সমললৈ যাওক

নাৰিকলি মন্দিৰ, ছিপাঝাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৰং জিলাছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলি শিৱ মন্দিৰ এক ঐতিহ্যমণ্ডিত মন্দিৰ। গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি হৈ তেজপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে এই মন্দিৰটো অৱস্থিত।

বিভিন্ন জনশ্ৰুতি আৰু প্ৰবাদ অনুসৰি এই মন্দিৰটো প্ৰথম অৱস্থাত শিলৰ এক মনোমোহা আৰ্হিৰে নিৰ্মাণ কৰা হৈছিল। সেয়ে ইয়াৰ পৌৰাণিক নাম আছিল "শিলৰ খুঁটি বুঢ়া গোহাঁই"। যেতিয়া সেনাপতি কালাপাহাৰে অসমৰ মঠ-মন্দিৰবোৰ ভাঙি ফুৰিছিল তেতিয়া শিল্পকলাৰ জাক-জমকতাৰে নিৰ্মিত এই মন্দিৰটোও ভাগি চূৰমাৰ কৰি দিছিল। তাৰপাছত সেই স্থানতে স্থানীয় লোকৰ তত্ত্বাৱধানত মন্দিৰটো পুনৰ্নিমাণ কৰা হয়।

নাৰিকলি গাঁৱৰ শঙিধৰ নাথৰ এটা বিশেষ সপোন পোৱাৰ পিছত তাত বিষ্ণু আৰাধনাৰ নিমিত্তে ভাগৱত মন্দিৰ স্থাপন কৰা হয়।

বৰ্তমানৰ পৰিৱেশ

[সম্পাদনা কৰক]

এক সুন্দৰ ভাস্কৰ্য্যৰে নিৰ্মিত ভাগৱত মন্দিৰ আৰু শিৱ মন্দিৰৰ লগতে মনসা মন্দিৰ নিৰ্মাণৰ কামো পৰিচালনা সমিতিয়ে হাতত লৈছে। প্ৰতিদিনে অহা দৰ্শনাৰ্থী আৰু বিবাহ যাত্ৰীৰ বাবে খোৱা-লোৱা কৰাৰ সুন্দৰ পৰিৱেশ আছে। কোনো ধৰণৰ যানযঁটৰ অসুবিধা নহ’বৰ বাবে গাড়ী ৰখাৰ বাবে এখন নিৰ্ভৰশীল খেলপথাৰ আছে। এই সকলোবোৰ চোৱা-চিতা কৰে মন্দিৰ পৰিচালনা সমিতিয়ে। পৰেশ নাথক সভাপতি আৰু জগমোহন নাথক সম্পাদক হিচাপে বৰ্তমান একৈছ জনীয়া সমিতিয়ে এই সকলোবোৰ পৰিচালনা কৰি আছে।

এই মন্দিৰৰ প্ৰধান উৎসৱ হৈছে শিৱৰাত্ৰি, যি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। শিৱৰাত্ৰিৰ সময়ত হাজাৰ হাজাৰ ভক্তৰ সমাগমৰ ঘটে। ইয়াৰ উপৰি প্ৰতি বছৰতে অসমীয়া আঘোণ মাহৰ এক তাৰিখৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ পালন কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]