সমললৈ যাওক

নিউ ৱমেন (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিউ ৱমেন
New Woman

২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ নিউ উইমেনৰ কভাৰত অনুকৃতি গুছাইন
সম্পাদক হেমা মালিনী
প্ৰকাৰ ফেশ্বন আৰু জীৱন-শৈলী
প্ৰকাশনৰ হাৰ মাহেকীয়া
বিতৰণ ১,০০,০০৮
প্ৰতিষ্ঠা ডিচেম্বৰ ১৯৯৬
কোম্পানী পাইয়নিয়াৰ বুক কোম্পানী প্ৰাইভেট লিমিটেড
দেশ ভাৰত
ভিত্তি মুম্বাই
ভাষা ইংৰাজী
ৱেবচাইট www.newwomanindia.com

নিউ ৱমেন (ইংৰাজী: New Woman) হৈছে ভাৰতীয় জীৱন-শৈলী বিষয়ক এখন ইংৰাজী সাময়িকী,[1] যিখন পাইয়নিয়াৰ বুক কোম্পানী প্ৰাইভেট লিমিটেডে প্ৰকাশ কৰে।[2] এই সাময়িকীখন ভাৰতৰ মুম্বাইৰ পৰা প্ৰকাশিত হয়, আৰু ইয়াৰ সম্পাদক হ'ল হেমা মালিনী[3]

ইতিহাস আৰু পৰিচয়

[সম্পাদনা কৰক]

নিউ ৱমেনৰ প্ৰথম সংখ্যা ১৯৯৬ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পাইছিল।[4]

এই সাময়িকীখনে ৰূপচৰ্চা, ফেশ্বন, কস্মেটিক্স, পৰিধান, গহনা, নতুন সামগ্ৰী, স্বাস্থ্য, আৰোগ্য, অৰ্থনীতি, ব্যৱসায়, আত্মউন্নয়ন, সম্পৰ্ক, যৌনতা, পিতৃত্ব-মাতৃত্ব, ভ্ৰমণ, শিল্প, সংগীত, গ্ৰন্থ, চলচ্চিত্ৰ, সামাজিক সমস্যা, আইনগত বিষয় আৰু খাদ্য আদি ক্ষেত্ৰসমূহৰ বিষয়ে বৰ্ণনা কৰে। ইয়াৰ মুখ্য বৈশিষ্ট্য হৈছে গভীৰ প্ৰবন্ধ, আকৰ্ষণীয় ফটো চিত্ৰণ, ফেশ্বন আৰু বিউটি স্প্ৰেড, কল্পকাহিনী আৰু অনুপ্ৰেৰণাদায়ক সাক্ষাৎকাৰ। ইয়াত আধুনিক আৰু যৌৱনসুলভ ভাষা ব্যৱহাৰ কৰা হয়।

২০১৩ চনৰ ১২ জুন সংখ্যাৰপৰা হেমা মালিনী ইয়াৰ সম্পাদক।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]