সমললৈ যাওক

নাৰীকৰণ (সমাজতত্ত্ব)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সমাজতত্ত্ব অনুসৰি নাৰীত্বকৰণ (ইংৰাজী: Feminization) হ’ল কোনো সমাজ, গোট বা সংগঠনত লিংগ ভূমিকাৰ পৰিৱৰ্তন, য’ত নাৰীত্বৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ অৰ্থ এনে এক গোট বা পেচাত নাৰীৰ অন্তৰ্ভুক্তিও হ’ব পাৰে যি এসময়ত পুৰুষৰ আধিপত্যত আছিল।[1]

সমাজত নাৰীত্বকৰণৰ উদাহৰণ

[সম্পাদনা কৰক]
  • শিক্ষাৰ নাৰীত্বকৰণ – শিক্ষকৰ সংখ্যাত মহিলাৰ আধিপত্য, উচ্চশিক্ষাত মহিলা ছাত্ৰীৰ সংখ্যাধিক্য আৰু মহিলাৰ শিকণ প্ৰক্ৰিয়াৰ বাবে অধিক উপযোগী পাঠ্যক্ৰম।[2]
  • কৰ্মক্ষেত্ৰৰ নাৰীত্বকৰণ – নিম্ন দৰমহাৰ মহিলা প্ৰধান বৃত্তি যেনে (১) খাদ্য প্ৰস্তুত কৰা, খাদ্য পৰিৱেশন কৰা আৰু খাদ্য সম্পৰ্কীয় অন্যান্য বৃত্তি, আৰু (২) ব্যক্তিগত যত্ন আৰু সেৱা।[3]
  • ধূমপানৰ-নাৰীত্বকৰণ – টৰ্চেছ অৱ ফ্ৰীডম (torches of freedom) বাক্যাংশটোৱে ধঁপাত ব্যৱহাৰক পুৰুষৰ কাৰ্য বুলি গণ্য কৰাৰপৰা নাৰীসুলভ কাৰ্যলৈ পৰিৱৰ্তন হোৱাৰ পৰিঘটনাটোক সূচায়। এই বিষয়টোৰ বিতং বিৱৰণৰ বাবে মহিলা আৰু ধূমপান চাওক।

নাৰীত্বকৰণৰ সংজ্ঞা

[সম্পাদনা কৰক]

নাৰীত্বকৰণৰ দুটা মৌলিক অৰ্থ আছে। প্ৰথমটো এজন ব্যক্তিক লৈ, যি প্ৰথমতে নাৰীসুলভ নাছিল কিন্তু পিছলৈ নিজৰ আৰু আশে-পাশে থকা লোকৰ ধাৰণাৰ জৰিয়তে নাৰীসুলভ হৈ পৰে। লিংগ তত্ত্ববিদ জুডিথ বাটলাৰৰ মতে, এজন ব্যক্তিৰ লিংগ কেৱল ইচ্ছা বা আত্ম-বৰ্ণনাৰ কাম নহয়, কাৰণ ই সেইসকল লোকৰদ্বাৰাও গঢ় লৈ উঠে যিয়ে ব্যক্তিজনক তেওঁলোকৰ নিজৰ লিংগ ধাৰণা অনুসৰি বৰ্ণনা, শ্ৰেণীভুক্ত আৰু ব্যৱহাৰ কৰে। এই শব্দটোৰ দ্বিতীয়টো অৰ্থই এনে এজন ব্যক্তিক বৰ্ণনা কৰে যাৰ মূলত নাৰীসুলভ গুণ আছিল যদিও তেওঁ নিজৰ ব্যক্তিত্বত কোনো ধৰণ বা ৰূপত অধিক নাৰীসুলভ বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰে। এই শব্দটো প্ৰায়ে মহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল, কিন্তু সময়ৰ লগে লগে ই এনে এক প্ৰক্ৰিয়ালৈ সলনি হ’ল য’ত কোনো ব্যক্তিয়ে নাৰীসুলভ গুণসমূহ গ্ৰহণ কৰি অধিক নাৰীসুলভ হোৱাৰ প্ৰক্ৰিয়াটো বুজাবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি।[4]

ছুট পৰিহিত মহিলা

দৰিদ্ৰতাৰ নাৰীত্বকৰণ

[সম্পাদনা কৰক]

পুৰুষতকৈ মহিলাসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাৰ সম্ভাৱনা অধিক, যিটো পৰিঘটনাটোক দৰিদ্ৰতাৰ নাৰীত্বকৰণ বুলি জনা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰত ২০১৫ চনত পুৰুষ আৰু মহিলাৰ দৰিদ্ৰতাৰ হাৰ আছিল ক্ৰমে ১০% আৰু ১৫%। মহিলাসকলৰ উচ্চতৰ ডিগ্ৰী লাভ কৰাৰ সম্ভাৱনা কম আৰু তেওঁলোকে নিম্ন দৰমহাৰ চাকৰি কৰাৰ প্ৰৱণতা থাকে। ইয়াত এক লিংগভিত্তিক মজুৰিৰ ব্যৱধান দেখা যায়: একে স্তৰৰ শিক্ষা আৰু বৃত্তিমূলক ভূমিকা থকা সত্ত্বেও মহিলাসকলে পুৰুষতকৈ বহুত কম উপাৰ্জন কৰে,[5] যদিও গৱেষণাই সূচায় যে ইয়াৰ মূল কাৰণ হ’ল সন্তানৰ যত্ন বা জীৱন-শৈলীৰ কাৰকৰ বাবে মহিলাসকলে সামগ্ৰিকভাৱে পুৰুষতকৈ কম ঘণ্টা কাম কৰা, পোনপটীয়া বৈষম্য নহয়।[6]

শ্ৰম শক্তিৰ নাৰীত্বকৰণ

[সম্পাদনা কৰক]

বৰ্তমানৰ সমাজত শ্ৰম শক্তিৰ নাৰীত্বকৰণ অপৰিহাৰ্য কাৰণ মহিলাসকলে শ্ৰম শক্তিৰ আধা অংশ গঠন কৰে আৰু তেওঁলোকক এক সম্ভাৱ্য লাভজনক সম্পদ হিচাপে গণ্য কৰা হয়।[7] যুদ্ধোত্তৰকালত উত্তৰ আমেৰিকা আৰু ইউৰোপৰ অৰ্থনীতিত মহিলা আৰু পুৰুষৰ চাকৰিৰ স্থিতি আৰু দৰমহাৰ হাৰৰ মাজত ভৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Ann Douglas (1977). The Feminization of American Culture. Farrar, Straus and Giroux আই.এচ.বি.এন. 0-374-52558-7
  2. ↑ Carole Leathwood, Barbara Read, 'Gender and the Changing Face of Higher Education: A Feminized Future?', Open University Press, আই.এচ.বি.এন. 978-0-335-22714-3, 2008.
  3. ↑ Snarr, C. Melissa. “Women's Working Poverty: Feminist and Religious Alliances in the Living Wage Movement.” Journal of Feminist Studies in Religion, vol. 27, no. 1, 2011, pp. 75–93. JSTOR, JSTOR, www.jstor.org/stable/10.2979/jfemistudreli.27.1.75.
  4. ↑ Imhoff, Sarah (Spring–Summer 2016). "The myth of American Jewish feminization". Jewish Social Studies (Indiana University Press) খণ্ড 21 (3): 126– 152. doi:10.2979/jewisocistud.21.3.05. https://scholarworks.iu.edu/dspace/bitstream/handle/2022/21871/The%20Myth%20of%20American%20Jewish%20Feminization.pdf?sequence=1। আহৰণ কৰা হৈছে: 2018-02-25.
  5. ↑ "Beijing +5 – Women 2000: Gender Equality, Development and Peace for the 21st Century Twenty-third special session of the General Assembly, 5-9 June 2000". www.un.org. https://www.un.org/womenwatch/daw/followup/session/presskit/fs1.htm। আহৰণ কৰা হৈছে: 2017-04-27.
  6. ↑ Schow, Ashe (January 13, 2016). "Harvard prof. takes down gender wage gap myth". The Washington Examiner. http://www.washingtonexaminer.com/harvard-prof.-takes-down-gender-wage-gap-myth/article/2580405। আহৰণ কৰা হৈছে: May 9, 2017.
  7. ↑ "Why The Feminisation Of The Workplace Is Good News For Everyone". Huffington Post India. http://www.huffingtonpost.in/anisha-motwani/the-feminization-of-workp_b_8258716.html.
  8. ↑ (en ভাষাত) Feminization of the labor force : paradoxes and promises in SearchWorks catalog. Oxford University Press. 1988. https://searchworks.stanford.edu/view/1320929। আহৰণ কৰা হৈছে: 2018-04-16.