নাৰিফন
নাৰিফন | |
| শ্ৰেণী | শ্ৰুতিকথাৰ গছ কিংবদন্তিমূলক জীৱ |
|---|---|
| উপশ্ৰেণী | ছিলভানাছ |
| লোকগাথা | বৌদ্ধ শ্ৰুতিকথা থাই লোককথা |
| দেশ | ভাৰত, থাইলেণ্ড |
| স্থান | দক্ষিনপূব এছিয়া |
নাৰিফন (থাই: นารีผล, পালি ভাষাৰ নাৰিফালা শব্দৰ পৰা) বৌদ্ধ পৌৰাণিক কাহিনীত বৰ্ণিত এক প্ৰকাৰৰ গছ৷ এই গছক মাক্কালিফন (থাই: มักกะลีผล, পালি ভাষা মাক্কালিফালা শব্দৰ পৰা) বুলিও কোৱা হয়৷ এই গছৰ ফলবোৰৰ আকৃতি দেখিবলৈ গাভৰু নাৰীৰ দৰে। গছৰ ডালৰ লগত নাৰী সদৃশ ফলবোৰৰ মূৰৰ সৈতে সংলগ্ন হৈ থাকে।[1] এই গছজোপা হিমাফান নামৰ পৌৰাণিক অৰণ্যত গজে৷ এই গছত লগা নাৰীসদৃশ ফলবোৰ গন্ধৰ্বসকলে উপভোগ কৰে আৰু কাটি লৈ যায়।[2]
ভেছান্তৰ জাতকতো (Vessantara Jātaka) নাৰিফনৰ উল্লেখ আছে৷ ইন্দ্ৰই বোধিসত্ত্ব ভেছান্তৰে ধ্যান কৰা বাগিচাখনৰ চাৰিওফালে এই গছবোৰ ৰোপন কৰিছিল।[3][4]
শ্ৰুতিকথা
[সম্পাদনা কৰক]বৌদ্ধ পৌৰাণিক কাহিনী অনুসৰি ইন্দ্ৰ দেৱতাই ভেছান্তৰ, তেওঁৰ পত্নী আৰু দুই সন্তানৰ বাবে বাসস্থান হিচাপে এটা মণ্ডপ নিৰ্মাণ কৰিছিল। অৱশ্যে হাবিত বাস কৰা সন্ন্যাসী বা যোগীৰ আক্ৰমণৰ আশংকা আছিল যদিও ভেছান্তৰৰ পত্নী ফল সংগ্ৰহ কৰিবলৈ অৰণ্যলৈ গৈছিল। অৰণ্যত বাস কৰা সন্ন্যাসী বা যোগীসকলে নিজৰ ধ্যানৰ যোগেদি বিশেষ শক্তি লাভ কৰিছিল যদিও তেওঁলোকে কামনাক জয় কৰিব পৰা নাছিল।
সেয়েহে ইন্দ্ৰই বাৰজোপা বিশেষ নাৰিফন গছৰ সৃষ্টি কৰিছিল। ভেছান্তৰৰ পত্নী যেতিয়াই খাদ্য সংগ্ৰহ কৰিবলৈ ওলাই গৈছিল আৰু তেওঁক দেখি পুৰুষসকলৰ মন বিচলিত হৈছিল তেতিয়াই গছবোৰে ফল দিছিল। ফলবোৰত ইন্দ্ৰৰ সকলো ধুনীয়া পত্নীৰ প্ৰতিমূৰ্তি আছিল। মানুহবোৰে ফলবোৰ নিজৰ বাসস্থানলৈ লৈ গৈছিল আৰু ফলবোৰৰ প্ৰেমৰ নিমগ্ন হৈ চাৰি মাহ ধৰি শুই নিজৰ শক্তি হেৰুৱাই পেলাইছিল।
থাইলেণ্ডৰ লোককথা অনুসৰি ভেছান্তৰ আৰু তেওঁৰ পৰিয়ালৰ মৃত্যুৰ পিছত গছবোৰে দৈনিক ফল দিবলৈ ধৰিলে৷ কিন্তু যেতিয়াই বুদ্ধৰ শিক্ষা হেৰাই যাব (মৃত্যুৰ পাঁচ হাজাৰ বছৰৰ পিছত হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে) তেতিয়াই অৰণ্যখন নোহোৱা হৈ যাব। এই গছত লগা ফলবোৰ সাত দিনলৈকে থাকে, তাৰ পিছত যদি ছিঙা নহয় তেন্তে মৰহি যায় আৰু মৰি যায়।[5] মানুহৰ দৰেই ফলবোৰৰো আভ্যন্তৰীণ অংগ থাকে যদিও হাড় নাথাকে। ফল সদৃশ এই কুমাৰীসকলৰ যাদুকৰী শক্তি থাকে, আত্মা থাকে আৰু তেওঁলোকে গান গাব আৰু নাচিবও পাৰে।[6]
বেংককৰ সমীপৰ এটা বৌদ্ধ মন্দিৰত দুটা মাক্কালিফনৰ গুটি আছে বুলি কোৱা হয়। এই গুটিকেইটা পৌৰাণিক অৰণ্য হিমাফানৰ পৰা আহিছিল।[7] পাথুম থানিৰ ওচৰৰ ৱাট ফেউট উডোম মন্দিৰত এই গছজোপা ভূত আৰু নৰকৰ দৃশ্যৰ সৈতে একেলগে প্ৰদৰ্শন কৰা হৈছে।[8][9]
লোককথাত দাবী কৰা হৈছে যে এই গছজোপা ফেটচাবুন পৰ্বতমালাৰ ক’ৰবাত এতিয়াও গজে৷ এই গছজোপা সম্পৰ্কে কিছুমান সাধাৰণ উৰা বাতৰিও প্ৰচলিত আছে; সেইবোৰৰ ভিতৰত গছৰ লাগি থকা নাৰিফন ছোৱালীৰ ছবি[10] লগতে শুকান নাৰিফন ছোৱালীৰ ছবি আদি।[11]
এই নাৰিফন লোককথাৰ অনুপ্ৰেৰণাত ২০০৬ চনৰ থাই ছবি নাৰিফন (นารีผล, "ডেভিল আইভী")[12] আৰু ২০১০ চনৰ নাৰিফন খন ফ্ৰুয়েক্সা" (นารีผล) নিৰ্মাণ কৰা হৈছিল।[13]
নাৰিফন গছক ম্যানমাৰত থুয়াং গছ (Thuyaung trees) আৰু শ্ৰীলংকাত নাৰি-লাটা-ভেলা (Nari-Lata-Vela) বুলি জনা যায়।[14][15] ছাং চিনক্সে (Sang Sinxay) নামৰ লাও মহাকাব্যতো নাৰিফনৰ উল্লেখ পোৱা যায়।[16]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Nariphon Tree at a temple in Thailand
- ↑ Thai traditional mural painting Archived 2015-01-30 at the Wayback Machine
- ↑ McDaniel, Justin (2014). The lovelorn ghost and the magical monk: practicing Buddhism in modern Thailand. প্ৰকাশক New York, NY: Columbia Univ. Press. পৃষ্ঠা. 173. ISBN 9780231153775.
- ↑ Readings of the Vessantara Jātaka. প্ৰকাশক New York: Columbia University Press. 2016. পৃষ্ঠা. 98-99. ISBN 9780231541008.
- ↑ Nariphon book[সংযোগবিহীন উৎস]
- ↑ มักกะลีผลหรือนารีผล น่าจะเป็นเรื่องในชาดกเท่านั้นหรือ
- ↑ The Amazing Makkaliporn of Wat Prangmuni
- ↑ พบกับสวรรค์และนรกได้ที่ วัดพืชอุดม จ.ปทุมธานี
- ↑ เที่ยวนรก-สวรรค์ที่วัดพืชอุดม ลำลูกกา ปทุมธานี
- ↑ "Hoax slayer - Nareepol Tree". Archived from the original on 2022-11-26. https://web.archive.org/web/20221126182134/http://www.hoax-slayer.com/nareepol-tree.shtml। আহৰণ কৰা হৈছে: 2025-02-09.
- ↑ Thailand Naree Pon Flower Pod Elf Women Fairies
- ↑ นารีผล, Devil Ivy
- ↑ นารีผล คนพฤกษา "Nariphon, People from the Tree"
- ↑ Munier-Gaillard, Cristophe (2013). "17th To Early 19th Century Burmese Murals in Relation to Murals of Siam and Lan Na". Journal of Fine Arts, Chiang Mai University খণ্ড 4 (2): 235-304. https://so02.tci-thaijo.org/index.php/fineartsJournal/article/view/77642.
- ↑ Coomaraswamy, Ananda K. (1908) (en ভাষাত). Mediaeval Sinhalese Art. Broad Campden: Essex House Press. পৃষ্ঠা. 92-94. https://hdl.handle.net/2027/mdp.39015013155455?urlappend=%3Bseq=116%3Bownerid=13510798902051283-120.
- ↑ Murray, Lee; Smith, Angela Yuriko (2023). Unquiet Spirits: Essays by Asian Women in Horror. Black Spot Books.