নাৰীবাদ (গ্ৰন্থ)
| নাৰীবাদ | |
|---|---|
| লেখক | অপৰ্ণা মহন্ত |
| প্ৰচ্ছদ শিল্পী | মনজিৎ ৰাজখোৱা |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| বিষয় | নাৰীবাদ |
| প্ৰকাৰ | সমালোচনা |
| প্ৰকাশক | প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয় |
| প্ৰকাশ | ২੦১৮ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰিত গ্ৰন্থ |
| পৃষ্ঠা সংখ্যা | ১৬੦ |
| আই.এচ.বি.এন. | 978-93-84819-14-9 |
নাৰীবাদ (ইংৰাজী: Nareebad) (২੦১৮) হ’ল অপৰ্ণা মহন্তৰ নাৰীবাদৰ ইতিহাস আৰু তত্ত্ব সম্পৰ্কে অসমীয়া ভাষাত লিখা এখন গ্ৰন্থ৷ গ্ৰন্থখন ২੦১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন শাখাৰপৰা ‘জ্ঞান বিচিত্ৰা গ্ৰন্থমালা’ৰ অধীনত প্ৰকাশ পায়৷[1]
বিষয়বস্তু
[সম্পাদনা কৰক]গ্ৰন্থখন দুটা খণ্ডত বিভক্ত৷ প্ৰথম খণ্ডত নাৰীবাদী আন্দোলনৰ ইতিহাসৰ এক ৰূপৰেখা আগবঢ়োৱা হৈছে৷ দ্বিতীয় খণ্ডত নাৰীবাদী চিন্তাধাৰা আৰু নাৰীবাদী তত্ত্বৰ অংকুৰণ আৰু বিকাশৰ আলোচনা আগবঢ়োৱা হৈছে৷ নাৰীবাদী আন্দোলনৰ ইতিহাসৰ আলোচনাত ভাৰত আৰু অসমৰ প্ৰসংগও সুকীয়াকৈ আলোচনা কৰা হৈছে৷[1]
লেখকৰ বিষয়ে
[সম্পাদনা কৰক]ড੦ অপৰ্ণা মহন্ত অসম আৰু উত্তৰ পূব ভাৰতত নাৰীবাদী অধ্যয়ন আৰু চিন্তা-চৰ্চাৰ ক্ষেত্ৰখনৰ এগৰাকী এটি সুপৰিচিত নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰা মহন্ত বিশ্ববিদ্যালয়খনৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল৷ তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ইকনমিক এণ্ড পলিটিকেল ৱিইকলী, প্ৰকাশ, গৰীয়সী আদি আলোচনীত নাৰীবাদ বিষয়ক প্ৰবন্ধ-পাতি লিখিছিল৷[1]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- 1 2 3 নাৰীবাদ, অপৰ্ণা মহন্ত, ২੦১৮, প্ৰকাশন শাখা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ISBN 978-93-84819-14-9