নিউ ইণ্ডিয়া সমাচাৰ
| সম্পাদক | কুলদীপ সিং ধাতৱালিয়া |
|---|---|
| প্ৰকাশনৰ হাৰ | পষেকীয়া |
| প্ৰকাশক | সত্যেন্দ্ৰ প্ৰকাশ |
| প্ৰতিষ্ঠা | ২০২০ |
| প্ৰথম সংখ্যা | ১৫ আগষ্ট ২০২০ |
| কোম্পানী | বিউৰ’ অফ আউটৰিচ এণ্ড কমিউনিকেশ্বন প্ৰেছ ইনফৰ্মেশ্যন ব্ৰিউৰ' তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় |
| দেশ | |
| ভাষা | ১৩টা ভাষাত (ইংৰাজী, হিন্দী, গুজৰাটী, মাৰাঠী, তামিল, কন্নড়, উৰ্দু, মালয়ালম, তেলুগু, বাংলা, অসমীয়া, পঞ্জাবী, ওড়িয়া) |
| ৱেবচাইট | newindiasamachar |
নিউ ইণ্ডিয়া সমাচাৰ হৈছে ভাৰত চৰকাৰে ২০২০ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা এখন পষেকীয়া ই-পত্ৰিকা। এইটো বিউৰ’ অফ আউটৰিচ এণ্ড কমিউনিকেশ্বন (BOC) দ্বাৰা প্ৰকাশিত হয়, যি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত চলা এটি সংবাদ সংগঠন।[1]
এই ই-পত্ৰিকাখনৰ মুখ্য উদ্দেশ্য হৈছে ভাৰত চৰকাৰে আৰম্ভ কৰা মুখ্য আঁচনি, পদক্ষেপ, মন্ত্ৰীসভাৰ সিদ্ধান্ত, মন কী বাত অনুষ্ঠান আৰু সাম্প্ৰতিক ঘটনাৰ বিষয়ে তথ্য বিতৰণ কৰা। এইটো ইংৰাজী আৰু ১২টা ভাৰতীয় ভাষাত প্ৰকাশিত হয়— হিন্দী, গুজৰাটী, মাৰাঠী, তামিল, কন্নড়, উৰ্দু, মালয়ালম, তেলুগু, বাংলা, অসমীয়া, পঞ্জাবী আৰু ওড়িয়া।[2] এই পত্ৰিকাখন সংবাদ মাধ্যম, শিক্ষা প্ৰতিষ্ঠান, পঞ্চায়ত আদি বিভিন্ন সংস্থালৈ বিনামূলীয়াকৈ বিতৰণ কৰা হয়।[1]
বিতৰ্ক আৰু প্ৰতিক্ৰিয়া
[সম্পাদনা কৰক]এই পত্ৰিকাখনক কেইবাবাৰো তথ্যগত ভুলৰ বাবে সমালোচনা কৰা হৈছে। ২০২২ চনৰ জানুৱাৰী সংখ্যাত, যি আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা বৰ্ষ উদ্যাপন কৰিছিল, তাত স্বামী বিবেকানন্দৰ উপদেশ ১৮৫৭ বিদ্ৰোহৰ আগভাগৰ অনুপ্ৰেৰণা বুলি উল্লেখ কৰা হৈছিল—যাৰ সময়ত বিবেকানন্দৰ জন্মই হোৱা নাছিল। এই ধৰণৰ কালানুক্ৰমিক অসংগতিৰ বাবে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ দ্বাৰা সমালোচনা কৰা হয়।[3] ফলস্বৰূপে প্ৰেছ ইনফৰ্মেশ্যন বিউৰ'ক বিভিন্ন সমালোচক, ইতিহাসবিদ, ৰাজনীতিবিদ আৰু দলসমূহৰ দ্বাৰা প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়।[4][5] পিছত চৰকাৰে ইংৰাজী সংস্কৰণত এই ভুলটো সংশোধন কৰিছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Nayak Dutta, Amrita (15 ডিচেম্বৰ 2020). "More new talent for ‘New India Samachar’ as Modi govt expands its magazine of achievements". ThePrint. https://theprint.in/india/more-new-talent-for-new-india-samachar-as-modi-govt-expands-its-magazine-of-achievements/566747/.
- ↑ "सरकार के कामकाज के बारे में चाहिए जानकारी तो आ गई ‘न्यू इंडिया समाचार’ पाक्षिक पत्रिका" (হিন্দী ভাষাত). NewsroomPost. 15 আগষ্ট 2020. https://hindi.newsroompost.com/india/new-india-samachar-magazine-about-government-news/545285.html.
- ↑ Roy, Suryagni (11 জানুৱাৰী 2022). "TMC takes dig at govt e-magazine for misreporting facts on 1857 revolt". India Today. https://www.indiatoday.in/india/story/tmc-takes-dig-at-govt-e-magazine-for-misreporting-facts-on-1857-revolt-1898859-2022-01-11.
- ↑ Joy, Shemin (11 জানুৱাৰী 2022). "PIB in soup for misreporting facts on 1857 revolt". Deccan Herald. https://www.deccanherald.com/india/pib-in-soup-for-misreporting-facts-on-1857-revolt-1070230.html.
- ↑ Dasgupta, Priyanka (13 জানুৱাৰী 2022). "‘Vivekananda-inspired 1857’ article raises hackles of many". The Times of India. https://timesofindia.indiatimes.com/india/vivekananda-inspired-1857-article-raises-hackles-of-many/articleshow/88866078.cms.
- ↑ "Govt rectifies error after its e-magazine mentions Swami Vivekananda and Raman Maharshi as contemporaries of Chaitanya Mahaprabhu". The Free Press Journal. 11 জানুৱাৰী 2022. https://www.freepressjournal.in/india/govt-rectifies-error-after-its-e-magazine-mentions-swami-vivekananda-and-raman-maharshi-as-contemporaries-of-chaitanya-mahaprabhu.