সমললৈ যাওক

নাৰ্গিছ আবিয়াৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাৰ্গিছ আবিয়াৰ

৩৭ তম ফাজৰ চলচ্চিত্ৰ উৎসৱত আবিয়াৰ
স্থানীয় নাম نرگس آبیار
জন্ম ৮ আগষ্ট, ১৯৭০ (৫৫ বছৰ)
তেহৰান, ইৰান
ৰাষ্ট্ৰীয়তা ইৰাণী
পেচা লেখিকা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৯৬–বৰ্তমান
দাম্পত্যসঙ্গী মহম্মদ হুছেইন কাছেমী

নাৰ্গিছ আবিয়াৰ (ফাৰ্চী: نرگس آبیار; জন্ম: ৮ আগষ্ট ১৯৭০) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, লেখিকা আৰু চিত্ৰনাট্যকাৰ।[1] তেওঁ মূলতঃ ট্ৰেক ১৪৩, ব্ৰেথ আৰু ৱেন দ্য মুন ৱাজ ফুল চলচ্চিত্ৰ পৰিচালনা কৰাৰ বাবে জনাজাত।[2] ট্ৰেক ১৪৩ চলচ্চিত্ৰখন আবিয়াৰৰ নিজৰ উপন্যাস দ্য থাৰ্ড আই-ৰ আধাৰত নিৰ্মাণ কৰা হৈছে, য’ত যুদ্ধৰ সময়ত এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰৰ কাহিনী বৰ্ণনা কৰা হৈছে।[3] তেওঁৰ চলচ্চিত্ৰসমূহে সমাজ, যুদ্ধ বা উগ্ৰপন্থাৰ বাবে মহিলা আৰু শিশুসকলে ভোগ কৰা কষ্টসমূহ অতি সংবেদনশীলভাৱে চিত্ৰিত কৰে।

আবিয়াৰে ফাৰ্চী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৯৭ চনৰপৰা কিতাপ লিখা আৰম্ভ কৰে। বৰ্তমানলৈকে তেওঁ শিশু, কিশোৰ আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে ৩০খনতকৈও অধিক গল্প আৰু কাল্পনিক কাহিনীৰ কিতাপ লিখিছে।[4]

আবিয়াৰে ফাৰ্চী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ শিশু, কিশোৰ আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে কেইবাখনো গল্প আৰু কাল্পনিক কাহিনীৰ কিতাপ লিখিছে।

তেওঁ ২০০৫ চনত অবজেক্টছ ইন মিৰৰ আৰ ক্লজাৰ দেন দেই এপিয়াৰ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে পৰিচালনা জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ উপৰি তেওঁ কিছুমান চুটি ছবি আৰু তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল, যাৰ বেছিভাগেই আছিল ইৰাণ-ইৰাক যুদ্ধৰ ওপৰত আধাৰিত।[5]

যদিও তেওঁ চাৰিখন ড্ৰামা চলচ্চিত্ৰ লিখিছে, তথাপি তেওঁ ২০০৫ চনৰপৰা কেইবাখনো চুটি আৰু পূৰ্ণদৈৰ্ঘ্যৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। কাল্পনিক কাহিনী চিত্ৰণত তেওঁৰ প্ৰথম অভিজ্ঞতা আছিল দ্য কাইণ্ড ডেড-এণ্ড। এই চুটি ছবিখনে চেতায়েছ উৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু কেইবাটাও আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ প্ৰতিযোগিতামূলক শাখাৰ বাবেও নিৰ্বাচিত হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আবিয়াৰ প্ৰযোজক মহম্মদ হুছেইন কাছেমীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. নাৰ্গিছ আবিয়াৰৰ জীৱনী http://biographyha.com/9248/
  2. ট্ৰেক ১৪৩ চলচ্চিত্ৰৰ মূল ধাৰণাটো মই দ্য থাৰ্ড আই কিতাপখনৰপৰা লৈছোঁ https://web.archive.org/web/20160304085745/http://www.farsnews.com/newstext.php?nn=13930830000207
  3. ফাজৰ চলচ্চিত্ৰ উৎসৱত চিমৰ্গ বঁটা বিজয়ী নাৰ্গিছ আবিয়াৰৰ সৈতে সাক্ষাৎকাৰ http://biographyha.com/8954/interview-with-narges-abyar-winning-simorgh-fajr-festival.html
  4. ইছলামচহৰত ট্ৰেক ১৪৩ প্ৰদৰ্শিত হ’ব https://www.mehrnews.com/news/2424688
  5. জীৱনী: নাৰ্গিছ আবিয়াৰ http://hamshahrionline.ir
  6. প্ৰযোজক মহম্মদ হুছেইন কাছেমীৰ সৈতে নাৰ্গিছ আবিয়াৰৰ বিবাহ https://www.tabnak.ir/fa/news/394503

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]