তে
| নাৰায়ণ আপ্তে | |
|---|---|
![]() ১৯৪৮ চনত আপ্তে | |
| জন্ম | ১৯১১ |
| মৃত্যু | ১৫ নৱেম্বৰ, ১৯৪৯ (৩৮ বছৰ) আম্বালা কাৰাগাৰ, পূব পাঞ্জাব, বৰ্তমান হাৰিয়ানা |
| মৃত্যুৰ কাৰণ | ফাঁচীৰ আদেশ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| জনা যায় | মহাত্মা গান্ধীৰ হত্যাকাণ্ড |
নাৰায়ণ দত্তাত্ৰেয় আপ্তে (১৯১১ – ১৫ নৱেম্বৰ ১৯৪৯) এজন ভাৰতীয় হত্যাকাৰী আৰু ৰয়েল ইণ্ডিয়ান এয়াৰ ফৰ্চৰ বিষয়া আছিল। মহাত্মা গান্ধীৰ হত্যাৰ পৰিকল্পনা কৰাৰ বাবে তেওঁক ফাঁচি দিয়া হৈছিল।
পৰিয়াল
[সম্পাদনা কৰক]আপ্তেৰ জন্ম হৈছিল চিৎপাৱন ব্ৰাহ্মণ পৰিয়ালত।[1] তেওঁৰ পিতৃ দত্তাত্ৰেয় আপ্তে এজন সংস্কৃত পণ্ডিত আৰু ইতিহাসবিদ আছিল। নাৰায়ণৰ ৩ গৰাকী ভগ্নী আৰু ৪ গৰাকী ভাতৃ আছিল। নিয়মানুসৰি তেওঁৰ বিবাহ পুনেৰ এটা প্ৰভাৱশালী পৰিয়ালৰ কন্যা চম্পা ফডতাৰেৰ লগত হৈছিল। এই বিবাহ দুয়োজনৰ বাবে "পাৰফেক্ট মেচ" বুলি কোৱা হৈছিল। পিছত চম্পাৰ লগত এটি পুত্ৰ সন্তান জন্ম হয়।
জীৱন
[সম্পাদনা কৰক]পৰিয়ালৰ বাকীসকলৰ দৰেই তেৱোঁ শিক্ষা গ্ৰহণ কৰে আৰু পাণ্ডিত্য অৰ্জন কৰে। ১৯৩২ চনত বম্বে বিশ্ববিদ্যালয়ৰপৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। তিনি বছৰ নিবনুৱা অৱস্থাত থাকি তেওঁ আহমেদনগৰৰ মিছন হাইস্কুলত টিউটৰ হিচাপে যোগদান কৰে। তেওঁৰ শিক্ষা বিষয়ত স্নাাতকোত্তৰ ডিগ্ৰী লোৱাৰ আকাংক্ষা আছিল। কিছুদিন পাছতে তেওঁ "শিক্ষাৰ স্নাতক" ডিগ্ৰী পৰীক্ষা দি উত্তীৰ্ণ হ'ল। আহমেদনগৰত তেওঁ এটা শ্বুটিং ক্লাব আৰম্ভ কৰিছিল যিটোৱে অৱশেষত যথেষ্ট প্ৰচাৰ লাভ কৰিছিল আৰু পুনেৰ দৰে ঠাইত একেদৰেই গঢ়ি উঠিছিল।
১৯৩৯ চনত তেওঁ হিন্দু মহাসভাত যোগদান কৰে।[2] দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে হিন্দু মহাসভাৰ তদানীন্তন সভাপতি বিনায়ক দামোদৰ সাৱৰকাৰে দলৰ সদস্যসকলক যিকোনো প্ৰকাৰে ব্ৰিটিছক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে। আপ্তে পুনা অঞ্চলত নিযুক্তিদাতা আৰু ৰয়েল ইণ্ডিয়ান এয়াৰ ফৰ্চৰ ফ্লাইট লেফটেনেণ্ট হিচাপে কাম কৰিছিল।[3]
পুনাৰ নিযুক্তিৰ পৰিৱেশটো অতি দুৰ্বল হোৱাৰ বাবে নাৰায়ণৰ হাতত বহু সময় আছিল। অৱশেষত তেওঁ নাথুৰাম গডছেৰ সৈতে হিন্দু মহাসভাত ঘনিষ্ঠভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। এই সন্ধিক্ষণত সাৱৰকাৰে হিন্দু ৰাষ্ট্ৰ দল আৰম্ভ কৰে যিটো মহাসভাৰ এটা উগ্ৰ শাখা হিচাপে গঢ়ি তোলাৰ উদ্দেশ্য আছিল। ইয়াৰ লক্ষ্য আছিল কংগ্ৰেছৰ বৈঠকত ব্যাঘাত জন্মোৱা।
১৯৪৪ চনত গডছে দল আৰু মহাসভাৰ আদৰ্শক সামৰি "অগ্ৰণী" নামৰ এখন বাতৰি কাকত আৰম্ভ কৰাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আপ্তে এই কাকতখনৰ মেনেজাৰ হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত নিযুক্তিদাতাৰ ইউনিফৰ্ম পিন্ধিছিল। বাতৰি কাকতখন দুৰ্ভাগ্যজনকভাৱে বিফল হোৱা যেন লাগিল যদিও সাৱৰকাৰে অহৰহ উদাৰ অনুদান প্ৰেৰণ কৰি ইয়াক জীয়াই ৰাখিবলৈ সক্ষম হ’ল। কাকতখনৰ বিষয়বস্তুবোৰ আছিল অতি উগ্ৰ আৰু বম্বে প্ৰেছ আইন উলংঘা কৰা। চৰকাৰে বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ ঠিক আগতেই তেওঁলোকে কাকতখনৰ নাম সলনি কৰি "হিন্দু ৰাষ্ট্ৰ" ৰাখিছিল। "হিন্দু ৰাষ্ট্ৰ"ৰ শেষ সংখ্যাটো ১৯৪৮ চনৰ ৩১ জানুৱাৰীত প্ৰকাশ পাইছিল।[3]
১৯৪৮ চনৰ ১৪ জানুৱাৰীত তেওঁ গডছেৰ সৈতে পুনেৰপৰা মুম্বাইলৈ ৰে’লত উঠিছিল। তিনিদিনৰ পাছত তেওঁলোকে মহাত্মা গান্ধীক হত্যা কৰিবলৈ দিল্লীলৈ উৰা মৰাৰ কথা।[4]
২০ জানুৱাৰীত গান্ধী হত্যাৰ পৰিকল্পনা কৰাৰ বাবে আপ্তে, বেজ আৰু কিষ্টায়াই গাড়ীৰে বিৰলা হাউচলৈ যায়। গডছে তীব্ৰ মূৰৰ বিষত ভুগিছিল আৰু সেয়েহে তেওঁ পিছ পৰি ৰ’ল।[2]
২৭ জানুৱাৰীলৈকে আপ্তে আৰু হত্যাৰ পৰিকল্পনাৰ নেতা নাছিল। সিদ্ধান্ত লোৱা হ'ল যে গডছেই গান্ধীক হত্যা কৰিব।[4]
৩০ জানুৱাৰীত গডছেৰদ্বাৰা গান্ধীৰ ওপৰত গুলী চলোৱালৈকে আপ্তে গডছেৰ কাষত থিয় হৈ আছিল।[2]
মুম্বাইত গ্ৰেপ্তাৰ হোৱাৰ আগতে আপ্তে দুসপ্তাহ ধৰি গ্ৰেপ্তাৰৰপৰা হাত সাৰি আছিল।[2]
বিচাৰ
[সম্পাদনা কৰক]১৯৪৯ চনত আপ্তেৰ বিচাৰ আৰু গান্ধীৰ হত্যাকাণ্ডৰ দোষী সাব্যস্ত হয়। ১৯৪৯ চনৰ ১৫ নৱেম্বৰত গডছেৰ সৈতে আপ্টেক ফাঁচী দিয়া হয়।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Herman, Arthur (26 January 2010) (en ভাষাত). Gandhi and Churchill: The Rivalry That Destroyed an Empire and Forged Our Age. Random House. পৃষ্ঠা. 580. ISBN 978-1-4090-6363-6. https://books.google.com/books?id=Z8JjbAVs2vUC&dq=Narayan+Apte+chitpavan+brahmin&pg=PA580.
- ↑ 2.0 2.1 2.2 2.3 2.4 Doeden, M. (2013). Darkness Everywhere: The Assassination of Mohandas Gandhi. Nonfiction - Young Adult. Lerner Publishing Group. পৃষ্ঠা. 42–72. ISBN 978-1-4677-1659-8. https://books.google.com/books?id=KhGXAgAAQBAJ। আহৰণ কৰা হৈছে: 3 April 2023.
- ↑ 3.0 3.1 Malgonkar, M.; Kapoor, P. (2008). The Men Who Killed Gandhi. Roli Books. পৃষ্ঠা. 55–65. ISBN 978-93-5194-083-8. https://books.google.com/books?id=ucWsCAAAQBAJ&pg=PT55.
- ↑ 4.0 4.1 Dutta, Amrita (31 January 2015). "Retracing Nathuram Godse's journey". The Indian Express. https://indianexpress.com/article/india/india-others/retracing-nathuram-godses-journey-2/। আহৰণ কৰা হৈছে: 3 April 2023.
